The cooperation between India and the US is based on shared democratic values: PM Modi
India-US will step up efforts to hold the supporters of terror responsible: PM Modi
The most important foundation of this special friendship between India and the US is our people to people relations: PM Modi

মোৰ বন্ধু তথা আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প,

আমেৰিকাৰ প্রতিনিধিদলৰ সন্মানীয় সদস্যবন্দ,

ভদ্র পুৰুষ-মহিলাসকল,

নমস্কাৰ,

ৰাষ্ট্রপতি ট্রাম্প আৰু তেওঁৰ প্রতিনিধিদলক পুনৰবাৰ ভাৰতলৈ আন্তৰিক আদৰণি জনাইছো। মই অতিশয় আনন্দিত যে এইবাৰৰ ভ্ৰমণলৈ আপুনি সপৰিয়ালে আহিছে। বিগত আঠ মাহত ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে এয়া মোৰ পঞ্চম সাক্ষাৎ।

কালি ম’টেৰা’ত ৰাষ্ট্রপতি ট্রাম্পৰ অভূতপূর্ব আৰু ঐতিহাসিক আদৰণি অনুষ্ঠান অবিস্মৰণীয় হৈ ৰ’ব। কালি এইটো পুনৰ স্পষ্ট হ’ল যে আমেৰিকা আৰু ভাৰতৰ পাৰস্পৰিক সম্পর্ক কেৱল দুখন চৰকাৰৰ মাজতে নহয়, এই সম্পর্কৰ মূল চালিকাশক্তি হ’ল জনসাধাৰণ। এই সম্পর্ক একবিংশ শতিকাৰ আটাইতকৈ গুৰুত্বপূর্ণ অংশীদাৰিত্বৰ অন্যতম। সেইবাবে আজি ৰাষ্ট্রপতি ট্রাম্প আৰু মই আমাৰ সম্পর্কক সর্বাংগীণ আন্তঃৰাষ্ট্ৰীয় কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছো। এই লক্ষ্য স্থিৰ কৰাৰ ক্ষেত্রত ৰাষ্ট্রপতি ট্রাম্পৰ অৱদান অপৰিসীম।

বন্ধুসকল,

আজি আমাৰ আলোচনাত এই অংশীদাৰিত্ব প্রতিটো ক্ষেত্রতে ইতিবাচক হৈছে–সেয়া প্রতিৰক্ষা আৰু নিৰাপত্তা বিষয়েই হওঁক বা শক্তি উৎপাদনত কৌশলগত অংশীদাৰিত্বই হওক বা প্রযুক্তি সহযোগিতা, আন্তঃৰাষ্ট্ৰীয় যোগাযোগ ব্যৱস্থা বা বাণিজ্যিক সম্পর্ক অথবা উভয় দেশৰ জনগণৰ মাজত পাৰস্পৰিক সম্পর্ক সুদৃঢ় কৰাই হওক। ভাৰত আৰু আমেৰিকাৰ মাজত ক্রমৱর্ধমান প্রতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাই আমাৰ কৌশলগত অংশীদাৰিত্বৰ এক অত্যন্ত গুৰুত্বপূর্ণ অংশ। অত্যাধুনিক প্রতিৰক্ষা সঁজুলি আৰু মঞ্চত সহযোগিতাৰ ফলত ভাৰতৰ প্রতিৰক্ষা ক্ষমতা বৃদ্ধি পাইছে। আমাৰ প্রতিৰক্ষা সঁজুলি নির্মাতাৰ পৰস্পৰৰ যোগান শৃংখলৰ অংশ কৰি তোলা হৈছে। আমেৰিকাৰ সশস্ত্র বাহিনীৰ সৈতে এতিয়া ভাৰতীয় সশস্ত্র বাহিনীয়ে সৰ্বাধিক যুটীয়া অনুশীলন কৰিছে। বিগত কেইবা বছৰ ধৰি দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত অভূতপূর্ব বুজাপৰা বৃদ্ধি পাইছে।

বন্ধুসকল,

একেদৰে আমি নিজৰ মাতৃভূমিৰ সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্রত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাইছে। আজি মাতৃভূমি নিৰাপত্তা সুনিশ্চিত কৰিবলৈ যি সিদ্ধান্ত লোৱা হৈছে, তাৰ দ্বাৰা এই সহযোগিতা আৰু সুদৃঢ় হ’ব। সন্ত্রাসৰ সমর্থকৰ চিহ্নিতকৰণ আৰু দায়ী কৰাৰ ক্ষেত্রত আমি নিজৰ চেষ্টা বৃদ্ধিৰ সিদ্ধান্ত লৈছো। ৰাষ্ট্রপতি ট্রাম্পে ড্রাগছ আৰু মাদক দ্ৰব্যৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে যুঁজক অগ্রাধিকাৰ দিছে। আজি তেওঁ আমাৰ মাজত ড্রাগছ আৰু অন্যান্য মাদক দ্ৰব্য চোৰাং সৰবৰাহৰ সন্ত্রাস আৰু সংঘবদ্ধ অপৰাধৰ দৰে জটিল সমস্যাবোৰ সমাধানৰ লক্ষ্যৰে এক নতুন যৌথ ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছে।

বন্ধুসকল,

কিছুদিন পূৰ্বে স্থাপিত আমাৰ কৌশলগত শক্তি উৎপাদন অংশীদাৰিত্ব ইতিমধ্যে সুদৃঢ় হৈ উঠিছে। আৰ এই ক্ষেত্রত পাৰস্পৰিক বিনিয়োগ বৃদ্ধি পাইছে। তেল আৰু প্রাকৃতিক গেছৰ ক্ষেত্রত ভাৰতৰ বাবে আমেৰিকা এক প্রধান উৎস হৈ উঠিছে। বিগত চাৰি বছৰত আমাৰ মুঠ শক্তি বাণিজ্য প্রায় ২০ লাখ কোটি ডলাৰ। নবীকৰণযোগ্য শক্তি বা পাৰমাণৱিক শক্তি খণ্ডত আমাৰ সহযোগিতাই নতুন প্রাণশক্তি সঞ্চাৰ কৰিছে।

বন্ধুসকল,

এইদৰেই ইণ্ডাষ্ট্ৰী ৪.০ আৰু একবিংশ শতিকাৰ অন্যান্য আধুনিক প্রযুক্তি ক্ষেত্রত ভাৰত–আমেৰিকা অংশীদাৰিত্ব, উদ্ভাৱন আৰু বাণিজ্যক নতুন মাত্রা প্রদান কৰিছে। ভাৰতীয় বৃত্তিধাৰীসকলে আমেৰিকাৰ কোম্পানীৰ প্রযুক্তিৰ নেতৃত্বক শক্তিশালী কৰিছে।

বন্ধুসকল,

ভাৰত আৰু আমেৰিকা আর্থিক ক্ষেত্রত উদাৰীকৰণ আৰু ন্যায়সংগত আৰু ভাৰসাম্যযুক্ত বাণিজ্যৰ প্ৰতি দায়বদ্ধ। বিগত তিনি বছৰত আমাৰ দ্বিপাক্ষিক বাণিজ্যত ‘১০শতাংশতকৈ অধিক বিকাশ’ হৈছে আৰু ইয়াৰ ভাৰসাম্য আৰু বৃদ্ধি পাইছে। যদি শক্তি, অসামৰিক বিমান, প্রতিৰক্ষা আৰু উচ্চ শিক্ষাৰ কথা কও তেতিয়া হ’লে বিগত ৪-৫ বছৰত কেৱল এই চাৰিটা ক্ষেত্রত ভাৰত আৰু আমেৰিকাৰ মাজত প্রায় ৭০ বিলিয়ন ডলাৰৰ কাম হৈছে। ইয়াৰে ভিতৰত বেছিভাগেই ৰাষ্ট্রপতি ট্রাম্পৰ নীতি আৰু সিদ্ধান্ত গ্রহণৰ ফলতে সম্ভৱ হৈছে। মোৰ দৃঢ় বিশ্বাস, অনাগত দিনত এই সংখ্যা আৰু অধিক বৃদ্ধি পাব। দ্বিপাক্ষিক বাণিজ্যৰ ক্ষেত্রত আমাৰ বাণিজ্য মন্ত্রীসকলৰ মাজত ইতিবাচক আলাপ-আলোচনা হৈছে। ৰাষ্ট্রপতি ট্রাম্প আৰু মই একমত যে আমাৰ বাণিজ্য মন্ত্রীৰ মাজত যি বুজাবুজি গঢ়ি উঠিছে, তাক আমাৰ টীমে আইনী ৰূপ দিব। আমি এক বৃহৎ বাণিজ্য চুক্তি সম্পাদনৰ বাবে আলাপ-আলোচনা আৰম্ভ কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছে। আশা কৰো, এই পাৰস্পৰিক সম্পর্ক ফলপ্ৰসূ হ’ব।

বন্ধুসকল,

বিশ্ব পৰ্যায়ত গণতান্ত্রিক মূল্যবোধ আৰু ইয়াত উদ্দেশ্যবোৰৰ ভিত্তিতে ভাৰত আৰু আমেৰিকাৰ সহযোগিতা আৰু অধিক বৃদ্ধি পাব। বিশেষকৈ, ভাৰত–প্রশান্ত মহাসাগৰীয় ক্ষেত্রত আৰু বিশ্বত নীতি-ভিত্তিক আন্তঃৰাষ্ট্ৰীয় শান্তি বজাই ৰখাৰ উদ্দেশ্যে এই সহযোগিতা বিশেষ গুৰুত্বপূর্ণ। উভয় দেশে বিশ্বত যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নয়নত সুদূৰপ্রসাৰী আৰু স্বচ্ছ বিনিয়োগৰ ক্ষেত্ৰত সহমত পোষণ কৰে। আমাৰ এই পাৰস্পৰিক সহযোগিতা কেৱল এই দুখন দেশৰ মাজতে সীমাবদ্ধ নাথাকে, সমগ্র বিশ্বই সুফল লাভ কৰিব।

বন্ধুসকল,

ভাৰত আৰু আমেৰিকাৰ এই বিশেষ বন্ধুত্বৰ আটাইতকৈ গুৰুত্বপূর্ণ আধাৰ হ’ল আমাৰ দেশৰ লোকসকলৰ সৈতে সেই দেশৰ জনসাধাৰণৰ সম্পর্ক। বৃত্তিগত দিশৰ পৰা আৰম্ভ কৰি ছাত্র-ছাত্রী বা আমেৰিকাত বসবাস কৰা প্রবাসী ভাৰতীয়সকলে এই ক্ষেত্রত আটাইতকৈ বেছি অৱদান আগবঢ়াইছে। নিজৰ মেধা আৰু পৰিশ্রমৰ জৰিয়তে ভাৰতৰ প্রকৃত এই ৰাজদূতসলে আমেৰিকাৰ অর্থনীতিত অৱদান আগবঢ়াইছে। নিজৰ গণতান্ত্রিক মূল্যবোধ আৰু সমৃদ্ধ সাংস্কৃতিক উপাদানত আমেৰিকাৰ সমাজক সমৃদ্ধ কৰিছে। মই ৰাষ্ট্রপতি ট্রাম্পক অনুৰোধ কৰিছো যে আমাৰ বৃত্তিধাৰী লোকসকলৰ সামাজিক সুৰক্ষাৰ অৱদানক লৈ সামুদ্রিক চুক্তি সম্পাদনৰ লক্ষ্যৰে দুয়োপক্ষই আলোচনা ত্বৰান্বিত কৰা হওক। এই চুক্তি দুয়োখন দেশৰ বাবেই লাভজনক হ’ব।

বন্ধুসকল,

এই সকলো ক্ষেত্রত আমাৰ সম্পর্কক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ ৰাষ্ট্রপতি ট্রাম্পৰ এই ভ্ৰমণে ঐতিহাসিক ভূমিকা পালন কৰিছে। মই পুনৰবাৰ ৰাষ্ট্রপতি ট্রাম্পক ভাৰত ভ্ৰমণলৈ আহি ভাৰত–আমেৰিকাৰ সম্পর্কক নতুন মাত্ৰা প্রদান কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Synergy of steel & software: How Indian Railways got on the digital track

Media Coverage

Synergy of steel & software: How Indian Railways got on the digital track
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights youth-led development and India's thriving innovation ecosystem
June 13, 2026
PM emphasizes the remarkable contributions of Yuva Shakti across diverse sectors and their growing impact on the global stage

Prime Minister Shri Narendra Modi today stated that the Government is strongly working towards youth-led development. He noted that one of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Shri Modi highlighted that through initiatives such as Startup India, Digital India, Skill India, and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship, and enterprise. The Prime Minister pointed out that today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti, and that too from smaller towns and villages.

The Prime Minister observed that India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors, and drones. He expressed that it is heartening to see young Indians contributing to areas that will shape the future of the nation and the world.
Shri Modi emphasized that our youth have also brought immense glory to the nation in the field of sports, consistently enhancing national pride in numerous international competitions. He further stated that a stronger sporting ecosystem, better infrastructure, and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

In a series of posts on X, the Prime Minister shared:

"The NDA Government is one that is strongly working towards youth-led development. One of the defining features of the last 12 years has been the confidence with which India’s youth have pursued their aspirations.

Through initiatives such as Startup India, Digital India, Skill India and Atal Innovation Mission, an ecosystem has emerged that encourages innovation, entrepreneurship and enterprise.

Today, India is among the world’s leading StartUp destinations and many of these success stories are being scripted by our Yuva Shakti and that too from smaller towns and villages.

#12YearsOfYuvaShakti”

“India’s youth are making their mark across various sectors, from science and technology to manufacturing, space, semiconductors and drones. It is heartening to see young Indians contributing to areas that will shape the future of our nation and the world.

Our youth have also brought immense glory to the nation in the field of sports. In numerous international competitions, young Indian athletes have consistently enhanced national pride.
At the same time, a stronger sporting ecosystem, better infrastructure and greater support for athletes are creating new opportunities for young talent and encouraging them to pursue sports.

#12YearsOfYuvaShakti"