মহামান্য,

ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে,
দুয়োখন দেশৰ প্ৰতিনিধিসকল,
সংবাদ মাধ্যমৰ বন্ধুসকল,


নমস্কাৰ!
আয়ুবোয়ান!
ভনাক্কাম!

মই ৰাষ্ট্ৰপতি বিক্ৰমসিংঘে আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। আজি ৰাষ্ট্ৰপতি বিক্ৰমসিংঘে তেওঁৰ কাৰ্যকালৰ এবছৰ সম্পূৰ্ণ কৰাৰ বাবে সকলোৰে হৈ তেওঁক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। যোৱা এবছৰ শ্ৰীলংকাৰ জনসাধাৰণে নানা সমস্যাৰ সন্মুখীন হৈছে। ঘনিষ্ঠ বন্ধু হিচাপে সকলো সময়ৰ দৰে, আমি এই সংকটৰ সময়তো শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছোঁ। আৰু এই প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ সাহসেৰে সন্মুখীন হোৱা বাবে মই শ্ৰীলংকাৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আমাৰ সম্পৰ্ক আমাৰ সভ্যতাৰ দৰেই প্ৰাচীন আৰু বিস্তৃত। ভাৰতৰ "প্ৰতিৱেশী প্ৰথমনীতি আৰু "সাগৰদৃষ্টিভংগী দুয়োটাতে শ্ৰীলংকাৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। আজি আমি দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আমাৰ মতামত প্ৰকাশ কৰিছো। আমি বিশ্বাস কৰোঁ যে ভাৰত আৰু শ্ৰীলংকাৰ নিৰাপত্তা আৰু বিকাশ ইখনৰ সৈতে সিখন জড়িত হৈ আছে। আৰু সেয়েহে, আমি ইজনে সিজনৰ সুৰক্ষা আৰু সংবেদনশীলতাৰ কথা মনত ৰাখি একেলগে কাম কৰাটো অত্যাৱশ্যকীয়।

বন্ধুসকল,

আজি আমি আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ বাবে এক দিক নিৰ্দেশক নথি গ্ৰহণ কৰিছোঁ৷ ইয়াৰ লক্ষ্য হৈছে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সমুদ্ৰ পথ, বায়ু পথ, শক্তি ক্ষেত্ৰক শক্তিশালী কৰা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত যোগাযোগ শক্তিশালী কৰা৷ পৰ্যটন, শক্তি, বাণিজ্য, উচ্চ শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা ত্বৰান্বিত কৰাৰ বাবে এই দৃষ্টিভংগী ৰখা হৈছে। এই দৃষ্টিভংগী শ্ৰীলংকাৰ প্ৰতি ভাৰতৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিৰ।


বন্ধুসকল,

আমি সিদ্ধান্ত লৈছোঁ যে অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা চুক্তিৰ ওপৰত শীঘ্ৰেই আলোচনা আৰম্ভ কৰা হ'ব। ই দুয়োখন দেশৰ বাবে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ নতুন সম্ভাৱনা মুকলি কৰিব।

আমি ভাৰত আৰু শ্ৰীলংকাৰ মাজত বিমান যোগাযোগ বৃদ্ধি, ব্যৱসায় বৃদ্ধি আৰু মানুহৰ চলাচল বৃদ্ধিৰ বাবে সন্মত হৈছো, তামিলনাডুৰ নাগাপট্টিনম আৰু শ্ৰীলংকাৰ কানকেচান্থুৰাইৰ মাজত যাত্ৰীবাহী ফেৰী সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।


আমি সিদ্ধান্ত লৈছো যে দুয়োখন দেশৰ মাজত বৈদ্যুতিক গ্ৰীডৰ সংযোগৰ কাম ত্বৰান্বিত কৰা হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজত পেট্ৰ'লিয়াম পাইপলাইনৰ স্থাপনৰ সম্ভাৱ্নাৰ দিশসমূহ অধ্যয়ন কৰা হ'ব৷ ইয়াৰ উপৰিও, এখন পথ দলং নিৰ্মাণৰ সম্ভাৱ্নীয়তা পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হয়৷ শ্ৰীলংকাত ইউপিআই আৰম্ভ কৰিবলৈ আজি স্বাক্ষৰিত চুক্তিৰ ফলত ফিনটেক কানেক্টিভিটীও বৃদ্ধি পাব।

বন্ধুসকল,

আজি আমি মাছমৰীয়াসকলৰ জীৱিকা সম্পৰ্কীয় বিষয়বোৰো আলোচনা কৰিছোঁ। আমি এই ক্ষেত্ৰত এক মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়িবৰ বাবে সহমত প্ৰকাশ কৰিছোঁ। আমি শ্ৰীলংকাত পুনৰ নিৰ্মাণ আৰু সমন্বয়ৰ কথাও আলোচনা কৰিছিলো৷ ৰাষ্ট্ৰপতি বিক্ৰমসিংঘেই মোক তেওঁৰ সামগ্ৰিক দৃষ্টিভংগীৰ বিষয়ে কৈছিল৷

আমি আশা কৰোঁ শ্ৰীলংকা চৰকাৰে তামিলসকলৰ আশা-আকাংক্ষা পূৰণ কৰিব৷ সমতা, ন্যায় আৰু শান্তিৰ বাবে পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াই গতি লাভ কৰিব৷ ত্ৰয়োদশ সংশোধনী কাৰ্যকৰী কৰা আৰু প্ৰাদেশিক পৰিষদ নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব আৰু শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ বাবে সন্মান আৰু মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিব৷


বন্ধুসকল,

এই বছৰটো আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। আমি আমাৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ তম বৰ্ষ উদযাপন কৰিছোঁ। ইয়াৰ লগতে, ভাৰতীয় মূলৰ তামিল সম্প্ৰদায়ে শ্ৰীলংকাত তেওঁলোকৰ আগমনৰ ২০০ বছৰ সম্পূৰ্ণ কৰিছে৷ মই ক'বলৈ পাই আনন্দিত যে এই উপলক্ষে শ্ৰীলংকা ভাৰতীয় মূলৰ তামিল নাগৰিকসকলৰ বাবে ৭৫ কোটি টকাৰ বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰা হ'ব। ইয়াৰোপৰি ভাৰতে শ্ৰীলংকাৰ উত্তৰ আৰু পূব অঞ্চলৰ উন্নয়ন কাৰ্যসূচীত অৰিহণা যোগাব৷


মহামান্য,

কেৱল ভাৰতৰ স্বাৰ্থতেই নহয়, সমগ্ৰ ভাৰত মহাসাগৰীয় অঞ্চলৰ স্বাৰ্থতেই এক সুস্থিৰ, সুৰক্ষিত আৰু সমৃদ্ধ শ্ৰীলংকা জৰুৰী। মই আকৌ এবাৰ আশ্বাস দিছোঁ যে এই সংগ্ৰামৰ সময়ত ভাৰতৰ জনসাধাৰণ শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে আছে।

বহুত বহুত ধন্যবাদ।

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA

Media Coverage

Domestic air passenger traffic to rise by 3-6 pc in this fiscal: ICRA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জুলাই 2026
July 24, 2026

Aatmanirbhar in Action — Space, Missiles, EVs & Livelihoods Under PM Modi’s Watch