মহামহিম প্ৰধানমন্ত্ৰী এন্দ্ৰিউ হোলনেছ,

 

দুয়োখন দেশৰ প্ৰতিনিধি,

 

সংবাদ মাধ্যমৰ সহযোগী,

 

নমস্কাৰ!

প্ৰধানমন্ত্ৰী হোলনেছ আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই মই আনন্দিত হৈছো। এয়া প্ৰধানমন্ত্ৰী হোলনেছৰ ভাৰত ভ্ৰমণৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। সেইবাবেই আমি এই ভ্ৰমণক বিশেষ গুৰুত্ব প্ৰদান কৰিছো৷প্ৰধানমন্ত্ৰী হোলনেছ ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধু। তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছো। আৰু প্ৰতিবাৰেই ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে তেওঁৰ চিন্তাত তেওঁৰ দায়বদ্ধতা অনুভৱ কৰিছো। মই নিশ্চিত যে তেওঁৰ এই ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্কলৈ নতুন শক্তি কঢ়িয়াই নিয়াৰ লগতে সমগ্ৰ কেৰিবিয়ান অঞ্চলৰ সৈতে আমাৰ সংযোগ বৃদ্ধি কৰিব।

 

বন্ধুসকল,

ভাৰত আৰু জামাইকাৰ সম্পৰ্ক আমাৰ মিলিত ইতিহাস, মিলিত গণতান্ত্ৰিক মূল্যবোধ আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কত শিপাই আছে। আমাৰ অংশীদাৰিত্বৰ বৈশিষ্ট্য হৈছে চাৰিটা চি—সংস্কৃতি(Culture), ক্ৰিকেট(Cricket), কমনৱেলথ(Commonwealth) আৰু কেৰিকম( CARICOM)। আজিৰ বৈঠকত আমি সকলো খণ্ডতে আমাৰ সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰি কেইবাটাও নতুন পদক্ষেপ চিনাক্ত কৰিলোঁ। ভাৰত আৰু জামাইকাৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি পাইছে। জামাইকাৰ উন্নয়নৰ যাত্ৰাত ভাৰত সদায় এক নিৰ্ভৰযোগ্য আৰু দায়বদ্ধ উন্নয়নৰ অংশীদাৰ হৈ আহিছে। এই দিশত আমাৰ সকলো প্ৰচেষ্টা জামাইকাৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাক কেন্দ্ৰ কৰি কৰা হৈছে। আইটিইচি আৰু আইচিচিআৰৰ বৃত্তিৰ জৰিয়তে আমি জামাইকাৰ জনসাধাৰণৰ দক্ষতা বিকাশ আৰু সামৰ্থ্য বিকাশত অৰিহণা যোগাইছো।

 

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, ক্ষুদ্ৰ উদ্যোগ, জৈৱ ইন্ধন, উদ্ভাৱন, স্বাস্থ্য, শিক্ষা, কৃষিৰ দৰে ক্ষেত্ৰত জামাইকাৰ সৈতে আমাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ আমি সাজু। আমি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত জামাইকাৰ সেনাবাহিনীৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত আগবাঢ়িম। সংগঠিত অপৰাধ, ড্ৰাগছ সৰবৰাহ, সন্ত্ৰাসবাদ আমাৰ সাধাৰণ প্ৰত্যাহ্বান। আমি একেলগে এই প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ সন্মত। মহাকাশ খণ্ডত আমাৰ সফল অভিজ্ঞতা জামাইকাৰ সৈতেও ভাগ-বতৰা কৰিলে আমি আনন্দিত হ’ম।

 

বন্ধুসকল,

আজিৰ বৈঠকত আমি কেইবাটাও বৈশ্বিক আৰু আঞ্চলিক বিষয়ৰ ওপৰতো আলোচনা কৰিলোঁ। আমি একমত যে সকলো উত্তেজনা আৰু বিবাদ আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে। বিশ্ব শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰাৰ বাবে আমি একেলগে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। ভাৰত আৰু জামাইকাই এই কথাত একমত যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদকে ধৰি বিশ্বৰ সকলো প্ৰতিষ্ঠানৰ সংস্কাৰ কৰাটো অতি প্ৰয়োজনীয়। আমি এই প্ৰতিষ্ঠানসমূহক আধুনিকীকৰণৰ বাবে একেলগে কাম কৰি যাম।

 

বন্ধুসকল,

ভাৰত আৰু জামাইকা হয়তো বিশাল মহাসাগৰৰ দ্বাৰা পৃথক, কিন্তু আমাৰ মন, আমাৰ সংস্কৃতি আৰু আমাৰ ইতিহাস গভীৰভাৱে জড়িত হৈ আছে। প্ৰায় ১৮০ বছৰ পূৰ্বে ভাৰতৰ পৰা জামাইকালৈ প্ৰব্ৰজন কৰা লোকসকলে আমাৰ জনসাধাৰণৰ মাজত সম্পৰ্কৰ সুদৃঢ় ভেটি স্থাপন কৰিছিল। আজি জামাইকাক ঘৰ বুলি কোৱা ভাৰতীয় মূলৰ প্ৰায় ৭০ হাজাৰ লোক আমাৰ মিলিত ঐতিহ্যৰ এক জীৱন্ত উদাহৰণ। তেওঁলোকৰ যত্ন লোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী হোলনেছ আৰু তেওঁৰ চৰকাৰক ধন্যবাদ জনাইছো। আজি জামাইকাক ঘৰ বুলি কোৱা ভাৰতীয় মূলৰ প্ৰায় ৭০ হাজাৰ লোক আমাৰ মিলিত ঐতিহ্যৰ এক জীৱন্ত উদাহৰণ। প্ৰধানমন্ত্ৰী হোলনেছ আৰু তেওঁৰ চৰকাৰক তেওঁলোকৰ যত্ন আৰু সমাজখনক সহায় কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

যিদৰে জামাইকাত ভাৰতৰ যোগ, বলীউড আৰু লোকসংগীত গ্ৰহণ কৰা হৈছে, ঠিক সেইদৰে জামাইকাৰ "ৰেগে(Reggae)" আৰু "ডান্সহলো(Dancehall)" ভাৰতত জনপ্ৰিয় হৈ পৰিছে। আজি চলি থকা সাংস্কৃতিক বিনিময় কাৰ্যসূচীয়ে আমাৰ পাৰস্পৰিক ঘনিষ্ঠতাক আৰু অধিক শক্তিশালী কৰিব। দিল্লীৰ জামাইকা উচ্চায়ুক্তৰ সন্মুখৰ পথটোৰ নাম "জামাইকা মাৰ্গ" বুলি আমি সিদ্ধান্ত লৈছো। এই পথটোৱে আগন্তুক প্ৰজন্মৰ বাবে আমাৰ চিৰস্থায়ী বন্ধুত্ব আৰু সহযোগিতাৰ প্ৰতীক হ’ব।

ক্ৰিকেট প্ৰেমী ৰাষ্ট্ৰ হিচাপে ক্ৰীড়া আমাৰ সম্পৰ্কত এক অতি শক্তিশালী আৰু গুৰুত্বপূৰ্ণ সংযোগী যোগসূত্ৰ হৈ আহিছে। কিংবদন্তি "কৰ্টনী ৱালছ"ৰ দ্ৰুত বলিঙেই হওক বা "ক্ৰিছ গেইল"ৰ বিধ্বংসী বেটিঙেই হওক, জামাইকান ক্ৰিকেটাৰসকলৰ প্ৰতি ভাৰতৰ মানুহৰ বিশেষ মৰম আছে। ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ সহযোগিতা গভীৰ কৰাৰ সন্দৰ্ভতো আলোচনা কৰিলোঁ। মই নিশ্চিত যে আজিৰ আলোচনাৰ পৰা পোৱা ফলাফলে আমাৰ সম্পৰ্কক "উছেইন ব'ল্ট"তকৈও দ্ৰুতগতিত আগুৱাই নিব, যাৰ ফলত আমি নিৰন্তৰ নতুন উচ্চতাত উপনীত হ’ব পাৰিম।

 

মহামহিম,

আকৌ এবাৰ আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছো।

আপোনাক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth