প্ৰধানমন্ত্ৰী এলবানিজ

দুয়োখন দেশৰ প্ৰতিনিধিবৃন্দ,

সংবাদ মাধ্যমৰ বন্ধুসকল,

 

নমস্কাৰ!

মোৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত মোক আৰু মোৰ প্ৰতিনিধিদলক প্ৰদান কৰা আতিথ্য আৰু সন্মানৰ বাবে মই অষ্ট্ৰেলিয়াৰ জনসাধাৰণ আৰু প্ৰধানমন্ত্ৰী এলবানিজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী এলবানিজৰ ভাৰত ভ্ৰমণৰ দুমাহৰ ভিতৰতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছোঁ। যোৱা এটা বছৰত এয়া হৈছে আমাৰ ষষ্ঠ বৈঠক।

ই আমাৰ ব্যাপক সম্পৰ্কৰ গভীৰতা, আমাৰ দৃষ্টিভংগীৰ একত্ৰীকৰণ আৰু আমাৰ সম্পৰ্কৰ পৰিপক্কতাকে প্ৰতিফলিত কৰে। যদি মই ক্ৰিকেটৰ ভাষাত ক'ব পাৰো, আমাৰ সম্পৰ্কই ‘টি-২০ মোড’ত প্ৰৱেশ কৰিছে।

 

মহামহিম,

আপুনি কালি কোৱাৰ দৰে, আমাৰ গণতান্ত্ৰিক মূল্যবোধেই হৈছে আমাৰ সম্পৰ্কৰ ভেটি। আমাৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস আৰু সন্মানৰ ওপৰত আধাৰিত। অষ্ট্ৰেলিয়াৰ ভাৰতীয় সম্প্ৰদায় আমাৰ দুয়োখন দেশৰ মাজত এক জীৱন্ত সেতুস্বৰূপ। যোৱা সন্ধিয়া ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী এলবানিজ আৰু মই ‘হেৰিছ পাৰ্ক’ৰ 'লিটল ইণ্ডিয়া' উদ্বোধন কৰিছিলোঁ। অনুষ্ঠানটোত মই প্ৰধানমন্ত্ৰী এলবানিজৰ জনপ্ৰিয়তাও অনুভৱ কৰিব পাৰিছিলোঁ।

 

বন্ধুসকল,

আজি প্ৰধানমন্ত্ৰী এলবানিজৰ সৈতে হোৱা মোৰ বৈঠকত আমি পৰৱৰ্তী দশকত ‘ভাৰত-অষ্ট্ৰেলিয়া ব্যাপক কৌশলগত অংশীদাৰীত্ব’ক অধিক উচ্চতালৈ লৈ যোৱাৰ কথা কৈছোঁ। আমি নতুন ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ। যোৱা বছৰ ‘ভাৰত-অষ্ট্ৰেলিয়া ইচিটিএ’ কাৰ্যকৰী হৈছিল। আজি আমি ‘চিইচিএ’- ‘ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি’ৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছোঁ। ই আমাৰ বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাক অধিক শক্তি আৰু নতুন মাত্ৰা প্ৰদান কৰিব।

খনি আৰু গুৰুত্বপূৰ্ণ খনিজ ক্ষেত্ৰসমূহত আমাৰ কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ গঠনমূলক আলোচনা হৈছিল। আমি ‘নৱীকৰণযোগ্য শক্তি’ৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে উচিত ক্ষেত্ৰ চিনাক্ত কৰিছোঁ। ‘সেউজীয়া হাইড্ৰজেন’ সন্দৰ্ভত এটা ‘কৰ্ম-বাহিনী’ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কালি মই অষ্ট্ৰেলিয়াৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বিভিন্ন ক্ষেত্ৰত বিনিয়োগৰ সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনা কৰিছিলোঁ। আৰু আজি মই ব্যৱসায়িক ঘূৰণীয়া মেজমেলত বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তি সহযোগিতাৰ বিষয়ে কথা পাতিম।

আজি, প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তি স্বাক্ষৰিত হয়। ই আমাৰ জীৱন্ত সেতুখনক অধিক শক্তিশালী কৰিব। আমাৰ ক্ৰমান্বয়ে বাঢ়ি অহা সম্পৰ্ক গভীৰ কৰিবলৈ, মই কালি ঘোষণা কৰাৰ দৰে, অচিৰেই ব্ৰিছবেনত এটা নতুন ভাৰতীয় ‘কনচুলেট’ খুলিম, ঠিক যেনেদৰে অষ্ট্ৰেলিয়াই বাংগালুৰুত এটা নতুন ‘কনচুলেট’ খোলাৰ কথা ঘোষণা কৰিছে।

 

বন্ধুসকল,

প্ৰধানমন্ত্ৰী এলবানিজ আৰু মই অষ্ট্ৰেলিয়াৰ মন্দিৰসমূহত আক্ৰমণ আৰু অতীতত সংঘটিত বিচ্ছিন্নতাবাদী শক্তিসমূহৰ কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰিছোঁ। আজিও আমি বিষয়টো সন্দৰ্ভত আলোচনা কৰিছোঁ। এইটো আমাৰ বাবে গ্ৰহণযোগ্য নহয় যে যিকোনো উপাদানে তেওঁলোকৰ চিন্তা বা তেওঁলোকৰ কাৰ্যকলাপৰ দ্বাৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ উষ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ক্ষতি কৰিব। এই ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে মই প্ৰধানমন্ত্ৰী এলবানিজক ধন্যবাদ জনাইছোঁ। আৰু একে সময়তে, তেওঁ মোক আকৌ এবাৰ আশ্বাস দিছে যে তেওঁ এনে উপাদানবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব।

 

বন্ধুসকল,

ভাৰত-অষ্ট্ৰেলিয়া সম্পৰ্কৰ পৰিসৰ কেৱল আমাৰ দুয়োখন দেশতে সীমাবদ্ধ নহয়। ই আঞ্চলিক স্থিৰতা, শান্তি আৰু গোলকীয় কল্যাণৰ সৈতেও সম্পৰ্কিত। কেইদিনমান আগতে প্ৰধানমন্ত্ৰী এলবানিজৰ সৈতে হিৰোছিমাত অনুষ্ঠিত কোৱাড সন্মিলনত আমি ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ সন্দৰ্ভতো আলোচনা কৰিছিলোঁ। ভাৰত-অষ্ট্ৰেলিয়া সহযোগিতা ‘গ্লোবেল-ছাউথ’ৰ প্ৰগতিৰ বাবেও লাভজনক হ'ব পাৰে।

‘বসুধৈৱ কুটুম্বকম’ৰ ভাৰতীয় পৰম্পৰা, যি সমগ্ৰ বিশ্বক এটা পৰিয়াল হিচাপে বিবেচনা কৰে, এয়া ‘জি-২০’ত ভাৰতৰ সভাপতিত্বৰো কেন্দ্ৰীয় বিষয়বস্তু। ‘জি-২০’ত আমাৰ পদক্ষেপৰ প্ৰতি অষ্ট্ৰেলিয়াৰ সমৰ্থনৰ বাবে মই প্ৰধানমন্ত্ৰী এলবানিজক হৃদয়েৰে ধন্যবাদ জনাইছোঁ।

 

বন্ধুসকল,

এই বছৰ ভাৰতত অনুষ্ঠিত হ'বলগীয়া ‘ক্ৰিকেট ‘ বাবে মই প্ৰধানমন্ত্ৰী এলবানিজ আৰু  অষ্ট্ৰেলিয়াৰ সকলো ক্ৰিকেট অনুৰাগীক ভাৰতলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ। সেই সময়ত, ক্ৰিকেটৰ লগতে  আপোনালোকে দেৱালীৰ বিশাল উদযাপনো চাব পাৰিব।

মহামহিম,

এই বছৰৰ ছেপ্টেম্বৰত ‘জি-২০’ সন্মিলনৰ বাবে আপোনাক পুনৰ ভাৰতলৈ স্বাগতম জনাই মই অতি উৎসাহিত হৈছোঁ। আপোনাক আকৌ এবাৰলৈ বহুত ধন্যবাদ জনাইছোঁ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."