মহামহিমসকল,

আপোনালোক সকলোকে ভাৰতলৈ উষ্ম আদৰণি জনাইছো। ইউৰোপীয় ইউনিয়নৰ কলেজ অৱ কমিচনাৰৰ ইমান বহল পৰিসৰত একক দেশৰ সৈতে জড়িত হোৱাটো অভূতপূৰ্ব। মোৰ ইমানবোৰ মন্ত্ৰীয়ে কোনো দ্বিপাক্ষিক আলোচনাৰ বাবে একত্ৰিত হোৱাটো প্ৰথম পৰিঘটনা। মোৰ মনত আছে যে ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া ৰাইচিনা আলোচনাত আপুনি কেনেকৈ কৈছিল যে ভাৰত আৰু ইউৰোপীয় ইউনিয়নক স্বাভাৱিক অংশীদাৰ।আৰু ভাৰতৰ সৈতে সম্পৰ্ক সৱল আৰু শক্তিশালী কৰাটো, অনাগত দশকত ইউৰোপীয় ইউনিয়নৰ বাবে অগ্ৰাধিকাৰ হ’ব। আৰু এতিয়া, আপুনি আপোনাৰ নতুন কাৰ্যকালৰ একেবাৰে আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিছে। এয়া ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ বাবে এক মাইলৰ খুঁটিৰ মুহূৰ্ত।
 

মহামহিমসকল,

বৰ্তমান বিশ্বত অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে। এআই আৰু উদীয়মান প্ৰযুক্তিয়ে আৰ্থ-সামাজিক পৰিৱৰ্তনৰ সূচনা কৰিছে। ভূ-অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিস্থিতি দ্ৰুতগতিত বিকশিত হৈছে। আৰু পুৰণি সমীকৰণবোৰ ভাঙি গৈ আছে। এনে সময়ত ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ অংশীদাৰিত্ব আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। গণতান্ত্ৰিক মূল্যবোধ, কৌশলগত স্বায়ত্তশাসন, আৰু শাসনভিত্তিক বিশ্বব্যৱস্থাৰ ওপৰত এক উমৈহতীয়া বিশ্বাসে ভাৰত আৰু ইউৰোপীয় ইউনিয়নক একত্ৰিত কৰে। দুয়োখন দেশ মেগা ডাইভাৰ্চিটি মাৰ্কেট ইকনমি। এক অৰ্থত আমি স্বাভাৱিক কৌশলগত অংশীদাৰ।

 

মহামহিমসকল,

ভাৰত আৰু ইউৰোপীয় ইউনিয়নে বিশ বছৰীয়া কৌশলগত অংশীদাৰিত্ব সম্পূৰ্ণ কৰিছে। আৰু আপোনাৰ এই ভ্ৰমণৰ জৰিয়তে আমি অহা দশকৰ ভেটি স্থাপন কৰিছো। এই পৰিপ্ৰেক্ষিতত দুয়োপক্ষই দেখুওৱা উল্লেখযোগ্য দায়বদ্ধতা প্ৰশংসনীয়। যোৱা দুদিনত প্ৰায় বিশখন মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে। আজি পুৱা বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকৰো সফলতাৰে আয়োজন কৰা হয়। দুয়োটা দলে সৃষ্টি হোৱা ধাৰণা আৰু অগ্ৰগতিৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব।
 

মহানুভৱসকল,

সহযোগিতাৰ কিছুমান অগ্ৰাধিকাৰ ক্ষেত্ৰ চিনাক্ত কৰিব বিচাৰিছো। প্ৰথমটো হ’ল ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট। অতি সোনকালে পাৰস্পৰিকভাৱে লাভজনক এফ টি এ আৰু বিনিয়োগ সুৰক্ষা চুক্তি সম্পাদন কৰাটো অতি গুৰুত্বপূৰ্ণ। দ্বিতীয়টো হৈছে যোগান শৃংখলৰ স্থিতিস্থাপকতা শক্তিশালী কৰা। আমাৰ সামৰ্থ্যই ইলেক্ট্ৰনিক্স, অৰ্ধপৰিবাহী, টেলিকম, অভিযান্ত্ৰিক, প্ৰতিৰক্ষা, আৰু ফাৰ্মাৰ দৰে খণ্ডত ইটোৱে সিটোৰ পৰিপূৰক হ’ব পাৰে। ইয়াৰ ফলত বৈচিত্ৰ্যতা আৰু বিপদমুক্তকৰণ শক্তিশালী হ’ব, আৰু ই এক সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য যোগান আৰু মূল্য শৃংখল সৃষ্টিত সহায় কৰিব।

তৃতীয়টো হ’ল যোগাযোগ ব্যৱস্থা। জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত আৰম্ভ কৰা আই এম ই চি কৰিডৰ এক পৰিৱৰ্তনশীল পদক্ষেপ। দুয়োটা দলে দৃঢ় দায়বদ্ধতাৰে ইয়াৰ ওপৰত কাম কৰি যাব লাগিব। চতুৰ্থটো হ’ল প্ৰযুক্তি আৰু উদ্ভাৱন। টেক সাৰ্বভৌমত্বৰ আমাৰ উমৈহতীয়া দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ আমি আগলৈ দ্ৰুত অগ্ৰগতি অব্যাহত ৰাখিব লাগিব। ডিপিআই, এআই, কোৱাণ্টাম কম্পিউটিং, স্পেচ আৰু ৬জিৰ দৰে ক্ষেত্ৰত দুয়োপক্ষই একেলগে কাম কৰি আমাৰ উদ্যোগ, উদ্ভাৱক, আৰু যুৱ প্ৰতিভাক সংযোগ কৰিব লাগিব। পঞ্চমটো হৈছে ক্লাইমেট একচন আৰু গ্ৰীণ এনাৰ্জি ইনোভেচন। ভাৰত আৰু ইউৰোপীয় ইউনিয়নে সেউজ পৰিৱৰ্তনক অগ্ৰাধিকাৰ দিছে। বহনক্ষম নগৰায়ন, পানী, আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ জৰিয়তে আমি বিশ্বৰ সেউজ বৃদ্ধিৰ চালক হ’ব পাৰো। ষষ্ঠটো হৈছে ডিফেন্স। আমি সহ-বিকাশ আৰু সহ-উৎপাদনৰ জৰিয়তে ইজনে সিজনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰো। ৰপ্তানি নিয়ন্ত্ৰণ আইনত আমি ইজনে সিজনক অগ্ৰাধিকাৰ দিবলৈ কাম কৰিব লাগিব। সপ্তমটো হৈছে নিৰাপত্তা। সন্ত্ৰাসবাদ, উগ্ৰবাদ, সামুদ্ৰিক সুৰক্ষা, চাইবাৰ সুৰক্ষা আৰু মহাকাশ নিৰাপত্তাৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ প্ৰয়োজন। অষ্টমটো হৈছে পিপল-টু-পিপল টাইজ। প্ৰব্ৰজন, গতিশীলতা, শ্বেংগেন ভিছা আৰু ইউৰোপীয় ইউনিয়নৰ ব্লু কাৰ্ডক সহজ আৰু মসৃণ কৰি তোলাটো দুয়োপক্ষৰ বাবে অগ্ৰাধিকাৰ হ’ব লাগে। ই ইউৰোপীয় ইউনিয়নৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে থিয় দিছে। আৰু ভাৰতৰ যুৱ কৰ্মশক্তিয়ে ইউৰোপৰ বৃদ্ধি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত আৰু অধিক অৱদান আগবঢ়াব পাৰিব।

 

 

মহামহিমসকল,

পৰৱৰ্তী ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ বাবে আমি উচ্চাকাংক্ষা, কৰ্ম আৰু দায়বদ্ধতাৰে আগবাঢ়িব লাগিব। আজিৰ এআই যুগত ভৱিষ্যত দৃষ্টি আৰু গতি প্ৰদৰ্শন কৰাসকলৰ হ’ব। মহামহিম, মই এতিয়া আপোনালোক নিজৰ চিন্তাধাৰা প্ৰকাশ কৰিবলৈ আমন্ত্ৰণ জনাইছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"