মহামহিম ৰাষ্ট্ৰপতি জন মহামা,

দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

তিনি দশকৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।

এই সুযোগ পোৱাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়।

"अय्य मे अनेजे से मेवोहा”
ঘানাত আমাক যি উষ্ম আৰু সন্মানেৰে আদৰণি জনোৱা হৈছে তাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ।

মোক আদৰিবলৈ ৰাষ্ট্ৰপতি নিজেই বিমানবন্দৰলৈ অহাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়।

২০২৪ চনৰ ডিচেম্বৰ মাহৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰপতি মহামা দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। তেওঁৰ গৌৰৱপূৰ্ণ বিজয়ৰ বাবে পুনৰবাৰ অভিনন্দন জনাইছো।

এই বিজয়ে তেওঁৰ দৃষ্টিভংগী আৰু নেতৃত্বৰ ওপৰত ঘানাৰ জনসাধাৰণৰ যি গভীৰ আস্থাৰ প্ৰতীক।

বন্ধুসকল,

ভাৰত আৰু ঘানাৰ মাজৰ বন্ধুত্বৰ মূলতে আছে আমাৰ ভাগ-বতৰা কৰা বিশ্বাস, সংগ্ৰাম আৰু সৰ্বাংগীন ভৱিষ্যতৰ বাবে এক মিলিত সপোন।

আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামখনে আন বহুতকে অনুপ্ৰাণিত কৰিছিল।

আজিও ঘানাৰ সজীৱ গণতন্ত্ৰই পশ্চিম আফ্ৰিকাত "আশাৰ ৰেঙণি" হিচাপে কাম কৰে।

 

আজি ৰাষ্ট্ৰপতি আৰু মই আমাৰ দ্বিপাক্ষিক সম্পৰ্কক "ব্যাপক অংশীদাৰিত্ব"লৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছো।

ঘানাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত ভাৰত কেৱল সমৰ্থক নহয়, সহযাত্ৰীও।

গ্ৰেণ্ড জুবিলী হাউচ, ফৰেইন ছাৰ্ভিচেছ ইনষ্টিটিউট, কোমেণ্ডা চেনি ফেক্টৰী, ভাৰত-ঘানা কফি আন্নান আইচিটি চেণ্টাৰ আৰু টেমা মপাকাদান ৰে’লৱে লাইন আদিবোৰ কেৱল ইটা আৰু মৰ্টাৰ নহয়, আমাৰ অংশীদাৰিত্বৰ প্ৰতীক।

আমাৰ দ্বিপাক্ষিক বাণিজ্যই ৩ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে।

ভাৰতীয় কোম্পানীসমূহে প্ৰায় ৯০০টা প্ৰকল্পত প্ৰায় ২ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছে।

আজি আমি অহা পাঁচ বছৰত আমাৰ দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো৷

ফিনটেকৰ ক্ষেত্ৰত ভাৰতে ইউপিআই ডিজিটেল পেমেণ্টৰ অভিজ্ঞতা ঘানাৰ সৈতে শ্বেয়াৰ কৰিবলৈ সাজু।

বন্ধুসকল,

উন্নয়ন অংশীদাৰিত্ব আমাৰ অংশীদাৰিত্বৰ এটা মূল স্তম্ভ।

ৰাষ্ট্ৰপতি মহামাৰ ‘অৰ্থনৈতিক পুনৰ গঠন’ৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আমি আশ্বাস দিছো।

আজি আমি ঘানাৰ বাবে আইটিইচি আৰু আইচিচিআৰৰ বৃত্তি দুগুণ কৰাৰ সিদ্ধান্ত লৈছো।

যুৱক-যুৱতীসকলৰ বৃত্তিমূলক শিক্ষাৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ কৰা হ’ব।

কৃষিৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি মহামাৰ "ফিড ঘানা" কাৰ্যসূচীৰ প্ৰতি সমৰ্থন আগবঢ়োৱাটো আমাৰ আনন্দৰ কথা হ’ব।

ভাৰতে জন ঔষধি কেন্দ্ৰৰ জৰিয়তে ঘানাৰ নাগৰিকসকলক সুলভ স্বাস্থ্যসেৱা আৰু নিৰ্ভৰযোগ্য যত্ন প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছে।

আমি ভেকচিন উৎপাদনত সহযোগিতাৰ বিষয়ে আলোচনা কৰিছো৷

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমি "সুস্থিৰতাৰ জৰিয়তে নিৰাপত্তা" মন্ত্ৰ লৈ আগবাঢ়িম৷

সশস্ত্ৰ বাহিনীৰ প্ৰশিক্ষণ, সামুদ্ৰিক সুৰক্ষা, প্ৰতিৰক্ষা সামগ্ৰী আৰু চাইবাৰ সুৰক্ষা আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা হ’ব।

ভাৰতীয় কোম্পানীসমূহে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ অন্বেষণ আৰু খননত সহযোগিতা কৰিব লাগিব।

 

ইতিমধ্যে ভাৰত আৰু ঘানাই আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ দৰে মঞ্চত সহযোগিতা আগবঢ়াইছে।

নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ঘানাৰ প্ৰচেষ্টাক সমৰ্থন আৰু প্ৰচাৰ কৰিবলৈ আমি তেওঁলোকক বিশ্ব জৈৱ ইন্ধন মৈত্ৰীলৈ আমন্ত্ৰণ জনাইছো।

বন্ধুসকল,

আমি দুয়োজনেই গ্ল’বেল ছাউথৰ সদস্য আৰু ইয়াৰ অগ্ৰাধিকাৰৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ৷

ভইচ অৱ গ্ল’বেল ছাউথ ছামিটত সক্ৰিয় অংশগ্ৰহণৰ বাবে আমি ঘানাক ধন্যবাদ জনাইছো।

আমাৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকান ইউনিয়নে জি-২০ৰ স্থায়ী সদস্যপদ লাভ কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়৷

আমি ছাহেল অঞ্চলকে ধৰি আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰতো আলোচনা কৰিলোঁ৷ সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু বুলি আমাৰ দৃষ্টিত আমি একত্ৰিত।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত সহযোগিতাৰ বাবে আমি ঘানাক আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

এনে পৰিপ্ৰেক্ষিতত আমি সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাত আমাৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছো। ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগীও ঘনিষ্ঠভাৱে মিলি গৈছে।

পশ্চিম এছিয়া আৰু ইউৰোপত চলি থকা সংঘাতক লৈ আমি দুয়ো গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। আমি দৃঢ় বিশ্বাস কৰোঁ যে এয়া যুদ্ধৰ যুগ নহয়।

আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগিব।

বন্ধুসকল,

ঘানাৰ ভাৰতীয় সম্প্ৰদায়ে আমাৰ জনসাধাৰণৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সংযোগক প্ৰতিনিধিত্ব কৰে।

বহু বছৰ ধৰি ভাৰতীয় শিক্ষক, চিকিৎসক, অভিযন্তাসকলে ঘানাত সেৱা আগবঢ়াই আহিছে।

ভাৰতীয় সম্প্ৰদায়েও ঘানাৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ ক্ষেত্ৰত ইতিবাচক অৱদান আগবঢ়াইছে। কাইলৈ ​​ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ আগ্ৰহী।

মাননীয় ৰাষ্ট্ৰপতি,

আপুনি ভাৰতৰ ঘনিষ্ঠ বন্ধু৷ ভাৰতবাসীৰ সৈতে আপুনি ভালদৰে পৰিচিত৷

ভাৰত ভ্ৰমণৰ বাবে আপোনালোকক উষ্ম আমন্ত্ৰণ জনাইছো। আপুনি আমাক আদৰণি জনোৱাৰ সুযোগ প্ৰদান কৰিব বুলি মোৰ বিশ্বাস।

আকৌ এবাৰ আপোনালোকৰ উষ্ম আতিথ্যৰ বাবে আপোনালোক, চৰকাৰ আৰু ঘানাৰ জনসাধাৰণৰ প্ৰতি মোৰ অপৰিসীম কৃতজ্ঞতা প্ৰকাশ কৰিছো।

আপোনালোক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI completes 10 years, clocks nearly 13,000-fold rise in transaction volume

Media Coverage

UPI completes 10 years, clocks nearly 13,000-fold rise in transaction volume
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister invites citizens to share their UPI experiences as UPI completes a decade
August 25, 2026

The Prime Minister, Shri Narendra Modi recalled the transformative journey of the Unified Payments Interface (UPI), which was rolled out a decade ago and marked a major turning point in India’s digital payments journey.

Highlighting the scale and reach achieved by UPI over the past ten years, Shri Modi said that its remarkable journey is something every Indian can be proud of. The Prime Minister invited citizens to share their experiences of using UPI and how it has impacted their daily lives.

The Prime Minister posted on X:

A decade ago, UPI was rolled out, marking a major turning point in India’s digital payments journey.

The sheer scale and reach of UPI are something every Indian must be proud of.

Tell me about your UPI experience and how it impacted your life...

#10YearsOfUPI