মহামহিম ৰাষ্ট্ৰপতি দিছানায়ক জী,

দুয়োখন দেশৰ প্ৰতিনিধি,

সংবাদ মাধ্যমৰ পৰা বন্ধুসকল,

নমস্কাৰ!

আয়ুবোৱান!

ৱনক্কম!

আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

এই সন্মানৰ বাবে ৰাষ্ট্ৰপতি, শ্ৰীলংকা চৰকাৰ আৰু শ্ৰীলংকাৰ জনসাধাৰণলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

 

বন্ধুসকল,

প্ৰধানমন্ত্ৰী হিচাপে এয়া মোৰ চতুৰ্থটো শ্ৰীলংকা ভ্ৰমণ। ২০১৯ চনত অতি স্পৰ্শকাতৰ সময়ত মই শেষবাৰ শ্ৰীলংকা ভ্ৰমণ কৰিছিলোঁ। সেই সময়ত মোৰ দৃঢ় বিশ্বাস আছিল যে শ্ৰীলংকা আকৌ ঠন ধৰি আৰু শক্তিশালীভাৱে উঠিব।

শ্ৰীলংকাৰ জনসাধাৰণৰ সাহস আৰু ধৈৰ্য্যক শলাগ লৈছোঁ আৰু আজি শ্ৰীলংকাক পুনৰ প্ৰগতিৰ পথত আগুৱাই যোৱা দেখি মই আনন্দিত হৈছো। প্ৰকৃত বন্ধুত্বপূৰ্ণ প্ৰতিবেশী হিচাপে নিজৰ কৰ্তব্য পালন কৰি ভাৰতে গৌৰৱ অনুভৱ কৰিছে। ২০১৯ চনৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওক, ক’ভিড মহামাৰীয়েই হওক বা শেহতীয়া অৰ্থনৈতিক সংকটেই হওক, প্ৰতিটো অসুবিধাৰ সময়ত আমি শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছো।

মোৰ মনত পৰিছে মহান তামিল সাধু তিৰুৱল্লুৱৰৰ কথা। তেওঁ কৈছিলঃ

ছেয়াৰ কৰিয়া ইয়াভুল

নাট পিন

আদু পুল

ভিন্নাইকাৰিয়া য়াভুল কাপু

যাৰ অৰ্থ, প্ৰত্যাহ্বান আৰু শত্ৰুৰ সন্মুখত প্ৰকৃত বন্ধু আৰু তেওঁৰ বন্ধুত্বৰ ঢালতকৈ শক্তিশালী আশ্বাস নাই।

 

বন্ধুসকল,

ৰাষ্ট্ৰপতি দিছানায়কে ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথম বিদেশ ভ্ৰমণৰ বাবে ভাৰতক বাছি লৈছিল আৰু মই তেওঁৰ প্ৰথম বিদেশী অতিথি হোৱাৰ সৌভাগ্য লাভ কৰিছোঁ। এয়া আমাৰ বিশেষ সম্পৰ্কৰ গভীৰতাৰ প্ৰতীক।

আমাৰ প্ৰতিৱেশী প্ৰথম নীতি আৰু দৃষ্টিভংগী ‘মহাসাগৰ’ দুয়োটাতে শ্ৰীলংকাৰ বিশেষ স্থান আছে। যোৱা চাৰি মাহত ৰাষ্ট্ৰপতি দিছানায়কৰ ভাৰত ভ্ৰমণৰ পাছৰে পৰা আমি সহযোগিতাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছো।

ছাম্পুৰ সৌৰ শক্তি কেন্দ্ৰই শ্ৰীলংকাই শক্তি সুৰক্ষা লাভ কৰাত সহায় কৰিব। বহু সামগ্ৰীৰ পাইপলাইন নিৰ্মাণৰ বাবে আৰু ট্ৰিনকোমালিক শক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে হোৱা এই চুক্তিয়ে সকলো শ্ৰীলংকাৰ লোকক উপকৃত কৰিব। দুয়োখন দেশৰ মাজত গ্ৰীড আন্তঃসংযোগ চুক্তিয়ে শ্ৰীলংকাৰ বাবে বিদ্যুৎ ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব।

মই আনন্দিত যে আজি শ্ৰীলংকাৰ ধৰ্মীয় স্থানৰ বাবে ৫,০০০ সৌৰ ছাদৰ ব্যৱস্থা উদ্বোধন কৰা হ'ব। ভাৰতে শ্ৰীলংকাৰ ইউনিক ডিজিটেল আইডেণ্টিটি প্ৰকল্পৰ বাবেও সহায় আগবঢ়াব।

বন্ধুসকল,

ভাৰতে ‘সবকা সাথ সবকা বিকাশ’ৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে। আমাৰ অংশীদাৰ দেশসমূহৰ অগ্ৰাধিকাৰকো আমি মূল্য দিওঁ।

কেৱল যোৱা ৬ মাহত আমি ১০ কোটি মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ঋণক অনুদানলৈ ৰূপান্তৰিত কৰিছো। আমাৰ দ্বিপাক্ষিক ‘ঋণ পুনৰগঠন চুক্তি’ই শ্ৰীলংকাৰ জনসাধাৰণক তাৎক্ষণিক সহায় আৰু সকাহ প্ৰদান কৰিব। আজি আমিও সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ প্ৰতীক যে আজিও ভাৰত শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে থিয় দিছে।


পূব প্ৰদেশসমূহৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰায় ২.৪ বিলিয়ন লংকা টকাৰ সহায়ক পেকেজ প্ৰদান কৰা হ’ব। আজি আমি কৃষকৰ কল্যাণৰ বাবে শ্ৰীলংকাৰ সৰ্ববৃহৎ গুদামটোও উদ্বোধন কৰোঁ।

কাইলৈ ​​আমি ‘মহো-ওমন্থাই’ ৰে’লপথ উদ্বোধন কৰিম আৰু ‘মহো-অনুৰাধাপুৰা’ অংশত সংকেত ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিম। শীঘ্ৰেই আৰম্ভ হ’ব কাংকেসন্থুৰাই বন্দৰ আধুনিকীকৰণৰ কাম।

 

শ্ৰীলংকাৰ ইণ্ডিয়ান অৰিজিন তামিল কমিউনিটিৰ বাবে ১০,০০০ ঘৰ নিৰ্মাণৰ কাম অতি সোনকালে সম্পূৰ্ণ হ’ব। অতিৰিক্ত ৭০০ শ্ৰীলংকাৰ জোৱানক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত সংসদৰ সদস্য, ন্যায়পালিকাৰ সৈতে জড়িত কৰ্মী, উদ্যোগী, সংবাদ মাধ্যমৰ লগতে যুৱ নেতাও থাকিব।

বন্ধুসকল,

আমি বিশ্বাস কৰোঁ যে আমি নিৰাপত্তাৰ স্বাৰ্থ ভাগ কৰিছো। দুয়োখন দেশৰ নিৰাপত্তা আন্তঃসংযোগী আৰু সহ-নিৰ্ভৰশীল।

ভাৰতৰ স্বাৰ্থৰ প্ৰতি সংবেদনশীলতাৰ বাবে ৰাষ্ট্ৰপতি দিছানায়কৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ চুক্তিসমূহক আমি আদৰণি জনাইছো। ভাৰত মহাসাগৰত কলম্বো নিৰাপত্তা সন্মিলন আৰু নিৰাপত্তা সহযোগিতাৰ ক্ষেত্ৰতো আমি একেলগে কাম কৰিবলৈ সন্মত হৈছে।

বন্ধুসকল,

ভাৰত আৰু শ্ৰীলংকাৰ মাজত শতিকা পুৰণি আধ্যাত্মিক সম্পৰ্ক আছে।

মোৰ গৃহ ৰাজ্য-গুজৰাটৰ আৰাৱলী অঞ্চলত ১৯৬০ চনত পোৱা ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষবোৰ শ্ৰীলংকালৈ প্ৰদৰ্শনৰ বাবে পঠিওৱা হৈছে বুলি ঘোষণা কৰি মই অত্যন্ত আনন্দিত হৈছো।

তৃণকোমালীৰ থিৰুকনেশ্বৰম মন্দিৰৰ সংস্কাৰত সহায় কৰিব ভাৰতে। অনুৰাধাপুৰা মহাবোধী মন্দিৰ কমপ্লেক্সত আৰু নুৱাৰা এলিয়াৰ সীতা এলিয়া মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰতো ভাৰতে সহায় আগবঢ়াব।

 

বন্ধুসকল,

আমি মাছমৰীয়াৰ জীৱিকাৰ সৈতে জড়িত বিষয়সমূহো আলোচনা কৰিলোঁ। আমি এই বিষয়ত মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়িব লাগে বুলি একমত হ’লোঁ৷ আমি মাছমৰীয়া আৰু তেওঁলোকৰ নাও শীঘ্ৰে মুকলি কৰি দিয়াতো গুৰুত্ব দিলোঁ।

আমি শ্ৰীলংকাত পুনৰগঠন আৰু মিলনৰ বিষয়েও কথা পাতিলোঁ। ৰাষ্ট্ৰপতি দিছানায়কে তেওঁৰ সৰ্বাংগীন দৃষ্টিভংগীৰ মোক মূল্যায়ন কৰিলে। আমি আশা কৰোঁ যে শ্ৰীলংকা চৰকাৰে তামিল জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব আৰু শ্ৰীলংকাৰ সংবিধান সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ আৰু প্ৰাদেশিক পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিশত নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব।

বন্ধুসকল,

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস আৰু সদিচ্ছাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আমাৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষা পূৰণৰ বাবে আমি একেলগে কাম কৰি যাম।

আকৌ এবাৰ ৰাষ্ট্ৰপতি দিছানায়কক তেওঁৰ উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মোৰ বিশ্বাস আগন্তুক সময়ত আমি আমাৰ অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যাম।

আপোনাক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s continuing tradition of celebrating its teachers

Media Coverage

India’s continuing tradition of celebrating its teachers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."