"প্ৰতিটো প্ৰজন্মতে নিৰন্তৰ চৰিত্ৰ গঠন হৈছে প্ৰতিখন সমাজৰ আধাৰ"
"য'তেই প্ৰত্যাহ্বান আহিছে, ভাৰত আশাৰ বতৰা কঢ়িয়াই উপস্থিত হৈছে, য'তেই সমস্যাৰ সৃষ্টি হৈছে, ভাৰতে সমাধান সূত্ৰ লৈ উপস্থিত হৈছে"
"ভাৰত সমগ্ৰ বিশ্বৰ বাবে আজি নতুন আশা"
"ছফ্টৱেৰৰ পৰা মহাকাশ ক্ষেত্ৰলৈ, আমি এক নতুন ভৱিষ্যতৰ বাবে সাজু এখন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছোঁ"
"আহক আমি নিজৰ উন্নতি সাধন কৰোঁ, কিন্তু আমাৰ উন্নতি আনৰ কল্যাণৰ বাবেও এক মাধ্যম হোৱা উচিত"
নাগালেণ্ডৰ এগৰাকী যুৱতীয়ে কাশীঘাট পৰিষ্কাৰৰ বাবে চলোৱা অভিযানৰ কথা উল্লেখ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভদোদৰাৰ কাৰেলিবাগত আয়োজিত 'যুৱ শিবিৰ' সম্বোধন কৰে। কুণ্ডলধামৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰ আৰু কাৰেলিবাগ, ভদোদৰাৰ শ্ৰী স্বামীনাৰায়ণ মন্দিৰে এই শিবিৰৰ আয়োজন কৰিছিল।

'যুৱ শিবিৰ'ত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ শাস্ত্ৰই আমাক শিকাইছে যে প্ৰতিটো প্ৰজন্মতে নিৰন্তৰ চৰিত্ৰ গঠন হৈছে প্ৰতিখন সমাজৰ আধাৰ। তেওঁ জোৰ দি কয় যে আজি যি শিবিৰৰ আয়োজন কৰা হৈছে সেয়া কেৱল যুৱ প্ৰজন্মৰ মাজত ভাল 'সংস্কাৰ' সৃষ্টি কৰাৰ প্ৰয়াসেই নহয়, বৰং সমাজ, পৰিচয়, গৌৰৱ আৰু জাতিৰ পুনৰুত্থানৰ বাবে এক পবিত্ৰ আৰু বাস্তৱবাদী অভিযান।

প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলক এক সামূহিক সংকল্প ল'বলৈ আৰু নতুন ভাৰত গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। তেওঁ কয়, নতুন এই ভাৰতৰ এক নতুন পৰিচিতি গঢ়ি উঠিব, ভৱিষ্যতমুখী হব আৰু যাৰ ঐতিহ্য হব প্ৰাচীন। এক নতুন ভাৰত, যি নতুন চিন্তা ধাৰণা আৰু শতাব্দী প্ৰাচীন সংস্কৃাৰক একেলগে লৈ আগুৱাই যাব আৰু সমগ্ৰ মানৱজাতিক সঠিক পথত অগ্ৰসৰ হোৱাৰ দিশ দেখুৱাব। তেওঁ আৰু কয়, "য'তেই প্ৰত্যাহ্বান আহিছে, ভাৰত আশাৰ বতৰা কড়িয়াই উপস্থিত হৈছে, য'তেই সমস্যাৰ সৃষ্টি হৈছে, ভাৰতে সমাধান সূত্ৰ লৈ উপস্থিত হৈছে"।

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনা সংকটৰ সময়ত বিশ্বক ভেকছিন আৰু ঔষধ প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি যোগান শৃংখলা ব্যাহত হোৱা সত্বেও স্বাৱলম্বী হৈ উঠাৰ লক্ষ্যেৰে আগুৱাই যোৱা আৰু বিশ্বব্যাপী অস্থিৰতা আৰু সংঘাতৰ মাজত শান্তিৰ লক্ষ্যেৰে এক সক্ষম ৰাষ্ট্ৰ হিচাপে যথাযথ ভূমিকা গ্ৰহণ কৰা-প্ৰায় সকলো ক্ষেত্ৰতেই  ভাৰতে আজি সমগ্ৰ বিশ্বৰ বাবে আশাৰ নতুন বতৰা কঢ়িয়াই আনিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সমগ্ৰ মানৱজাতিক যোগৰ পথ দেখুৱাইছোঁ। আমি বিশ্ববাসীক আয়ুৰ্বেদৰ শক্তিৰ সৈতে পৰিচয় কৰাই দিছোঁ। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ লগে লগে আজি চৰকাৰৰ কাম-কাজ সম্পাদনৰ পদ্ধতি আৰু সামাজিক চিন্তাধাৰাৰ পৰিৱৰ্তন হৈছে। আজি যুৱপ্ৰজন্মৰ নেতৃত্বত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ প্ৰণালী ভাৰতত গঢ়ি উঠিছে। "ছফ্টৱেৰৰ পৰা মহাকাশ ক্ষেত্ৰলৈ, আমি এক নতুন ভৱিষ্যতৰ বাবে সাজু এখন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছোঁ"।প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ বাবে সংস্কাৰৰ অৰ্থ হৈছে শিক্ষা, সেৱা আৰু সংবেদনশীলতা! আমাৰ বাবে, সংস্কাৰৰ অৰ্থ হৈছে সমৰ্পণ, সংকল্প আৰু শক্তি! "আহক আমি নিজৰ উন্নতি সাধন কৰোঁ, কিন্তু আমাৰ উন্নতি আনৰ কল্যাণৰ বাবেও এক মাধ্যম হোৱা উচিত"। আমি সফলতাৰ শিখৰ স্পৰ্শ কৰিব পাৰোঁ, কিন্তু আমাৰ সফলতা সকলোৰে সেৱাৰ এক মাধ্যম হ'ব লাগে। ভগৱান স্বামীনাৰায়ণৰ শিক্ষাৰ এয়াই সাৰাংশ আৰু এয়াই ভাৰতৰ প্ৰকৃতি"।

প্ৰধানমন্ত্ৰীয়ে ভদোদৰাৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰে আৰু তেওঁৰ ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনত এই স্থানৰ তাৎপৰ্যৰ কথা উল্লেখ কৰে। তেওঁ কয় যে 'ষ্টেচু অৱ ইউনিটি'ৰ জৰিয়তে ভদোদৰা বিশ্বব্যাপী আকৰ্ষণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছে । একেদৰে, পৱাগড় মন্দিৰেও সমগ্ৰ বিশ্বৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। ভদোদৰাক 'সংস্কাৰ নগৰী' হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বতে ই পৰিচিত হৈ পৰিছে, কিয়নো ভদোদৰাত তৈয়াৰী মেট্ৰ' ডবা বিশ্বব্যাপী ব্যৱহাৰ কৰা হয়। ই হৈছে ভদোদৰা চহৰৰ শক্তি, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা সংগ্ৰামত আমি দেশৰ হকে প্ৰাণ বিসৰ্জনৰ সুযোগ পোৱা নাছিলোঁ যদিও আমি দেশৰ বাবে জীয়াই থাকিব পাৰোঁ। তেওঁ কয়, "২০২৩ৰ ১৫ আগষ্টলৈকে, আমি নগদ লেনদেনৰ পৰিৱৰ্তে ডিজিটেল লেনদেন ব্যৱস্থাক গ্ৰহণ কৰিব পাৰোঁনে? আপোনাসৱৰৰ এইধৰণৰ সৰু অৱদানে ক্ষুদ্ৰ ব্যৱসায়ী আৰু বিক্ৰেতাসকলৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিব পাৰে।" একেদৰে, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, একক ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন আৰু পুষ্টিহীনতা দূৰ কৰাৰ বাবেও সংকল্প গ্ৰহণ কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ এগৰাকী যুৱতীয়ে কাশীঘাট পৰিষ্কাৰ কৰাৰ বাবে হাতত লোৱা অভিযানৰ কথাও উল্লেখ কৰে। তেওঁ কয়, যুৱতীগৰাকীয়ে অকলে এই অভিযান আৰম্ভ কৰিছিল যদিও পাছলৈ বহু লোকে উক্ত অভিযানত যোগ দিছিল। ইয়াৰ জৰিয়তে সংকল্পৰ শক্তি প্ৰতিফলিত হয়। ইয়াৰ লগতে, প্ৰধানমন্ত্ৰীয়ে দেশৰ কল্যাণৰ বাবে বিদ্যুৎ সঞ্চয় কৰা বা প্ৰাকৃতিক কৃষি গ্ৰহণ কৰাৰ দৰে সৰু সৰু পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায়।

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India