“মইও মোৰ ইউটিউব চেনেলৰ জৰিয়তে দেশ আৰু বিশ্বৰ সৈতে সংযোগ স্থাপন কৰিছো। মোৰো যথেষ্ট সংখ্যক ছাবস্ক্ৰাইবাৰ আছে”
“আমি একেলগে আমাৰ দেশৰ এক বিশাল সংখ্যক জনতাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰো”
“দেশক জাগ্ৰত কৰক, আন্দোলনৰ সূচনা কৰক”
“মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ সকলো আপডেট লাভ কৰিবলৈ বেল আইকনটো টিপক”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউটিউব ফেনফেষ্ট ইণ্ডিয়া ২০২৩ত ইউটিউবাৰ সমাজক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ইউটিউবত ১৫ বছৰ সম্পূৰ্ণ কৰাৰ লগতে এই মাধ্যমৰ জৰিয়তে বিশ্বজুৰি প্ৰভাৱ সৃষ্টিৰ অভিজ্ঞতাও শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে।

ইউটিউবাৰ সমাজক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ১৫ বছৰীয়া ইউটিউব যাত্ৰা সম্পূৰ্ণ কৰা উপলক্ষে আনন্দ প্ৰকাশ কৰি কয় যে তেওঁ আজি ইয়াত এজন সহযোগী ইউটিউবাৰ হিচাপে উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, “১৫ বছৰ ধৰি মইও মোৰ ইউটিউব চেনেলৰ জৰিয়তে দেশ আৰু বিশ্বৰ সৈতে সংযুক্ত হৈ আছো। মোৰো যথেষ্ট সংখ্যক ছাবস্ক্ৰাইবাৰ আছে।”

৫,০০০ ভিডিঅ’ প্ৰস্তুতকৰ্তা আৰু উচ্চাকাংক্ষী ভিডিঅ’ প্ৰস্তুতকৰ্তাৰ উপস্থিতি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে গেমিং, প্ৰযুক্তি, খাদ্য ব্লগিং, ভ্ৰমণ ব্লগাৰ আৰু জীৱনশৈলীৰ প্ৰভাৱ সৃষ্টিকাৰী ভিডিঅ’ৰ কথা উল্লেখ কৰে।

ভাৰতৰ জনসাধাৰণৰ ওপৰত কণ্টেণ্ট প্ৰস্তুতকৰ্তাৰ প্ৰভাৱ পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে এই প্ৰভাৱক অধিক ফলপ্ৰসূ কৰি তোলাৰ সুযোগৰ ওপৰত আলোকপাত কৰি কয়, “আমি একেলগে আমাৰ দেশৰ এক বিশাল সংখ্যক জনতাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰো।” তেওঁ আৰু বহু ব্যক্তিক সহজে শিকোৱা আৰু কোটি কোটি মানুহক গুৰুত্বপূৰ্ণ বিষয়বোৰ বুজিবলৈ বাধ্য কৰোৱা আৰু বহু ব্যক্তিক সবলীকৰণ আৰু শক্তিশালী কৰাৰ কথা উল্লেখ কৰে। “আমি তেওঁলোকক আমাৰ সৈতে সংযোগ কৰিব পাৰো”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ইউটিউব চেনেলত হাজাৰ হাজাৰ ভিডিঅ’ থকাৰ কথা উল্লেখ কৰি যিবোৰ তেওঁ ইউটিউবৰ জৰিয়তে আমাৰ দেশৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষাৰ মানসিক চাপ, প্ৰত্যাশা ব্যৱস্থাপনা, উৎপাদনশীলতা আদি বিষয়ত কথা পাতিছিল৷ সেইবোৰ ভিডিঅ’ তেওঁৰ বাবে আটাইতকৈ সন্তুষ্টিদায়ক বুলিও লগতে কয়।

গণ আন্দোলনৰ সৈতে জড়িত বিষয়ত প্ৰধানমন্ত্ৰীয়ে প্ৰথমে স্বচ্ছ ভাৰতৰ কথা উল্লেখ কৰে যিটো বিগত ৯ বছৰত সকলোকে জড়িত কৰি এক বৃহৎ অভিযানত পৰিণত হৈছিল। “শিশুসকলে ইয়াৰ বাবে এটা আৱেগিক শক্তি আনিছিল। চেলিব্ৰিটিসকলে ইয়াক মান্যতা প্ৰদান কৰিছিল, দেশৰ চুকে-কোণে মানুহে ইয়াক এটা অভিযানলৈ ৰূপান্তৰিত কৰিছিল আৰু আপোনাৰ দৰে ইউটিউবাৰসকলে স্বচ্ছতাক শীতল কৰি তুলিছিল”, তেওঁ লগতে কয়। স্বচ্ছতা ভাৰতৰ পৰিচয় নোহোৱালৈকে এই আন্দোলন স্তব্ধ নকৰিবলৈ প্ৰধানমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। “স্বচ্ছতা আপোনালোকৰ প্ৰত্যেকৰে বাবে অগ্ৰাধিকাৰ হ’ব লাগিব”, তেওঁ সজোৰে কয়।

দ্বিতীয়তে, প্ৰধানমন্ত্ৰীয়ে ডিজিটেল পেমেণ্টৰ কথা উল্লেখ কৰে। ইউপিআইৰ সফলতাৰ বাবেই বিশ্বৰ ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত ভাৰতৰ ৪৬ শতাংশ অংশীদাৰিত্ব আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ অধিক সংখ্যক লোকক ডিজিটেল পেমেণ্টৰ ব্যৱহাৰৰ বাবে অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনায়, লগতে তেওঁলোকক ভিডিঅ’ৰ জৰিয়তে সহজ ভাষাত ডিজিটেল পেমেণ্ট কৰাৰ বিষয়ে শিকাওক৷

তৃতীয়তে, প্ৰধানমন্ত্ৰীয়ে ভোকেল ফৰ লোকেলৰ আলোকপাত কৰে। তেওঁ কয় যে আমাৰ দেশত বহু সামগ্ৰী স্থানীয় পৰ্যায়ত তৈয়াৰ কৰা হয় আৰু স্থানীয় শিপিনীৰ দক্ষতা আচৰিত মানিবলগীয়া। তেওঁ এই শিল্পীসকলক ইউটিউব ভিডিঅ’ৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ আৰু ভাৰতৰ স্থানীয় পৰিৱৰ্তনক বৈশ্বিক কৰি তোলাত সহায় কৰিবলৈ ইউটিউবাৰসকলক আহ্বান জনায়৷

আমাৰ মাটিৰ সুগন্ধি আৰু ভাৰতৰ শ্ৰমিক আৰু শিপিনীৰ ঘাম থকা সামগ্ৰী ক্ৰয় কৰিবলৈ আৱেগিক আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়, “খাদীয়েই হওক, হস্তশিল্পই হওক, হস্ততাঁতেই হওক বা আন যিকোনো সামগ্ৰীয়েই হওক, মাত্ৰ দেশক জাগ্ৰত কৰক, আন্দোলনৰ সূচনা কৰক।”

প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো খণ্ডৰ শেষত এটা প্ৰশ্ন ৰাখি কিবা এটা কৰিবলৈ কাম দিয়াৰো পৰামৰ্শ আগবঢ়ায়। “এবাৰ যেতিয়া মানুহে কাম কৰিব আৰু আপোনাৰ সৈতে শ্বেয়াৰ কৰিব, তেতিয়া আপোনাৰ জনপ্ৰিয়তাও বৃদ্ধি পাব আৰু মানুহে কেৱল শুনাই নহয় কিবা এটা কামত লিপ্ত হ’ব”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে ইউটিবাৰ সমাজক সম্বোধন কৰি আনন্দ প্ৰকাশ কৰে৷ তেওঁ প্ৰতিজন ইউটিউবাৰে নিজৰ ভিডিঅ’ৰ শেষত কোৱাৰ দৰে “মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ সকলো আপডেট লাভ কৰিবলৈ বেল আইকনটো টিপক,” বুলি কৈ ভাষণ সামৰে৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"