বাজেটত শিক্ষাক নিয়োগযোগ্যতা আৰু উদ্যমিতা ক্ষমতাৰ সৈতে সংযোগ কৰিবলৈ কৰা প্ৰচেষ্টা সম্প্ৰসাৰিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

শিক্ষা খণ্ডৰ বাবে ঘোষিত বাজেট ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত আয়োজিত এক ৱেবিনাৰ সম্বোধন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।


ৱেবিনাৰ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে স্বাৱলম্বী ভাৰত গঢ়ি তোলাৰ বাবে দেশৰ যুৱ প্ৰজন্মৰ আত্মবিশ্বাস সমানেই গুৰুত্বপূৰ্ণ। আত্মবিশ্বাস তেতিয়াহে আহে যেতিয়া শিক্ষা আৰু জ্ঞানৰ ওপৰত যুৱ প্ৰজন্মৰ সম্পূৰ্ণ বিশ্বাস হয়। আত্মবিশ্বাস তেতিয়াহে আহে যেতিয়া তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকৰ অধ্যয়নে তেওঁলোকক প্ৰয়োজনীয় দক্ষতাৰ লগতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। তেওঁ কয় যে এই চিন্তাধাৰাৰ সৈতে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি তৈয়াৰ কৰা হৈছে। তেওঁ নাৰ্চাৰীৰ পৰা পিএইচডিলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সকলো ব্যৱস্থা সোনকালে ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কয় যে এই ক্ষেত্ৰত বাজেট যথেষ্ট সহায় হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ বাজেটত স্বাস্থ্যৰ পিছত দ্বিতীয় সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে শিক্ষা, দক্ষতা, গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত। তেওঁ দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত উন্নত সমন্বয়ৰ বাবে আহ্বান জনায়। তেওঁ কয় যে দক্ষতা বিকাশ, উন্নীতকৰণ আৰু শিক্ষানবিশৰ ওপৰত এই বাজেটত দিয়া গুৰুত্ব অভূতপূৰ্ব। এই বাজেটখনে শিক্ষাক বহু বছৰ ধৰি নিয়োগযোগ্যতা আৰু উদ্যোমিতা ক্ষমতাৰ সৈতে সংযোগ কৰিবলৈ কৰা প্ৰচেষ্টাক আৰু সম্প্ৰসাৰিত কৰিছে। তেওঁ কয় যে এই প্ৰচেষ্টাৰ ফলস্বৰূপে ভাৰতে আজি বৈজ্ঞানিক প্ৰকাশন, পিএইচডি বিদ্বানৰ সংখ্যা আৰু ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰৰ ক্ষেত্ৰত শীৰ্ষ তিনিখন দেশৰ ভিতৰত আছে। তেওঁ কয় যে ভাৰতে বিশ্বব্যাপী উদ্ভাৱন সূচকৰ ক্ষেত্ৰত শীৰ্ষ ৫০ স্থানত আছে আৰু নিৰন্তৰ উন্নতি কৰি আছে। তেওঁ কয় যে শিক্ষাৰ্থী আৰু যুৱ বিজ্ঞানীসকলৰ বাবে উচ্চ শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপেৰে নতুন সুযোগ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰথমবাৰৰ বাবে বিদ্যালয়ৰ অটল টিংকাৰিং লেবৰ পৰা আৰম্ভ কৰি উচ্চ প্ৰতিষ্ঠানৰ অটল ইনকিউবেচন চেণ্টাৰলৈকে বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। দেশত ষ্টাৰ্ট-আপৰ বাবে হেকাথনৰ এক নতুন পৰম্পৰা সৃষ্টি কৰা হৈছে, যি দেশৰ যুৱ আৰু উদ্যোগ উভয়ৰ বাবে এক বিশাল শক্তি হৈ পৰিছে। তেওঁ লগতে কয় যে বিকাশ আৰু উদ্ভাৱনক প্ৰোত্সাহিত কৰাৰ বাবে ৰাষ্ট্ৰীয় উদ্যোগৰ জৰিয়তে ৩৫০০ৰো অধিক ষ্টাৰ্ট-আপৰ বিকাশ সাধন কৰা হৈছে। একেদৰে, ৰাষ্ট্ৰীয় চুপাৰকম্পিউটিং মিছনৰ অধীনত, আই.আই.টি. বিএইচইউ, আই.আই.টি.-খড়গপুৰ আৰু আইআইএছইআৰ, পুনেত তিনিটা চুপাৰ কম্পিউটাৰঃ পৰম শিৱাই, পৰম শক্তি আৰু পৰম ব্ৰক্ষ্মা স্থাপন কৰা হৈছে। তেওঁ কয় যে দেশৰ এক ডজনৰো অধিক প্ৰতিষ্ঠানক এনে চুপাৰ কম্পিউটাৰ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে। তিনিটা অত্যাধুনিক বিশ্লেষণাত্মক আৰু কাৰিকৰী সহায় প্ৰতিষ্ঠানে (চাথি) আই আই টি খড়গপুৰ, আই আই টি দিল্লী আৰু বিএইচইউৰ পৰা সেৱা প্ৰদান কৰি আছে, তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে এই চিন্তাৰে কয় যে জ্ঞান আৰু গৱেষণা সীমিত কৰাটো দেশৰ সম্ভাৱনাৰ প্ৰতি এক ডাঙৰ অন্যায়, মহাকাশ, পাৰমাণৱিক শক্তি, ডিআৰডিঅ' আৰু কৃষিৰ দৰে খণ্ডৰ বহুতো পথ প্ৰতিভাশালী যুৱকসকলৰ বাবে মুকলি কৰি দিয়া হৈছে। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে দেশখনে বতৰ বিজ্ঞান ক্ষেত্ৰখনত আন্তৰ্জাতিক মানদণ্ড লাভ কৰিছে যাৰ ফলত গৱেষণা আৰু বিকাশ বৃদ্ধি পাইছে আৰু আমাৰ বৈশ্বিক দক্ষতা যথেষ্ট উন্নত হৈছে। শেহতীয়াকৈ ভূ-স্থানিক তথ্য মুকলি কৰা হৈছে আৰু ইয়াৰ ফলত মহাকাশ খণ্ড আৰু দেশৰ যুৱ প্ৰজন্মক অপৰিসীম সুযোগ দিব। সমগ্ৰ পৰিৱেশতন্ত্ৰ যথেষ্ট লাভান্বিত হ’ব। তেওঁ কয় যে দেশত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন নিৰ্মাণ কৰা হৈছে। ইয়াৰ বাবে ৫০ হাজাৰ কোটি টকা আৱণ্টন কৰা হৈছে। ইয়ে গৱেষণা সম্পৰ্কীয় প্ৰতিষ্ঠানবোৰৰ প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু গৱেষণা আৰু বিকাশ, শিক্ষা আৰু উদ্যোগৰ মাজত সংযোগ উন্নত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে জৈৱ প্ৰযুক্তি গৱেষণাত ১০০ শতাংশতকৈও অধিক বৃদ্ধি চৰকাৰৰ প্ৰাথমিকতাৰ পৰিচয়। তেওঁ খাদ্য সুৰক্ষা, পুষ্টি আৰু কৃষি সেৱাত জৈৱ প্ৰযুক্তি গৱেষণাৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে আহ্বান জনায়।

ভাৰতীয় প্ৰতিভাৰ বৰ্দ্ধিত চাহিদাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দক্ষতা নিৰ্ধাৰণৰ মেপিং আৰু সেই অনুসৰি সৰ্বশ্ৰেষ্ঠ প্ৰক্ৰিয়া অৱলম্বন কৰি আন্তৰ্জাতিক কেম্পাছসমূহক আমন্ত্ৰণ জনোৱা আৰু উদ্যোগৰ বাবে দক্ষতা উন্নীতকৰণৰ জৰিয়তে যুৱসকলক প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বাজেটত পৰিকল্পনা কৰা শিক্ষানবিশ কাৰ্যসূচীৰ সুগমতাই দেশৰ যুৱকসকলক যথেষ্ট লাভান্বিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

 

শ্ৰী মোদীয়ে কয় যে শক্তিৰ ওপৰত আমাৰ আত্মনিৰ্ভৰশীলতাৰ বাবে ভৱিষ্যতৰ ইন্ধন আৰু সেউজ শক্তি অত্যাৱশ্যকীয়। এই হাইড্ৰজেন মিছনৰ বাবে বাজেটত ঘোষণা কৰাটো এক গুৰুতৰ প্ৰতিশ্ৰুতি। তেওঁ কয় যে ভাৰতত হাইড্ৰজেন বাহনৰ পৰীক্ষা কৰা হৈছে আৰু হাইড্ৰজেনক পৰিবহনৰ বাবে ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সমূহীয়া প্ৰয়াস কৰা আৰু নিজৰ বাহন উদ্যোগক ইয়াৰ বাবে সাজু হোৱা আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে পাৰ্যমানে স্থানীয় ভাষাৰ ব্যৱহাৰক উৎসাহিত কৰিছে। তেওঁ লগতে কয় যে এতিয়া ভাৰতীয় ভাষাত দেশ আৰু বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সমল কেনেদৰে প্ৰস্তুত কৰিব লাগে সেয়া সকলো শিক্ষাবিদ, প্ৰতিটো ভাষাৰ বিশেষজ্ঞৰ দায়িত্ব । বৰ্তমানৰ প্ৰযুক্তিৰ যুগত এয়া সম্পূৰ্ণৰূপে সম্ভৱ। বাজেটত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ভাষা অনুবাদ মিছন এই ক্ষেত্ৰত বহু দূৰলৈ যাব বুলি তেওঁ দৃঢ়তাৰে মত ব্যক্ত কৰে।

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership