পাঁচটা বিষয়ত প্রধানমন্ত্রীৰ বিশদ বিৱৰণ: গুণগতমানৰ শিক্ষা সার্বজনীন কৰা; দক্ষতা উন্নয়ন; নগৰ পৰিকল্পনা আৰু নক্সা প্রণয়নৰ ক্ষেত্রত ভাৰতৰ প্রাচীণ জ্ঞান আৰু অভিজ্ঞতাক শিক্ষা ব্যৱস্থাত অন্তর্ভুক্ত কৰা; আন্তর্জাতিকীকৰণ তথা এনিমেচন ভিজুৱেল এফেক্টছ গেমিং কমিক ক্ষেত্রত অধিক অগ্রাধিকাৰ
যুৱসম্প্রদায়ৰ ক্ষমতায়নত জোৰ দিয়া হৈছে, যিসকল ভৱিষ্যৎ দেশ নির্মাতা; আৰু এনেকৈয়ে ভাৰতৰ ভৱিষ্যৎ ক্ষমতায়ন সম্ভৱ
মহামাৰীৰ সময়ত ডিজিটেল যোগাযোগে দেশৰ শিক্ষা ব্যৱস্থাক সচল ৰাখিছিল
উদ্ভাৱনৰ মাধ্যমত দেশত অন্তর্ভুক্তিকৰণ সুনিশ্চিত হৈছে; এতিয়া দেশ অন্তর্ভুক্তিৰ লক্ষ্যত অগ্রসৰ হৈছে
পৰিৱর্তিত কর্মসংস্থানৰ চাহিদা অনুযায়ী, দেশৰ জনসংখ্যাগত বৈশিষ্ট্য প্রণয়ন কৰা অত্যন্ত জৰুৰী
বাজেট কেৱল পৰিসংখ্যাগত হিচাব নহয়, যথাযথভাৱে ৰূপায়িত হ'লে বাজেটে সীমিত সম্পদ সত্ত্বেও আমূল পৰিৱর্তন আনিব পাৰে

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে শিক্ষা আৰু দক্ষতাৰ ক্ষেত্রত ২০২২ চনৰ কেন্দ্রীয় বাজেটৰ ইতিবাচক প্রভাবক লৈ আয়োজিত এখন ৱেবিনাৰত ভাষণ দিয়ে। এই উপলক্ষে একাধিক কেন্দ্রীয় মন্ত্রী, শিক্ষা, দক্ষতা উন্নয়ন, বিজ্ঞান, প্রযুক্তি তথা গৱেষণা ক্ষেত্রৰ সৈতে যুক্ত সংশ্লিষ্ট সকলো পক্ষই অংশগ্ৰহণ কৰে। বাজেটৰ আগত আৰু পিছত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলাপ-আলোচনা আৰু পৰামর্শৰ বাবে নতুন যি ৰীতি আৰম্ভ হৈছে, তাৰ অঙ্গ হিচাবেই এই ৱেবিনাৰৰ আয়োজন।

 

প্রধানমন্ত্রীয়ে দেশ গঠনত যুৱসম্প্রদায়ৰ গুৰুত্বপূর্ণ ভূমিকাৰ ওপৰত বক্তব্যৰ আৰম্ভণিতেই জোৰ দিয়ে। এই প্রসঙ্গত তেওঁ কয়, যুৱসম্প্রদায়ৰ ক্ষমতায়নত জোৰ দিয়া হৈছে, যিসকল ভৱিষ্যৎ দেশ নির্মাতা। আৰু এনেকৈয়ে ভাৰতৰ ভৱিষ্যৎ ক্ষমতায়ন সম্ভৱ।

প্রধানমন্ত্রীয়ে সেই পাঁচটা বিষয়ৰ ওপৰত আলোকপাত কৰে, যিবিলাক এইবাৰৰ বাজেটত উল্লেখ কৰা হৈছিল। তেওঁ কয়, গুণগতমানৰ শিক্ষা ব্যৱস্থাক সার্বজনীন কৰি তুলিবলৈ গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে। এই লক্ষ্যত শিক্ষা ক্ষেত্রৰ সক্ষমতা বৃদ্ধি কৰি গুণগত মানৰ শিক্ষণ ব্যৱস্থাৰ সম্প্রসাৰণ কৰা হৈছে। দক্ষতা উন্নয়নৰ ক্ষেত্রতো অগ্রাধিকাৰ দিয়া হৈছে। সেই অনুসৰি, শিল্প সংস্থাসমূহৰ চাহিদা অনুযায়ী, ডিজিটেল দক্ষতাৰ বিকাশত অনুকূল পৰিবেশ গঢ়ি তোলাৰ ওপৰত জোৰ দিয়া হৈছে, যাতে শিল্প সংস্থাসমূহৰ সৈতে আৰু ভাল যোগসূত্র গঢ়ি তোলা যায়। শ্রী মোদীয়ে কয়, নগৰ পৰিকল্পনা আৰু নক্সা প্রণয়নৰ ক্ষেত্রত ভাৰতৰ প্রাচীণ জ্ঞান আৰু অভিজ্ঞতাক শিক্ষা ব্যৱস্থাত অন্তর্ভুক্ত কৰা অত্যন্ত গুৰুত্বপূর্ণ। আন্তর্জাতিকীকৰণৰ ওপৰত জোৰ দি প্রধানমন্ত্রীয়ে কয়, বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহত দেশত শিক্ষা ব্যৱস্থাৰ সৈতে যুক্ত হ'বলৈ তথা গিফট্‌ চিটিত গঢ়ি উঠা আর্থিক প্রযুক্তি সম্পর্কীয় প্রতিষ্ঠানবিলাকত উৎসাহ দিয়া হৈছে। তেওঁ লগতে কয়, এনিমেচন ভিজুৱেল এফেক্টছ্ গেমিং কমিক (এভিজিভি) ক্ষেত্রত অগ্রাধিকাৰ দিয়া হৈছে। এই ক্ষেত্রখনত কর্মসংস্থানৰ বিৰাট সম্ভাৱনা আছে। কেৱল সেয়াই নহয়, ইয়াৰ বিশ্ব বজাৰো অসীম। প্রধানমন্ত্রীয়ে কয়, এইবাৰৰ বাজেটে জাতীয় শিক্ষা নীতি বাস্তবায়নত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব।

 

ডিজিটেল যোগাযোগৰ প্রসঙ্গ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, মহামাৰীৰ সময়ত এই ব্যৱস্থাই দেশৰ শিক্ষা ক্ষেত্রক সচল ৰাখিছিল। এই প্রসঙ্গত তেওঁ দেশত ডিজিটেল বৈষম্য হ্রাস পাইছে বুলি উল্লেখ কৰে। তেওঁ কয়, উদ্ভাৱনৰ মাধ্যমত দেশত অন্তর্ভুক্তিকৰণ সুনিশ্চিত কৰা হৈছে। এতিয়া দেশ অন্তর্ভুক্তিৰ লক্ষ্যত অগ্রসৰ হৈছে। দেশত ই-বিদ্যা, ৱান ক্লাছ ৱান চেনেল, ডিজিটেল লেব, ডিজিটেল বিশ্ববিদ্যালয় গঢ়ি তোলাৰ দৰে পৰিকাঠামোমূলক উদ্যোগ লোৱা হৈছে, যি যুৱসম্প্রদায়ৰ কল্যাণত সুদূৰপ্রসাৰী ভূমিকা ল'ব। দেশৰ আর্থ-সামাজিক ক্ষেত্রত গ্রামাঞ্চলত, দৰিদ্র মানুহ, দলিত, পিছপৰা আৰু আদিবাসী মানুহৰ ওচৰত গুণগতমানৰ শিক্ষাৰ সুযোগ-সুবিধা আৰু বেছি উপলব্ধ কৰাবলৈকে এই প্রয়াস। সম্প্রতি জাতীয় স্তৰত ডিজিটেল বিশ্ববিদ্যালয় গঢ়ি তোলাৰ যি কথা ঘোষণা কৰা হৈছে, সেই সম্পর্কে প্রধানমন্ত্রীয়ে কয়, বিশ্ববিদ্যালয়সমূহত শিক্ষার্থীসকলৰ আসনসংখ্যাৰ অভাব নোহোৱা কৰিবলৈ অভিনৱ এই উদ্যোগ অত্যন্ত ফলপ্রসূ হ'ব বুলি তেওঁৰ ধাৰণা। ডিজিটেল বিশ্ববিদ্যালয় গঢ়ি তোলাৰ সৈতে যুক্ত শিক্ষা মন্ত্রালয়, বিশ্ববিদ্যালয় মঞ্জুৰী কমিছন, এআইচিটিই তথা সংশ্লিষ্ট অন্যান্য পক্ষক দ্রুত এই প্রকল্পৰ কাম শেষ কৰিবলৈ আহ্বান জনায়। শিক্ষা প্রতিষ্ঠান গঢ়ি তোলাৰ সময়ত আন্তর্জাতিক মান বজাই ৰখাৰ বিষয়টোও বিবেচনাত ৰখাৰ পৰামর্শ দিয়ে প্রধানমন্ত্রীয়ে।

 

আজি আন্তর্জাতিক মাতৃভাষা দিৱস উপলক্ষে প্রধানমন্ত্রীয়ে মাতৃভাষাত শিক্ষা আৰু শিশুসকলৰ মানসিকতা বিকাশৰ মাজত যোগসূত্র গঢ়ি তোলাৰ ওপৰত জোৰ দিয়ে। তেওঁ জনায় বহু ৰাজ্যত স্থানীয় ভাষাতেই চিকিৎসা আৰু কাৰিকৰী শিক্ষাৰ পঠন-পাঠন চলিছে। স্থানীয় ভাৰতীয় ভাষাত ডিজিটেল পদ্ধতিত শিক্ষাৰ শ্ৰেষ্ঠ বিষয়বস্তু প্রণয়নৰ গুৰুত্ব উল্লেখ কৰি প্রধানমন্ত্রীয়ে এই ধৰণৰ বিষয়বস্তু ইন্টাৰনেট, মোবাইল ফোন, দূৰদর্শন আৰু বেতাঁৰৰ মাধ্যমত সহজলভ্য কৰাৰ ওপৰত জোৰ দিয়ে। লগতে তেওঁ অগ্রাধিকাৰৰ ভিত্তিত প্রতীকী ভাষাত শ্ৰেষ্ঠ বিষয়বস্তু প্রস্তুত কৰাৰ গুৰুত্বৰ কথাও কয়।

 

প্রধানমন্ত্রীয়ে কয়, আত্মনির্ভৰ ভাৰত গঠনত মেধাগত চাহিদাৰ দিশৰ পৰা ডায়নামিক স্কিলিং বা দক্ষতাত পাৰদর্শিতাৰ গুৰুত্বেৰ কথাও উল্লেখ কৰে। এই প্রসঙ্গত তেওঁ কয়, পৰিৱর্তিত কর্মসংস্থানৰ চাহিদা অনুযায়ী, দেশৰ জনসংখ্যাগত বৈশিষ্ট্য প্রণয়ন কৰা অত্যন্ত জৰুৰী। এই বিষয়টো বিবেচনাত ৰাখিয়েই এইবাৰৰ বাজেটত দক্ষতা, জীৱন-জীৱিকা তথা ই-দক্ষতা লেব গঢ়ি তোলাৰ বাবে ডিজিটেল ইকোছিষ্টেমৰ কথা ঘোষণা কৰা হৈছে।

 

পৰিশেষত প্রধানমন্ত্রীয়ে কয়, বাজেট প্রক্রিয়াত সাম্প্রতিক পৰিৱৰ্তনসমূহে কেনেকৈ বাজেটক ৰূপান্তৰৰ হাথিয়াৰত পৰিণত কৰিছে। তেওঁ সংশ্লিষ্ট সকলো পক্ষক বাজেট ঘোষণাবিলাক নির্বিঘ্নে বাস্তৱায়িত কৰাৰ কথা কয়। সাম্প্রতিক সময়ত বাজেট দাখিলৰ সময় এমাহ আগুৱাই অনাৰ কাৰণ প্রসঙ্গত কয়, পহিলা এপ্ৰিলৰ পৰা যেতিয়া বাজেট ঘোষণাবিলাকৰ ৰূপায়ণ আৰম্ভ হ'ব, তাৰ আগতে যাতে যাৱতীয় প্রস্তুতি গ্রহণত পর্যাপ্ত সময় পোৱা যায়। তেওঁ সমস্ত বাজেট ঘোষণাৰ পূর্ণ সদ্ব্যৱহাৰত সংশ্লিষ্ট সকলো পক্ষক উদ্যোগী হ'বলৈ কয়। আজাদী কা অমৃত মহোৎসৱ তথা জাতীয় শিক্ষা নীতিৰ প্রেক্ষিতত এইখন প্রথম বাজেট। সেয়ে মই বিচাৰো, বাজেট ঘোষণাৰ দ্রুত ৰূপায়ণ বাস্তবায়িত কৰি অমৃতকালৰ সূচনাৰ পথ প্রশস্ত কৰিবলৈ। প্রধানমন্ত্রীয়ে কয়, বাজেট কেৱল পৰিসংখ্যাগত হিচাব নহয়, যথাযথভাৱে ৰূপায়িত হ'লে বাজেটে সীমিত সম্পদ সত্ত্বেও আমূল পৰিৱর্তন আনিব পাৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits L&T complex at Hazira, Gujarat
June 05, 2026

Prime Minister Shri Narendra Modi today visited the Larsen & Toubro (L&T) complex at Hazira, Gujarat, where he witnessed pioneering innovations being developed by the company across various sectors.

The Prime Minister highly commended the significant role played by L&T in furthering self-reliance in India's defence sector. Sharing glimpses from the visit, Shri Modi appreciated the engineering achievements and advancements being spearheaded at the facility.

In a series of posts on X, the Prime Minister shared:

"This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.
@larsentoubro"

"Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat."