“আজিৰ এই নিযুক্তিয়ে ৯ হাজাৰ পৰিয়াললৈ সুখৰ বাৰ্তা কঢ়িয়াইছে আৰু উত্তৰ প্ৰদেশৰ সুৰক্ষাৰ বৰ্ধন ঘটাব”
“সুৰক্ষা আৰু নিয়োগৰ সংযুক্ত শক্তিয়ে উত্তৰ প্ৰদেশৰ অৰ্থনীতিক নতুন গতি প্ৰদান কৰিছে”
“২০১৭ৰপৰা উত্তৰ প্ৰদেশ আৰক্ষীত ১.৫ লাখৰো অধিক নতুন নিযুক্তিয়ে নিয়োগ আৰু নিৰাপত্তা উভয়ৰে অগ্ৰগতি সাধন কৰিছে”
“আৰক্ষী সেৱালৈ আহিলে এডাল ‘দাণ্ডা’ পোৱা যায়, কিন্তু ভগৱানে আপোনালোককো এখন হৃদয় দিছে। আপোনালোক সংবেদনশীল হ’ব লাগিব আৰু ব্যৱস্থাটোকো সংবেদনশীল কৰি তুলিব লাগিব”
“আপোনালোক জনসাধাৰণৰ বাবে সেৱা আৰু শক্তি উভয়ৰে প্ৰতিফলন হ’ব পাৰে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ চৰকাৰৰ ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সম্বোধন কৰে। এই মেলাত উত্তৰ প্ৰদেশ আৰক্ষীৰ উপ পৰিদৰ্শক আৰু নাগৰিক আৰক্ষী, প্লাটুন কমাণ্ডাৰ তথা অগ্নিনিৰ্বাপক বাহিনীৰ দ্বিতীয় বিষয়াৰ সমতুল্য পদৰ বাবে প্ৰত্যক্ষ নিয়োগৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

এই কাৰ্য্যসূচী সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজেপি শাসিত ৰাজ্যসমূহত প্ৰায় প্ৰতি সপ্তাহতে ৰোজগাৰ মেলা সম্বোধনৰ সুযোগ লাভৰ লগতে চৰকাৰী ব্যৱস্থাত নতুন চিন্তা আৰু দক্ষতাৰ সঞ্চাৰ কৰা একাধিক প্ৰতিভাৱান যুৱক-যুৱতীক দেশখনে লাভ কৰাত সন্তোষ প্ৰকাশ কৰে।

আজি এই উত্তৰ প্ৰদেশ ৰোজগাৰ মেলাৰ বিশেষ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপে উত্তৰ প্ৰদেশৰ ৯ হাজাৰ পৰিয়াললৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিছে আৰু ৰাজ্যখনৰ সুৰক্ষাৰ বৰ্ধন ঘটাব কিয়নো এই নতুন নিযুক্তিয়ে ৰাজ্যখনৰ আৰক্ষী বাহিনীক শক্তিশালী কৰি তুলিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৭ৰপৰা উত্তৰ প্ৰদেশ আৰক্ষীত ১.৫ লাখৰো অধিক নতুন নিযুক্তিয়ে সাম্প্ৰতিক ব্যৱস্থাৰ অধীনত কৰ্মসংস্থাপন আৰু সুৰক্ষা উভয়ৰে বৰ্ধন ঘটাইছে।

শ্ৰী মোদীয়ে কয় যে আজি উত্তৰ প্ৰদেশে আইন-শৃংখলা আৰু উন্নয়নৰ বাবে স্বীকৃতি লাভ কৰিছে। এনে পৰিস্থিতিয়ে ৰাজ্যখনৰ পূৰ্বৰ ভাবমূৰ্তি নোহোৱা কৰি আইন-শৃংখলাজনিত পৰিস্থিতিৰ অগ্ৰগতি সাধন কৰিছে। ইয়াৰ ফলত কৰ্মসংস্থাপন, ব্যৱসায় আৰু বিনিয়োগৰ নতুন সুযোগৰ সৃষ্টি হৈছে বুলিও তেখেতে কয়।

ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰাজিৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন বিমানবন্দৰ, সমৰ্পিত ফ্ৰেইট কৰিডৰ, নতুন প্ৰতিৰক্ষা কৰিডৰ, নতুন ভ্ৰাম্যমাণ উৎপাদন ইউনিট, আধুনিক জলপথ, এক নতুন আন্তঃগাঁথনিয়ে অভূতপূৰ্ব কৰ্মসংস্থাপনৰ সুযোগ আনিছে বুলি কয়। তেখেতে কয় যে উত্তৰ প্ৰদেশত সৰ্বাধিক এক্সপ্ৰেছৱে’ আছে আৰু ইয়াৰ ঘাইপথসমূহৰ অহৰহভাৱে উন্নয়ন সাধন হৈছে। এই অগ্ৰগতিয়ে কেৱল কৰ্মসংস্থাপনৰ সৃষ্টি কৰাই নহয়, বৰঞ্চ ৰাজ্যখনত অধিক প্ৰকল্প ৰূপায়ণৰ পথ প্ৰশস্ত কৰিছে। তেখেতে উল্লেখ কৰে যে ৰাজ্যখনে পৰ্যটনত মনোনিৱেশৰ ফলশ্ৰুতিত কৰ্মসংস্থাপন বৃদ্ধি পাইছে। শেহতীয়াকৈ বিশ্ব বিনিয়োগকাৰী সন্মিলনলৈ উৎসাহজনক সঁহাৰি আৰু ই ৰাজ্যখনৰ নিয়োগক কিদৰে উদ্দীপনা যোগাব, সেই সম্পৰ্কেও শ্ৰী মোদীয়ে উল্লেখ কৰে।

“সুৰক্ষা আৰু কৰ্মসংস্থাপনৰ সংযুক্ত শক্তিয়ে উত্তৰ প্ৰদেশৰ অৰ্থনীতিক নতুন গতি প্ৰদান কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে মুদ্ৰা আঁচনিৰ অধীনত ১০ লাখ টকা পৰ্য্যন্ত জামিনমুক্ত ঋণ, এক জিলা; এক সামগ্ৰী আঁচনি, সমৃদ্ধিশালী এমএছএমই আৰু স্পন্দনশীল ষ্টাৰ্টআপ বাতাবৰণৰ কথা উল্লেখ কৰে।

নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন প্ৰত্যাহ্বান আৰু দায়িত্ব সম্পৰ্কে কথা পাতে আৰু তেওঁলোকৰ মাজত শিকাৰ আগ্ৰহ অক্ষুণ্ণ ৰাখিবলৈ কয়। তেওঁলোকক অহৰহভাৱে ব্যক্তিত্ব বিকাশ, অগ্ৰগতি আৰু জ্ঞান আহৰণৰ অভিমুখে অগ্ৰসৰ হ’বলৈ কয়।

“আৰক্ষী সেৱালৈ আহিলে এডাল ‘দাণ্ডা’ পোৱা যায়, কিন্তু ভগৱানে আপোনালোককো এখন হৃদয় দিছে। আপোনালোক সংবেদনশীল হ’ব লাগিব আৰু ব্যৱস্থাটোকো সংবেদনশীল কৰি তুলিব লাগিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলক কয়। তেখেতে প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব আৰোপেৰে স্মাৰ্ট পুলিচিঙক প্ৰোৎসাহিত কৰিবলৈ চাইবাৰ অপৰাধ, ফৰেনছিক বিজ্ঞানৰ দৰে আধুনিক ক্ষেত্ৰসমূহৰ অগ্ৰগতি সাধনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ নিযুক্তি পোৱাসকলৰ ওপৰত সমাজক সুৰক্ষিতকৰণ আৰু বাট প্ৰদৰ্শনৰ দুয়োটা দায়িত্ব ন্যস্ত হৈছে। “আপোনালোক জনসাধাৰণৰ বাবে সেৱা আৰু শক্তি উভয়ৰে প্ৰতিফলন হ’ব পাৰে”, এইবুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Microsoft opens its largest India data centre hub as AI race heats up

Media Coverage

Microsoft opens its largest India data centre hub as AI race heats up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥