Atal Tunnel would transform the lives of the people in Himachal, Leh, Ladakh and J&K: PM Modi
Those who are against recent agriculture reforms always worked for their own political interests: PM Modi
Government is committed to increasing the income of farmers, says PM Modi

আজি হিমাচল প্ৰদেশৰ চোলাং উপত্যকাত অনুষ্ঠিত এটি অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে তেখেতে ৰোহটঙত বিশ্বৰ দীৰ্ঘতম অটল টানেল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু হিমাচল প্ৰদেশৰ শিশুত অভৰ সমাৰোহত অংশগ্ৰহণ কৰে।

সুৰংগটোৰ ৰূপান্তৰমূলক প্ৰভাৱ

এই উপলক্ষে ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, অটলজীয়ে মানালিক ভাল পাইছিল আৰু এই অঞ্চলটোৰ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন উদ্যোগটোৰ উন্নয়ন সাধন কৰাটো তেখেতৰ সপোন আছিল আৰু ইয়াৰ বাবেই তেখেতে এই সুৰংগটো নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

শ্ৰী মোদীয়ে কয় যে অটল সুৰংগই হিমাচল প্ৰদেশ, লেহ, লাডাখ আৰু জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ জীৱন-যাত্ৰাৰ ৰূপান্তৰ সাধন কৰিব। তেখেতে কয়, এই সুৰংগটোৱে সাধাৰণ লোকৰ সমস্যা দূৰ কৰিব আৰু এতিয়া গোটেই বছৰ লাহুল ও স্পিতিলৈ যোৱাৰ পথ সুগম কৰি তুলিলে। এই সুৰংগটোৱে আঞ্চলিক অৰ্থনীতি আৰু পৰ্যটনক গতি প্ৰদান কৰিব।

তেখেতে কয়, সেই দিনটোলৈ আৰু বেছি দিন নাই, য’ত পৰ্যটকে কুল্লু-মানালিত সি সিদ্দু ঘিৰ ব্ৰেকফাষ্ট কৰিব আৰু লাহুললৈ যাবলৈ সক্ষম হ’ব আৰু তাতে ‘ডো-মাৰ’ আৰু ‘চিলাডে’ৰে আহাৰ গ্ৰহণ কৰিব পাৰিব।

হামিৰপুৰত ঢৌলাসিধ হাইড্ৰ’ প্ৰকল্প

প্ৰধানমন্ত্ৰীগৰাকীয়ে হামিৰপুৰত ৬৬ মেগাৱাটৰ ঢৌলাসিধ হাইড্ৰ’ প্ৰকল্প নিৰ্মাণৰ কথা ঘোষণা কৰে। তেখেতে লগতে কয়, ই কেৱল বিদ্যুতৰ যোগান ধৰাই নহয় বৰঞ্চ এই অঞ্চলটোৰ যুৱ সমাজৰ বাবে বহু নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

তেখেতে কয়, গ্ৰাম্য পথ, ঘাইপথ, শক্তি প্ৰকল্প, ৰেল সংযোগ আৰু বিমান সংযোগকে প্ৰমুখ্য কৰি সমগ্ৰ দেশখনত আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ অৰ্থে চৰকাৰখনৰ প্ৰচেষ্টাৰ অন্যতম অংশীদাৰ হৈছে হিমাচল প্ৰদেশো।

হিমাচল প্ৰদেশৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কিৰাটপুৰ-কুল্লু-মানালি পথ বুলনি, জিৰাকপুৰ-পৰৱানু-চোলন-কাইথলীঘাট পথ বুলনি, নংগাল ডেম- তালৱাৰা ৰেল পথ, ভানুপলী-বিলাসপুৰ ৰেল পথৰ কাম তীব্ৰ গতিৰে আগবাঢ়িছে আৰু যিমান সম্ভৱ সিমান সোনকালে এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি তুলিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে আৰু হিমাচলৰ জনসাধাৰণৰ সেৱাৰ বাবে ইয়াক মুকলি কৰি দিয়া হ’ব।

তেখেত কয়, পথ, ৰেল আৰু বিদ্যুৎ, ম’বাইল আৰু ইন্টাৰনেট সংযোগৰ দৰে প্ৰাথমিক প্ৰয়োজনীয়তাসমূহৰ সমান্তৰালভাৱে জনসাধাৰণৰ জীৱন আৰমদায়ক কৰি তোলাটোও অতিশয় গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ ৬ লাখ গাঁৱত অপ্টিকেল ফাইবাৰ পাৰিতকৰণৰ অৰ্থে চৰকাৰখনৰ কাৰ্যকমৰ কথা সদৰী কৰে। এই বৰ্ষৰ ১৫ আগষ্টৰপৰা ধৰি আগন্তুক ১০০০ দিনৰ ভিতৰত এয়া সম্পূৰ্ণ হৈ উঠিব।

তেখেতে কয়, এই প্ৰকল্পৰ অধীনত, গাঁওসমূহত ৱাই-ফাই হটস্পট স্থাপন কৰা হ’ব আৰু গৃহস্থীসমূহেও ইন্টাৰনেট সংযোগ লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ জৰিয়তে, শিক্ষা, ঔষধ আৰু পৰ্যটনৰ আদি সকলো দিশেৰে হিমাচল প্ৰদেশ লাভান্বিত হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, জনসাধাৰণৰ সহজসাধ্য জীৱন-যাপনৰ সুনিশ্চিতকৰণৰ অৰ্থে চৰকাৰখনে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে আৰু জনতাই যাতে তেওঁলোকৰ অধিকাৰৰ সম্পূৰ্ণ সা-সুবিধা লাভ কৰিব পাৰে, সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। দৰমহা, পেঞ্চন, বেংকিং সেৱা, বিদ্যুতৰ বিলৰ পৰিশোধ আৰু টেলিফোনৰ বিল ইত্যাদি সকলোবোৰ চৰকাৰী সেৱা ডিজিটাইজড কৰা হৈছে। তেখেতে কয়, এনে সংস্কাৰসমূহে সময়, ধন ৰাহি কৰে আৰু দুৰ্নীতিৰ সম্ভাৱনা নাইকিয়া কৰি তুলিছে।

আনকি ক’ৰোনাৰ সময়তো, হিমাচল প্ৰদেশৰ ৫ লাখৰো অধিক পেঞ্চনাৰ আৰু প্ৰায় ৬ লাখ হিতাধিকাৰীৰ জন ধন একাউন্টত শ-শ কোটি টকা জমা হৈছে।

কৃষি সংস্কাৰ

শেহতীয়া কৃষি সংস্কাৰক বিৰোধিতা কৰাসকলক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যিসকল লোকে সদায়েই তেওঁলোকৰ নিজা ৰাজনৈতিক স্বাৰ্থৰ বাবে কাম কৰি আহিছিল, সেইসকল লোককহে এই সংস্কাৰে ক্ষুণ্ণ কৰি তুলিছে। এই লোকসকল এইবাবেই ক্ষুণ্ণ হৈ পৰিছে কিয়নো তেওঁলোকে সৃষ্টি কৰা মধ্যভোগী আৰু দালালচক্ৰক ই মষিমূৰ কৰি পেলালে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কুল্লু, চিমলা বা কিন্নাউৰৰ কৃষকৰপৰা প্ৰতি কেজিত ৪০-৫০ টকা দৰত আপেল ক্ৰয় কৰি নি ১০০-১৫০ টকা দৰত গ্ৰাহকত বিক্ৰী কৰি অহা হৈছিল। ইয়াৰ ফলত কৃষক অথবা ক্ৰেতা কোনোৱে লাভান্বিত হোৱা নাছিল। কেৱল এয়াই নহয়, আপেলৰ বতৰ আহি পৰাৰ লগে-লগে, ইয়াৰ মূল্য ক্ৰমাৎ নিম্নগামী হৈ পৰে আৰু কৃষকে ইয়াৰ পৰিণাম ভূগিবলগীয়া হয়। তেখেতে কয়, ঐতিহাসিক সংস্কাৰে কৃষি খণ্ডৰ উন্নয়ন সাধন কৰিব। এতিয়া ক্ষুদ্ৰ কৃষকে বিচাৰিলেই তেওঁলোকৰ সংস্থা মুক্তভাৱে গঠন কৰিব পাৰে আৰু দেশখনৰ যিকোনো স্থানতে তথা যিকোনো লোককে তেওঁলোকৰ উৎপাদিত আপেলসমূহ বিক্ৰী কৰিব পাৰে।

পিএম কিষাণ সন্মান নিধি

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, কৃষকৰ আয় বৃদ্ধি কৰি তুলিবলৈ চৰকাৰখন অংগীকাৰবদ্ধ। পিএম কিষাণ সন্মান নিধিৰ অধীনত, এতিয়ালৈকে প্ৰায় ১০.২৫ কোটি কৃষক পৰিয়ালৰ একাউন্টত প্ৰায় ১ লাখ কোটি টকা জমা হৈছে। ইয়াৰে ৯ লাখ কৃষক পৰিয়াল হিমাচল প্ৰদেশৰ আৰু তেওঁলোকে প্ৰায় ১০০০ কোটি টকা লাভ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যদিও ইয়াৰ পূৰ্বলৈকে দেশখনৰ ভিন্ন খণ্ডত কাম কৰিবলৈ মহিলাসকলক অনুমতি প্ৰদান কৰা নহৈছিল কিন্তু শেহতীয়াভাৱে শ্ৰম সংস্কাৰ সাধনে মহিলাৰ বাবে পথ প্ৰশস্ত কৰি তুলিলে। এতিয়া মহিলাসকলক কৰ্ম কৰিবলৈ একে অধিকাৰ প্ৰদান কৰা হৈছে আৰু তেওঁলোকেও পুৰুষৰ সমানেই দৰমহা লাভ কৰিবলৈ সক্ষম হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দেশখনৰ প্ৰতিজন নাগৰিকৰ বিশ্বাস বৃদ্ধি কৰি তুলিবলৈ আৰু এখন আত্ম-নিৰ্ভৰ ভাৰত নিৰ্মাণৰ অৰ্থে এই সংস্কাৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হ’ব।

তেখেতে কয়, হিমাচল প্ৰদেশ আৰু দেশখনৰ প্ৰতিজন যুৱ প্ৰজন্মৰ সপোন আৰু আশাক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India records highest-ever startup surge with 55,200 recognised in FY26

Media Coverage

India records highest-ever startup surge with 55,200 recognised in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over mishap in Coimbatore
April 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep anguish over the mishap in Coimbatore, Tamil Nadu.

Shri Modi said that he is distressed to hear about the incident and extended his heartfelt condolences to those who have lost their loved ones. He also prayed for the speedy recovery of those injured in the mishap.

The Prime Minister’s Office posted on X;

“Distressed to hear about the mishap in Coimbatore, Tamil Nadu. I extend my heartfelt condolences to those who have lost their loved ones in the mishap. Prayers for the speedy recovery of those injured: PM @narendramodi”