ক'ৰোণাৰে মোকাবিলা কৰাত গৃহস্থীৰ বিবেক আৰু যোগ-আয়ুৰ্বেদে ডাঙৰ ভূমিকা পালন কৰিলেঃ প্ৰধানমন্ত্ৰী
সুস্বাস্থ্যৰ বিষয়ে ভাৰতীয় ধাৰণা কেৱল এজন ৰোগীৰ চিকিৎসা কৰাতকৈও ঊৰ্ধতঃ প্ৰধানমন্ত্ৰী
যোগ আৰু আয়ুৰ্বেদ পৃথিৱীৰ সন্মুখত এনেকুৱা ভাষাত প্ৰস্তুত কৰা হওক যাক তেওঁলোকে বুজি পায়ঃ প্ৰধানমন্ত্ৰী
ভাৰতক আধ্যাত্মিক আৰু সুস্বাস্থ্য পৰ্যটনৰ কেন্দ্ৰ কৰি তোলাৰ আহ্বান

ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাম চন্দ্ৰ মিছনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত কাৰ্যক্ৰমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে মানুহৰ মনত সাৰ্থকতা, শান্তি, স্বাস্থ্য আৰু আধ্যাত্মিক মংগলৰ কথা প্ৰতিষ্ঠা কৰা বাবে মিছনৰ প্ৰশংসা কৰে। তেওঁ যোগক জনপ্ৰিয় কৰি তোলা বাবেও মিছনৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দ্ৰুত আৰু দুশ্চিন্তাপূৰ্ণ জীৱনত যেতিয়া পৃথিৱীয়ে জীৱন শৈলীৰে সম্পৰ্কযুক্ত ৰোগ আৰু মহামাৰীৰে যুঁজি আছে, সহজ পথ, সৌহাৰ্দ্যৰ ভাবনা আৰু যোগ পৃথিৱীৰ বাবে আশাৰ কিৰণৰ দৰে।

 

ক'ৰোণাৰে মোকাবিলা কৰা সন্দৰ্ভত ভাৰতৰ চৰ্চা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১৩০ কোটি ভাৰতীয় মানুহৰ সতৰ্কতা পৃথিৱীৰ বাবে এটা উদাহৰণ হৈ গ'ল। গৃহস্থীৰ বিবেক আৰু যোগ-আয়ুৰ্বেদে ইয়াত ডাঙৰ ভূমিকা পালন কৰিলে।

 

শ্ৰী মোদীয়ে কয় যে ভাৰতে বৈশ্বিক মংগলময়তাক আগবঢ়াই নিবৰ বাবে মানৱ কেন্দ্ৰিক দৃষ্টিভংগী প্ৰয়োগ কৰি আছে। এই মানৱ কেন্দ্ৰিক দৃষ্টিভংগী কল্যাণ, মংগল আৰু ধনৰ সুস্থ সন্তুলনৰ ওপৰত আধাৰিত। যোৱা ছটা বছৰত, ভাৰতে পৃথিৱীৰ সবাতোকৈ ডাঙৰ জনকল্যাণ কাৰ্যক্ৰমৰ এটা হাতত লৈছে। এই প্ৰয়াসসমূহৰ উদ্দেশ্য হৈছে দুখীয়াক সন্মান আৰু সুযোগ প্ৰদান কৰা। প্ৰধানমন্ত্ৰীয়ে কয় যে সাৰ্বভৌমিক স্বচ্ছতা কভাৰেজৰ পৰা আৰম্ভ কৰি সামাজিক কল্যাণৰ যোজনাসমূহ। ধোঁৱামুক্ত পাকঘৰৰ পৰা আৰম্ভ কৰি সেই মানুহলৈকে বেংকিঙৰ প্ৰাপ্তি যাৰ ওচৰত এই সুবিধা নাই। সকলোৰে বাবে প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি আৱাসৰ প্ৰাপ্তি। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ জনকল্যাণকাৰী যোজনাসমূহে বহু মানুহৰ জীৱনক স্পৰ্শ কৰিলে।

সুস্বাস্থ্যৰ ওপৰত ভাৰতৰ দ্বাৰা মনোযোগ কেন্দ্ৰীভূত কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে সুস্বাস্থ্যৰ ভাৰতীয় ধাৰণা কেৱল এজন ৰোগীৰ চিকিৎসা কৰাতকৈও ঊৰ্ধত। নিবাৰক স্বাস্থ্য যতনৰ ব্যাপক কামকাজ কৰা হৈছে। শ্ৰী মোদীয়ে ভাৰতৰ আগশাৰীৰ স্বাস্থ্য সেৱা যোজনা আয়ুষ্মান ভাৰতৰ দিশত ইংগিত দিয়ে। তেওঁ কয় যে আমেৰিকা আৰু কেইবাখনো ইউৰোপীয় দেশৰ জনসংখ্যাৰ তুলনাত আয়ুষ্মান ভাৰতৰ অধিক লাভাৰ্থী আছে। ই পৃথিৱীৰ সবাতোকৈ ডাঙৰ স্বাস্থ্য যোজনা। ঔষধ আৰু চিকিৎসা উপকৰণৰ দাম কম কৰি দিয়া হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বৈশ্বিক টীকাকৰণত কেন্দ্ৰীয় ভূমিকা পালন কৰি থকা সুস্বাস্থ্যৰ বিষয়ে আমাৰ পৰিকল্পনা বিশ্বৰ বাবেও সিমানেই যিমান দেশীয় স্তৰত আছে। ভাৰতৰ ওচৰত স্বাস্থ্য আৰু সাৰ্থকতাৰ ক্ষেত্ৰত প্ৰয়োগৰ বাবে বহুত উপায় আছে। তেওঁ মানুহক ভাৰতক আধ্যাত্মিক আৰু সুস্বাস্থ্য পৰ্যটনৰ এটা কেন্দ্ৰ কৰি তোলাৰ দিশত কাম কৰাৰ আহ্বান জনায়। যোগ আৰু আয়ুৰ্বেদে সুস্থ পৃথিৱীত যোগদান কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া আমাৰ উদ্দেশ্য যে আমি পৃথিৱীক সেই ভাষাতে ইয়াক প্ৰস্তুত কৰিব লাগে যি ভাষাত তেওঁলোকে বুজি পায়।

 

শ্ৰী মোদীয়ে যোগ আৰু ধ্যানৰ প্ৰতি বৰ্ধিত বৈশ্বিক গম্ভীৰতাক আলোকপাত কৰে। তেওঁ ডিপ্ৰেশ্যনৰ ক্ৰমবৰ্দ্ধমান প্ৰত্যাহ্বানৰ বিষয়েও উল্লেখ কৰে আৰু আশা প্ৰকাশ কৰে যে সৌহাৰ্দ্যৰ ভাবনাৰে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ সহায় হ'ব। প্ৰধানমন্ত্ৰীয়ে শেষত কয়, ''ৰোগমুক্ত নাগৰিকে, মানসিকভাৱে শক্তিশালী নাগৰিকে ভাৰতক নতুন উচ্চতালৈ লৈ যাব।''

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nagaland gets its first natural gas supply via National Gas Grid

Media Coverage

Nagaland gets its first natural gas supply via National Gas Grid
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 আগষ্ট 2026
August 19, 2026

Defence to Diamonds: How PM Modi’s Vision Turned India into a Global Capability Hub