"দ্ৰুত উন্নয়নৰ ধাৰা অটুত ৰখাৰ বাবে চৰকাৰে এই বাজেটত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে"
"এমএছএমইক শক্তিশালী কৰাৰ বাবে আমি বহুতো মৌলিক সংস্কাৰ সাধন কৰিছোঁ আৰু নতুন নতুন আঁচনি প্ৰস্তুত কৰিছোঁ। এই সংস্কাৰসমূহৰ সফলতা এইসমূহৰ শক্তিশালী বিত্তীয় যোগানৰ ওপৰত নিৰ্ভৰশীল"
"আমাৰ বিত্তীয় খণ্ডত উদ্ভাৱনীমূলক বিত্তীয় যোগান আৰু ভৱিষ্যত চাহিদাৰ সৈতে সংগতি ৰাখি বিভিন্ন উদ্ভাৱন সংক্ৰান্তীয় বহনক্ষম বিপদাশংকা ব্যৱস্থাপনাৰ বিষয়েও বিবেচনা কৰিব লাগিব"
"প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ সৈতেও ভাৰতৰ আকাংক্ষা জড়িত হৈ আছে"
"পৰিৱেশ অনুকূল প্ৰকল্পসমূহৰ কামত গতি অনাটো প্ৰয়োজনীয়। পৰিৱেশ অনুকূল বিত্তীয় সংস্থানৰ বিষয়ে পৰীক্ষা-নিৰীক্ষা আৰু বাস্তৱায়নসহ এনে নতুন দিশবোৰৰ বিষয়ে চিন্তা-চৰ্চাৰ সময় আহি পৰিছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'বিকাশ আৰু উচ্চাকাংক্ষী অৰ্থনীতিৰ বাবে বিত্তীয় যোগান' শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰত বক্তব্য ৰাখ। এয়া প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰা দশমখন বাজেট-পৰৱৰ্তী ৱেবিনাৰ।

প্ৰধানমন্ত্ৰীয়ে আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, ভাৰতক এখন প্ৰগতিশীল বাজেট যিয়ে উপহাৰ দিছে তেওঁ হৈছে এগৰাকী মহিলা বিত্তমন্ত্ৰী।

প্ৰধানমন্ত্ৰীয়ে কয় যে শতিকাত এবাৰ হোৱা মহামাৰী হোৱাৰ পিছত ভাৰতীয় অৰ্থনীতিয়ে পুনৰবাৰ গতি লাভ কৰিছে আৰু আমাৰ অৰ্থনৈতিক সিদ্ধান্ত আৰু অৰ্থনৈতিক ভেটি শক্তিশালী হোৱাটো তাৰেই প্ৰতিফলন। তেওঁ কয় যে চৰকাৰে এই বাজেটত দ্ৰুত বিকাশৰ ধাৰা বজাই ৰাখিবলৈ বহুতো পদক্ষেপ হাতত লৈছে। "বিদেশী মূলধনৰ প্ৰবাহক উৎসাহিত কৰি আন্তঃগাঁথনি খণ্ডত বিনিয়োগৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে। ইয়াৰোপৰি আমাৰ বিত্তীয় আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে এনআইআইএফ, গিফ্ট চিটি, নতুন ডিএফআইৰ দৰে প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে। "অৰ্থনৈতিক ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তি ব্যাপক হাৰত ব্যৱহাৰ কৰা হৈছে। ৭৫টা ডিজিটেল বেংকিং ইউনিটে স্থাপন অথবা ৭৫ খন জিলাত চেণ্ট্ৰেল বেংকৰ ডিজিটেল মুদ্ৰা (চিবিডিচি)ই হওঁক, এইবোৰে জৰিয়তে আমাৰ পৰিকল্পনা বাস্তৱায়িত হৈছে", তেওঁ লগতে কয়।

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, আৰ্থিক ব্যৱস্থা সম্পৰ্কীয় বিভিন্ন প্ৰকল্পসমূহৰ বাস্তৱায়নৰ জৰিয়তে আন দেশৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব লাগিব। এই প্ৰসংগত তেওঁ প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ উদাহৰণ দাঙি ধৰে।

দেশৰ সন্তুলিত উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে উচ্চাকাংক্ষী জিলা প্ৰকল্প নাইবা পূৱ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দৰে আঁচনিসমূহৰ অগ্ৰাধিকাৰৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আশা-আকাংক্ষা আৰু এমএছএমইৰ শক্তিৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আৰু কয়, "এমএছএমইক শক্তিশালী কৰাৰ বাবে আমি বহুতো মৌলিক সংস্কাৰ সাধন কৰিছোঁ আৰু নতুন আঁচনি প্ৰস্তুত কৰিছোঁ। এই সংস্কাৰসমূহৰ সফলতা সেইসমূহৰ বিত্তীয় যোগান শক্তিশালী কৰাৰ ওপৰত নিৰ্ভৰশীল"।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ফিনটেক, এগ্ৰিটেক, মেডিটেক আৰু দক্ষতা বিকাশৰ দৰে ক্ষেত্ৰত দেশ আগবাঢ়ি নোযোৱালৈকে চতুৰ্থ পৰ্যায়ৰ শিল্প বিপ্লৱ-উদ্যোগ ৪.০ বাস্তৱায়িত হোৱাটো সম্ভৱ নহয়। এনে ক্ষেত্ৰত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সহায়ে ভাৰতক উদ্যোগ ৪.০ৰ নতুন শিখৰলৈ লৈ যাব, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে যিসমূহ ক্ষেত্ৰত ভাৰত বিস্বৰ শীৰ্ষ ৩ খন দেশৰ ভিতৰত স্থান লাভ কৰিব পৰা ক্ষেত্ৰবিলাক বিচাৰি উলিওৱাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। তেওঁ প্ৰশ্ন কৰে যে নিৰ্মাণ, ষ্টাৰ্টআপ, শেহতীয়াকৈ ড্ৰোন, মহাকাশ আৰু ভূ-স্থানিক তথ্যৰ দৰে খণ্ডৰ দৰে খণ্ডসমূহত শীৰ্ষ ৩ খন দেশৰ ভিতৰত ভাৰতে থাকিব পাৰিবনে?  এই প্ৰসংগত তেওঁ কয় যে আমাৰ উদ্যোগ আৰু ষ্টাৰ্টআপসমূহে বিত্তীয় খণ্ডৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰাটো অতি প্ৰয়োজনীয়। উদ্যোগ, উদ্ভাৱন আৰু ষ্টাৰ্টআপবোৰৰ মাজত নতুন বজাৰৰ সন্ধানৰ সম্প্ৰসাৰণ তেতিয়াহে হ'ব যেতিয়া তেওঁলোকক বিত্ত যোগান ধৰাসকলৰ মাজত ভৱিষ্যতৰ এই ধাৰণাবোৰৰ গভীৰ বুজাবুজি থাকিব। "আমাৰ বিত্তীয় খণ্ডত উদ্ভাৱনীমূলক বিত্তীয় যোগান আৰু ভৱিষ্যত চাহিদাৰ সৈতে সংগতি ৰাখি বিভিন্ন উদ্ভাৱন সংক্ৰান্তীয় বহনক্ষম বিপদাশংকা ব্যৱস্থাপনাৰ বিষয়েও বিবেচনা কৰিব লাগিব",শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতীয় অৰ্থনীতিৰ এক ডাঙৰ আধাৰ হৈছে গ্ৰাম্য অৰ্থনীতি। চৰকাৰে আত্মসহায়ক গোট, কিষাণ ক্ৰেডিট কাৰ্ড, কৃষক উৎপাদক সংগঠন আৰু উমৈহতীয়া সেৱা কেন্দ্ৰ শক্তিশালী কৰাৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উপস্থিত লোকসকলক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকে যেতিয়া নিজ নিজ প্ৰতিষ্ঠানৰ নীতি প্ৰস্তুত কৰে তেতিয়া গ্ৰাম্য অৰ্থনীতিক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে কয় যে প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ সৈতে ভাৰতৰ আশা-আকাংক্ষা জড়িত হৈ আছে।"কোনোবাই যদি এই বিষয়সমূহক লৈ কাম কৰিব বিচাৰে তেতিয়াহলে আমাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে তেওঁলোকক কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ে চিন্তা কৰা প্ৰয়োজন"।

স্বাস্থ্য খণ্ডত কাম-কাজ আৰু বিনিয়োগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চিকিৎসা শিক্ষা সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে অধিকসংখ্যক চিকিৎসা প্ৰতিষ্ঠান থকাটো গুৰুত্বপূৰ্ণ।প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে, "আমাৰ বিত্তীয় প্ৰতিষ্ঠান আৰু বেংকসমূহে তেওঁলোকৰ ব্যৱসায় পৰিকল্পনাত ইয়াক অগ্ৰাধিকাৰ দিব পাৰিবনে"।

প্ৰধানমন্ত্ৰীয়ে বাজেটৰ পৰিৱেশ আৰু ব্যৱস্থাৰ এপৰত আলোচনা কৰে। তেওঁ ২০৭০ চনৰ ভিতৰত ভাৰতৰ নেট-জিৰোৰ লক্ষ্যৰ কথা দোহাৰে আৰু কয় যে এই দিশত কাম ইতিমধ্যে আৰম্ভ হৈছে।তেওঁ কয় ,"এই কামবোৰ ত্বৰান্বিত কৰিবলৈ, পৰিৱেশ অনুকূল প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰাটো প্ৰয়োজনীয়।পৰিৱেশ অনুকূল বিত্তীয় যোগানৰ বিষয়ে পৰীক্ষা-নিৰীক্ষা আৰু বাস্তৱায়ন সহ এনে নতুন নতুন দিশসমূহৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ সময় আহি পৰিছে"।

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push