“দেশে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এইবাৰৰ বাজেটক এক শুভ আৰম্ভণি হিচাপে প্ৰত্যক্ষ কৰিছে”
“এইবাৰৰ বাজেটে মহিলাকেন্দ্ৰিক উন্নয়নৰ প্ৰচেষ্টাক এক নতুন গতি প্ৰদান কৰিব”
“মহিলা সবলীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ ফল দৃশ্যমান হৈছে আৰু আমি দেশৰ সামাজিক জীৱনত এক বৈপ্লৱিক পৰিৱৰ্তন অনুভৱ কৰিছো”
“বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতত ছোৱালীৰ নামভৰ্তি বৰ্তমান ৪৩ শতাংশ হৈছে, যিটো আমেৰিকা, ব্ৰিটেইন আৰু জাৰ্মানীৰ দৰে দেশতকৈ বেছি”
“ঘৰৰ অৰ্থনৈতিক সিদ্ধান্তত মহিলাক নতুন কণ্ঠ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী আৱাসে”
“বিগত ৯ বছৰত ৭ কোটিতকৈ অধিক মহিলাই আত্ম সহায়ক গোটত যোগদান কৰিছে”
“নাৰীৰ প্ৰতি থকা সন্মান আৰু সমতাৰ ভাৱৰ স্তৰ বৃদ্ধি কৰিহে ভাৰত আগবাঢ়িব পাৰে”
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ নাৰী দিৱসৰ প্ৰবন্ধৰ উদ্ধৃতিৰে ভাষণ সামৰে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে “মহিলাৰ অৰ্থনৈতিক সৱলীকৰণ” বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢায়৷ ২০২৩ৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন বাজেটোত্তৰ ৱেবিনাৰৰ এয়া একাদশ সংখ্যক ৱেবিনাৰ।

প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাজেটক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এক শুভ আৰম্ভণি হিচাপে প্ৰত্যক্ষ কৰি আনন্দ প্ৰকাশ কৰে। “দেশৰ নাগৰিকসকলেও এই লক্ষ্যৰ সৈতে সংযোগ কৰি আগন্তুক ২৫ বছৰলৈ দৃষ্টি নিক্ষেপ কৰিছে,” তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে বিগত ৯ বছৰত দেশখনে মহিলাকেন্দ্ৰিক উন্নয়নৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। তেওঁ লগতে কয় যে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি-২০ বৈঠকত ভাৰতে বিশেষভাৱে স্থান লাভ কৰাৰ বাবে এই প্ৰচেষ্টাসমূহক বিশ্বৰ মঞ্চলৈ লৈ গৈছে। এইবাৰৰ বাজেটে মহিলাকেন্দ্ৰিক উন্নয়নৰ এই প্ৰচেষ্টাক নতুন গতি প্ৰদান কৰিব বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে ‘মাতৃ শক্তি’ৰ প্ৰতিফলন হিচাপে নাৰী শক্তিৰ দৃঢ়তা, ইচ্ছাশক্তি, কল্পনা, লক্ষ্যৰ বাবে কাম কৰাৰ ক্ষমতা আৰু চৰম কঠোৰ পৰিশ্ৰমৰ শক্তিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এই শতিকাত ভাৰতৰ গতি আৰু পৰিসৰ বৃদ্ধিত এই গুণসমূহে মুখ্য ভূমিকা পালন কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান নাৰী সবলীকৰণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ফল দৃশ্যমান হৈছে আৰু আমি দেশৰ সামাজিক জীৱনত এক বৈপ্লৱিক পৰিৱৰ্তন অনুভৱ কৰিছো। তেওঁ কয় যে পুৰুষৰ তুলনাত মহিলাৰ সেই সংখ্যা বৃদ্ধি পাইছে আৰু হাইস্কুললৈকে আৰু তাৰ পাছতো পঢ়া ছোৱালীৰ সংখ্যা বিগত ৯-১০ বছৰত তিনিগুণ বৃদ্ধি পাইছে। বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতত ছোৱালীৰ নামভৰ্তি বৰ্তমান ৪৩ শতাংশ হৈছে, যিটো আমেৰিকা, ব্ৰিটেইন আৰু জাৰ্মানীৰ দৰে দেশতকৈ বেছি। চিকিৎসা, ক্ৰীড়া, ব্যৱসায় বা ৰাজনীতিৰ দৰে ক্ষেত্ৰত কেৱল মহিলাৰ অংশগ্ৰহণ বৃদ্ধি হোৱাই নহয়, সন্মুখৰ পৰাও তেওঁলোকে নেতৃত্ব বহন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে ৭০ শতাংশ মুদ্ৰা ঋণৰ হিতাধিকাৰী মহিলা বুলি উল্লেখ কৰে। একেদৰে স্বনিধিৰ অধীনত জামিনবিহীন ঋণৰ প্ৰচাৰৰ আঁচনি আৰু পশুপালন, মীন, গাঁও উদ্যোগ, এফপিঅ’ আৰু ক্ৰীড়া আদিৰ প্ৰচাৰ আঁচনিৰ দ্বাৰা মহিলাসকল উপকৃত হয়।

শ্ৰী মোদীয়ে কয়, “দেশৰ আধা জনসংখ্যাৰ সহায়ত আমি কেনেকৈ দেশক আগুৱাই নিব পাৰো আৰু নাৰী শক্তিৰ সম্ভাৱনা কেনেকৈ বৃদ্ধি কৰিব পাৰো তাৰ প্ৰতিফলন এই বাজেটত পৰিলক্ষিত হৈছে।” তেওঁ মহিলা সন্মান সঞ্চয় প্ৰমাণ আঁচনিৰ কথা উল্লেখ কৰে য’ত মহিলাসকলে ৭.৫ শতাংশ সুত লাভ কৰিব৷ ‘প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে ৮০ হাজাৰ কোটি টকা দিয়াটোও মহিলা সবলীকৰণৰ দিশত এক পদক্ষেপ কাৰণ ৩ কোটি ঘৰৰ অধিকাংশই মহিলাৰ নামত আছে”, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাসৰ সৱলীকৰণৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিটো পৰিস্থিতিত পৰম্পৰাগতভাৱে মহিলাসকলৰ নামত কোনো সম্পত্তি নাছিল। “প্ৰধানমন্ত্ৰী আৱাসে মহিলাসকলক ঘৰৰ অৰ্থনৈতিক সিদ্ধান্তত এক নতুন কণ্ঠ প্ৰদান কৰিছে”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে আত্ম সহায়ক গোটৰ মাজত নতুন ইউনিকৰ্ণ সৃষ্টিৰ বাবে আত্মসহায়ক গোটসমূহক সহায় আগবঢ়োৱাৰ ঘোষণাৰ বিষয়ে সদৰি কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে মহিলা সবলীকৰণৰ বাবে দেশৰ দৃষ্টিভংগীৰ শক্তিৰ উদাহৰণ দাঙি ধৰে। বৰ্তমান ৫টা অকৃষি ব্যৱসায়ৰ ভিতৰত এটা ব্যৱসায় এগৰাকী মহিলাই চলাই আছে। বিগত ৯ বছৰত ৭ কোটিৰো অধিক মহিলাই আত্মসহায়ক গোটত যোগদান কৰিছে। তেওঁলোকৰ মূল্য সৃষ্টি তেওঁলোকৰ মূলধনৰ প্ৰয়োজনীয়তাৰ দ্বাৰা বুজিব পাৰি কিয়নো এই আত্মসহায়ক গোটসমূহে ৬.২৫ লাখ কোটি টকাৰ ঋণ লৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই মহিলাসকলে কেৱল ক্ষুদ্ৰ উদ্যোগী হিচাপেই নহয়, সক্ষম সম্পদ ব্যক্তি হিচাপেও অৱদান আগবঢ়াইছে। তেওঁ বেংক সখী, কৃষি সখী আৰু পশু সখী কাৰ্যসূচীৰ কথা উল্লেখ কৰে যিসকলে গাঁৱে-ভূঞে উন্নয়নৰ নতুন মাত্ৰা বৃদ্ধি কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে সমবায় খণ্ডৰ পৰিৱৰ্তন আৰু এই খণ্ডত মহিলাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “আগন্তুক বছৰসমূহত ২ লক্ষাধিক বহুমুখী সমবায়, দুগ্ধ সমবায় আৰু মীন সমবায় গঠন হ’ব। এক কোটি কৃষকক প্ৰাকৃতিক কৃষিৰ সৈতে সংযোগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মহিলা কৃষক আৰু উৎপাদক গোটে ইয়াত ডাঙৰ ভূমিকা ল’ব পাৰে,” প্ৰধানমন্ত্ৰীয়ে কয়।

শ্ৰী মোদীয়ে শ্ৰী অন্নৰ প্ৰচাৰত মহিলা আত্মসহায়ক গোটৰ ভূমিকা সম্পৰ্কে বিশদভাৱে উল্লেখ কৰে। তেওঁ কয় যে শ্ৰী অন্নত পৰম্পৰাগত অভিজ্ঞতা থকা ১ কোটিৰো অধিক জনজাতীয় মহিলা এই আত্মসহায়ক গোটসমূহৰ অংশ। “আমি শ্ৰী অন্নৰ পৰা তৈয়াৰী সংসাধিত খাদ্যৰ বিপণনৰ সৈতে জড়িত সুযোগসমূহ আকোঁৱালি ল’ব লাগিব। বহু ঠাইত চৰকাৰী সংগঠনে সামান্য বনজ উৎপাদিত সামগ্ৰী প্ৰক্ৰিয়াকৰণ কৰি বজাৰলৈ অনাত সহায় কৰিছে। আজি দুৰ্গম অঞ্চলত ইমানবোৰ আত্মসহায়ক গোট গঠন হৈছে, আমি ইয়াক বহল পৰ্যায়লৈ লৈ যোৱা উচিত”।

দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটত উল্লেখিত বিশ্বকৰ্মা আঁচনিখনে মুখ্য ভূমিকা পালন কৰিব আৰু ই এক সেতু হিচাপে কাম কৰিব আৰু ইয়াৰ সুযোগসমূহ মহিলা সবলীকৰণৰ বাবে লাভৱান হোৱাটো প্ৰয়োজন। একেদৰে জিইএম আৰু ই-বাণিজ্য মহিলাৰ ব্যৱসায়িক সুযোগ সম্প্ৰসাৰণৰ উপায় হৈ পৰিছে, আত্মসহায়ক গোটসমূহক দিয়া প্ৰশিক্ষণত নতুন প্ৰযুক্তিক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে দেশখনে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ৰ মনোভাৱেৰে আগবাঢ়িছে। তেওঁ কয় যে দেশৰ কন্যাসকলক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভূমিকা আৰু ৰাফেল বিমান উৰুৱা দেখা গৈছে আৰু যেতিয়া তেওঁলোক উদ্যোগী হয় আৰু সিদ্ধান্ত আৰু ক্ষতিশংকা বহন কৰে, তেতিয়া তেওঁলোকৰ বিষয়ে চিন্তাৰ ধাৰণা সলনি হয়। তেওঁ শেহতীয়াকৈ নাগালেণ্ডত প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা বিধায়কৰ নিৰ্বাচনৰ কথা উল্লেখ কৰে, ইয়াৰে এগৰাকীয়ে মন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে। তেওঁ কয়, ‘নাৰীৰ সন্মান আৰু সমতাৰ ভাৱৰ স্তৰ বৃদ্ধি কৰিহে ভাৰত আগবাঢ়িব পাৰে। সকলো মহিলা-ভগ্নী-কন্যাৰ বাটত অহা প্ৰতিটো বাধা আঁতৰোৱাৰ সংকল্পৰে আগবাঢ়ি যাবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো”, তেওঁ কয়।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত লিখা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ প্ৰবন্ধৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে। ৰাষ্ট্ৰপতিয়ে লিখিছিল, “অগ্ৰগতি ক্ষিপ্ৰ কৰাটো আমাৰ প্ৰত্যেকৰে ওপৰত নিৰ্ভৰশীল। সেইবাবে আজি আপোনালোক সকলোকে আহ্বান জনাব বিচাৰিছো যে আপোনালোকৰ পৰিয়াল, চুবুৰী বা কৰ্মক্ষেত্ৰত এটা পৰিৱৰ্তনৰ প্ৰতি নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰক–যিকোনো পৰিৱৰ্তন যিটোৱে এগৰাকী ছোৱালীৰ মুখত হাঁহি কঢ়িয়াই আনিব, যিকোনো পৰিৱৰ্তন যিটোৱে তেওঁৰ জীৱনত আগবাঢ়ি যোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব৷ সেইটো এটা অনুৰোধ, আগতে কোৱাৰ দৰে, সেইটো পোনে পোনে হৃদয়ৰ পৰা আহিব লাগিব।”

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hosts Commonwealth Games 2026 medal winners
August 09, 2026

The Prime Minister, Shri Narendra Modi today hosted India’s outstanding medal winners from the Commonwealth Games 2026 at 7 Lok Kalyan Marg. Shri Modi interacted with the athletes and heard about their experiences from the Games.

The Prime Minister said that the athletes’ achievements are a source of immense pride for the entire country and will inspire many youngsters to take up sports.

Shri Modi posted on X:

Delighted to host our outstanding medal winners from the Commonwealth Games 2026 at 7, Lok Kalyan Marg. Heard about their experiences from the Games.

Each one of them has made our nation proud through their exceptional performances. Their success will motivate many youngsters.