আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰত আজি বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰঃ প্ৰধানমন্ত্ৰী
উড়ান আঁচনিৰ সাফল্য ভাৰতীয় অসামৰিক বিমান পৰিবহণ খণ্ডৰ এক সোণালী অধ্যায়ঃ প্ৰধানমন্ত্ৰী
ভাৰতে বিশ্বৰ আগশাৰীৰ বিমান পৰিবহণ কোম্পানীসমূহৰ বাবে বিনিয়োগৰ এক বিশাল সুযোগ দাঙি ধৰিছেঃ প্ৰধানমন্ত্ৰী

বিশ্ব-মানৰ বিমান আন্তঃগাঁথনি গঢ়ি তোলা আৰু যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰতি থকা দায়বদ্ধতাৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থাৰ (IATA) ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলনৰ পূৰ্ণাংগ অধিবেশনৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়ালৈ অতিথিসকলক আদৰণি জনাই চাৰি দশকৰ পিছত ভাৰতত অনুষ্ঠিত এই কাৰ্য্যসূচীৰ তাৎপৰ্য্যত আলোকপাত কৰে। তেখেতে এই সময়ছোৱাত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত গুৰুত্ব আৰোপেৰে কয় যে আজিৰ ভাৰত পূৰ্বতকৈ অধিক আত্মবিশ্বাসী হৈ উঠিছে। তেখেতে বিশ্ব বিমান পৰিবহণ ব্যৱস্থাত ভাৰতৰ ভূমিকাত আলোকপাত কৰে, যি কেৱল এখন বিশাল বজাৰ হিচাপেই নহয়, বৰঞ্চ নীতিগত নেতৃত্ব, উদ্ভাৱন আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতীক হিচাপেও পৰিগণিত হৈছে। “আজি ভাৰতে গ্ল’বেল স্পেচ-এভিয়েচন কনভাৰ্জেন্সত অগ্ৰণী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে বিগত দশকত অসামৰিক বিমান পৰিবহণ খণ্ডত ঐতিহাসিক অগ্ৰগতি প্ৰত্যক্ষ হৈছে, ই স্বীকৃতিও লাভ কৰিছে।

 

এই সন্মিলন আৰু আলোচনাই কেৱল বিমান পৰিবহণৰ বাবেই নহয়, বৰঞ্চ বিশ্ব সহযোগিতা, জলবায়ু প্ৰতিশ্ৰুতি আৰু সমতাৰ বৰ্ধনৰ বাবেও এখনি মঞ্চ প্ৰশস্ত কৰিছে বুলি গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে এই সন্মিলনৰ আলোচনাই বিশ্ব বিমান পৰিবহণ ব্যৱস্থাক এক নতুন দিশ প্ৰদান কৰিব, ইয়াৰ অসীম সম্ভাৱনাৰ উন্মেষ ঘটাব আৰু ইয়াৰ সম্ভাৱনাৰাজিক অনুকূল কৰি তুলিব। তেখেতে আন্তঃমহাদেশীয় যাত্ৰা মাত্ৰ ঘন্টাৰ ভিতৰতে অতিক্ৰমৰ ক্ষমতা সম্পৰ্কে মন্তব্য প্ৰদানেৰে একবিংশ শতিকাৰ আকাংক্ষাসমূহ গতানুগতিক ভ্ৰমণৰ বাহিৰেও বিকশিত হৈ আছে আছে বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্ভাৱন আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ দ্ৰুত গতিৰ কথা উল্লেখেৰে কয় যে গতি বৃদ্ধিৰ লগে-লগে দূৰৈৰ গন্তব্যস্থানসমূহ আমাৰ লক্ষ্যস্থানত পৰিণত হৈছে।

স্পেচ ফ্লাইট আৰু আন্তঃগ্ৰহ যাত্ৰাক বাণিজ্যিকীকৰণৰ উচ্চাকাংক্ষা বৃদ্ধিৰ লগে-লগে, অসামৰিক বিমান পৰিবহণৰ সৈতে ইয়াক একত্ৰিতকৰণৰ আকাংক্ষা বঢ়াৰ পৰিপ্ৰেক্ষিতত ভ্ৰমণ এতিয়া পৃথিৱীৰ চহৰসমূহতে সীমাবদ্ধ নহয় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এনে উন্নয়নৰ বাবে সময় লাগিব যদিও ইয়াৰ জৰিয়তে পৰিৱৰ্তন আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে বিমান পৰিবহণৰ ভৱিষ্যৎ উজ্জ্বল হৈ উঠিছে, ইয়াৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সাজু। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিমান পৰিবহণ খণ্ডক পৰিচালিত কৰা তিনিটা মূল স্তম্ভৰ ৰূপৰেখা দাঙি ধৰে, প্ৰথমতে, এখন বিশাল বজাৰ— কেৱল উপভোক্তাৰ সংকলন নহয়, বৰঞ্চ ভাৰতৰ আকাংক্ষী সমাজৰ প্ৰতিফলন। দ্বিতীয়তে, এক শক্তিশালী জনগাঁথনি আৰু প্ৰতিভাৰ পুল— যুৱ উদ্ভাৱকসকলে কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। তৃতীয়তে, এক মুকলি আৰু সহায়ক নীতি ব্যৱস্থা— যিয়ে ঔদ্যোগিক বিকাশক চালিত কৰিছে। শ্ৰী মোদীয়ে কয় যে এই শক্তিসমূহৰ জৰিয়তে ভাৰতে ইয়াৰ বিমান পৰিবহণ খণ্ডক অভূতপূৰ্ব শিখৰত আৰোহণ কৰাবলৈ সাজু হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত বছৰসমূহত অসামৰিক বিমান পৰিবহণ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য ৰূপান্তৰত আলোকপাত কৰে। তেখেতে লগতে কয়, “ভাৰত বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰত পৰিণত হৈছে।” উড়ানক ভাৰতীয় অসামৰিক বিমান পৰিবহণৰ ইতিহাসৰ সোণালী অধ্যায় বুলি অভিহিতকৰণেৰে আঁচনিখনৰ সফলতাত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে এই পদক্ষেপৰ অধীনত সুলভ মূল্যৰ বিমান যাত্ৰাৰ জৰিয়তে ১৫ নিযুতৰো অধিক যাত্ৰী উপকৃত হৈছে, ইয়াৰ ফলশ্ৰুতিত বহু নাগৰিকে প্ৰথমবাৰৰ বাবে বিমান যাত্ৰা কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বিমান সংস্থাসমূহৰ দুটা-অংকৰ বৃদ্ধি অব্যাহত আছে, বছৰি ২৪০ নিযুত যাত্ৰীয়ে যাত্ৰা কৰিছে— এই পৰিসংখ্যাই বিশ্বৰ বেছিভাগ দেশৰ মুঠ জনসংখ্যাক অতিক্ৰম কৰিছে। তেখেতে কয় যে ২০৩০-ৰ ভিতৰত এই সংখ্যা ৫০০ নিযুত হোৱাৰ সম্ভাৱনা আছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতত বছৰি ৩.৫ নিযুত মেট্ৰিক টন সামগ্ৰী বিমানযোগে সৰবৰাহ কৰা হয় আৰু এই দশকৰ শেষৰ ফালে উক্ত পৰিমাণ ১০ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি পাব।

 

এই পৰিসংখ্যা কেৱল পৰিসংখ্যা নহয়, বৰঞ্চ ভাৰতৰ অপৰিসীম সম্ভাৱনাৰ প্ৰতিফলন বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এই সম্ভাৱনাক বাস্তৱায়িতকৰণৰ বাবে ভৱিষ্যতৰ ৰোডমেপ সন্দৰ্ভত সক্ৰিয়ভাৱে কাম কৰি আছে। তেখেতে বিশ্বমানৰ বিমানবন্দৰৰ আন্তঃগাঁথনিত ভাৰতৰ বিনিয়োগত গুৰুত্ব আৰোপেৰে কয় যে ২০১৪-ত দেশখনত ৭৪ টা কাৰ্য্যকৰী বিমানবন্দৰ আছিল, এয়া এতিয়া ১৬২-লৈ সম্প্ৰসাৰিত হৈছে। শ্ৰী মোদীয়ে আৰু কয় যে ভাৰতীয় কেৰিয়াৰসমূহে ২,০০০ৰো অধিক নতুন বিমানৰ অৰ্ডাৰ দিছে, যিয়ে এই খণ্ডৰ দ্ৰুত বৃদ্ধিৰ সংকেত বহন কৰিছে। ভাৰতৰ বিমান উদ্যোগটোৰ অভূতপূৰ্ব শিখৰত আৰোহণৰ এয়া মাত্ৰ আৰম্ভণি বুলি উল্লেখেৰে তেখেতে কয় যে এই পৰিৱৰ্তনে কেৱল ভৌগোলিক সীমা অতিক্ৰমেই নহয়, বৰঞ্চ বিশ্বজুৰি বহনক্ষমতা, সেউজ গতিশীলতা আৰু ন্যায্য প্ৰৱেশৰ ক্ষেত্ৰতো সহায় কৰিব।

“ভাৰতৰ বিমানবন্দৰসমূহত এতিয়া ৫০০ নিযুত যাত্ৰীৰ বাৰ্ষিক পৰিচালনা ক্ষমতা আছে আৰু প্ৰযুক্তিৰ জৰিয়তে ইউজাৰ অভিজ্ঞতাত নতুন মানদণ্ড নিৰ্ধাৰণ কৰা কেইখনমান ৰাষ্ট্ৰৰ ভিতৰত ই অন্যতম”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে ব্যক্তৰে কয় যে সুৰক্ষা, দক্ষতা আৰু বহনক্ষমতাক সমান অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। তেখেতে লগতে ভাৰতৰ বহনক্ষম বিমান ইন্ধনৰ দিশত পৰিৱৰ্তন, সেউজ প্ৰযুক্তিত বিনিয়োগ আৰু কাৰ্বন ফুটপ্ৰিন্ট হ্ৰাসৰ প্ৰচেষ্টাত আলোকপাত কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰত উন্নয়নৰ ক্ষেত্ৰত সুষম দৃষ্টিভংগীক সুদৃঢ়কৰণেৰে প্ৰগতি আৰু পৰিবেশ সুৰক্ষা উভয়কে সুনিশ্চিতকৰণৰ বাবে অংগীকাৰবদ্ধ।

ডিজিটেল বিমান পৰিবহণৰ এক অগ্ৰণী উদাহৰণ হিচাপে ডিজি যাত্ৰা এপটোৰ সৈতে পৰিচিত হ’বলৈ আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডিজি যাত্ৰাই ফেচিয়েল ভেৰিফিকেচন প্ৰযুক্তিৰ ব্যৱহাৰেৰে এক সম্পূৰ্ণ, নিৰৱচ্ছিন্ন ভ্ৰমণ সমাধান প্ৰদান কৰে, ইয়াৰ ফলশ্ৰুতিত যাত্ৰীসকলে কাগজৰ নথিপত্ৰ বা আইডি প্ৰদৰ্শনৰ প্ৰয়োজন নোহোৱাকৈ বিমানবন্দৰৰ প্ৰৱেশ কৰিব পাৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ উদ্ভাৱন আৰু বৃহৎ জনসংখ্যাক সেৱা আগবঢ়োৱাৰ অভিজ্ঞতাই বহু দেশক উপকৃত কৰিব পাৰে। তেখেতে লগতে কয়, “ডিজি যাত্ৰা এক নিৰাপদ আৰু স্মাৰ্ট সমাধান হিচাপে পৰিগণিত হৈছে, যিয়ে গ্ল’বেল চাউথৰ বাবে প্ৰেৰণাৰ আৰ্হি হিচাপে কাম কৰিছে।”

ভাৰতৰ দ্ৰুতগতিত সম্প্ৰসাৰিত বিমান পৰিবহণ খণ্ডৰ এক মূল চালিকাশক্তি হিচাপে ধাৰাবাহিক সংস্কাৰ সাধনক অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীগাকীয়ে এই দৃষ্টিভংগীক সমৰ্থন কৰা কৌশলগত পদক্ষেপৰ সৈতে বৈশ্বিক উৎপাদন কেন্দ্ৰ হ’বলৈ ভাৰতৰ দায়বদ্ধতাত গুৰুত্ব আৰোপ কৰে। এইবাৰৰ বাজেটত মিছন মেনুফেকচাৰিং ঘোষণা কৰা বুলি উল্লেখেৰে ভাৰতৰ ঔদ্যোগিক বিকাশত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে ভাৰতত কেপ টাউন সন্মিলনক ​​আইনী কৰ্তৃত্ব প্ৰদানেৰে চলিত বৰ্ষত সংসদত গৃহীত হোৱা এয়াৰক্ৰাফ্ট অৱজেক্টছ বিলত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই আইনখনে ভাৰতৰ বৈশ্বিক বিমান লিজিং কোম্পানীসমূহৰ বাবে নতুন সুযোগ মুকলি কৰে। তেখেতে গিফ্ট চিটিত আগবঢ়োৱা প্ৰৰোচনাৰ কথাও উল্লেখেৰে কয় যে এই ব্যৱস্থাসমূহে ভাৰতক বিমান লিজিঙৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান কৰি তুলিছে।

 

“নতুন ভাৰতীয় বিমান আইনখনে বিমান পৰিবহণ আইনসমূহক বিশ্বৰ উত্তম পদ্ধতিৰ সৈতে খাপ খুৱাইছে। এক সুশৃংখলিত নিয়ন্ত্ৰণ কাঠামো, অনুপালনৰ সহজতা আৰু সৰলীকৃত কৰ গাঁথনিয়ে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বিমান কোম্পানীসমূহৰ বাবে এক উল্লেখযোগ্য বিনিয়োগৰ সুযোগ উপস্থাপন কৰে”, শ্ৰী মোদীয়ে কয়। তেখেতে কয় যে বিমান পৰিবহণ খণ্ডৰ বৃদ্ধিয়ে নতুন বিমান সেৱা, নতুন নিয়োগ আৰু নতুন সম্ভাৱনা প্ৰশস্ত কৰিছে। তেখেতে আৰু কয় যে উদ্যোগটোৱে পাইলট, ক্ৰু মেম্বাৰ, অভিযন্তা আৰু গ্ৰাউণ্ড কৰ্মচাৰীৰ বাবে সম্প্ৰসাৰণৰ সুযোগ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছানৰাইজ খণ্ড হিচাপে মেইন্টেনেন্স, মেৰামতি আৰু অভাৰহ’ল (MRO)ৰ উত্থানৰ কথাও উল্লেখেৰে ভাৰতে বিমান ৰক্ষণাবেক্ষণৰ বিশ্ব কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰি তুলিছে বুলি কয়। তেখেতে কয় যে ২০১৪-ত ভাৰতত ৯৬ টা এমআৰঅ’-ৰ সুবিধা আছিল, এয়া এতিয়া ১৫৪ লৈ বৃদ্ধি পাইছে। একেদৰে স্বয়ংক্ৰিয় পথৰ অধীনত ১০০% প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ, জিএছটি হ্ৰাস আৰু কৰ যুক্তিসংগতকৰণৰ ব্যৱস্থাই ভাৰতৰ এমআৰঅ’ খণ্ডক নতুন গতি প্ৰদান কৰিছে। শ্ৰী মোদীয়ে আৰু ২০৩০-ৰ ভিতৰত ৪ বিলিয়ন ডলাৰৰ এমআৰঅ’ হাব স্থাপনৰ ভাৰতৰ লক্ষ্যৰ ৰূপৰেখা দাঙি ধৰে, যিয়ে দেশৰ বিমান বৃদ্ধিৰ কৌশলক সুদৃঢ় কৰি তুলিব।

ভাৰতক কেৱল বিমান বজাৰ হিচাপেই নহয়, বৰঞ্চ মূল্য-শৃংখলৰ লীডাৰ হিচাপেহে চাব লাগে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ডিজাইনৰ পৰা ডেলিভাৰীলৈকে ভাৰত বিশ্ব বিমান পৰিবহণ যোগান-শৃংখলৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। তেখেতে ভাৰতৰ দিশ আৰু গতি সঠিক পথত আছে বুলি দৃঢ়তাৰে ব্যক্তকৰণেৰে ৰাষ্ট্ৰখনৰ অবিৰত দ্ৰুত অগ্ৰগতিত আস্থা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে বিমান কোম্পানীসমূহক কেৱল ‘মেক ইন ইণ্ডিয়া’ক আকোৱালি লোৱাই নহয়, বৰঞ্চ ‘ডিজাইন ইন ইণ্ডিয়া’কো আকোৱালি ল’বলৈ আহ্বান জনায়, ইয়াৰ ফলশ্ৰুতিত বিশ্ব বিমান পৰিবহণ উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ দৃষ্টিভংগী সুদৃঢ় হৈ উঠিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বিমান পৰিবহণ খণ্ড ইয়াৰ অন্তৰ্ভুক্ত আৰ্হিৰ জৰিয়তে সুদৃঢ় হৈছে, ভাৰতৰ ১৫%ৰো অধিক পাইলট হৈছে মহিলা, যি বিশ্বৰ গড়ৰ তিনিগুণ। তেখেতে কয় যে কেবিন ক্ৰুত মহিলাৰ বৈশ্বিক গড় প্ৰায় ৭০% হ’লেও ভাৰতৰ সংখ্যা ৮৬%। শ্ৰী মোদীয়ে ভাৰতৰ এমআৰঅ’ খণ্ডৰ মহিলা অভিযন্তাসকলে বিশ্বৰ গড়ক অতিক্ৰম কৰা বুলি কয়, যিয়ে উদ্যোগটোত মহিলাৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণকে প্ৰদৰ্শিত কৰিছে।

ড্ৰোন প্ৰযুক্তি বিমান পৰিবহণৰ ভৱিষ্যতৰ এটা মূল উপাদান আৰু ভাৰতে প্ৰযুক্তিগত অগ্ৰগতিৰ লগতে আৰ্থিক তথা সামাজিক অন্তৰ্ভুক্তিৰ বাবেও ইয়াক প্ৰয়োগ কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ আত্ম-সহায়ক গোটসমূহক সবলীকৰণৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা হৈছে, কৃষি, ডেলিভাৰী সেৱা আৰু আন ভিন্ন খণ্ডত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

“ভাৰতে সদায় বিমান পৰিবহণৰ সুৰক্ষাৰ ক্ষেত্ৰত শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ভাৰতে ইয়াৰ নিয়মসমূহক আইচিএঅ’-ৰ বিশ্ব মানদণ্ডৰে ৰজিতা খুৱাইছে”, আন্তঃৰাষ্ট্ৰীয় উত্তম পদ্ধতিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক গভীৰকৰণেৰে শ্ৰী মোদীয়ে এইদৰে কয়। তেখেতে কয় যে আইচিএঅ’-ৰ শেহতীয়া সুৰক্ষা অডিটে বিমান সুৰক্ষাৰ বৰ্ধনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰাজিক স্বীকৃতি জনাইছে আৰু এছিয়া-পেচিফিক মন্ত্ৰী সন্মিলনত দিল্লী ঘোষণাপত্ৰ গ্ৰহণ কাৰ্য্যই বিশ্বৰ বিমান পৰিবহণৰ উৎকৰ্ষতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ সাক্ষ্য বহন কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ধাৰাবাহিকভাৱে অপেন স্কাই আৰু গ্ল’বেল কানেক্টিভিটিক সমৰ্থন জনাই আহিছে। তেখেতে অধিক সংযুক্ত আৰু সুলভ বিমান নেটৱৰ্কৰ পোষকতাৰে চিকাগো সন্ধিৰ নীতিসমূহৰ প্ৰতি ভাৰতে সমৰ্থন জনোৱা বুলি পুনৰ দৃঢ়তাৰে কয়। শ্ৰী মোদীয়ে অংশীদাৰসকলক একত্ৰিত হৈ এনে এটি ভৱিষ্যৎ গঢ়ি তুলিবলৈ আহ্বান জনায়, য’ত বিমান যাত্ৰা সুলভ, সুগম আৰু সকলোৰে বাবে সুৰক্ষিত হৈ উঠিব। তেখেতে বিমান পৰিবহণৰ অধিক শিখৰত আৰোহণৰ বাবে নতুন সমাধান বিকশিতকৰণৰ ক্ষেত্ৰত খণ্ডটোৰ সামৰ্থ্যত আস্থা প্ৰকাশেৰে ভাষণৰ সামৰণি মাৰে আৰু সকলো অংশীদাৰকে শুভেচ্ছা জনায়।

 

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিঞ্জৰাপু ৰাম মোহন নাইডু, আইএটিএ-ৰ ব’ৰ্ড অৱ গভৰ্ণৰৰ অধ্যক্ষ শ্ৰী মুৰুলীধৰ মোহল, আইএটিএ-ৰ সঞ্চালক প্ৰধান শ্ৰী পিটাৰ এলবাৰ্ছ, ইণ্ডিগ’ৰ পৰিচালন সঞ্চালক শ্ৰী উইলি ৱালছ, শ্ৰী ৰাহুল ভাটিয়াকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমিঃ

১-৩ জুনত সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু বিশ্ব বিমান পৰিবহণ সন্মিলন (WATS) অনুষ্ঠিত হৈছে। ৪২ বছৰ পূৰ্বে অৰ্থাৎ ১৯৮৩-ত ভাৰতত এই বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছিল। এই সভাত বিশ্ব এভিয়েচন উদ্যোগৰ শীৰ্ষ নেতা, চৰকাৰী বিষয়া আৰু আন্তঃৰাষ্ট্ৰীয় মিডিয়া প্ৰতিনিধিসকলকে প্ৰমুখ্য কৰি ১,৬০০ ৰো অধিক অংশগ্ৰহণকাৰী সমবেত হয়।

বিশ্ব বিমান পৰিবহণ সন্মিলনত এয়াৰলাইন উদ্যোগৰ অৰ্থনীতি, বিমান সংযোগ, শক্তি সুৰক্ষা, বিমান ইন্ধনৰ বহনক্ষম উৎপাদন, ডিকাৰ্বনাইজেচনলৈ পুঁজি যোগান, উদ্ভাৱন আদিকে প্ৰমুখ্য কৰি এভিয়েচন উদ্যোগটোৰ মূল-মূল বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হয়। ইয়াত সমগ্ৰ বিশ্বৰ এভিয়েচন উদ্যোগৰ নেতৃবৃন্দ আৰু মিডিয়া প্ৰতিনিধিসকলে এভিয়েচন বাতাবৰণত ভাৰতৰ উল্লেখযোগ্য ৰূপান্তৰ আৰু দেশৰ আৰ্থ-সামাজিক উন্নয়নলৈ ইয়াৰ বৰঙণি আগবঢ়োৱা কাৰ্য্য প্ৰত্যক্ষ কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi apologises to women after Lok Sabha rejects 33% quota bill, vows to ‘remove every obstacle’ to ensure representation

Media Coverage

PM Modi apologises to women after Lok Sabha rejects 33% quota bill, vows to ‘remove every obstacle’ to ensure representation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of prolific writer, thinker and public intellectual, Shri Balbir Punj
April 19, 2026

The Prime Minister, Shri Narendra Modi has expressed grief over the demise of prolific writer, thinker and public intellectual Shri Balbir Punj.

Shri Modi said that Shri Balbir Punj Ji was a prolific writer, thinker and public intellectual who made a rich contribution to the world of media. His writings were widely read and reflected his strong passion towards national regeneration. He noted that Shri Punj’s Parliamentary interventions were rich in facts and theory.

The Prime Minister wrote on X;

“Shri Balbir Punj Ji was a prolific writer, thinker and public intellectual. He made a rich contribution to the world of media. His writings were widely read, reflecting his strong passion towards national regeneration. His Parliamentary interventions were rich in facts and theory.

Shri Balbir Punj Ji worked tirelessly to strengthen the BJP, especially among students, professionals, scholars and intellectuals. He was in-charge of various states, including Gujarat. Fondly remember our interactions from those times. Pained by his passing. Condolences to his family and friends. Om Shanti.”

“बलबीर पुंज जी एक प्रसिद्ध लेखक होने के साथ-साथ प्रखर विचारक और सम्मानित बुद्धिजीवी थे। मीडिया के क्षेत्र में उनका योगदान बहुत सराहनीय रहा है। लोग उनकी लेखनी के कायल थे, जिससे राष्ट्र निर्माण के प्रति उनकी गहरी प्रतिबद्धता परिलक्षित होती थी । उनके संसदीय भाषणों में तथ्यों और मानवीय मूल्यों का भरपूर समावेश रहता था।

बलबीर पुंज जी ने भाजपा को सशक्त बनाने के लिए अथक प्रयास किए। विद्यार्थियों, पेशेवरों, विद्वतजनों और बुद्धिजीवियों को उन्होंने पार्टी से जोड़ने में उल्लेखनीय भूमिका निभाई। वे गुजरात सहित कई राज्यों के प्रभारी रहे। उस दौर में उनसे हुए संवाद मेरे लिए अविस्मरणीय रहेंगे। उनके निधन से अत्यंत दुख हुआ है। शोक की इस घड़ी में उनके परिजनों और मित्रों के प्रति मेरी हार्दिक संवेदनाएं। ओम शांति!”