“ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৰ মাৰ্গ-দৰ্শন আৰু শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ অন্তৱৰ্তী বাজেটে নাৰী শক্তিৰ উদযাপন কৰিব”
"গঠনমূলক সমালোচনা আদৰণীয় হ'লেও সংহতি-নাশক আচৰণে অস্পষ্টতালৈ ঠেলি নিয়ে"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বাজেট অধিবেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে সংবাদ মাধ্যমৰ আগত এক বিবৃতি প্ৰদান কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে শেষত কয়, "জনতাৰ আশীৰ্বাদেৰে চালিত ভাৰতৰ সৰ্বাংগীন আৰু ব্যাপক উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব।"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বাজেট অধিবেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে সংবাদ মাধ্যমৰ আগত এক বিবৃতি প্ৰদান কৰে।

ইয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন সংসদৰ প্ৰথম অধিৱেশনৰ কথা স্মৰণেৰে সেই অধিৱেশনত গ্ৰহণ কৰা উল্লেখযোগ্য সিদ্ধান্তৰাজি সম্পৰ্কে আলোকপাত কৰে। "মহিলা সৱলীকৰণ আৰু প্ৰশংসা আইনৰ গৃহীতকৰণ আমাৰ ৰাষ্ট্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে পৰিগণিত হৈছে", শ্ৰী মোদীয়ে কয়। ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপনৰ কথা উল্লেখেৰে তেখেতে নাৰী শক্তিৰ সামৰ্থ্য, সাহস, দৃঢ়তাক দেশখনে আকোৱালি লোৱাৰ কথা স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সম্বোধন আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অন্তৱৰ্তীকালীন বাজেট দাখিলৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে এই কাৰ্য্যক নাৰী সৱলীকৰণৰ উদযাপন বুলি অভিহিত কৰে।

 

যোৱাটো দশকৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে সংসদৰ প্ৰতিগৰাকী সদস্যৰ অৱদানক স্বীকাৰ কৰে। অৱশ্যে, গণতান্ত্ৰিক প্ৰমূল্যবোধৰপৰা আঁতৰি গৈ কোলাহল আৰু সংহতি-নাশাকাৰী মনোভাৱৰ আশ্ৰয় লোৱাসকলক আত্ম-সমালোচনাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "গণতন্ত্ৰত সমালোচনা আৰু বিৰোধিতা অপৰিহাৰ্য্য, কিন্তু গঠনমূলক চিন্তাৰে সদনক সমৃদ্ধ কৰাসকলক সৰ্বস্তৰৰ লোকে মনত ৰাখে। বিপৰীতে, সংহতি-নাশ কৰাসকলক কোনেও মনত নাৰাখে।"

প্ৰধানমন্ত্ৰী মোদীয়ে সংসদীয় বিতৰ্কৰ চিৰস্থায়ী প্ৰভাৱ সম্পৰ্কে গুৰুত্ব আৰোপেৰে দৃঢ়তাৰে কয়, “ইয়াত কোৱা প্ৰতিটো শব্দই ইতিহাসৰ পাতত প্ৰতিধ্বনিত হ’ব।” তেখেতে সদস্যসকলক ইতিবাচক বৰঙণি আগবঢ়াবলৈ আহ্বান জনাই কয়, "গঠনমূলক সমালোচনা আদৰণীয় হ'লেও সংহতি-নাশক আচৰণে অস্পষ্টতালৈ ঠেলি নিয়ে।" প্ৰধানমন্ত্ৰী মোদীয়ে বাজেট অধিবেশনৰ সময়ছোৱাত সকলো সন্মানীয় সদস্যকে এই সুযোগ গ্ৰহণেৰে এটি ইতিবাচক ছাপ ৰাখিবলৈ আহ্বান জনায়। তেখেতে তেওঁলোকক ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাই কয়, " আহক, আমি আমাৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ প্ৰয়াস, আমাৰ চিন্তাৰে এই সদনক সমৃদ্ধ আৰু ৰাষ্ট্ৰখনক উৎসাহ তথা আশাবাদেৰে ভৰাই তোলো।"

 

আগন্তুক বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, নিৰ্বাচনৰ সময় চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ বাজেট দাখিল কৰা নহয়। সেয়েহে, আমি এই পৰম্পৰা অনুসৰণেৰে নতুন চৰকাৰ গঠনৰ পিছত সম্পূৰ্ণ বাজেট দাখিল কৰিম। দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন ডাঙৰীয়ানীয়ে কাইলৈ আমাৰ সকলোৰে সন্মুখত কিছু গাইডিং পইন্টৰে বাজেট দাখিল কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে শেষত কয়, "জনতাৰ আশীৰ্বাদেৰে চালিত ভাৰতৰ সৰ্বাংগীন আৰু ব্যাপক উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব।"

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi

Media Coverage

'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of diversity in innovation and entrepreneurship
June 15, 2026

The Prime Minister, Shri Narendra Modi said that in the fields of innovation and entrepreneurship, every individual has a distinct way of thinking and a unique creative vision, and it is this diversity that gives rise to new possibilities. He noted that just as every source of water has a different taste, every talent possesses its own unique identity and contribution. The Prime Minister added that innovation and progress become possible through the convergence of diverse ideas and capabilities.

The Prime Minister shared a Sanskrit Subhashitam-

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”

The Subhashitam conveys that in the field of innovation and enterprise, each person has a different way of thinking and a unique creative vision, and this diversity gives rise to new possibilities. Just as the taste of water differs from one source to another, every talent has its own distinct identity and contribution. It is through the combination of these different ideas and abilities that innovation and progress become possible.

The Prime Minister wrote on X;

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”