“ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৰ মাৰ্গ-দৰ্শন আৰু শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ অন্তৱৰ্তী বাজেটে নাৰী শক্তিৰ উদযাপন কৰিব”
"গঠনমূলক সমালোচনা আদৰণীয় হ'লেও সংহতি-নাশক আচৰণে অস্পষ্টতালৈ ঠেলি নিয়ে"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ বাজেট অধিবেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে সংবাদ মাধ্যমৰ আগত এক বিবৃতি প্ৰদান কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে শেষত কয়, "জনতাৰ আশীৰ্বাদেৰে চালিত ভাৰতৰ সৰ্বাংগীন আৰু ব্যাপক উন্নয়নৰ যাত্ৰা অব্যাহত থাকিব।"

বন্ধুসকল,

নতুন সংসদ ভৱনত অনুষ্ঠিত হোৱা প্ৰথমখন অধিৱেশনৰ শেষত এইখন সংসদে এটা অতি সন্মানজনক সিদ্ধান্ত গ্ৰহণ কৰিছিল, আৰু সেই সিদ্ধান্তটো আছিল ‘নাৰীশক্তি বন্দন অধিনিয়ম’-ৰ। আৰু তাৰ পিছত যোৱা ২৬ জানুৱাৰীতো আমি দেখিছিলো নাৰী শক্তিৰ সামৰ্থ্য, নাৰী শক্তিৰ বীৰত্ব আৰু নাৰী শক্তিৰ সংকল্পক কৰ্তব্য পথত দেশখনে অনুভৱ কৰিলে। আৰু আজি বাজেট অধিৱেশন আৰম্ভ হৈছে, তেতিয়াও ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মুজীৰ মাৰ্গদৰ্শন আৰু কাইলৈ নিৰ্মলা সীতাৰমণজীয়ে উথ্থাপন কৰিব লগা অন্তৱৰ্তীকালীন বাজেটখনো এক প্ৰকাৰে মহিলা শক্তিৰ সাক্ষাৎকাৰৰে উৎসৱ।

 

বন্ধুসকল, 

মই আশা কৰোঁ যে যোৱা ১০টা বছৰত যিয়েই যি পথকে নলওক কিয় সংসদত সকলোৱে তেওঁলোকৰ নিজ নিজ কাম সম্পাদন কৰিছিল। কিন্তু মই এই কথা নিশ্চিতভাৱেই ক'ম যে যিসকলে অভ্যাসগত ভাৱেই চিঞৰ-বাখৰ কৰাৰ অভ্যাস গঢ়ি তুলিছে, যিসকলে অভ্যাসগত ভাৱে গণতান্ত্ৰিক মূল্যবোধৰ অৱনমন কৰি আহিছে তেনে সকলো মাননীয় সাংসদে আজি যেতিয়া শেষখন অধিৱেশনত মিলিত হৈছে তেওঁলোকে নিশ্চিতভাৱেই আত্মসমীক্ষা কৰিব যে যোৱা ১০টা বছৰত তেওঁলোকে যি কৰিছিল তেওঁলোকৰ সংসদীয় সমষ্টিৰ ১০০ গৰাকী লোককো সুধিবচোন, যিসকলে এনে ধৰণৰ হুলস্থুল কৰিছিল, তেওঁলোকৰ কথা চাগে কাৰো মনতেই নাথাকিব, কোনেও হয়তো তেওঁলোকৰ নামটোকে নাজানিব। কিন্তু বিৰোধৰ কণ্ঠস্বৰ তীক্ষ্ণ হ'লেও, সমালোচনাৰ চোক তীক্ষ্ণ হ'লেও যিসকলে সদনক ভাল চিন্তাৰে লাভান্বিত কৰিছিল তেওঁলোকক বিশাল সংখ্যক জনতাই আজিও মনত ৰাখিব।

 

আগন্তুক দিনবোৰতো যেতিয়া কোনোবাই সদনৰ আলোচনা চাব তেওঁলোকৰ প্ৰতিটো শব্দ ইতিহাসৰ সাক্ষ্য হিচাপে উন্মোচিত হ'ব। আৰু সেয়েহে যিসকলে বিৰোধিতা কৰিছিল, কিন্তু তেওঁলোকৰ বুদ্ধি আৰু প্ৰতিভা প্ৰদৰ্শিত কৰিছিল, তেওঁলোকে দেশৰ সাধাৰণ মানুহৰ স্বাৰ্থৰ প্ৰতি চিন্তা প্ৰদৰ্শিত কৰিছিল, তেওঁলোকে আমাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াও হয়তো দেখুৱাইছিল, তথাপিও, মই বিশ্বাস কৰো যে দেশৰ এক বৃহৎ অংশই, গণতন্ত্ৰ প্ৰেমীয়ে, সকলোৱে এই আচৰণক চাগে প্ৰশংসাই কৰিব। কিন্তু যিসকলে কেৱল নেতিবাচকতা, হৈ-চৈ, দুষ্ট আচৰণৰ পৰাকাষ্ঠা প্ৰদৰ্শন কৰিছিল, তেওঁলোকক কোনোবাইযে মনত পেলাব তাৰ আশা ক্ষীণ। কিন্তু এতিয়া এয়া হৈছে বাজেট অধিৱেশনৰ উপলক্ষ, হয়তো অনুতাপৰো এক উপলক্ষ, কিছু ভাল পদচিহ্ন এৰি যোৱাৰো এক সুযোগ, সেয়ে মই এনে সকলো সন্মানীয় সাংসদক অনুৰোধ কৰিম যে আপোনালোকে এই সুযোগটো হাতচাৰা হ'বলৈ নিদিব, ভালৰো ভাল প্ৰদৰ্শন কৰক, দেশৰ স্বাৰ্থত আপোনালোকৰ সৰ্বশ্ৰেষ্ঠ ধাৰণাসমূহৰ লাভ সদনক প্ৰদান কৰাৰ লগতে দেশখনক উৎসাহ আৰু উদ্দীপণাৰে ভৰাই তোলক। মই নিশ্চিত, আপোনালোকেতো জানেই যে যেতিয়া নিৰ্বাচনৰ সময় কাষ চাপি আহে, তেতিয়া সাধাৰণতে সম্পূৰ্ণ বাজেট উথ্থাপন কৰা নহয়, আমিও একে পৰম্পৰাকে অনুসৰণ কৰিম আৰু নতুন চৰকাৰ গঠনৰ পিছত আপোনালোকৰ সন্মুখত পূৰ্ণ বাজেট উথ্থাপনৰ দিহা কৰিম। এইবেলি এক দিকদৰ্শী কথা সাৰোগত কৰি দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ আমাৰ সকলোৰে সন্মুখত তেওঁৰ বাজেট উপস্থাপন কৰিব।

 

বন্ধুসকল,

মই নিশ্চিত যে দেশখনে প্ৰতিদিনে প্ৰগতিৰ নতুন নতুন উচ্চতা অতিক্ৰম কৰি আগবাঢ়িছে, সৰ্বাঙ্গীন উন্নয়ন হৈছে, সৰ্বাঙ্গীন উন্নয়ন হৈ আছে, সৰ্বসমাৱেশী উন্নয়ন হৈ আছে, এই যাত্ৰা জনসাধাৰণৰ আশীৰ্বাদত অব্যাহত থাকিব। এই বিশ্বাসেৰেই আকৌ এবাৰ আপোনালোক সকলোকে মোৰ ৰাম-ৰাম জনাইছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.