"যেতিয়া আমি সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই আমাৰ ভগ্নী আৰু কন্যাসকলক পুত্ৰৰ সৈতে হাতে হাত মিলাই ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱা দেখিবলৈ পাওঁ, তেতিয়া শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীৰ দৰে মহান ব্যক্তিত্বৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱাৰ দৰে অনুভৱ হয়"
"যেতিয়া চৰকাৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ আধাৰত চৰকাৰী আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যায় আৰু যেতিয়া সবকা প্ৰয়াস দেশৰ উন্নয়নৰ শক্তিত পৰিণত হয় তেতিয়া আমি এক সামগ্ৰিক সমাজ গঢ়াৰ দিশে অগ্ৰসৰ হওঁ"
"আমাৰ সংবিধানে আমাক বহুতো অধিকাৰ প্ৰদান কৰিছে। যেতিয়া আমি সততাৰে আমাৰ কৰ্তব্য পালন কৰোঁ, তেতিয়াই এই অধিকাৰবোৰ সুৰক্ষিত হয় "
"কাৰোবাক যদি কোনো ঠাইতে হাৰাশাস্তি কৰা হৈছে, তেনেহলে নিশ্চিতভাৱে আপুনি তাৰ প্ৰতিবাদ কৰক। এয়া সমাজৰ প্ৰতি আৰু ৰাষ্ট্ৰৰ প্ৰতি আমাৰ কৰ্তব্য"
"যদি কোনোবাই কেৱল ৰাজনৈতিক বিৰোধিতাৰ বাবে কাৰোবাক হিংসাৰ মাধ্যমেৰে ভয়-ভাবুকি দিয়ে, তেনেহলে ই হৈছে আনৰ অধিকাৰ উলংঘন। সেয়েহে সমাজৰ যিকোনো ঠাইতে যদি হিংসা, অৰাজক মানসিকতা বিদ্যমান হয় তেতিয়া ইয়াৰ বিৰোধিতা কৰাটো আমাৰ কৰ্তব্য"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পশ্চিম বংগৰ ঠাকুৰবাৰীৰ শ্ৰীধাম ঠাকুৰনগৰত আনুষ্ঠিত ২০২২চনৰ মাতুৱা ধৰ্ম মহামেলাত ভাষণ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ মাৰ্চ মাহত বাংলাদেশৰ ওৰাকান্দি ঠাকুৰবাৰীতো শ্ৰদ্ধা নিবেদন কৰিবলৈ সক্ষম হোৱাৰ কথা স্মৰণ কৰে আৰু ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ঠাকুৰনগৰ ভ্ৰমণ কৰাৰ সৌভাগ্যৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে মাতুৱা ধৰ্ম মহামেলা হৈছে মাতুৱা পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ এক উপলক্ষ। এই পৰম্পৰাৰ আধাৰ শ্ৰী শ্ৰীহৰিচন্দ ঠাকুৰজীয়ে স্থাপন কৰিছিল আৰু ইয়াক গুৰুচান্দ ঠাকুৰজী আৰু বড়মাই লালন-পালন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই মহান পৰম্পৰাক আগুৱাই নিয়াৰ বাবে তেওঁৰ মন্ত্ৰী পৰিষদৰ সহকৰ্মী শ্ৰী শান্তনু ঠাকুৰৰ শলাগ লয়।

 

শ্ৰী মোদীয়ে এই মহামেলাক এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ নিদৰ্শন বুলি অভিহিত কৰে। তেওঁ আৰু কয় যে আমাৰ সংস্কৃতি আৰু সভ্যতা ইয়াৰ প্ৰবাহমান বৈশিষ্টৰ বাবে মহান, যাৰ নিজকে শক্তিশালী কৰি তোলাৰ স্বাভাৱিক এক প্ৰবৃত্তি আছে। মাতুৱা সম্প্ৰদায়ৰ নেতাসকলৰ সমাজ সেৱাৰ বিষয়টিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, নতুন ভাৰতে আজি স্বচ্ছতা, স্বাস্থ্যসেৱা আৰু দেশৰ কন্যাসকলক আত্মবিশ্বাস প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "যেতিয়া আমি সমাজৰ প্ৰতিটো ক্ষেত্ৰতেই আমাৰ ভগ্নী আৰু কন্যাসকলক পুত্ৰৰ সৈতে হাতে হাত মিলাই ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়োৱা দেখিবলৈ পাওঁ, তেতিয়া শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰজীৰ দৰে মহান ব্যক্তিত্বৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা জনোৱাৰ দৰে অনুভৱ হয়"।

প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়া চৰকাৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ আধাৰত চৰকাৰী আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যায় আৰু যেতিয়া সবকা প্ৰয়াস দেশৰ উন্নয়নৰ শক্তিত পৰিণত হয় তেতিয়া আমি এক সামগ্ৰিক সমাজ গঢ়াৰ দিশে অগ্ৰসৰ হওঁ"। আধ্যাত্মিক প্ৰেমৰ লগতে কৰ্তব্যৰ ওপৰত শ্ৰী শ্ৰীহৰিচন্দ ঠাকুৰজীয়ে গুৰুত্ব দিয়াৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিক জীৱনত কৰ্তব্যৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি এই কৰ্তব্যবোধক ৰাষ্ট্ৰৰ উন্নয়নৰ আধাৰ বনাব লাগিব। আমাৰ সংবিধানে আমাক বহুতো অধিকাৰ প্ৰদান কৰিছে। আমি সেই অধিকাৰসমূহ তেতিয়াহে সুৰক্ষিত কৰিব পাৰোঁ যেতিয়া আমি সততাৰে আমাৰ কৰ্তব্য পালন কৰোঁ"।

 

সমাজৰ প্ৰতিটো স্তৰত দুৰ্নীতি দূৰ কৰাৰ বাবে সজাগতা গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে মাতুৱা সম্প্ৰদায়ৰ উদ্দেশ্যে আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, "কাৰোবাক যদি কোনো ঠাইতে হাৰাশাস্তি কৰা হৈছে, তেনেহলে নিশ্চিতভাৱে আপুনি তাৰ প্ৰতিবাদ কৰক। এয়া সমাজৰ প্ৰতি আৰু ৰাষ্ট্ৰৰ প্ৰতি আমাৰ কৰ্তব্য"। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। "যদি কোনোবাই কেৱল ৰাজনৈতিক বিৰোধিতাৰ বাবে কাৰোবাক হিংসাৰ মাধ্যমেৰে ভয়-ভাবুকি দিয়ে, তেনেহলে ই হৈছে আনৰ অধিকাৰ উলংঘন। সেয়েহে সমাজৰ যিকোনো ঠাইতে যদি হিংসা, অৰাজক মানসিকতা বিদ্যমান হয় তেতিয়া ইয়াৰ বিৰোধিতা কৰাটো আমাৰ কৰ্তব্য"।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত স্বচ্ছতা, ভোকেল ফৰ লোকেল আৰু দেশ প্ৰথম-এই মন্ত্ৰৰ কথা পুনৰবাৰ উল্লেখ কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’

Media Coverage

‘PM Modi is so popular’: Malaysian PM on Modi’s international appeal’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the Parkash Purab of Sri Guru Granth Sahib Ji
September 12, 2026

The Prime Minister, Shri Narendra Modi, extended greetings on the occasion of the Parkash Purab of Sri Guru Granth Sahib Ji.

The Prime Minister said that for centuries, Sri Guru Granth Sahib Ji has shown humanity the way of selfless service, human dignity and togetherness.

Shri Modi expressed hope that the sacred occasion would inspire everyone to deepen these values in society and build a more compassionate and harmonious world.

The Prime Minister wrote on X;

“Greetings on the Parkash Purab of Sri Guru Granth Sahib Ji.

For centuries, it has shown humanity the way of selfless service, human dignity and togetherness.

May this sacred occasion inspire us to deepen these values in our society and build a more compassionate and harmonious world.”