"মহাৰাষ্ট্ৰ চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদানৰ দিশত এক শক্তিশালী সংকল্পলৈ আগবাঢ়িছে"
"চাকৰিৰ প্ৰকৃতি দ্ৰুতগতিত সলনি হৈ আছে আৰু চৰকাৰেও নিৰন্তৰ বিভিন্ন ধৰণৰ চাকৰিৰ সুযোগ সৃষ্টি কৰি আছে"
"দলিত-পিছপৰা, জনজাতীয়, সাধাৰণ শ্ৰেণী আৰু মহিলাসকলৰ বাবে নিযুক্তি আৰু স্ব-নিযুক্তিৰ সুযোগ সমানে উপলব্ধ হৈ আহিছে"
"কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰৰ বাবে ২ লাখ কোটি টকাৰ অধিক মূল্যৰ প্ৰায় ২২৫ টা প্ৰকল্প মঞ্জুৰ কৰিছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাযোগে মহাৰাষ্ট্ৰ চৰকাৰৰ চাকৰি মেলাত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ধনতেৰাছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি মেলাৰ ধাৰণা আৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ১০ লাখ চাকৰি প্ৰদান কৰাৰ এইটো অভিযানৰ আৰম্ভণি আছিল। তেতিয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুজৰাট আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ চাকৰি মেলাত ভাষণ দি আহিছে। "ইমান কম সময়ৰ ভিতৰতে চাকৰি মেলাৰ সংগঠনৰ পৰা এইটো স্পষ্ট যে মহাৰাষ্ট্ৰ চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদানৰ দিশত দৃঢ়তাৰে আগবাঢ়ি ছে। মই সুখী যে মহাৰাষ্ট্ৰত অনাগত সময়ত এনে ধৰণৰ চাকৰি মেলা আৰু সম্প্ৰসাৰিত হ'ব। মহাৰাষ্ট্ৰৰ গৃহ বিভাগ আৰু ৰাজ্যখনৰ গ্ৰামোন্নয়ন বিভাগত হাজাৰ হাজাৰ নিযুক্তি থাকিব।

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে অমৃত কালত দেশখনে উন্নত ভাৰতৰ লক্ষ্যত কাম কৰি আছে, য'ত যুৱপ্ৰজন্মই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয়, "পৰিৱৰ্তনশীল সময়ত চাকৰিৰ প্ৰকৃতি দ্ৰুতগতিত সলনি হৈ আহিছে, চৰকাৰেও নিৰন্তৰভাৱে বিভিন্ন ধৰণৰ চাকৰিৰ সুযোগ সৃষ্টি কৰি আহিছে। তেওঁ কয় যে মুদ্ৰা আঁচনিয়ে যুৱসকলক জামানত-মুক্ত ঋণ প্ৰদান কৰিছে আৰু ইতিমধ্যে ২০ লাখ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। একেদৰে, ষ্টাৰ্ট-আপ আৰু এম.এছ.এম.ই. খণ্ডক বৃহৎ পৰিমাণে সমৰ্থন কৰা হৈছে। মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলে ইয়াৰ পৰা লাভান্বিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে "চৰকাৰৰ প্ৰচেষ্টাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল দলিত-পিছপৰা, জনজাতীয়, সাধাৰণ শ্ৰেণী আৰু মহিলাসকলৰ বাবে নিযুক্তি আৰু স্ব-নিযুক্তিৰ এই সুযোগসমূহ সমানে উপলব্ধ হৈ আহিছে।" প্ৰধানমন্ত্ৰীয়ে স্ব-সহায়ক গোটৰ সৈতে জড়িত ৮ কোটি মহিলাক ৫ লাখ কোটি টকাৰ সাহায্যৰ কথা উল্লেখ কৰে।

"আজি চৰকাৰে আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি আৰু সমগ্ৰ দেশৰ অন্যান্য ক্ষেত্ৰত যি অভিলেখ বিনিয়োগ কৰিছে, সেইবোৰে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে। মহাৰাষ্ট্ৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে ২ লাখ কোটি টকাৰ প্ৰায় ২২৫ টা প্ৰকল্প মঞ্জুৰ কৰিছে। আধুনিক পথৰ বাবে ৭৫,০০০ কোটি টকাৰ ৰে'ল প্ৰকল্প আৰু ৫০ কোটি টকাৰ প্ৰকল্প অনুমোদিত হৈছে। "এই প্ৰকল্পসমূহৰ কাম হয় চলি আছে নতুবা অতি সোনকালে কাম আৰম্ভ হ'ব। "যেতিয়া চৰকাৰে আন্তঃগাঁথনিৰ বাবে ইমান বৃহৎ পৰিমাণৰ ব্যয় কৰে, ইয়াৰ বাবে লাখ লাখ নতুন নিযুক্তিৰ সুযোগ সৃষ্টি হয়। "

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits L&T complex at Hazira, Gujarat
June 05, 2026

Prime Minister Shri Narendra Modi today visited the Larsen & Toubro (L&T) complex at Hazira, Gujarat, where he witnessed pioneering innovations being developed by the company across various sectors.

The Prime Minister highly commended the significant role played by L&T in furthering self-reliance in India's defence sector. Sharing glimpses from the visit, Shri Modi appreciated the engineering achievements and advancements being spearheaded at the facility.

In a series of posts on X, the Prime Minister shared:

"This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.
@larsentoubro"

"Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat."