The Rule of Law has been a core civilizational value of Indian society since ages: PM Modi
About 1500 archaic laws have been repealed, says PM Modi
No country or society of the world can claim to achieve holistic development or claim to be a just society without Gender Justice: PM Modi

ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি বোবড়ে, আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদজী, মঞ্চত উপৱিষ্ট উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশমণ্ডলী, ভাৰতৰ মহাধিবক্তা, এই সন্মিলনলৈ অহা প়ৃথিৱীৰ অন্যদেশৰ উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশসকল, ভাৰতৰ উচ্চ ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশসকলৰ লগতে অন্যান্য অতিথিসকল।

পৃথিৱীৰ কোটি কোটি নাগৰিকক ন্যায় প্ৰদান কৰা আৰু ন্যায়নিষ্ঠ সমাজৰ গৰিমা সুনিশ্চিত কৰোতা আপোনাসব দিগগজৰ মাজত উপস্থিত হ’বলৈ পাই সঁচাকৈয়ে আহ্লাদিত হৈছো।

ন্যায়ৰ যিখন আসনত আপোনালোক উপৱিষ্ট হয়, সেয়া সমাজৰ বাবে ভৰসা আৰু বিশ্বাসৰ মহত্বপূৰ্ণ স্থান। আপোনালোক আটাইকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো!!!

বন্ধুসকল, এইখন সন্মিলন একৈশ শতিকাৰ তৃতীয়টো দশকত অনুষ্ঠিত হৈছে। এইটো দশক ভাৰতৰ লগতে সমগ্ৰ পৃথিৱীতে সম্পন্ন হ’ব লগা বৃহত্ পৰিৱৰ্তনৰ দশক হিচাপে চিহ্নিত হ’ব। এই পৰিৱৰ্তন সামাজিক, আৰ্থিক, কাৰিকৰী তথা আন সকলো ক্ষেত্ৰতে হোৱাৰ দিশত আগবাঢ়িছে। এই পৰিৱৰ্তন নিশ্চিত ৰূপতে যুক্তিসংগত, ন্যায়সংগত হোৱা উচিত। এই পৰিৱৰ্তন সকলোৰে উপকাৰসাধনৰ বাবে, ভৱিষ্যতৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি দৃষ্টি ৰাখি সম্পন্ন হোৱা উচিত। আৰু সেয়ে, Judiciary and The Changing Worldঅৰ্থাত,‘ন্যায়পালিকা আৰু পৰিৱৰ্তিত পৃথিৱী’সন্দৰ্ভত চৰ্চা হোৱাতো নিতান্তই মহত্বপূৰ্ণ।

বন্ধুসকল, যিটো সময়ত আমাৰ দেশে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰিছো, সেইচোৱা সময়তে ভাৰতত এইখন সন্মিলন অনুষ্ঠিত হোৱা কথাই আমাক সকলোকে আহ্লাদিত কৰি তুলিছে। পূজনীয় বাপুৰ জীৱন সত্য আৰু সেৱাৰ প্ৰতি উত্সৰ্গিত আছিল, যাক সকলো ন্যায়তন্ত্ৰৰে বুনিয়াদ বুলি গণ্য কৰা হয়।

আাৰু আমাৰ বাপু নিজেই এগৰাকী উকীল আছিল, এগৰাকী বেৰিষ্টাৰ আছিল। বাপুৱে তেওঁৰ আত্মজীৱনীত তেওঁৰ জীৱনৰ প্ৰথমটো মোকৰ্দমাৰ বিষয়ে সবিস্তাৰে বৰ্ণানা কৰি গৈছে। গান্ধীজী তেতিয়া বোম্বাই অৰ্থাত এতিয়াৰ মুম্বাইত আছিল। সেইবোৰ তেওঁৰ জীৱন সংগ্ৰামৰ পাতনিৰ দিন আছিল। বহু প্ৰয়াসৰ অন্তত ওকালতি কৰাৰ বাবে তেওঁ জীৱনৰ প্ৰথমটো সুযোগ লাভ কৰিছিল যদিও ইয়াৰ বাবদ তেওঁৰ পৰা কমিচন বিচৰা হৈছিল। এনে কাণ্ডত আচৰিত হোৱা গান্ধীজীয়ে একে আষাৰে এই প্ৰস্তাৱ নাকচ কৰিছিল। তেওঁৰ স্পষ্ট কথা,‘লাগিলে ওকালতিৰ সুযোগেই নালাগে, ইয়াৰ বাবে কেতিয়াও কমিচন নিদিও’।

সত্যৰ প্ৰতি, নিজৰ চিন্তা-ধাৰাৰ প্ৰতি গান্ধীজীৰ মনত ইমানেই স্পষ্টতা আছিল। এই স্পষ্টতা বাৰু আহিছিল কৰ পৰা?
তেওঁৰ পৰিয়াল, তেওঁৰ সংস্কাৰ আৰু ভাৰতীয় দৰ্শনৰ নিৰন্তৰ অধ্যয়নেই তেওঁক চিন্তাৰ এই স্পষ্টতা প্ৰদান কৰিছিল।
বন্ধুসকল, পুৰাতন কালৰে পৰা ভৰতীয় সমাজত ‘আইনৰ শাসন’ সামাজিক সংস্কাৰৰ আধাৰ হৈ আহিছে। আমাৰ ইয়াত কোৱা হয়,‘ক্ষত্ৰয়স্য ক্ষত্ৰম য়ত্ ধৰ্ম’। অৰ্থাত্, ‘আইন হ’ল ৰজাৰো ৰজা, আইন সৰ্বোপৰি’। সহস্ৰ বছৰ ধৰি এই পৰম্পৰাই চলি আহিছে, আৰু দৰ্শনত থকা বিশ্বাসৰ বাবেই প্ৰতিগৰাকী ভাৰতীয়ই ন্যায়পালিকাৰ ওপৰত অগাধ আস্থা প্ৰকাশি আহিছে।

বন্ধুসকল, অলপতে এনে এক বৃহত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, যাক লৈ সমগ্ৰ পৃথিৱীতে ব্যাপক চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছিল। সিদ্ধান্ত নৌ লওতেই তৰহে তৰহে আশংকা প্ৰকাশৰ ধল উঠিছিল। পিছে, আৱশেষত হ’লগৈনো কি? ১৩০কোটি ভাৰতবাসীয়ে ন্যায়পালিকাৰ দ্বাৰা প্ৰদান কৰা এই সিদ্ধান্তক সম্পূৰ্ণ সহমতেৰে গ্ৰহণ কৰিলে। বহু সহস্ৰ বছৰ ধৰি ভাৰতে এনেদৰে ন্যায়ৰ প্ৰতি আস্থা প্ৰকাশি আগুৱাই আহিছে। এয়াই আমাৰ সংবিধানৰো প্ৰেৰণা। যোৱাটো বৰ্ষত মাত্ৰ আমাৰ সংবিধানে ৭০টা বছৰ সম্পূৰ্ণ কৰিছে।

সংবিধানৰ নিৰ্মাতা ড০ বাবা চাহাব আম্বেডকাৰে কৈছিল—

‘সংবিধান কেৱল অধিবক্তাৰ এখন মাত্ৰ নথি নহয়, ই যে জীৱনৰ ৰথ, আৰু ইয়াৰ প্ৰেৰণা সদায়ে একোটা যুগৰ প্ৰেৰণা’। এই প্ৰেৰণাকে আমাৰ আদালত, আমাৰ উচ্চতম ন্যায়ালয়ে আগবঢাই ৰাখিছে। এই প্ৰেৰণাকে আমাৰ বিধায়িনী আৰু আমাৰ কৰ্যপালিকাই জীৱন্ত কৰি ৰাখিছে।

পৰস্পৰে পৰস্পৰৰ মৰ্যাদাক হৃদয়ংগম কৰি, সকলো প্ৰত্যাহ্বানকো নেওচি সংবিধানৰ এই তিনিটা স্তম্ভই দেশৰ নিমিত্তে উচিত পথৰ সন্ধান কৰাত সফলতা প্ৰদৰ্শন কৰি আহিছে। আৰু আমি গৰ্বৰে ক’ব পাৰো যে ভাৰতত ইতিমধ্যে এনে এক সমৃদ্ধ পৰম্পৰা বিকশিত হৈছে। বিগত পাঁচোটা বছৰত ভাৰতৰ বিভিন্ন সংস্থাই এই পৰম্পৰাক আৰু অধিক শক্তিশালী কৰি তুলিছে। দেশত অৱশ্যে আজিৰ প্ৰেক্ষাপটতত প্ৰাসংগিকতা নথকা প্ৰায় ১৫০০খন পুৰণি আইন ইতিমধ্যে বাতিল কৰা হৈছে। কেৱল আইন বাতিলতে যে ক্ষান্ত থকা হৈছে এনে নহয়। বৰং, সমাজক শক্তি প্ৰদান কৰিব পৰা নতুন আইনো সিমানেই তড়িত গতিৰে যুগুতাই ৰূপায়ণৰ দিহা কৰা হৈছে।

ক্লীবলিংগৰ আধিকাৰৰে জড়িত আইনেই হওক কিম্বা, তিন তালাক বিৰোধী আইনেই হওক অথবা দিব্যাংগজনৰ অধিকাৰৰ পৰিসৰ বৃদ্ধি সম্পৰ্কীয় আইনেই হওক, চৰকাৰে সম্পূৰ্ণ সংবেদনশীলতাৰে কামত ব্ৰতী হৈ আহিছে।

বন্ধুসকল, সন্মিলনত ‘লিংগৰপ্ৰতিন্যায়শীল পৃথিৱী’ শীৰ্ষক বিষয়বস্তুকো চৰ্চাৰ বাবে গ্ৰহণ কৰা বুলি জানিব পাৰি আনন্দিত হৈছো। পৃথিৱীৰ কোনো দেশেই, কোনো সমাজেই ‘লিংগৰ প্ৰতি ন্যায়শীল’ নোহোৱাকৈ পৰিপূৰ্ণতা লাভ কৰিব নোৱাৰে। আমাৰ সংবিধানে সাম্যৰ অধিকাৰৰ আধাৰত ‘লিংগৰ প্ৰতি ন্যায়শীলতা’ক সুনিশ্চিত কৰিছে।

মহিলাক ভোটাধিকাৰ প্ৰদান কৰা পৃথিৱীৰ তেনেই কম সংখ্যক দেশৰ অন্যতম হ’ল ভাৰত। ভাৰতে স্বাধীনতাৰ পিছৰে পৰাই মহিলাসকলক ভোটাধিকাৰ প্ৰদন কৰি আহিছে আৰু ৭০টা বছৰৰ পিছত দেশৰ নিৰ্বাচনী ব্যৱস্থাটোত মহিলাৰ অংশগ্ৰহণে সৰ্বোচ্চ স্তৰ লাভ কৰিছে বুলি ক’লেও বঢ়াই কোৱা নহ’ব। ২১শতিকাৰ ভাৰতে এতিয়া এই অংশগ্ৰহণ প্ৰক্ৰিয়াৰ দ্বিতীয়টো পৰ্যয়কো দ্ৰুতগতিৰে আগুৱাই নিছে।

‘বেটী বচাও, বেটী পঢ়াও’ৰ দৰে সফল কাৰ্যক্ৰমৰ সুবাদত প্ৰথমবাৰৰ বাবে ভাৰতত শিক্ষা ব্যৱস্থাত কন্যাশিশুৰ নাম ভৰ্তিৰ হাৰ ল’ৰাতকৈ অধিক হোৱা দেখিবলৈ পোৱা গৈছে। সেইদৰে সেনা বাহিনীত ছোৱালীৰ নিযুক্তিয়েই হওক, যুজাৰু বিমানৰ পাইলটৰ নিযুক্তিয়েই হওক, খনিত নিশা কাম কৰাৰ স্বতন্ত্ৰতাই হওক, চৰকাৰে অনেক পৰিৱৰ্তন সাধন কৰিছে।
চাকৰিজীৱি মহিলাক দৰ্মহাসহ ২৬সপ্তাহৰ ছুটী প্ৰদান কৰা পৃথিৱীৰ কেইখনমান দেশৰ তালিকাত আজিৰ ভাৰতেও নাম অন্তৰ্ভুক্ত কৰিছে।

বন্ধুসকল, পৰিৱৰ্তনৰ এই দৌৰত ভাৰতে নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে, ভাৰতে আজি নতুন পৰিভাষা ৰছনা কৰিছে আৰু পুৰণি চিন্তা-চৰ্চালৈ পৰিৱৰ্তন আহিছে। এনে এটা পৰিবেশ আছিল, যেতিয়া দ্ৰুত উন্নযন আৰু পৰিৱ্শৰ ৰক্ষণা-বেক্ষণ একে সময়তে সম্ভৱ নহ’ব বুলিয়ে ধাৰণা প্ৰকাশ কৰা হৈছিল। ভাৰতে এই অৱধাৰণাকো সলনি কৰিছে। আজিৰ ভাৰতে দ্ৰুতগতিৰে উন্নয়ন সাধন কৰাৰ সমান্তৰাল ভাবেই বনানীকৰণৰ পৰিসৰো সম্প্ৰসাৰিত হৈছে। ৫-৬বছৰৰ আগতে ভাৰত বিশ্বৰ ১১সংখ্যক বৃহত্তম অৰ্থ-ব্যৱস্থাৰ দেশ আছিল। কিন্তু আজি ৩-৪দিন আগতে প্ৰকাশ কৰা এক সমীক্ষাৰ তথ্য মতে ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহত্ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। অৰ্থাত্ আন্তঃগাঁথনি নিৰ্মাণৰ লগতে যে পৰ্যাবৰণৰো ৰক্ষা কৰিব পাৰি, সেই কথা ভাৰতে হাতে কামে কৰি দেখুৱালৈ সক্ষম হৈছে।

বন্ধুসকল, বিকাশ আৰু পৰ্যাবৰণৰ মাজত সন্তুলন বৰ্তাই ৰখাৰ মাৰ্গ দৰ্শন কৰাই অহা ভাৰতৰ ন্যায়পালিকাকোমই এই সুযোগতে কৃতজ্ঞতা প্ৰকাশ কৰিব খুজিছো। বহু ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰৰ শুনানী লোৱাৰ সময়ত উচ্চতম ন্যায়ালয়ে পৰিৱেশৰে জড়িত প্ৰসংগসমূহক নতুনকৈ পৰিভাষিত কৰি আহিছে।

বন্ধুসকল, আপোনালোকৰ সন্মুখত ন্যায় দানৰ লগতে শীঘ্ৰে ন্যায় প্ৰদানৰো প্ৰত্যাহ্বান সদায়ে থাকে। ইয়াৰ একপ্ৰকাৰৰ সমাধান প্ৰযুক্তিৰ ওচৰত আছে। বিশেষকৈ আদলতৰ পদ্ধতিগত প্ৰবন্ধন ব্যৱস্থাক লৈ ‘ইণ্টাৰনেট আধাৰি’ত প্ৰযুক্তিৰ দ্বাৰা ভাৰতৰ ন্যায়দান ব্যৱস্থাটো বাৰুকৈয়ে উপকৃত হৈছে। সেয়ে চৰকাৰে দেশৰ প্ৰতিখন আদালতকে ‘ই-ক’ৰ্ট ইণ্টিগ্ৰেটেড মিছন মোড প্ৰজেক্ট’ৰে সংলগ্ন কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। ‘ৰাষ্ট্ৰীয় ন্যায়িক তথ্য গ্ৰীড’ৰ স্থাপনেও দেশৰ আদলতৰ প্ৰক্ৰিয়া বহু পৰিমাণে সহজ কৰি তুলিব।

‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ আৰু মানৱীয় বিবেকৰ সমন্বয়েও ভাৰতৰ ন্যায়িক প্ৰক্ৰিয়াটোক আৰু গতি প্ৰদান কৰিব। তদুপৰি ‘তথ্য সুৰক্ষা’, ‘চাইবাৰ অপৰাধ’ৰ দৰে বিষয়সমূহো আদালতৰ বাবে নতুন প্ৰত্যাহ্বান হৈ দেখা দিছেহি। এনেবোৰ প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত এই সন্মিলনত গম্ভীৰ আলোচনা নিশ্চয় হ’ব আৰু ইয়াৰ পৰা কিছু ইতিবাচক পৰামৰ্শ লাভ কৰিব পৰা যাব। এই সন্মিলনে ভৱিষ্যতৰ বাবে অনেক সমাধান সূত্ৰ আগবঢ়াব বুলি মই আশাবাদী।

পুনৰবাৰ আপোনালোক আটাইকে শুভকামনা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিলো। ধন্যবাদ!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"