“ক্ৰীড়া মনোভাৱে ভৱিষ্যতে সকলো খেলুৱৈৰ বাবে সফলতাৰ দুৱাৰ মুকলি কৰিব”
“আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাই স্থানীয় প্ৰতিভা বৃ্দ্ধি কৰাই নহয় সমগ্ৰ অঞ্চলটোৰ খেলুৱৈসকলৰ মনোবলত উদ্গনি যোগায়”
“সাংসদ খেল মহাকুম্ভ এক নতুন পথ, এক নতুন ব্যৱস্থা”
“ক্ৰীড়া জগতত দেশৰ সম্ভাৱনাক উজ্জ্বল কৰি তোলাৰ ক্ষেত্ৰত সাংসদ খেল মহাকুম্ভৰ এক বৃহৎ ভূমিকা আছে”
“সাংসদ খেল মহাকুম্ভই ক্ৰীড়াৰ ভৱিষ্যতৰ এক ভৱিষ্যৎ আন্তঃগাঁথনিৰ শক্তিশালী ভেটি স্থাপন কৰে”
“২০১৪ চনৰ তুলনাত ক্ৰীড়া মন্ত্ৰালয়ৰ বাজেট আবণ্টন প্ৰায় ৩ গুণ বৃদ্ধি হৈছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গোৰখপুৰ সাংসদ খেল মহাকুম্ভত ভাষণ আগবঢ়ায়৷

এই উপলক্ষে সভাত উপস্থিত লোকক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৰ্যায়ত উপনীত হ’বলৈ সকলো খেলুৱৈয়ে কঠোৰ পৰিশ্ৰম কৰিছে। তেওঁ জয়-পৰাজয় ক্ৰীড়াক্ষেত্ৰৰ লগতে জীৱনৰ অংশ বুলি আলোকপাত কৰি কয় যে সকলো খেলুৱৈয়ে জয়ৰ পাঠ শিকিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়া মনোভাৱে ভৱিষ্যতে সকলো খেলুৱৈৰ বাবে সফলতাৰ দুৱাৰ মুকলি কৰিব।

খেল মহাকুম্ভৰ প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মল্লযুঁজ, কাবাডী, হকীৰ দৰে ক্ৰীড়াৰ সমান্তৰালকৈ এই প্ৰতিযোগিতাত চিত্ৰকলা, লোকগীত, লোকনৃত্য আৰু তবলা-বাঁহী আদিৰ ক্ষেত্ৰৰ শিল্পীসকলেও অংশগ্ৰহণ কৰিছে৷ “ক্রীড়াৰ প্রতিভাই হওক বা কলা-সংগীতেই হওক, ইয়াৰ আত্মা আৰু শক্তি সকলো একেই”, প্রধানমন্ত্রীয়ে কয়৷ আমাৰ ভাৰতীয় পৰম্পৰা আৰু লোকশিল্পক আগুৱাই নিয়াৰ নৈতিক দায়িত্বৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ গোৰখপুৰৰ সাংসদ শ্ৰী ৰবি কিষাণ শুক্লাৰ শিল্পী হিচাপে অৱদানৰ কথা উল্লেখ কৰি এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।

যোৱা কেইসপ্তাহমানৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা সাংসদ খেল মহাকুম্ভৰ এয়া তৃতীয়টো কাৰ্যসূচী। ভাৰতক বিশ্বৰ ক্ৰীড়া শক্তি হ’বলৈ নতুন পদ্ধতি আৰু ব্যৱস্থা গঢ়ি তোলাৰ ধাৰণাটো তেওঁ পুনৰবাৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিভাৰ প্ৰসাৰৰ বাবে স্থানীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে আঞ্চলিক পৰ্যায়ত প্ৰতিযোগিতাই কেৱল স্থানীয় প্ৰতিভা বৃদ্ধি কৰাই নহয় সমগ্ৰ অঞ্চলৰ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰে। “সাংসদ খেল মহাকুম্ভ এনে এক নতুন পথ, নতুন ব্যৱস্থা”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গোৰখপুৰ খেল মহাকুম্ভৰ প্ৰথম সংস্কৰণত ২০,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু সেই সংখ্যা ২৪,০০০লৈ বৃদ্ধি পাইছে য’ৰ ৯,০০০ খেলুৱৈয়েই মহিলা। খেল মহাকুম্ভত অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ যুৱক-যুৱতী সৰু চহৰ বা গাঁৱৰ পৰা অহা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সাংসদ খেল মহাকুম্ভ যুৱ খেলুৱৈক সুযোগ প্ৰদান কৰা এক নতুন মঞ্চত পৰিণত হৈছে।

“বয়স নিৰ্বিশেষে সকলোৰে ফিট হৈ থকাৰ আভ্যন্তৰীণ ইচ্ছা থাকে”, প্ৰধানমন্ত্ৰীয়ে কয়। আখাদাছত বিভিন্ন খেলৰ আয়োজন কৰা গাঁৱৰ মেলাৰ অংশ হিচাপে ক্ৰীড়া আৰু খেলা-ধূলা কৰা সময়ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ এই সকলোবোৰ পুৰণি ব্যৱস্থাই অৱনতিৰ মাজেৰে পাৰ হোৱা পৰিৱৰ্তনৰ বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ এতিয়া জিৰণি সময় হিচাপে গণ্য কৰা বিদ্যালয়সমূহত পিটি পিৰিয়ডৰ কথাও উল্লেখ কৰি কয় যে ইয়াৰ ফলত দেশখনে ক্ৰীড়া অৱদানকাৰীৰ তিনি-চাৰি প্ৰজন্ম হেৰুৱাই পেলাইছে। সৰু চহৰৰ বহু শিশুৱে অংশগ্ৰহণ কৰা টিভিত প্ৰতিভা সন্ধান অনুষ্ঠানৰ উপমা দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত বহু সুপ্ত প্ৰতিভা আছে আৰু ক্ৰীড়া জগতত দেশৰ সম্ভাৱনাক উজ্জ্বল কৰি তোলাত সাংসদ খেল মহাকুম্ভৰ এক বৃহৎ ভূমিকা আছে৷

প্ৰধানমন্ত্ৰীয়ে জনায় যে দেশত শ শ সাংসদে এনে ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰিছে য’ত বৃহৎ সংখ্যক যুৱ খেলুৱৈয়ে আগবাঢ়ি যোৱাৰ সুযোগ পাইছে। তেওঁ কয় যে বহু খেলুৱৈয়ে ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ আগবাঢ়ি যাব আৰু লগতে অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত দেশৰ হৈ পদক লাভ কৰিব। “সাংসদ খেল মহাকুম্ভই ক্ৰীড়াৰ ভৱিষ্যতৰ এক ভব্য আন্তঃগাঁথনিৰ শক্তিশালী ভেটি স্থাপন কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়৷

গোৰখপুৰৰ আঞ্চলিক ক্ৰীড়া ষ্টেডিয়ামৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে সৰু চহৰত স্থানীয় পৰ্যায়ত ক্ৰীড়া সা-সুবিধা বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জনোৱা মতে গোৰখপুৰৰ গ্ৰামাঞ্চলত যুৱক-যুৱতীসকলৰ বাবেও শতাধিক খেলপথাৰ স্থাপন কৰা হৈছে আৰু চৌৰী চৌৰাত এখন মিনি ষ্টেডিয়ামো নিৰ্মাণৰ কাম চলি আছে। “এতিয়া দেশখন সামগ্ৰিক দৃষ্টিভংগীৰে আগবাঢ়িছে”, প্ৰধানমন্ত্ৰীয়ে খেলো ইণ্ডিয়াত আন্দোলনৰ অধীনত অন্যান্য ক্ৰীড়া সা-সুবিধাসমূহৰ বাহিৰেও খেলুৱৈৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথা আলোকপাত কৰে।

এইবাৰৰ বাজেটৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে ২০১৪ চনৰ তুলনাত ক্ৰীড়া মন্ত্ৰালয়ৰ বাজেট আবণ্টন প্ৰায় ৩ গুণ বৃদ্ধি পাইছে। তেওঁ দেশত বহু আধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰদানমন্ত্ৰীয়ে কয় যে TOPS (Target Olympic Podium Scheme)  অধীনত প্ৰশিক্ষণৰ বাবে খেলুৱৈসকলক লাখ লাখ টকাৰ সাহায্য প্ৰদান কৰা হয়। খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া আৰু যোগৰ দৰে অভিযানৰ বিষয়ৰ কথাও তেওঁ উল্লেখ কৰে। দেশে বাজৰাক শ্ৰী অন্নৰ পৰিচয় দিয়া বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জোৱাৰ আৰু বাজৰাৰ দৰে মোটা শস্য ছুপাৰফুডৰ শ্ৰেণীৰ অন্তৰ্গত। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক এই অভিযানসমূহত যোগদান কৰি দেশৰ এই অভিযানৰ নেতৃত্ব দিবলৈ আহ্বান জনায়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয়, “আজি অলিম্পিকৰ পৰা আৰম্ভ কৰি আন বৃহৎ প্ৰতিযোগিতালৈকে পদক জয়ৰ সেই উত্তৰাধিকাৰ কেৱল আপোনালোকৰ দৰে যুৱ খেলুৱৈয়েহে আগবঢ়াই নিব।” তেওঁ আস্থা প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলে উজ্জ্বলভাৱে জিলিকি থাকিব আৰু তেওঁলোকৰ সফলতাৰ জিলিকনিৰে দেশলৈ সন্মান কঢ়িয়াই আনিব।

এই উপলক্ষে অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত যোগী আদিত্যনাথ আৰু গোৰখপুৰৰ সাংসদ শ্ৰীযুত ৰবি কিষাণ শুক্লাৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.