“ব্যক্তিৰ পৰা ৰাষ্ট্ৰলৈ, শক্তিয়ে সকলো পৰ্যায়ৰ উন্নয়নত প্ৰভাৱ পেলায়”
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত অনুষ্ঠিত জি-২০ শক্তি মন্ত্ৰীসকলৰ বৈঠকত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়।
অনুষ্ঠানৰ অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তিৰ কথা উল্লেখ নকৰাকৈ ভৱিষ্যত, বহনক্ষমতা, বৃদ্ধি আৰু উন্নয়ন সম্পৰ্কে যিকোনো আলোচনা অসম্পূৰ্ণ, কাৰণ ই সকলো স্তৰৰ ব্যক্তি আৰু ৰাষ্ট্ৰৰ বিকাশত প্ৰভাৱ পেলায়।
“ভাৰত সৌৰ আৰু বায়ু শক্তিৰ ক্ষেত্ৰতো বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্যতম”, প্ৰধানমন্ত্ৰীয়ে কয় যে পাৱগদা সৌৰ উদ্যান আৰু মধেৰা সৌৰ গাঁও পৰিদৰ্শন কৰি কৰ্মীগোটৰ প্ৰতিনিধিসকলে স্বচ্ছ শক্তিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ স্তৰ আৰু পৰিসৰৰ সাক্ষী হোৱাৰ সুযোগ পোৱাত আনন্দ প্ৰকাশ কৰে।
“আমাৰ প্ৰচেষ্টা হৈছে সকলোৰে বাবে সামগ্ৰিক, সুস্থিৰক, সমতাপূৰ্ণ আৰু বহনক্ষম শক্তিৰ হকে কাম কৰা”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত অনুষ্ঠিত জি-২০ শক্তি মন্ত্ৰীসকলৰ বৈঠকত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়।

অনুষ্ঠানৰ অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকলক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তিৰ কথা উল্লেখ নকৰাকৈ ভৱিষ্যত, বহনক্ষমতা, বৃদ্ধি আৰু উন্নয়ন সম্পৰ্কে যিকোনো আলোচনা অসম্পূৰ্ণ, কাৰণ ই সকলো স্তৰৰ ব্যক্তি আৰু ৰাষ্ট্ৰৰ বিকাশত প্ৰভাৱ পেলায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি পৰিৱৰ্তনৰ বাবে প্ৰতিখন ৰাষ্ট্ৰৰ বাস্তৱতা আৰু পথ বেলেগ বেলেগ হ’লেও প্ৰতিখন দেশৰ লক্ষ্য একে বুলি তেওঁ দৃঢ় বিশ্বাস কৰে। সেউজ বিকাশ আৰু শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি তেওঁ আঙুলিয়াই দিয়ে যে ভাৰত বিশ্বৰ ভিতৰতে আটাইতকৈ জনবসতিপূৰ্ণ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিৰ দেশ, তথাপিও দেশখনে জলবায়ুৰ প্ৰতিশ্ৰুতিৰ দিশত শক্তিশালীভাৱে আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে জনায় যে ভাৰতে ৯ বছৰ আগতেই অজীৱাশ্ম বিদ্যুৎ শক্তি সক্ষমতাৰ লক্ষ্যত উপনীত হৈছে আৰু নিজাকৈ আৰু অধিক লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে ২০৩০ চনৰ ভিতৰত দেশখনে ৫০শতাংশ অজীৱাশ্ম বিদ্যুৎ শক্তি ক্ষমতা আহৰণৰ পৰিকল্পনা কৰিছে।“ভাৰত সৌৰ আৰু বায়ু শক্তিৰ ক্ষেত্ৰতো বিশ্বৰ আগশাৰীৰ দেশসমূহৰ ভিতৰত অন্যতম”, প্ৰধানমন্ত্ৰীয়ে কয় যে পাৱগদা সৌৰ উদ্যান আৰু মধেৰা সৌৰ গাঁও পৰিদৰ্শন কৰি কৰ্মীগোটৰ প্ৰতিনিধিসকলে স্বচ্ছ শক্তিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ স্তৰ আৰু পৰিসৰৰ সাক্ষী হোৱাৰ সুযোগ পোৱাত আনন্দ প্ৰকাশ কৰে।

বিগত ৯ বছৰত দেশৰ সাফল্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে ভাৰতে ১৯ কোটিতকৈও অধিক পৰিয়ালক এলপিজিৰ দ্বাৰা সংযোগ কৰাৰ লগতে প্ৰতিখন গাঁৱক বিদ্যুতৰ দ্বাৰা সংযোগ কৰাৰ ঐতিহাসিক মাইলৰ খুঁটিটো উপনীত হৈছে৷ তেওঁ জনসাধাপৰণক পাইপেৰে ৰন্ধন গেছ যোগান ধৰাৰ কাম কৰাৰ কথাও উল্লেখ কৰে, যি কেইবছৰমানৰ ভিতৰতে ৯০ শতাংশতকৈ অধিক জনসংখ্যাক সামৰি লোৱাৰ সম্ভাৱনা আছে। “আমাৰ প্ৰচেষ্টা হৈছে সকলোৰে বাবে সামগ্ৰিক, সুস্থিৰক, সমতাপূৰ্ণ আৰু বহনক্ষম শক্তিৰ হকে কাম কৰা”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৫ চনত ভাৰতে এলইডি লাইটৰ ব্যৱহাৰৰ বাবে এক আঁচনি প্ৰৱৰ্তন কৰি এটা সৰু আন্দোলন আৰম্ভ কৰিছিল, যিটো বিশ্বৰ সৰ্ববৃহৎ এলইডি বিতৰণ কাৰ্যসূচী হিচাপে পৰিগণিত হৈছিল যাৰ ফলত বছৰি আমাৰ ৪৫ বিলিয়ন ইউনিটতকৈ অধিক শক্তি ৰাহি হৈছে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ কৃষি পাম্প সৌৰীকৰণৰ পদক্ষেপ আৰম্ভ কৰা আৰু ২০৩০ চনৰ ভিতৰত ভাৰতৰ ঘৰুৱা বৈদ্যুতিক বাহনৰ বজাৰত বাৰ্ষিক বিক্ৰী এক কোটি হোৱাৰ পূৰ্বানুমানৰ কথাও উনুকিয়াই আৰু ইয়াৰ বিকল্প হিচাপে গ্ৰীণ হাইড্ৰজেন আৰু ইয়াৰ ডেৰাইভেটিভসমূহৰ উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে ভাৰতক গ্ল’বেল হাবলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্য লোৱা বুলি কয়৷

বহনক্ষম, ন্যায়সংগত, সুলভ, সৰ্বাংগীন আৰু স্বচ্ছ শক্তি পৰিৱৰ্তনক আগুৱাই নিয়াৰ বাবে বিশ্বই জি-২০ গোটৰ প্ৰতি তীব্ৰ দৃষ্টিৰে চাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গ্ল’বেল ছাউথক লগত লৈ যোৱা আৰু উন্নয়নশীল দেশসমূহৰ বাবে কম খৰচী বিত্ত নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ প্ৰযুক্তিৰ ব্যৱধান দূৰ কৰাৰ উপায় বিচাৰি উলিওৱা, শক্তি সুৰক্ষাৰ প্ৰসাৰ আৰু যোগান শৃংখলৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ কামত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ভৱিষ্যতৰ বাবে ইন্ধন’ৰ ওপৰত সহযোগিতা শক্তিশালী কৰাৰো পৰামৰ্শ আগবঢ়ায় আৰু ‘হাইড্ৰজেনৰ ওপৰত উচ্চ পৰ্যায়ৰ নীতি’ সঠিক দিশত এক পদক্ষেপ বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় গ্ৰীড আন্তঃসংযোগে শক্তি সুৰক্ষা বৃদ্ধি কৰিব পাৰে আৰু ভাৰতে চুবুৰীয়া দেশসমূহৰ সৈতে এই পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ প্ৰসাৰ ঘটাইছে। “আন্তঃসংযোগী সেউজ গ্ৰীডৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাটো সালসলনি হ’ব পাৰে। ই আমাৰ সকলোকে জলবায়ুৰ লক্ষ্য পূৰণ কৰিবলৈ সক্ষম কৰিব, সেউজ বিনিয়োগক উদ্বুদ্ধ কৰিব আৰু লাখ লাখ সেউজ চাকৰি সৃষ্টি কৰিব”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ অংশগ্ৰহণকাৰী সকলো দেশকে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ গ্ৰীণ গ্ৰীডছ ইনিচিয়েটিভ-‘এক সূৰ্য, এক বিশ্ব, এক গ্ৰীড’ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৌপাশৰ যত্ন লোৱাটো প্ৰাকৃতিক বা সাংস্কৃতিক হ’ব পাৰে কিন্তু ভাৰতৰ পৰম্পৰাগত জ্ঞানেই মিছন লাইফ-পৰিৱেশৰ বাবে জীৱনশৈলীক শক্তিশালী কৰে, যিটো আন্দোলনে আমাৰ প্ৰত্যেককে জলবায়ু চেম্পিয়ন কৰি তুলিব। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে আমাৰ চিন্তা আৰু কৰ্মই সদায় আমাৰ ‘এক পৃথিৱী’ সংৰক্ষণ কৰাত সহায় কৰিব লাগিব, আমাৰ ‘এক পৰিয়াল’ৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব, আৰু আমি যিমানেই পৰিৱৰ্তন নহওঁ কিয়, সেউজ ‘এক ভৱিষ্যত’ৰ দিশত আগবাঢ়িব লাগিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰকh

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi