“শিক্ষা কেৱল সেইটো আধাৰ নহয়, যাৰ ওপৰত আমাৰ সভ্যতা গঢ় লৈ উঠিছে, বৰঞ্চ ই মানৱতাৰ ভৱিষ্যতৰ স্থাপত্যও”
“সঁচা জ্ঞানে নম্ৰতা দিয়ে, নম্ৰতাৰ পৰা যোগ্যতা, যোগ্যতাৰ পৰা ধন-সম্পত্তি, ধন-সম্পত্তিয়ে মানুহক ভাল কাম কৰিবলৈ সক্ষম কৰে আৰু ইয়েই আনন্দ কঢ়িয়াই আনে”
“আমাৰ উদ্দেশ্য হ’ব লাগিব উন্নত শাসনৰ সৈতে গুণগত শিক্ষা প্ৰদান কৰা”
“আমাৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ আমি তেওঁলোকক নিৰন্তৰ দক্ষ, পুনৰ দক্ষ আৰু দক্ষতাৰ উন্নীতকৰণৰ প্ৰয়োজন”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে পুনেত অনুষ্ঠিত জি-২০ শিক্ষামন্ত্ৰীসকলৰ বৈঠকত ভাষণ আগবঢ়ায়৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে পুনেত অনুষ্ঠিত জি-২০ শিক্ষামন্ত্ৰীসকলৰ বৈঠকত ভাষণ আগবঢ়ায়৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষা কেৱল সেইটো আধাৰ নহয়, যাৰ ওপৰত আমাৰ সভ্যতা গঢ় লৈ উঠিছে, বৰঞ্চ ই মানৱতাৰ ভৱিষ্যতৰ স্থাপত্যও৷ শিক্ষামন্ত্ৰীসকলক শ্বেৰপা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে মানৱ জাতিৰ উন্নয়ন, শান্তি আৰু সকলোৰে বাবে সমৃদ্ধিৰ বাবে কৰা প্ৰচেষ্টাত নেতৃত্ব বহন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতীয় শাস্ত্ৰত শিক্ষাৰ ভূমিকাক আনন্দ কঢ়িয়াই অনাৰ চাবিকাঠি হিচাপে বৰ্ণনা কৰা হৈছে। ‘সঁচা জ্ঞানে নম্ৰতা দিয়ে, নম্ৰতাৰ পৰা যোগ্যতা, যোগ্যতাৰ পৰা ধন-সম্পত্তি, ধন-সম্পত্তিয়ে মানুহক সৎকৰ্ম কৰিবলৈ সক্ষম কৰে আৰু এইটোৱেই আনন্দ কঢ়িয়াই আনে’ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এক সামগ্ৰিক আৰু সুদূপ্ৰসাৰী যাত্ৰাৰ দিশে আগবাঢ়িছে। শ্ৰী মোদীয়ে সজোৰে কয় যে মৌলিক সাক্ষৰতাই যুৱক-যুৱতীসকলৰ বাবে এক শক্তিশালী আধাৰ গঢ় দিয়ে আৰু ভাৰতে ইয়াক প্ৰযুক্তিৰ সৈতে সংযুক্ত কৰি আছে। তেওঁ চৰকাৰে ‘বুজিব পৰা আৰু সংখ্যাৰ সৈতে পঢ়াত দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় পদক্ষেপ’ বা ‘নিপুন ভাৰত’ পদক্ষেপৰ ওপৰত আলোকপাত কৰি জি-২০ৰ দ্বাৰাও ‘মূল সাক্ষৰতা আৰু সংখ্যা’ক অগ্ৰাধিকাৰ হিচাপে চিনাক্ত কৰাত সুখ প্ৰকাশ কৰে। ২০৩০ চনৰ ভিতৰত এই ক্ষেত্ৰত কাম কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে নতুন ই-লাৰ্নিঙক গ্ৰহণযোগ্য আৰু উদ্ভাৱনী ৰূপত ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আমাৰ উদ্দেশ্য হ’ব লাগিব উন্নত শাসনৰ সৈতে গুণগত শিক্ষা প্ৰদান কৰা। তেওঁ এই দিশত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ ওপৰত আলোকপাত কৰি ‘ষ্টাডি ৱেবছ অৱ এক্টিভ-লাৰ্নিং ফৰ ইয়ং এস্পাইৰিং মাইণ্ডছ’ বা ‘স্বয়ম’ৰ কথা উল্লেখ কৰে, যিটো অনলাইন প্লেটফৰ্মে নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে সকলো পাঠ্যক্ৰমৰ ব্যৱস্থা কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰৱেশ, সমতা আৰু গুণগত মানৰ ওপৰত গুৰুত্ব দি দূৰৈৰ পৰা শিকিবলৈ সক্ষম কৰে। “৩৪ মিলিয়নতকৈ অধিক নামভৰ্তি আৰু ৯০০০ৰো অধিক পাঠ্যক্ৰমৰ সৈতে ই এক অতি ফলপ্ৰসূ শিক্ষণ আহিলাত পৰিণত হৈছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। তেওঁ ‘জ্ঞান বিনিময়ৰ বাবে ডিজিটেল আন্তঃগাঁথনি’ বা ‘দীক্ষা পৰ্টেল’ৰ কথাও উল্লেখ কৰে যিয়ে দূৰৱৰ্তী শিক্ষাৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষা প্ৰদানৰ লক্ষ্য লৈছে। শ্ৰী মোদীয়ে জনায় যে ই ২৯টা ভাৰতীয় আৰু ৭টা বিদেশী ভাষাত শিক্ষণক সমৰ্থন কৰে আৰু এতিয়ালৈকে ১৩.৭ কোটিতকৈ অধিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে৷ শ্ৰী মোদীয়ে লগতে আঙুলিয়াই দিয়ে যে ভাৰতে এই অভিজ্ঞতা আৰু সম্পদসমূহ বিশেষকৈ গ্ল’বেল ছাউথৰ লোকসকলৰ সৈতে ভাগ-বতৰা কৰি সুখী অনুভৱ কৰিব।

আমাৰ যুৱক-যুৱতীসকলক ক্ৰমান্বয়ে দক্ষ, পুনৰ দক্ষ আৰু দক্ষতা উন্নত সাধন কৰি ভৱিষ্যতৰ বাবে সাজু কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ দক্ষতাক বিকশিত কৰ্মশৈলী আৰু পদ্ধতিৰ সৈতে সমন্বয় সাধন কৰাত গুৰুত্ব আৰোপ কৰে। ভাৰতত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমি দক্ষতা মেপিঙৰ কাম হাতত লৈছো য’ত শিক্ষা, দক্ষতা আৰু শ্ৰম মন্ত্ৰালয়ে এই পদক্ষেপৰ ওপৰত একেলগে কাম কৰি আছে। শ্ৰী মোদীয়ে জি-২০ দেশসমূহে বিশ্ব পৰ্যায়ত দক্ষতা মেপিঙৰ কাম হাতত ল’ব পাৰে আৰু প্লাগ ইন কৰিবলগীয়া ব্যৱধান বিচাৰি উলিয়াব পাৰে বুলিও পৰামৰ্শ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে ডিজিটেল প্ৰযুক্তিয়ে সমতাকাৰী হিচাপে কাম কৰে আৰু সামগ্ৰিক ব্যৱস্থাক প্ৰসাৰিত কৰে বুলি কয়৷ শিক্ষাৰ সুবিধা বৃদ্ধি আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ লগত খাপ খুৱাই লোৱাৰ ক্ষেত্ৰত ই এক বহুগুণসম্পন্ন শক্তি বুলিও তেওঁ উল্লেখ কৰে। তেওঁ শিক্ষণ, দক্ষতা আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা প্ৰদান কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ সম্ভাৱনাৰ কথা উনুকিয়াই৷ তেওঁ প্ৰযুক্তিয়ে সৃষ্টি কৰা সুযোগ আৰু প্ৰত্যাহ্বানৰ মাজত সঠিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত জি-২০ৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

গৱেষণা আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে সমগ্ৰ দেশতে দহ হাজাৰ ‘অটল টিংকাৰিং লেব’ স্থাপন কৰিছে, যি আমাৰ স্কুলীয়া ল’ৰা-ছোৱালীৰ বাবে গৱেষণা আৰু উদ্ভাৱন নাৰ্চাৰী হিচাপে কাম কৰে। তেওঁ জনোৱা মতে এই পৰীক্ষাগাৰসমূহত ৭৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে ১২ লাখতকৈ অধিক উদ্ভাৱনী প্ৰকল্পৰ কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে নিজ নিজ শক্তিৰে জি-২০ দেশসমূহে বিশেষকৈ গ্ল’বেল ছাউথত গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ বিশিষ্ট ব্যক্তিসকলক গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ পথ সৃষ্টি কৰিবলৈ আহ্বান জনায়।

আমাৰ শিশু আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি জি-২০ শিক্ষামন্ত্ৰী বৈঠকৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে গোটটোৱে সেউজ পৰিৱৰ্তন, ডিজিটেল ৰূপান্তৰ আৰু মহিলা সৱলীকৰণক বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ত্বাৰক হিচাপে চিনাক্ত কৰিছে। “এই সকলো প্ৰচেষ্টাৰ মূলতে শিক্ষা আছে”, বৈঠকৰ ফলাফল সৰ্বাংগীন, কৰ্মমুখী আৰু ভৱিষ্যতৰ বাবে সাজু শিক্ষাৰ কাৰ্যসূচী হ’ব বুলি আশা প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে “এইটোৱে বসুধৈৱ কুটুম্বকম-এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ প্ৰকৃত মনোভাৱেৰে সমগ্ৰ বিশ্বক উপকৃত কৰিব”,  বুলি ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi