"কাশী বহু শতাব্দী ধৰি জ্ঞান, চৰ্চা, বিতৰ্ক, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰ হৈ আহিছে"
"বহনক্ষম উন্নয়নৰ লক্ষ্যবোৰ পিছ পৰিবলৈ নিদিয়াটো হৈছে জনসাধাৰণৰ সামূহিক দায়িত্ব"
"আমি এশৰো অধিক ‘উচ্চাকাংক্ষী’ জিলাত মানুহৰ জীৱন উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাইছো, যিবোৰ উন্নয়ণহীনতাত পতিত আছিল"
"ডিজিটেল’কৰণে এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে য'ত প্ৰযুক্তিক মানুহৰ সবলীকৰণ, তথ্য সুলভ কৰা আৰু অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ এক সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছে"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘জি-২০ উন্নয়ন মন্ত্ৰী’সকলৰ বৈঠকত ভাষণ প্ৰদান কৰে।
তেওঁ লগতে কয় যে ‘গোলকীয় দক্ষিণ’-য়ে ইয়াক লাভ কৰাৰ বাবে প্ৰয়োজনীয় কাৰ্য পৰিকল্পনাৰ বিষয়ে বিশ্বলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব লাগিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' বাৰ্তা’ৰ জৰিয়তে ‘জি-২০ উন্নয়ন মন্ত্ৰী’সকলৰ বৈঠকত ভাষণ প্ৰদান কৰে।

সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ‘গণতন্ত্ৰৰ মাতৃ’ৰ আটাইতকৈ পুৰণি ‘জীৱিত চহৰ’ বাৰাণসীলৈ সকলোকে আদৰণি জনায়। কাশীৰ তাৎপৰ্য সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বহু শতাব্দী ধৰি জ্ঞান, চৰ্চা, বিতৰ্ক, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। আনহাতে ইয়াত ভাৰতৰ বিবিধ ঐতিহ্যৰ সাৰাংশ আছে যি দেশৰ সকলো প্ৰান্তৰ লোকৰ বাবে এক একত্ৰীকৰণ বিন্দু হিচাপে কাম কৰে। শ্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে যে ‘জি-২০ উন্নয়নৰ কাৰ্যসূচী’ কাশী পৰ্যন্ত উপনীত হৈছেহি।

"উন্নয়ন হৈছে ‘গোলকীয় দক্ষিণ’ৰ বাবে এক মূল বিষয়," প্ৰধানমন্ত্ৰীয়ে এই মন্তব্য কৰি কয় যে বিশ্বজোৰা কভিড মহামাৰীৰ ফলত সৃষ্টি হোৱা ব্যাঘাতৰ ফলত বিশ্বৰ দক্ষিণৰ দেশসমূহ গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। ইফালে খাদ্য, ইন্ধন আৰু সাৰৰ সংকটৰ বাবে দায়ী হৈছে ভূ-ৰাজনৈতিক উত্তেজনা। এনে পৰিস্থিতিত আপোনালোকে লোৱা সিদ্ধান্তসমূহ সামগ্ৰিকভাৱে মানৱতাৰ বাবে গুৰুত্বপূৰ্ণ আছিল বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ পিছপৰি থাকিবলৈ নিদিয়াটো হৈছে জনসাধাৰণৰ সামূহিক দায়িত্ব। তেওঁ লগতে কয় যে ‘গোলকীয় দক্ষিণ’-য়ে ইয়াক লাভ কৰাৰ বাবে প্ৰয়োজনীয় কাৰ্য পৰিকল্পনাৰ বিষয়ে বিশ্বলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব লাগিব।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আমাৰ প্ৰচেষ্টা ব্যাপক, সামগ্ৰিক, নিৰপেক্ষ আৰু বহনক্ষম হ'ব লাগিব আৰু এছডিজি পূৰণৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰাৰ লগতে বহুতো দেশে সন্মুখীন হোৱা ঋণৰ বিপদাশংকাৰ মোকাবিলা কৰাৰ বাবে সমাধান বিচাৰি উলিওৱাৰ চেষ্টা কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বহুপাক্ষিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ কৰা উচিত যাতে প্ৰয়োজনীয় লোকসকলৰ বাবে বিত্ত সুলভ হয়। ভাৰতত প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে, আমি এশৰো অধিক উচ্চাকাংক্ষী জিলাত মানুহৰ জীৱন উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাইছো যিবোৰ উন্নয়ণহীনাত পতিত আছিল। তেওঁ উল্লেখ কৰে যে এই ‘উচ্চাকাংক্ষী’ জিলাসমূহে এতিয়া দেশৰ বিকাশৰ অনুঘটক হিচাপে আত্মপ্ৰকাশ কৰিছে, সেয়েহে তেওঁ ‘জি-২০ উন্নয়ন মন্ত্ৰীসকল’ক উন্নয়নৰ এই আৰ্হিটো অধ্যয়ন কৰিবলৈ আহ্বান জনায়। "আপোনালোকৰ ‘কৰ্মসূচী ২০৩০’ ত্বৰান্বিত কৰাৰ দিশত কাম কৰাৰ বাবে ই প্ৰাসংগিক হ'ব পাৰে,"  তেওঁ লগতে কয়।

 

বৰ্ধিত তথ্য বিভাজনৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থপূৰ্ণ নীতি নিৰ্ধাৰণ, সম্পদৰ দক্ষ  আৱণ্টন আৰু কাৰ্যকৰী ৰাজহুৱা সেৱা প্ৰদানৰ বাবে উচ্চ মানৰ তথ্য গুৰুত্বপূৰ্ণ। তেওঁ কয় যে প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণ তথ্য-বিভাজন দূৰ কৰাত সহায় কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ সঁজুলি। প্ৰধানমন্ত্ৰীয়ে বৰ্ণনা কৰে যে ভাৰতত ডিজিটেলকৰণে এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে য'ত প্ৰযুক্তিক মানুহৰ সবলীকৰণ, তথ্য সুলভ কৰা আৰু অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ বাবে এক সঁজুলি হিচাপে ব্যৱহাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে অংশীদাৰ দেশসমূহৰ সৈতে ইয়াৰ অভিজ্ঞতাসমূহৰ ভাগ বাটোৱাৰা কৰিবলৈ ইচ্ছুক আৰু তেওঁ আশা ব্যক্ত কৰে যে আলোচনাৰ ফলত উন্নয়নশীল দেশসমূহত আলোচনা, উন্নয়ন আৰু বিতৰণৰ বাবে তথ্য ৰক্ষাৰ বাবে স্পষ্ট পদক্ষেপ লোৱা হ'ব।

"ভাৰতত আমি নদী, গছ, পৰ্বত আৰু প্ৰকৃতিৰ সকলো উপাদানৰ প্ৰতি যথেষ্ট সন্মান প্ৰদৰ্শন কৰি আহিছো," বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে পৰম্পৰাগত ভাৰতীয় চিন্তাধাৰা সন্দৰ্ভত আলোকপাত কৰে যিয়ে এক ‘গ্ৰহ-অনুকূল জীৱনশৈলী’ক উত্সাহিত কৰে। যোৱা বছৰ ‘ৰাষ্ট্ৰসংঘ’ৰ ‘মহাসচিব’ৰ সৈতে প্ৰধানমন্ত্ৰীয়ে ‘মিছন লাইফ’ আৰম্ভ কৰাৰ কথা স্মৰণ কৰে আৰু আনন্দ প্ৰকাশ কৰে যে এই গোটে উচ্চ-পৰ্যায়ৰ নীতিসমূহৰ এক গোট বিকশিত কৰাৰ বাবে কাম কৰি আছে। "জলবায়ু সংক্ৰান্তীয় কাৰ্যত ই এক গুৰুত্বপূৰ্ণ অৱদান হ'ব" বুলি তেওঁ লগতে কয়।

 

‘এছডিজি’-ত উপনীত হোৱাৰ ক্ষেত্ৰত লিংগ সমতা আৰু মহিলা সৱলীকৰণৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘ভাৰতৰ প্ৰয়াস মহিলা সৱলীকৰণত সীমাবদ্ধ নহয়, বৰং মহিলা-নেতৃত্বাধীন উন্নয়নলৈ বিস্তৃত’। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মহিলাসকলে উন্নয়নৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰাৰ লগতে বিকাশ আৰু পৰিৱৰ্তনৰ অনুঘটক হিচাপেও কাম কৰি আছে। তেওঁ সকলোকে মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে এক ‘পট পৰিৱৰ্তনকাৰী’ কাৰ্য পৰিকল্পনা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ কালজয়ী পৰম্পৰাৰ দ্বাৰা কাশীৰ আত্মা শক্তিশালী হৈছে। শ্ৰী মোদীয়ে বিশিষ্ট ব্যক্তিসকলক সভাকক্ষতে তেওঁলোকৰ সকলো সময় অতিবাহিত নকৰিবলৈ আহ্বান জনায়, আৰু তেওঁলোকক কাশীৰ আত্মা অন্বেষণ আৰু অভিজ্ঞতা লাভ কৰিবলৈ উৎসাহিত কৰে। "মই নিশ্চিত যে গংগা আৰতিৰ অভিজ্ঞতা আৰু সাৰনাথ ভ্ৰমণে আপোনালোকক আপোনালোকৰ আকাংক্ষিত ফল প্ৰাপ্ত কৰিবলৈ অনুপ্ৰাণিত কৰিব" বুলি ভাষণৰ সামৰণি মাৰে প্ৰধানমন্ত্ৰীয়। শ্ৰী মোদীয়ে ‘কৰ্মসূচী ২০৩০’ৰ প্ৰচাৰ আৰু ‘গোলকীয় দক্ষিণ’ৰ আশা-আকাংক্ষা পূৰণৰ বাবে আলোচনাৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry

Media Coverage

How PLI schemes, design in India and manufacturing excellence are transforming the architectural lighting industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 জুলাই 2026
July 28, 2026

From Factories to Space & High-Speed Rail: How PM Modi’s Vision is Rewiring India’s Future