"ভাৰতে পৃথিৱীক দেখুৱালে যে দুৰ্যোগক সুযোগত কেনেকৈ পৰিণত কৰিব পাৰি"
"এশ বছৰত অহা সৰ্ববৃহৎ সংকটৰ সময়ত, ভাৰতে যি সামৰ্থ্য দেখুৱালে, তাৰ অধ্যয়ন কৰি এশ বছৰৰ পাছত মানৱতায়ো নিজৰ ওপৰত গৌৰৱ কৰিব"
"আমি নিৰ্ণয় কৰিছো যে ২০১৪ৰ পাছৰ শাসনৰ প্ৰতিটো উপাদানৰ ওপৰত পুনৰ কল্পনা কৰিম, তাৰ কায়াকল্প কৰিম"
"আমি ইয়াৰ ওপৰত পুনৰ কল্পনা কৰিলো যে চৰকাৰে দুখীয়াৰ সবলীকৰণৰ বাবে কল্যাণ আদায়ক কেনেকৈ সংশোধন কৰিব"
"চৰকাৰৰ মনোযোগ দুখীয়াক সবল কৰা, যাতে তেওঁলোকে দেশৰ দ্ৰুত বিকাশত নিজৰ সম্পূৰ্ণ ক্ষমতাৰে যোগদান কৰিব পাৰে"
"আমাৰ চৰকাৰে এতিয়ালৈকে বিভিন্ন যোজনাৰ জৰিয়তে ডিবিটিৰ মাধ্যমত ২৮ লাখ কোটি টকা হস্তান্তৰ কৰিছে"
"আমি আন্তঃগাঁথনিক খণ্ড খণ্ডকৈ চোৱাৰ প্ৰৱণতা বন্ধ কৰিলো আৰু আন্তঃগাঁথনিৰ পৰিকল্পনা এক ভব্য ৰণনীতি হিচাপে কৰিবলৈ আৰম্ভ কৰিলো"
"যোৱা ন বছৰত প্ৰায় ৩.৫ লাখ কিলোমিটাৰ গ্ৰামীণ পথ আৰু ৮০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে"
"মেট্ৰো পথৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত আজি ভাৰত পঞ্চম নম্বৰত আছে আৰু শীঘ্ৰেই তৃতী
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ হোটেল তাজ পেলেচত ইকনমিক টাইমছ গ্লোবেল বিজনেছ ছামিটত ভাষণ দিয়ে।
বছৰত অহা সবাতোকৈ ডাঙৰ সংকটৰ সময়ত ভাৰতে যি সামৰ্থ্য দেখুৱালে, তাৰ অধ্যয়ন কৰি এশ বছৰ পাছত মানৱতায়ো নিজৰ ওপৰত গৌৰৱ কৰিব।"
আমি পুনৰ পৰিকল্পনা কৰো যে কেনেকৈ চৰকাৰে অধিক ফলপ্ৰসু ৰূপত আন্তঃগাঁথনিৰ সৃষ্টি কৰিব পাৰে।
যোৱা চাৰেতিনি বছৰত নলেৰে পানী যোগানত আঠ কোটি কানেকচন সংযুক্ত হৈছে।
আজি মেট্ৰো পথৰ দৈৰ্ঘ্যৰ সন্দৰ্ভত ভাৰত পঞ্চম নম্বৰত আছে আৰু শীঘ্ৰেই তৃতীয় নম্বৰত উপনীত হ'ব।
তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত প্ৰায় এক লাখ টন চিঅ'2ৰ উৎসৰ্জন কম হ'ল।

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ হোটেল তাজ পেলেচত ইকনমিক টাইমছ গ্লোবেল বিজনেছ ছামিটত ভাষণ দিয়ে।

উপস্থিত লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তিনি বছৰৰ আগতে যেতিয়া তেওঁ ইটি গ্লোবেল বিজনেছ ছামিটলৈ আহিছিল, তেতিয়াৰ পৰা এতিয়ালৈকে বহুত পৰিৱৰ্তন হৈছে। তেওঁ স্মৰণ কৰে যে যোৱা ছামিটৰ তিনি দিনৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই কোভিডক মহামাৰী ঘোষিত কৰিছিল আৰু সমগ্ৰ পৃথিৱী তথা ভাৰতত দ্ৰুতগতিত গভীৰ পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে 'এণ্টি-ফ্ৰেজাইল,' অৰ্থাৎ এক ধৰণৰ ব্যৱস্থাৰ অৱধাৰণাৰ ওপৰত চৰ্চা আৰম্ভ হয়, যি কেৱল বিপৰীত পৰিস্থিতিত আৱদ্ধ হৈ থকাই নহয়, বৰং সেই বিপৰীত পৰিস্থিতিক ব্যৱহাৰ কৰি শক্তিশালী হৈ ভুমুকি মৰাৰ অৱধাৰণা। তেওঁ কয় যে দুৰ্যোগত সুযোগৰ এই অৱধাৰণাই ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পৰ বাবে তেওঁক অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে যুদ্ধ আৰু প্ৰাকৃতিক দুৰ্যোগৰ এই তিনি বছৰত ভাৰত আৰু ভাৰতীয়ই নিজৰ দৃঢ় সংকল্প দেখুৱালে। তেওঁ কয়, "ভাৰতে পৃথিৱীক দেখুৱালে যে দুৰ্যোগক সুযোগত কেনেকৈ পৰিণত কৰিব পাৰি। য'ত আগতে 'ফ্ৰেজাইল ফাইভ'ৰ কথা কোৱা হৈছিল এতিয়া ভাৰতৰ পৰিচয় এণ্টি-ফ্ৰেজাইল হিচাপে কৰা হয়। ভাৰতে পৃথিৱীক দেখুৱাই দিলে যে কেনেকৈ দুৰ্যোগক সুযোগত পৰিণত কৰিব পাৰি। বছৰত অহা সবাতোকৈ ডাঙৰ সংকটৰ সময়ত ভাৰতে যি সামৰ্থ্য দেখুৱালে, তাৰ অধ্যয়ন কৰি এশ বছৰ পাছত মানৱতায়ো নিজৰ ওপৰত গৌৰৱ কৰিব।"

এই বছৰৰ ছামিটৰ বিষয়বস্তু 'ৰি-ইমাজিন বিজনেছ, ৰি-ইমাজিন দ্য ৱৰ্ল্ড'ৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ২০১৪ত বৰ্তমানৰ চৰকাৰে দেশসেৱাৰ সুযোগ পায়, তেতিয়া কেনেকৈ পুনৰ পৰিকল্পনাই আকাৰ ল'বলৈ আৰম্ভ কৰিছিল। তেওঁ সেই কঠিন সময়ক স্মৰণ কৰে যেতিয়া দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ কাৰণে দুখীয়াৰ অধিকাৰ বিলুপ্ত হোৱাৰ ঘটনা, বংশবাদৰ বেদীত যুৱক-যুৱতীৰ হিতৰ বলি দিয়া, ভাই-ভতিজাবাদ আৰু নীতিগত অপাৰগতাৰ বাবে পৰি থকা পৰিকল্পনাৰ কাৰণে দেশৰ প্ৰতিষ্ঠাৰ ওপৰত চেকা লাগিছিল। তেওঁ কয়, "সেয়ে আমি চৰকাৰৰ প্ৰত্যেক তত্ত্বৰ পুনৰ পৰিকল্পনা, পুনৰ আৱিস্কাৰৰ সিদ্ধান্ত লওঁ। আমি এই পৰিকল্পনা পুনৰ কৰো যে কেনেকৈ দুখীয়াক সবল কৰিবলৈ কল্যাণ যোজনাৰ লাভ তেওঁলোকৰ ওচৰলৈ লৈ যোৱা যায়। আমি পুনৰ পৰিকল্পনা কৰো যে কেনেকৈ চৰকাৰে অধিক ফলপ্ৰসু ৰূপত আন্তঃগাঁথনিৰ সৃষ্টি কৰিব পাৰে। আমি পুনৰ পৰিকল্পনা কৰো যে দেশৰ নাগৰিকৰ সৈতে চৰকাৰৰ কেনেকুৱা সম্পৰ্ক হোৱা দৰকাৰ।"

প্ৰধানমন্ত্ৰীয়ে কল্যাণকাৰী যোজনাৰ লাভ আদায় দিয়া আৰু বেংক একাউণ্টলৈ লাভ হস্তান্তৰ, ঋণ, আৱাস, সম্পত্তিৰ ওপৰত মালিকানা, শৌচাগাৰ, বিদ্যুৎ, ৰন্ধনৰ বাবে স্বচ্ছ ইন্ধনৰ বিষয়ে গভীৰ চিন্তাৰে কাম কৰা হয়। তেওঁ কয়, "চৰকাৰৰ মনোযোগ দুখীয়াক সবল কৰাৰ ওপৰত আছিল, যাতে তেওঁলোকে দেশৰ দ্ৰুত বিকাশত নিজৰ সম্পূৰ্ণ ক্ষমতাৰে যোগদান কৰিব পাৰে।" প্ৰত্যক্ষ লাভ হস্তান্তৰৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধীৰ বক্তব্য উল্লেখ কৰে যে লক্ষিত লাভাৰ্থীলৈ এটকাৰ পৰা কেৱল ১৫ পইচাহে পায়গৈ। তেওঁ কয়, "আমাৰ চৰকাৰে এতিয়ালৈকে বিভিন্ন যোজনাৰ জৰিয়তে ডিবিটিৰ মাধ্যমত ২৮ লাখ কোটি টকা হস্তান্তৰ কৰিছে। যদি ৰাজীৱ গান্ধীৰ কথা আজিও সঁচা হ'ল হেঁতেন, তেন্তে ৮৫ শতাংশ, অৰ্থাৎ ২৪ লাখ কোটি টকা তো লুণ্ঠন হ'ল হেঁতেন। কিন্তু আজি সেই সকলো দুখীয়াৰ কাষ পাইছেগৈ।"

প্ৰধানমন্ত্ৰীয়ে কয় যে নেহৰু জীয়েও এই কথা জানিছিল যে প্ৰত্যেক ভাৰতীয়ই শৌচাগাৰৰ সুবিধা পোৱাৰ অৰ্থ হৈছে ভাৰত বিকাশৰ এক নতুন উচ্চতাত উপনীত হৈছে। শ্ৰী মোদীয়ে কয় যে ২০১৪ৰ পাছত গ্ৰামীণ ক্ষেত্ৰত স্বচ্ছতাৰ পৰিসৰ পূৰ্বৰ ৪০ শতাংশৰ পৰা বঢ়াই ১০০ শতাংশ কৰা হয়, তেতিয়াৰ পৰা এতিয়ালৈকে ১০ কোটি শৌচাগাৰৰ নিৰ্মাণ কৰা হৈছে।

আকাংক্ষী জিলাৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ত ১০০ৰো অধিক পিছপৰা জিলা আছিল। তেওঁ কয়, "নিজৰ পশ্চাৎপদতাৰ এই অৱধাৰণাক নতুন চিন্তা দিয়া হয় আৰু এই জিলাসমূহক আকাংক্ষী জিলাত পৰিণত কৰা হয়।" প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশৰ আকাংক্ষী জিলা ফতেহপুৰত সংস্থাগত যোগানত ৪৭ শতাংশৰ পৰা ৯১ শতাংশৰ বৃদ্ধিৰ দৰে অনেক উদাহৰণ দিয়ে। মধ্যপ্ৰদেশৰ আকাংক্ষী জিলা বৰৱাণীত সকলো ধৰণৰ টীকা লগোৱা শিশুৰ সংখ্যা ৪০ শতাংশৰ পৰা বাঢ়ি ৯০ শতাংশ হয়গৈ। মহাৰাষ্ট্ৰৰ আকাংক্ষী জিলা ৱাছিমত ২০১৫ চনত, টিবি চিকিৎসাৰ সফলতাৰ হাৰ ৪৮ শতাংশৰ পৰা বাঢ়ি প্ৰায় ৯০ শতাংশ হয়গৈ। কৰ্ণাটকৰ আকাংক্ষী জিলা য়াদগিৰত ব্ৰডবেণ্ড কানেক্টিভিটী থকা গাঁও পঞ্চায়তৰ সংখ্যা ২০ শতাংশৰ পৰা বাঢ়ি ৮০ শতাংশ হয়গৈ। প্ৰধানমন্ত্ৰীয়ে কয়, "এনে কেইবাটাও মানদণ্ড আছে, যাৰ মতে আকাংক্ষী জিলাৰ পৰিসৰ সম্পূৰ্ণ দেশৰ গড়তকৈ উন্নত হৈ গৈ আছে।" স্বচ্ছ জল যোগানৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ত কেৱল তিনি কোটি পানীৰ কানেকচন আছিল। যোৱা চাৰেতিনি বছৰত নলেৰে পানী যোগানত আঠ কোটি কানেকচন সংযুক্ত হৈছে।

এনেকৈ আন্তঃগাঁথনিতো, ৰাজনৈতিক মহত্বাকাংক্ষাক দেশৰ আৱশ্যকতাৰ ওপৰত আগস্থান দিয়া হৈছিল আৰু আন্তঃগাঁথনিক কেতিয়াও শক্তিশালী কৰা নহৈছিল। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি আন্তঃগাঁথনিক খণ্ড খণ্ডত চোৱাৰ প্ৰৱণতা বন্ধ কৰিলো আৰু আন্তঃগাঁথনিৰ নিৰ্মাণক এক ভব্য ৰণনীতিৰ ৰূপত নতুন চিন্তা দিলো। আজি ভাৰতত ৩৮ কিলোমিটাৰ দৈনিক গতিত ঘাইপথ নিৰ্মাণ হৈ আছে আৰু প্ৰতিদিন পাঁচ কিলোমিটাৰৰ অধিক ৰে'ল লাইন স্থাপন কৰি থকা হৈছে। আমাৰ বন্দৰৰ ক্ষমতা অহা দুবছৰত ৩০০০ এমটিপিএলৈকে হ'বগৈ। ২০১৪ চনৰ তুলনাত চলিত বিমান বন্দৰৰ সংখ্যা ৭৪ৰ পৰা বাঢ়ি ১৪৭টা হৈছেগৈ। এই ন বছৰত প্ৰায় চাৰেতিনি লাখ কিলোমিটাৰ গ্ৰামীণ পথ নিৰ্মাণ কৰা হৈছে। প্ৰায় ৮০ হাজাৰ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈছে। এই ন বছৰত তিনি কোটি দুখীয়াৰ বাবে ঘৰ বনোৱা হৈছে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত মেট্ৰো নিৰ্মাণৰ বিশেষজ্ঞতা ১৯৮৪ৰ পৰাই মজুত আছিল, কিন্তু ২০১৪লৈকে প্ৰতি মাহত কেৱল আধা কিলোমিটাৰ মেট্ৰো লাইন প্ৰসাৰিত হৈছিল। ইয়াক বঢ়াই এতিয়া প্ৰতি মাহত ছয় কিলোমিটাৰ কৰা হৈছে। আজি মেট্ৰো পথৰ দৈৰ্ঘ্যৰ সন্দৰ্ভত ভাৰত পঞ্চম নম্বৰত আছে আৰু শীঘ্ৰেই তৃতীয় নম্বৰত উপনীত হ'ব।

প্ৰধানমন্ত্ৰীয়ে কয়, "আজি পিএম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লানে আন্তঃগাঁথনি নিৰ্মাণক তো গতি দিয়েই আছে, বৰং সি ক্ষেত্ৰ বিকাশ আৰু জন বিকাশৰ ওপৰতো জোৰ দি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনিৰ মানচিত্ৰ তৈয়াৰ ১৬০০ৰো অধিক ডেটা লেয়াৰ্ছ আছে, যি গতিশক্তি প্লেটফৰ্মত উপলব্ধ। তেওঁ কয় যে ভাৰতৰ এক্সপ্ৰেছ-ৱে হওক বা অন্য আন্তঃগাঁথনিয়েই হওক, সেই সকলোকে কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে সংযুক্ত কৰা হৈছে, যাতে সবাতোকৈ কম আৰু সবাতোকৈ অধিক ফলপ্ৰসু পথ নিৰ্ণয় কৰিব পৰা যায়। তেওঁ কয় যে এটা ক্ষেত্ৰত জনসংখ্যাৰ সঘনতা আৰু স্কুলৰ উপলব্ধতাৰো মানচিত্ৰ তৈয়াৰ কৰিব পৰা যায়। তেওঁ কয় যে প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে স্কুলসমূহক সেই ক্ষেত্ৰত নিৰ্মাণ কৰিব পৰা যায়, য'ত তাৰ প্ৰয়োজন থাকে, ইয়াৰ পৰিৱৰ্তে যে তাৰ নিৰ্মাণ দাবী বা ৰাজনৈতিক চিন্তাৰ জৰিয়তে কৰা যায়।

ভাৰতৰ বিমানন ক্ষেত্ৰত বুনিয়াদী আন্তঃগাঁথনিৰ পুনৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে আগতে, বিমান ক্ষেত্ৰৰ এটা ডাঙৰ অংশ প্ৰতিৰক্ষাৰ বাবে প্ৰতিবন্ধিত আছিল, যাৰ ফলত উৰা জাহাজক নিজৰ গন্তব্য স্থানত পাবলৈ অধিক সময় লাগিছিল। এই সমস্যাৰ সমাধান বিচাৰিবলৈ, প্ৰধানমন্ত্ৰীয়ে বিস্তাৰিত ৰূপত কয় যে চৰকাৰে সশস্ত্ৰ বাহিনীৰ সৈতে কাম কৰে, যাৰ পৰিণতিত আজি নাগৰিক বিমানৰ অহা-যোৱাৰ বাবত ১২৮টা বিমান পথ মুকলি কৰা হৈছে। ইয়াৰ ফলত উড়ণ পথ সৰু হৈ গ'ল, যাৰ ফলত সময় আৰু ইন্ধন দুয়োটা ৰাহি হ'ল। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত প্ৰায় এক লাখ টন চিঅ'2ৰ উৎসৰ্জন কম হ'ল।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ভাৰতে ভৌতিক আৰু সামাজিক আন্তঃগাঁথনিৰ বিকাশৰ এক নতুন মডেল পৃথিৱীৰ সন্মুখত ৰাখিছে, য'ত ভাৰতৰ ডিজিটেল বুনিয়াদী আন্তঃগাঁথনি ইয়াৰ এটা সংযুক্ত উদাহৰণ। যোৱা ন বছৰৰ অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত ছয় লাখ কিলোমিটাৰৰ অধিক অপ্টিকেল ফাইবাৰ বিয়পোৱা হৈছে, মোবাইল নিৰ্মাণ সংস্থাৰ সংখ্যা কেইবাগুণ বাঢ়ি গ'ল আৰু দেশত ইণ্টাৰনেট ডেটাৰ দাম ২৫গুণ কম হৈ গ'ল, যি পৃথিৱীত সবাতোকৈ সস্তা। তেওঁ কয় যে ২০১২ত বিশ্বজনীন মোবাইল ডেটা ট্ৰেফিকত ভাৰতৰ যোগদান দুই শতাংশ আছিল, ইয়াৰ বিপৰীতে পশ্চিমীয়া বজাৰৰ যোগদান ৭৫ শতাংশ আছিল, কিন্তু ২০২২ত, ভাৰতৰ বিশ্বজনীন মোবাইল ডেটা ট্ৰেফিকত ২১ শতাংশ অংশ হৈ গৈছিল, ইয়াৰ বিপৰীতে উত্তৰ আমেৰিকা আৰু ইউৰোপ কেৱল এক চতুৰ্থাংশত সীমিত আছিল। তেওঁ লগতে কয় যে আজি, পৃথিৱীৰ বাস্তৱিক সময়ৰ ডিজিটেল উপভোগৰ ৪০ শতাংশ ভাৰতত হয়।

অতীতৰ চৰকাৰৰ প্ৰচলিত 'মা-দেউতা' সংস্কৃতিৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকল লোকে শাসন কৰিলে, তেওঁলোকে নিজৰেই দেশৰ নাগৰিকৰ মাজত মালিকৰ দৰে ব্যৱহাৰ কৰিছিল। তেওঁ লগতে কয় যে ইয়াক 'পৰিয়ালবাদ' আৰু 'ভাই-ভতিজাবাদ'ৰ সৈতে সনা-পোতোকা কৰিব নালাগিছিল। সেই সময়ৰ অদ্ভুত পৰিৱেশৰ ওপৰত আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে স্থিতি এনেকুৱা আছিল যে চৰকাৰে নিজৰ নাগৰিকসকলক সন্দেহৰ চকুৰে চাইছিল, লাগে তেওঁলোকে একোৱেই নকৰক। তেওঁ লগতে কয় যে নাগৰিকে কিবা কৰাৰ আগতে চৰকাৰৰ পৰা অনুমতি ল'ব লাগিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত চৰকাৰ আৰু নাগৰিকৰ মাজত পাৰস্পৰিক অবিশ্বাস আৰু সন্দেহৰ পৰিৱেশ সৃষ্টি হ'ল। প্ৰধানমন্ত্ৰীয়ে বিস্তাৰিত ৰূপত কয় যে ২০১৪ৰ পাছত 'চৰকাৰ-প্ৰথম' মানসিকতাক 'জন-প্ৰথম' দৃষ্টিভংগীৰ ৰূপত পুনৰ কল্পনা কৰা হয় আৰু চৰকাৰে নিজৰ নাগৰিকৰ ওপৰত ভৰষা কৰাৰ সিদ্ধান্তৰ ওপৰত কাম সলনি হৈ গ'ল। প্ৰধানমন্ত্ৰীয়ে স্ব-সত্যাপণ, তলৰ পৰ্যায়ৰ চাকৰিৰ পৰা সাক্ষাৎকাৰ সমাপ্ত কৰা, সৰু অৰ্থনৈতিক অপৰাধক অপৰাধৰ শ্ৰেণীৰ পৰা বাহিৰ কৰা, জন বিশ্বাস বিধেয়ক, জামিন বিহীন ঋণ আৰু চৰকাৰৰ এমএছএমইৰ বাবে জামিনদাৰ হোৱাৰ উদাহৰণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, "প্ৰত্যেক কাৰ্যক্ৰম আৰু নীতিত মানুহৰ ওপৰত ভৰষা কৰা আমাৰ মন্ত্ৰ হৈ আছে।"

কৰ সংগ্ৰহৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৩-১৪ত দেশৰ সকলো কৰ ৰাজহ প্ৰায় ১১ লাখ কোটি টকা আছিল, কিন্তু ২০২৩-২৪ত ইয়াৰ ৩৩ লাখ কোটি টকাৰ অধিক হোৱাৰ অনুমান আছে। প্ৰধানমন্ত্ৰীয়ে সকলো কৰ ৰাজহ বৃদ্ধিৰ শ্ৰেয় কৰ কম হোৱাক দিয়ে আৰু কয়, "ন বছৰত সমগ্ৰ কৰ ৰাজহ তিনিগুণ বৃদ্ধি হৈছে আৰু এয়া তেতিয়াই হয় যেতিয়া আমি কৰৰ নিৰিখ হ্ৰাস কৰিলো।" প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়া আপুনি তেওঁলোকৰ ওপৰত ভৰষা কৰে তেতিয়া মানুহে আপোনাৰ ওপৰত ভৰষা কৰে।" তেওঁ অপৰোক্ষ মূল্যাংকনৰ কথাও উল্লেখ কৰে য'ত প্ৰক্ৰিয়াসমূহ সৰল কৰাৰ প্ৰয়াস কৰি থকা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে যে আয়কৰ ৰিটাৰ্ণ আগতে গড়ে ৯০ দিনত সংসাধিত কৰা হৈছিল, আৰু কয় যে আয়কৰ বিভাগে এই বছৰ ৬.৫ কোটিৰ অধিক ৰিটাৰ্ণৰ প্ৰক্ৰিয়াকৰণ কৰে। এই সময়ছোৱাত তিনি ঘণ্টাৰ ভিতৰত ২৪ কোটি ৰিটাৰ্ণৰ প্ৰক্ৰিয়াকৰণ কৰা হৈছিল আৰু কেইদিনমানৰ ভিতৰত ধন ওভতাই দিয়া হৈছিল।

প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰে যে ভাৰতৰ সমৃদ্ধি বিশ্বৰ সমৃদ্ধি আৰু ভাৰতৰ বিকাশ বিশ্বৰ বিকাশ। তেওঁ এই কথাৰ ওপৰত জোৰ দিয়ে যে জি20ৰ বাবে বাছনি কৰা এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ বিষয়ত পৃথিৱীৰ কেইবাটাও প্ৰত্যাহ্বানৰ সমাধান অন্তৰ্ভুক্ত আছে। তেওঁ কয় যে উমৈহতীয়া সংকল্প লৈ আৰু সকলোৰে হিতৰ ৰক্ষা কৰিহে পৃথিৱী উন্নত হ'ব পাৰে। তেওঁ কয়, "এই দশক আৰু অহা ২৫ বছৰ ভাৰতত অভূতপূৰ্ব বিশ্বাস প্ৰতিপন্ন কৰাৰ কাল।" সম্বোধন সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 'সবকে প্ৰয়াস'ৰেহে ভাৰতৰ লক্ষ্য দ্ৰুতগতিত আহৰণ কৰিব পৰা যাব। তেওঁ উপস্থিত সকলো লোকক ভাৰতৰ বিকাশ যাত্ৰাত যথাসম্ভব অন্তৰ্ভুক্ত হ'বলৈ আহ্বান জনায় । তেওঁ কয়, "যেতিয়াই আপুনি ভাৰতৰ বিকাশ যাত্ৰাৰে সংযুক্ত হয় তেতিয়াই ভাৰতে আপোনাক বিকাশৰ গেৰাণ্টি দিয়ে।"

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created

Media Coverage

Startup India recognises 2.07 lakh ventures, 21.9 lakh jobs created
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi addresses a grand public rally in Guwahati, Assam
February 14, 2026
This year’s Budget places strong emphasis on making the North East economically self-reliant: PM Modi in Assam
Assam will continue to move ahead on the path of peace, security and rapid development: PM Modi
The Congress, frustrated after being out of power for ten years, wants to push Assam back into instability: PM’s strong jibe at the opposition
In 70 years of Congress rule, only 3 bridges were built over the Brahmaputra; in the last 10 to 11 years, BJP NDA has completed 5 major bridges: PM in Assam rally

PM Modi addressed a massive public rally in Guwahati, where he said the recent Union Budget has further strengthened the vision of the BJP-NDA for the development of Assam and the North East. Calling the North East “Ashtalakshmi,” he said the region was ignored for decades by Congress but is now being served with dedication.

He said this year’s Budget places strong emphasis on making the North East economically self-reliant. Assam will receive nearly fifty thousand crore rupees as its share of taxes this year, compared to only ten thousand crore rupees during the Congress era. He questioned whether a party that hesitated to give funds for Assam’s development could ever truly develop the state.

The Prime Minister said the Budget has further boosted connectivity in the region, noting that improved highways and road projects worth thousands of crores will expand employment and tourism. Referring to Pariksha Pe Charcha held aboard a cruise on the Brahmaputra, he said river tourism will be expanded further with provisions made in the Budget.

Highlighting a historic moment, PM Modi said the landing of an Air Force aircraft on a highway in Moran reflects Assam’s growing strength. He said there was a time when the North East was associated with broken roads, but today, highways are being built where even aircraft can land. He credited the BJP government in Assam and the spirit of “Mera Booth Sabse Majboot” for this transformation. He urged workers to safeguard every vote at every booth.

On national security, the PM said the new emergency landing strip symbolises a New India that is fully prepared to defend itself. Paying tribute to the brave soldiers martyred in the Pulwama attack, he said the world has seen how India responds firmly to terrorism. He stated that Congress never prioritised national security and kept the North East in fear and instability.

Contrasting development under BJP and Congress, PM Modi said that in seventy years of Congress rule, only three bridges were built over the Brahmaputra. In the last ten to eleven years, BJP-NDA has completed five major bridges. He said Congress gave Assam problems while BJP delivered solutions. He added that several more bridges are under construction, which will accelerate growth across Assam and the North East.

PM Modi said that the BJP ensures that every major national initiative benefits Assam and the North East simultaneously. Assam was connected early to Vande Bharat trains and recently became the starting point of the country’s first Vande Bharat sleeper train. He said Assam is emerging as a growth engine in the semiconductor sector.

On digital connectivity, he said, while Congress failed to expand 3G and 4G effectively to the region, the BJP ensured 5G reached villages across Assam and the North East through a saturation approach. Guwahati youth are now benefiting from high-speed internet, and the new NIC Data Centre will create further opportunities.

In healthcare, PM Modi said that in 2014, India had only six AIIMS, but today there are more than twenty, including AIIMS Guwahati. Several medical colleges and cancer hospitals have also been established in Assam. He announced approval of the PM Relief Scheme.

He highlighted the expansion of higher education institutions such as IIM Palashbari, the modernisation of IIT Guwahati, and the establishment of IARI in Assam, which will create new technology leaders.

Speaking about peace and stability, PM Modi said Congress kept Assam disturbed for decades with violence, blockades and unrest. He said the BJP NDA has restored peace, with several groups, including Bodo, Karbi, Adivasi, DNLA and ULFA, choosing the path of the Constitution over violence. He warned that Congress, frustrated after being out of power for ten years, wants to push Assam back into instability and hand it over to infiltrators. He said the people must remain alert and protect Assam’s identity.

Concluding his address, PM Modi thanked the people of Assam for their continued trust and said with Modi ki Guarantee and a strong BJP NDA government, Assam will continue to move ahead on the path of peace, security and rapid development.