“এই বছৰৰ বাজেটে ২১ শতিকাত ভাৰতৰ বিকাশৰ গতি-শক্তি নিৰ্দ্ধাৰিত কৰিছে”
“আন্তঃগাঁথনিমূলক বিকাশৰ ধাৰাই আমাৰ অৰ্থনীতিৰ সামৰ্থ্যক অভুতপূৰ্ব বৃদ্ধিৰ নিশ্চয়তা প্ৰদান কৰিব”
“২০১৩-১৪ বৰ্ষত ভাৰত চকাৰৰ প্ৰত্যক্ষ মূলধনী ব্যয়ৰ পৰিমাণ আছিল প্ৰায় ১.৭৫ লাখ কোটি টকা, যাৰ পৰিমাণ বৃদ্ধি পাই ২০২২-২৩-ত হৈছেহি চাৰে সাত লাখ কোটি টকা”
“প্ৰধানমন্ত্ৰী গতি-শক্তি’য়ে আন্তঃগাঁথনিৰ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণক এক নতুন দিক-দৰ্শন কৰাব। ইয়ে প্ৰকল্পসমূহৰ সময় আৰু ব্যয়ৰ সীমা অতিক্ৰমণৰ হাৰো অৱনমিত কৰিব”
“প্ৰধানমন্ত্ৰী গতি-শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লান’ত এতিয়া ৪০০ৰো অধিক ‘ডাটা লে’য়াৰ’ উপলব্ধ আছে”
“ইউএলআইপি’-ৰ জৰিয়তে ৬টা মন্ত্ৰালয়ৰ ২৪টা ‘ডিজিটেল ছীষ্টেম’ক একত্ৰিত কৰা হৈছে। ইয়ে এটা ‘ৰাষ্ট্ৰীয় ছিংগল উইণ্ড ল’জিষ্টিক্স প’ৰ্টেল’ গঢ়ি তুলিব, যিয়ে ‘ল’জিষ্টিক্স ব্যয়’ হ্ৰাস কৰাত সহযোগিতা আগবঢ়াব”
“পিএম গতি-শক্তি’য়ে আমাৰ ৰপ্টানীকো বিশেষ ভাবে সহায় কৰিব, আমাৰ ‘এমএছএমই’সমূহ গোলকীয় প্ৰতিযোগিতাত ফেৰ মাৰিব পৰা হ’ব”
“পিএম গতি-শক্তি’য়ে আন্তঃগাথনিৰ পৰিকল্পনাৰ পৰা বিকাশ তথা সদ্ব্যৱহাৰ পৰ্যায়লৈকে আন্তঃগাঁথনি নিৰ্মাণত ৰাজ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিছন গতি-শক্তি তথা কেন্দ্ৰীয় বাজেট ২০২২ৰে ইয়াৰ সামঞ্জস্য সাধন’ শীৰ্ষক এক বাজেট-উত্তৰ ৱে’বিনাৰত ভাষণ প্ৰদান কৰে। বাজেট-উত্তৰ ৱে’বিনাৰ শৃংখলত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা এইটো হৈছে ষষ্ঠটো ভাষণ।

প্ৰধানমন্ত্ৰীয়ে কয়, “এই বছৰৰ বাজেটে ২১ শতিকাত ভাৰতৰ বিকাশৰ গতি-শক্তি নিৰ্দ্ধাৰিত  কৰিছে। আন্তঃগাঁথনিমূলক বিকাশৰ এই ধাৰাই আমাৰ অৰ্থনীতিৰ সামৰ্থ্যক অভুতপূৰ্ব বৃদ্ধিৰ নিশ্চয়তা প্ৰদান কৰিব” বুলিও তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰকল্প ৰূপায়ণৰ পৰম্পৰাগত ধাৰাত সংশ্লিষ্ট পক্ষসমূহৰ মাজত থকা সমন্বয়ৰ অভাৱৰ কথা উল্লেখ কৰে। তেওঁ কয়, “সংশ্লিষ্ট বিভাগসমূহৰ মাজত স্পষ্ট তথ্যৰ সৰবৰাহ নোহোৱাৰ বাবেই এনে হৈছিল। পিচে এতিয়া প্ৰধানমন্ত্ৰী গতি-শক্তিৰ সুবাদত সকলোৱে সম্পূৰ্ণ তথ্যৰ ভিত্তিত তেওঁলোকৰ পৰিকল্পনা তৈয়াৰ কৰিব পাৰিব। ইয়ে সমল আৰু সম্পদসমূহৰ সৰ্বাত্মক সদ্ব্যৱহাৰকো সুনিশ্চিত কৰিব” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

বৰ্তমানৰ চৰকাৰে যি বিশাল পৰিসৰত আন্তঃগাঁথনি নিৰ্মাণ তথা বিকাশৰ পৰিকল্পনা গ্ৰহণ কৰিছে, এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী গতি-শক্তিৰ দৰে বৃহত্ উদ্যোগ গ্ৰহণৰ প্ৰয়োজনীয়তা থকাৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয়, “২০১৩-১৪ ব্ৰ্ষত ভাৰত চকাৰৰ প্ৰত্যক্ষ মূলধনী ব্যয়ৰ পৰিমাণ আছিল প্ৰায় ১.৭৫ লাখ কোটি টকা, যাৰ পৰিমাণ বৃদ্ধি পাই ২০২২-২৩-ত হৈছেহি চাৰে সাত লাখ কোটি টকা। প্ৰধানমন্ত্ৰী গতি-শক্তিয়ে আন্তঃগাঁথনিৰ পৰিকল্পনা, ৰূপায়ণ আৰু নিৰীক্ষণক এক নতুন দিক-দৰ্শন কৰাব। ইয়ে প্ৰকল্পসমূহৰ সময় আৰু ব্যয়ৰ সীমা অতিক্ৰমণৰ হাৰো অৱনমিত কৰিব” বুলিও তেওঁ অভিমত দাঙি ধৰে।

প্ৰসংগক্ৰমে তেওঁ “প্ৰধানমন্ত্ৰী গতি-শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লানত এতিয়া ৪০০ৰো অধিক ‘ডাটা লে’য়াৰ’ উপলব্ধ আছে” বুলি তথ্য উল্লেখ কৰে। তেওঁ কয় “ইউএলআইপি’-ৰ জৰিয়তে ৬টা মন্ত্ৰালয়ৰ ২৪টা ‘ডিজিটেল ছীষ্টেম’ক একত্ৰিত কৰা হৈছে। ইয়ে এটা ‘ৰাষ্ট্ৰীয় ছিংগল উইণ্ড ল’জিষ্টিক্স প’ৰ্টেল’ গঢ়ি তুলিব, যিয়ে ‘ল’জিষ্টিক্স ব্যয়’ হ্ৰাস কৰাত সহযোগিতা আগবঢ়াব।

“পিএম গতি-শক্তিয়ে আমাৰ ৰপ্টানীকো বিশেষ ভাবে সহায় কৰিব, আমাৰ ‘এমএছএমই’সমূহ গোলকীয় প্ৰতিযোগিতাত ফেৰ মাৰিব পৰা হ’ব” বুলি তেওঁ আশা প্ৰকাশ কৰে। ইফালে, “পিএম গতি-শক্তিয়ে আন্তঃগাথনিৰ পৰিকল্পনাৰ পৰা বিকাশ তথা সদ্ব্যৱহাৰ পৰ্যায়লৈকে আন্তঃগাঁথনি নিৰ্মাণত ৰাজহুৱা–ব্যক্তিগত খণ্ডৰ প্ৰকৃত অংশীদাৰিত্ব সুনিশ্চিত কৰিব” বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi