"ভাৰত আগবাঢ়িছে আৰু দ্ৰুতগতিৰে আগবাঢ়িছে"
"বৰ্ধিত অৰ্থনীতিৰ সংখ্যা আৰু বৰ্ধিত উপাৰ্জনে গতিশীলতা খণ্ডত নিশ্চিত ভাবেই নতুন আস্থা প্ৰদান কৰিছে"
"আমাৰ চৰকাৰৰ গতি আৰু পৰিমাপে ভাৰতত গতিশীলতাৰ সংজ্ঞা সলনি কৰিছে"
"ভাৰত এতিয়া এক গোলকীয় অৰ্থনৈতিক শক্তিক্ষেত্ৰ হোৱাৰ পথৰ প্ৰৱেশদ্বাৰত আছে, ‘অটো আৰু অটোমোটিভ কম্পনেন্ট’ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে"
"চৰকাৰে ট্ৰাক চালক আৰু তেওঁলোকৰ পৰিয়ালৰ উদ্বেগ বুজি পাইছে"
বিগত ১০টা বছৰত চৰকাৰৰ প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰায় ২৫ কোটি লোক ইতিমধ্যে দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই আহিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত ভাৰতৰ সৰ্ববৃহৎ আৰু এই ধৰণৰ প্ৰথমখন গতিশীলতা সম্পৰ্কীয় প্ৰদৰ্শনী ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ এক কাৰ্যসূচীত সম্বোধন কৰে। তেওঁ পদব্ৰজে ‘এক্সপো’ৰ একাংশ পৰিভ্ৰমণ কৰে। ‘ভাৰত মোবিলিটী গ্লোবেল এক্সপো ২০২৪’-ত গতিশীলতা আৰু স্বয়ংচালিত মূল্য শৃংখলাত ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত প্ৰদৰ্শনী, সন্মিলন, ক্ৰেতা-বিক্ৰেতাৰ সভা, ৰাজ্যিক অধিৱেশন, পথ সুৰক্ষা পেভিলিয়ন, আৰু ৰাইজক আৰ্কিষত কৰিব পৰা ‘গো-কাৰ্টিঙ’ৰ দৰে অনুষ্ঠানৰ দিহা কৰা হ'ব।

 

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই বিশাল অনুষ্ঠানৰ বাবে ভাৰতৰ যান-বাহন উদ্যোগটোক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ‘এক্সপো’ত তেওঁলোকৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা প্ৰদৰ্শকসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত এনে ধৰণৰ মহিমা আৰু পৰিমাপৰ অনুষ্ঠানৰ আয়োজনে তেওঁক আনন্দ আৰু আত্মবিশ্বাসেৰে ভৰাই তুলিছে। দিল্লীৰ জনসাধাৰণক ‘ভাৰত ম’বিলিটী গ্লোবেল এক্সপো ২০২৪’ৰ সাক্ষী হ'বলৈ পৰামৰ্শ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই গতিশীলতা আৰু যোগান শৃংখলাৰ সমগ্ৰ সম্প্ৰদায়টোকে একক মঞ্চত একত্ৰিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰথম কাৰ্যকালৰ পৰা গতি সম্পৰ্কীয় এখন সন্মিলনৰ কথা স্মৰণ কৰে আৰু বেটাৰী আৰু বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত তেওঁ দিয়া গুৰুত্বৰ কথা স্মৰণ কৰাৰ লগতে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত গুৰুত্বপূৰ্ণ প্ৰগতি দেখিবলৈ পায় বুলি সন্তোষ প্ৰকাশ কৰি কয় যে তৃতীয়টো কাৰ্যকালতত গতিশীলতাই নতুন উচ্চতা স্পৰ্শ কৰিব।

২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ লক্ষ্য গ্ৰহণৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে গতিশীলতা খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া তেওঁৰ আহ্বানৰ পুনৰাবৃত্তি কৰে- 'ইয়ে হী সময় হে, সহী সময় হে'- এয়াই সঠিক সময়। "ভাৰত আগবাঢ়িছে আৰু দ্ৰুতগতিৰে আগবাঢ়িছে", প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান যুগ হৈছে গতিশীলতা খণ্ডৰ বাবে সোণালী সময়ৰ আৰম্ভণি। তেওঁ উল্লেখ কৰে যে ভাৰতৰ অৰ্থনীতি দ্ৰুত গতিত সম্প্ৰসাৰিত হৈছে আৰু বৰ্তমান চৰকাৰৰ তৃতীয়টো কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'বলৈ সাজু হৈছে। বিগত ১০টা বছৰত চৰকাৰৰ প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰায় ২৫ কোটি লোক ইতিমধ্যে দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই আহিছে।

তেওঁ গুৰুত্ব আৰোপ কৰে যে যেতিয়া এগৰাকী নাগৰিক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই আহে, তেতিয়া পৰিবহনৰ উপায় হিচাপে চাইকেলেই হওক বা দুচকীয়াই হওক, কিম্বা চাৰিচকীয়া বাহনেই হওক, তেওঁলোকৰ প্ৰথম প্ৰয়োজনীয়তা হৈ উঠে। নৱ্য-মধ্যবিত্ত শ্ৰেণীৰ উত্থানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এনে অৰ্থনৈতিক স্তৰত দেখিবলৈ পোৱা আকাংক্ষাসমূহ, যাৰ সমকক্ষ নাথাকে, পূৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ মধ্যবিত্তীয় শ্ৰেণীটোৰ বিস্তাৰিত ক্ষেত্ৰ আৰু বৰ্ধিত উপাৰ্জনে ভাৰতৰ গতিশীলতা খণ্ডক শক্তি প্ৰদান কৰিব। "বৰ্ধিত অৰ্থনীতিৰ সংখ্যা আৰু বৰ্ধিত উপাৰ্জনে গতিশীলতা খণ্ডত নতুন আস্থা সৃষ্টি কৰিবলৈ বাধ্য", শ্ৰী মোদীয়ে কয় যে ভাৰতত বিক্ৰী হোৱা গাড়ীৰ সংখ্যা ২০১৪ চনৰ আগৰ ১০ বছৰৰ তুলনাত ২০১৪ চনৰ পিছৰ ১০ বছৰত ১২ কোটিৰ পৰা ২১ কোটিতকৈয়ো ওপৰলৈ বৃদ্ধি পাইছে, আনহাতে ভাৰতত বিক্ৰী হোৱা বৈদ্যুতিক গাড়ীৰ সংখ্যা ১০ বছৰৰ আগতে প্ৰতি বছৰে ২ হাজাৰৰ পৰা আজিৰ তাৰিখত ১২লাখ লৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে যোৱা ১০টা বছৰত যাত্ৰীবাহী বাহনৰ সংখ্যা ৬০ শতাংশ বৃদ্ধি পাইছে আৰু দুচকীয়া বাহনৰ সংখ্যা ৭০ শতাংশ বৃদ্ধি পাইছে। শেহতীয়া পৰিসংখ্যা অনুসৰি, প্ৰধানমন্ত্ৰীয়ে জনায় যে জানুৱাৰী মাহত গাড়ীৰ বিক্ৰীয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। "গতিশীলতা খণ্ডত দেশত এক অভূতপূৰ্ব পৰিৱেশ দেখা গৈছে আৰু আপোনালোকে ইয়াক মূলধন কৰিবই লাগিব", প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানটোত উপস্থিত থকা উদ্যোগটোৰ নেতাসকলক আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি আজিৰ ভাৰতে নতুন নীতি প্ৰস্তুত কৰিছে। কালি উপস্থাপন কৰা কেন্দ্ৰীয় বাজেটৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে ২০১৪ চনত ভাৰতৰ মূলধনী ব্যয় ২ লাখ কোটিতকৈয়ো কম আছিল, আৰু আজি এই পৰিমাণ ১১ লাখ কোটিতকৈয়ো অধিক হৈছে। ইয়াৰ ফলত ভাৰতৰ গতিশীলতা খণ্ডৰ বাবে বহুতো সুযোগ আহিছে, তেওঁ কয়। এই অভূতপূৰ্ব ব্যয়ে ৰে’ল, পথ, বিমানবন্দৰ, জলপথ পৰিবহণ আৰু আন সকলো ধৰণৰ পৰিবহনৰ পৰিৱৰ্তন সম্ভৱ কৰিছে। তেওঁ ‘অটল টানেল’-ৰ পৰা ‘অটল সেতু’-ৰ দৰে অভিযান্ত্ৰিক আশ্চৰ্যসমূহ অভিলেখপূৰ্ণ সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ কথাও উল্লেখ কৰে। যোৱা ১০টা বছৰত ভাৰতত ৭৫টা নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে, প্ৰায় ৪ লাখ কিলোমিটাৰ গ্ৰাম্য পথ নিৰ্মাণ কৰা হৈছে, ৯০,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে, ৩৫০০ কিলোমিটাৰ উচ্চ গতিৰ কৰিডৰ বিকশিত কৰা হৈছে, ১৫খন নতুন চহৰে মেট্ৰ'সেৱা  লাভ কৰিছে আৰু ২৫,০০০ ৰে'ল পথ নিৰ্মাণ কৰা হৈছে। বাজেটত ৪০,০০০ ৰে'ল ডবাক আধুনিক বন্দে ভাৰত মানৰ বগীলৈ ৰূপান্তৰ কৰাৰ কথা ঘোষণা কৰা হৈছে। সাধাৰণ ৰেলত লগাব খোজা এই ডবাসমূহে ভাৰতীয় ৰে’লৰ ৰূপান্তৰ সাধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে "আমাৰ চৰকাৰৰ গতি আৰু পৰিমাপে ভাৰতত গতিশীলতাৰ সংজ্ঞা সলনি কৰিছে"। তেওঁ খালী পদসমূহ প্ৰণালীবদ্ধ আৰু সময়মতে সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে লজিষ্টিকৰ বাধাবোৰ আঁতৰ কৰাৰ পদক্ষেপসমূহত আলোকপাত কৰে। ‘প্ৰধানমন্ত্ৰী নেশ্যনেল গাতি শক্তি মাষ্টাৰপ্লেন’-য়ে দেশত একত্ৰিত পৰিবহনব্যৱস্থাক উত্সাহিত কৰি আছে। বিমান আৰু জাহাজ ‘লীজ’ৰ বাবে ‘গিফ্ট চিটী নিয়ামক পৰিকাঠামো’ যুগুতোৱা হৈছে। ‘ৰাষ্ট্ৰীয় লজিষ্টিক নীতি’-য়ে ‘লজিষ্টিক’ৰ সমস্যা সমাধান কৰি আছে বুলি তেওঁ মন্তব্য কৰে। ‘সমৰ্পিত ফ্ৰেইট কৰিডৰ’-য়ে ব্যয় হ্ৰাস কৰিছে। কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা তিনিটা ৰে'লৱে ‘অৰ্থনৈতিক কৰিডৰ’-য়েও দেশত পৰিবহনৰ স্বাচ্ছন্দ্য বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে বাণিজ্য ত্বৰান্বিত কৰা আৰু ৰাজ্যিক সীমাসমূহৰ ‘পৰীক্ষণ চকী’বোৰ বিলুপ্ত কৰাৰ প্ৰসংগত ‘সামগ্ৰী আৰু সেৱা কৰ’ (জিএছটি)ৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ কথাও উল্লেখ কৰে। তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগটোত ইন্ধন আৰু সময় দুয়োটা ৰাহি কৰাৰ ক্ষেত্ৰত ‘ফাষ্ট-টেগ’ প্ৰযুক্তিৰ ভূমিকাও বিশেষ ভাবে উল্লেখ কৰে। "ফাষ্ট-টেগ প্ৰযুক্তিয়ে উদ্যোগটোত ইন্ধন আৰু সময়  ৰাহিৰ সুবিধা প্ৰদান কৰিছে," তেওঁ নিশ্চিতি প্ৰকশ কৰে। শেহতীয়া এক অধ্যয়নৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘ফাষ্ট-টেগ’ প্ৰযুক্তিয়ে অৰ্থনীতিত বাৰ্ষিক ৪০,০০০ কোটি টকা পৰমাণৰ লাভৰ অৰিহণা যোগাইছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ভাৰত এতিয়া এক গোলকীয় অৰ্থনৈতিক শক্তিক্ষেত্ৰ হোৱাৰ দুৱাৰমুখত আছে, যাৰ বাবে ‘অটো আৰু অট'ম'টিভ কম্পনেন্ট’ উদ্যোগে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।" বিশ্বজোৰা স্বয়ংচালিত বজাৰত ভাৰতৰ মৰ্যাদা প্ৰতিপন্ন কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে, "আজি ভাৰত হৈছে যাত্ৰীবাহী বাহনৰ বাবে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ বজাৰ আৰু গোলকীয় বাণিজ্যিক বাহন নিৰ্মাণ কৰা শীৰ্ষ তিনিখন দেশৰ ভিতৰত অন্যতম।" তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে ‘উৎপাদন সংযোজিত উদগণি (পিএলআই) আঁচনি’ৰ দৰে পদক্ষেপৰ জৰিয়তে বিভিন্ন খণ্ডক সমৰ্থন কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ কয়, "উদ্যোগটোৰ বাবে চৰকাৰে ২৫,০০০ কোটি টকাৰো অধিক উৎপাদন সংযোজিত উদগণি আঁচনি প্ৰৱৰ্তন কৰিছে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ৰাষ্ট্ৰীয় বৈদ্যুতিক গতিশীলতা মিছন’-য়ে বৈদ্যুতিক বাহন নিৰ্মাণত গুৰুত্ব দিছে। চৰকাৰে বৈদ্যুতিক বাহনৰ চাহিদা সৃষ্টিৰ বাবে ১০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। ফেম আঁচনিৰ ফলত ৰাজধানীৰ লগতে আন বহুতো চহৰত বৈদ্যুতিক বাছৰ চলাচল হৈছে, তেওঁ কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰিবলৈ এই বছৰৰ বাজেটত ১ লাখ কোটি টকাৰ পুঁজি আৱণ্টন কৰা হৈছে। তেওঁ লগতে ‘ষ্টাৰ্টআপ’সমূহক দিয়া কৰ ৰেহাইৰ সময়সীমা অধিক সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্তৰ কথাও উল্লেখ কৰে। "এই সিদ্ধান্তসমূহে গতিশীলতা খণ্ডত নতুন সুযোগ সৃষ্টি কৰিব", প্ৰধানমন্ত্ৰী মোদীয়ে কয়। ইভি উদ্যোগত ব্যয় আৰু বেটাৰিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ গৱেষণাৰ বাবে এই পুঁজিসমূহ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগটোক বেটাৰী নিৰ্মাণৰ বাবে ভাৰতৰ প্ৰচুৰ কেঁচা সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে সেউজীয়া হাইড্ৰজেন আৰু ইথানলৰ দৰে ক্ষেত্ৰত প্ৰৱেশ কৰিব পৰাকৈ গৱেষণাৰ পথ অন্বেষণ কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয়, "ভাৰতত উপলব্ধ কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি বেটাৰি নিৰ্মাণৰ বাবে গৱেষণা কিয় কৰা নহয়? অটো খণ্ডই সেউজীয়া হাইড্ৰজেন আৰু ইথানলৰ গৱেষণাৰো অন্বেষণ কৰা উচিত।"

 

প্ৰধানমন্ত্ৰীয়ে জাহাজ উদ্যোগত হাইব্ৰিড জাহাজ বিকাশৰ বাবে থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰl গুৰুত্ব আৰোপ কৰে। "ভাৰতৰ জাহাজ পৰিবহন মন্ত্ৰালয়ে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি হাইব্ৰিড জাহাজ নিৰ্মাণৰ দিশত আগবাঢ়িছে," তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে ষ্টাৰ্টআপৰ বাবে ভাৰতত ড্ৰোন খণ্ডই নতুন বিমান লাভ কৰাৰ কথাও উল্লেখ কৰে আৰু ড্ৰোন সম্পৰ্কীয় গৱেষণাৰ বাবে পুঁজি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ জলপথৰ জৰিয়তে পৰিবহণৰ ব্যয়সাপেক্ষ উপায়ৰ উদ্ভৱ হোৱাৰ কথাও উল্লেখ কৰে আৰু থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি হাইব্ৰিড জাহাজ নিৰ্মাণৰ দিশত জাহাজ পৰিবহন মন্ত্ৰালয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ কথা অৱগত কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে গতিশীলতা উদ্যোগৰ চালকসকলৰ মানৱীয় দিশটোৰ প্ৰতিও মনোযোগ আকৰ্ষণ কৰে। তেওঁ ট্ৰাক চালকসকলে সন্মুখীন হোৱা কষ্টবোৰৰ সন্দৰ্ভতো আলোকপাত কৰে। "চৰকাৰে ট্ৰাক চালক আৰু তেওঁলোকৰ পৰিয়ালসকলৰ উদ্বেগ বুজি পায়", প্ৰধানমন্ত্ৰীয়ে সকলো ৰাষ্ট্ৰীয় ঘাইপথত চালকসকলৰ বাবে খাদ্য, বিশুদ্ধ খোৱা পানী, শৌচালয়, পাৰ্কিং আৰু বিশ্ৰামৰ সুবিধা থকা আধুনিক ভৱন নিৰ্মাণ সম্পৰ্কীয় এক নতুন আঁচনিৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে কয় যে চৰকাৰে এই আঁচনিৰ প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে এনে ধৰণৰ ১,০০০ অট্টালিকা নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে। তেওঁ কয় যে ই ট্ৰাক আৰু টেক্সিচালকসকলৰ জীৱন ধাৰণৰ সহজতা আৰু ভ্ৰমণৰ সহজতা দুয়োটাকে নিশ্চিত কৰিব, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব আৰু দুৰ্ঘটনা প্ৰতিৰোধ কৰাতো সহায়ক হ'ব।

 

অহা ২৫টা বছৰত গতিশীলতা খণ্ডত অপৰিসীম সম্ভাৱনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগটোক এই সম্ভাৱনাসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ দ্ৰুতগতিত পৰিৱৰ্তন সাধন কৰিবলৈ আহ্বান জনায়। গতিশীলতা খণ্ডৰ প্ৰয়োজনীয়তাত কাৰিকৰী কৰ্মচাৰী আৰু প্ৰশিক্ষিত চালকৰ প্ৰয়োজনীয়তাৰ কথা কবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে আজি এই উদ্যোগক জনশক্তি প্ৰদান কৰা দেশৰ ১৫ হাজাৰতকৈয়ো অধিক ‘আইটিআই’ৰ কথা উল্লেখ কৰে। তেওঁ উদ্যোগটোৰ প্ৰয়োজনীয়তা অনুসৰি পাঠ্যক্ৰমসমূহ অধিক প্ৰাসংগিক কৰি তুলিবলৈ উদ্যোগৰ নেতাসকলক আইটিআইসমূহৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায়। তেওঁ চৰকাৰৰ দ্বাৰা ‘স্ক্ৰেপেজ নীতি’ৰ সন্দৰ্ভতো মন্তব্য কৰে য'ত পুৰণি বাহনসমূহ বাতিল কৰাৰ বিনিময়ত নতুন বাহনৰ ক্ষেত্ৰত পথ কৰ ৰেহাই প্ৰদান কৰা হয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সপোৰ টেগলাইন বিয়ণ্ড বাউণ্ডেৰীজৰ কথা উল্লেখ কৰি কয় যে ই ভাৰতৰ মনোভাৱকে প্ৰদৰ্শন কৰিছে। "আজি আমি পুৰণি বাধাসমূহ নেওচি সমগ্ৰ বিশ্বক একত্ৰিত কৰিব বিচাৰিছো। আমি বিশ্বজোৰা যোগান শৃংখলাত ভাৰতৰ ভূমিকা সম্প্ৰসাৰিত কৰিব বিচাৰিছো। ভাৰতীয় যান-বাহন উদ্যোগৰ সন্মুখত সম্ভাৱনাৰ আকাশ আছে।" প্ৰধানমন্ত্ৰীয়ে ‘অমৃতকাল’ৰ দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ আৰু ভাৰতক বিশ্বৰ নেতা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে ‘টায়াৰ উদ্যোগ’ক কৃষকসকলৰ সহযোগিতাত ৰবৰৰ বাবে আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিয়ে। ভাৰতৰ কৃষকসকলৰ ওপৰত তেওঁৰ আস্থা থকাৰ কথাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে এক সংহত আৰু সামগ্ৰিক দৃষ্টিভংগীৰ পোষকতা কৰে। তেওঁ সমবেত লোকসকলক সাধৰণ দৃষ্টিভংগীৰ পৰা বাহিৰলৈ গৈ কথাবোৰ চিন্তা কৰিবলৈ আৰু সহযোগিতাৰে চিন্তা কৰিবলৈ আহ্বান জনায়।

 

ভাৰতৰ সকলো মুখ্য ডিজাইনিং প্ৰতিষ্ঠানৰ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উদ্যোগটোক থলুৱা ‘ডিজাইনিং ক্ষমতা’ক উত্সাহিত কৰিবলৈ আহ্বান জনায়। যোগৰ বিশ্বজোৰা আকৰ্ষণৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে কয়, 'যেতিয়া আপোনালোকে নিজৰ ওপৰত আস্থা ৰাখিব, বিশ্বই আপোনালোকক আস্থাত লব। য'লৈকে আপোনালোকৰ দৃষ্টি যায়  আপোনালোকে আপোনালোকৰ বাহনবোৰকে দেখিবলৈ পোৱা উচিত বুলি তেওঁ ভাষাণৰ সামৰণি মাৰে।

 

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতিন গাড়কাৰী, কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণে, কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী আৰু কেন্দ্ৰীয় গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী মহেন্দ্ৰ নাথ পাণ্ডে এই অনুষ্ঠানত উপস্থিত থাকে।

 

পৃষ্ঠভূমি

আঢ়ৈকুৰিৰো অধিক দেশৰ ৮০০ৰো অধিক প্ৰদৰ্শককে ধৰি এক্সপোখনে অত্যাধুনিক প্ৰযুক্তি, বহনক্ষম সমাধান আৰু গতিশীলতাৰ সফলতা সন্দৰ্ভত আলোকপাত কৰে। এক্সপোত ৬০০ৰো অধিক যান-বাহণ সম্পৰ্কীয় উপকৰণ নিৰ্মাতাৰ উপস্থিতিৰ উপৰিও ২৮ টাতকৈয়ো অধিক বাহন নিৰ্মাতা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। ১৩খনতকৈয়ো অধিক গোলকীয় বজাৰৰ ১০০০ৰো অধিক ‘ব্ৰেণ্ড’-য়ে অনুষ্ঠানটোত তেওঁলোকৰ সামগ্ৰী, প্ৰযুক্তি আৰু সেৱা প্ৰদৰ্শন কৰিব।

 

প্ৰদৰ্শনী আৰু সন্মিলনৰ লগতে, অনুষ্ঠানটোত ৰাজ্যসমূহে গতিশীলতা সমাধানৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক উভয় স্তৰত সহযোগিতা সক্ষম কৰাৰ বাবে আঞ্চলিক অৱদান আৰু পদক্ষেপসমূহৰ প্ৰদৰ্শন কৰাৰ বাবে ৰাজ্যিক অধিৱেশনসমূহো উপস্থাপন কৰে।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.