‘বসুধৈৱ কুটুম্বকম’ৰ পৰম্পৰা সম্প্ৰসাৰিত কৰাৰ লগতে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ মন্ত্ৰক এক আধ্যাত্মিক পণ হিচাপে সম্প্ৰচাৰত মনোনিৱেশ কৰাৰ বাবে ‘তেৰাপন্থ’ক প্ৰশংসা
“বিশেষ কিবাৰ প্ৰতি আসক্তিৰ অনুপস্থিতিৰেহে প্ৰকৃত আত্মানুভূতি সম্ভৱ হয়”
“ভাৰতে কেতিয়াও সকলো কাম চৰকাৰৰ জৰিয়তেই সম্পন্ন কৰাৰ বাবে আগ্ৰহ পোষণ কৰা নাই; ইয়াত চৰকাৰ, সমাজ আৰু আধ্যাত্মিক কৰ্তৃত্বসমূহে সদায়ে সম ভূমিকা পালন কৰি আহিছিল”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰেৰণ কৰা এটি বাৰ্তাৰ জৰিয়তে ‘শ্বেতাম্বৰ তেৰাপন্থ’ৰ ‘অহিংসা যাত্ৰা সম্পন্নতা সমাৰোহ কাৰ্যক্ৰম’ত ভাষণ প্ৰদান কৰে।

ভাষণৰ আৰম্ভণীতে প্ৰধানমন্ত্ৰীয়ে বহু সহস্ৰ বছৰ জুৰি ভাৰতীয় সাধু-সন্তসকলে প্ৰতিপালন কৰি অহা পৰম্পৰাৰ নিবিচ্ছিন্ন আন্দোলনৰ ধাৰাটোক স্মৰণ কৰে। তেওঁ বিশেষকৈ ‘শ্বেতাম্বৰ তেৰাপন্থী’সকলে ‘এলাহ-পৰিত্যাগ’ৰ মানসিকতাক আধ্যাত্মিক পণ হিচাপে গ্ৰহণ কৰা প্ৰসংগটোক বিশেষ ভাবে উল্লেখ কৰে। তেওঁ তিনিখন দেশত ১৮ হাজাৰ কিলোমিটাৰ পথ-পৰিক্ৰমাৰে পদযাত্ৰা সম্পূৰ্ণ কৰাৰ বাবে আচাৰ্য মহাশ্ৰমণ জীক অভিনন্দনো জনায়। ‘বসুধৈৱ কুটুম্বকম’ৰ পৰম্পৰা সম্প্ৰসাৰিত কৰাৰ লগতে  ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰ’ক এক আধ্যাত্মিক পণ হিচাপে সম্প্ৰচাৰত মনোনিৱেশ কৰাৰ বাবে তেওঁ আচাৰ্যগৰাকীক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ‘শ্বেতাম্বৰ তেৰাপন্থ’ৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰাৰ লগতে ‘য়ে তেৰা পন্থ হে’, য়ে মেৰা পন্থ হে’- অৰ্থাত্, ‘এই তেৰাপন্থ মোৰো পথ’ বুলি তেওঁ ইতিপূৰ্বে কৰা তেওঁৰ মন্তব্যষাৰকো পুনৰ দোহাৰে।

‘পদযাত্ৰা’ৰ গুৰুত্বৰ কথা উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত লালকিল্লাৰ পৰা শুভাৰম্ভ ঘোষণা কৰা ‘পদযাত্ৰা’ৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে কাকতালীয় ভাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে জনসেৱা আৰু জনকল্যাণৰ নামত উত্সৰ্গিত তেওঁৰ নতুন যাত্ৰাও একেটা বছৰতে আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে ‘মৈত্ৰী, নৈতিকতা আৰু উত্সৰ্গা’ক ‘পদযাত্ৰা’ৰ প্ৰাতিপাদ্য প্ৰসংগ হিচাপে গ্ৰহণ কাৰ্যৰো প্ৰশংসা কৰে। তেওঁ কয়, “বিশেষ কিবাৰ প্ৰতি আসক্তিৰ অনুপস্থিতিৰেহে প্ৰকৃত আত্মানুভূতি সম্ভৱ হয়। সংযুক্তিৰ পৰা মুক্তিয়ে ব্ৰক্ষ্মাণ্ডৰে আত্মাৰ মিলন আৰু সৰ্বমংগল সম্ভৱ কৰি তুলিব পাৰে”।

‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ৰ এই দিনবোৰত দেশে সমাজৰ প্ৰতি কৰ্তব্য আৰু ব্যক্তিতকৈ ৰাষ্ট্ৰক আগত ৰখাৰ মানসিকতা বিকশিত কৰাৰ আহ্বান জনাইছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, দেশে আজি ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস’ৰ মন্ত্ৰ আওৰাই আগবাঢ়িব খুজিছে। “ভাৰতে কেতিয়াও সকলো কাম চৰকাৰৰ জৰিয়তেই সম্পন্ন কৰাৰ বাবে আগ্ৰহ পোষণ কৰা নাই, ইয়াত চৰকাৰ, সমাজ আৰু আধ্যাত্মিক কৰ্তৃত্বসমূহে সদায়ে সম ভূমিকা পালন কৰি আহিছিল” বুলিও তেওঁ অভিমত ব্যক্ত কৰে। “লক্ষ্যত উপনীত হোৱাৰ বাবে কৰ্তব্য-পথত আগবাঢ়ি যাওতে দেশে এই আগ্ৰহকে প্ৰতিবিম্বিত কৰিছে” বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে দেশক আগুৱাই নিয়াৰ বাবে পণ আৰু প্ৰয়াস অব্যাহত ৰখাৰ বাবে আধ্যাত্মিক নেতৃবৃন্দক আহ্বান জনায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi