কৰ্তব্য ভৱনে এখনি উন্নত ভাৰতৰ নীতি আৰু দিশ সম্পৰ্কে মাৰ্গ-দৰ্শন কৰিবঃ প্ৰধানমন্ত্ৰী
কৰ্তব্য ভৱনে ৰাষ্ট্ৰৰ সপোন পূৰণৰ সংকল্পক মূৰ্ত কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতক এক সামগ্ৰিক দৃষ্টিভংগীৰে গঢ় দিয়া হৈছে, ইয়াৰ প্ৰতিটো অঞ্চলতে প্ৰগতি সাধন হৈছেঃ প্ৰধানমন্ত্ৰী
বিগত ১১ বছৰত ভাৰতে স্বচ্ছ, সঁহাৰিমূলক আৰু নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থাৰ আৰ্হি গঢ়ি তুলিছেঃ প্ৰধানমন্ত্ৰী
আহক, আমি সকলোৱে মিলি ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলো আৰু মেক ইন ইণ্ডিয়া তথা আত্মনিৰ্ভৰ ভাৰতৰ সফলতাৰ কাহিনী ৰচনা কৰোঁঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন-৩ ৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে। তেখেতে কয় যে বিপ্লৱৰ মাহ আগষ্টত ১৫ আগষ্টৰ পূৰ্বেই আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে কয় যে ভাৰতে এটাৰ পিছত আনটো আধুনিক ভাৰত নিৰ্মাণৰে জড়িত মূল কৃতিত্ব প্ৰত্যক্ষ কৰিছে। নতুন দিল্লীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শেহতীয়া আন্তঃগাঁথনিগত মাইলৰ খুঁটি স্থাপন কাৰ্য্যৰ কথা কয়, যথাঃ কৰ্তব্য পথ, নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা কাৰ্য্যালয় কমপ্লেক্স, ভাৰত মণ্ডপম, যশোভূমি, শ্বহীদসকলৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তথা বৰ্তমানৰ কৰ্তব্য ভৱন। এইসমূহ কেৱল নতুন অট্টালিকা বা সাধাৰণ আন্তঃগাঁথনি নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত উন্নত ভাৰত গঢ়া নীতিসমূহ এইসমূহ গাঁথনিতে প্ৰণয়ন কৰা হ’ব আৰু অনাগত দশক সমূহত এই প্ৰতিষ্ঠানসমূহৰ পৰাই ৰাষ্ট্ৰখনৰ পৰিক্ৰমা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে ইয়াৰ নিৰ্মাণৰে জড়িত অভিযন্তা আৰু শ্ৰমজীৱীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে গভীৰ চিন্তা-চৰ্চাৰ অন্তত অট্টালিকাটোৰ নাম ‘কৰ্তব্য ভৱন’ ৰখা হৈছে বুলি উল্লেখেৰে কয় যে কৰ্তব্য পথ আৰু কৰ্তব্য ভৱন উভয়তে ভাৰতৰ গণতন্ত্ৰ আৰু ইয়াৰ সংবিধানৰ মূল মনোভাৱ প্ৰতিধ্বনিত হৈছে। ভাগৱতৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাক স্মৰণ কৰে। তেখেতে কয় যে লাভ-লোকচানৰ চিন্তাৰ উৰ্ধত কেৱল কৰ্তব্যৰ মনোভাৱেৰে কাম কৰিব লাগিব। তেখেতে কয় যে ভাৰতীয় সংস্কৃতিত ‘কৰ্তব্য’ শব্দটো কেৱল দায়িত্বৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ ই ভাৰতৰ কৰ্মমুখী দৰ্শনৰ সাৰমৰ্মক মূৰ্ত কৰি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াক আত্মাৰ বাহিৰলৈ গৈ সামূহিকতাক আকোৱালি লোৱা এক ভৱিষ্যদ্বাণীমূলক দৃষ্টিভংগী ৰূপে বৰ্ণনা কৰে, যিয়ে কৰ্তব্যৰ প্ৰকৃত অৰ্থকে প্ৰতিনিধিত্ব কৰে। কৰ্তব্য কেৱল এটা অট্টালিকাৰ নাম নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াক কোটি-কোটি ভাৰতীয় নাগৰিকৰ সপোন বাস্তৱায়িতকৰণৰ পবিত্ৰ ক্ষেত্ৰ বুলি অভিহিত কৰে। “কৰ্তব্য হৈছে আৰম্ভণি আৰু ভাগ্য উভয়ে, মমতা আৰু অধ্যৱসায়েৰে ই সংপৃক্ত, কৰ্তব্য হৈছে কৰ্মৰ সূতা, ই সপোনৰ সংগী, সংকল্পৰ আশা, আৰু প্ৰচেষ্টাৰ শিখৰ”, শ্ৰী মোদীয়ে কয়। কৰ্তব্য হৈছে কোটি-কোটি নাগৰিকৰ অধিকাৰ ৰক্ষাৰ আধাৰ বুলি উল্লেখেৰে প্ৰতিটো জীৱনতে প্ৰদীপ জ্বলোৱা ইচ্ছাশক্তি বুলি তেখেতে কয়। তেখেতে আৰু কয় যে কৰ্তব্য হৈছে ভাৰত মাতাৰ জীৱন শক্তিৰ বাহক আৰু ‘নাগাৰিক দেৱ ভৱ’ মন্ত্ৰৰ জপ। তেখেতে আৰু কয় যে ৰাষ্ট্ৰখনৰ প্ৰতি ভক্তিৰে কৰা প্ৰতিটো কামেই হৈছে কৰ্তব্য।

 

স্বাধীনতাৰ পিছৰ দশক-দশক ধৰি ভাৰতৰ প্ৰশাসনিক যন্ত্ৰপাতি ব্ৰিটিছ ঔপনিৱেশিক যুগত নিৰ্মিত অট্টালিকাৰ পৰাই পৰিচালিত হৈছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পুৰণি প্ৰশাসনিক ভৱনসমূহৰ কৰ্ম পৰিস্থিতিৰ দুৰ্বলতাৰ কথা ব্যক্ত কৰে। য’ত পৰ্য্যাপ্ত স্থান, পোহৰ, আৰু বায়ু চলাচলৰ অভাৱ আছিল। তেখেতে কয় যে অপৰ্য্যাপ্ত আন্তঃগাঁথনিৰ এটা অট্টালিকাৰ পৰা প্ৰায় ১০০ বছৰ ধৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ে কেনেদৰে কাম কৰি আহিছে, সেয়া কল্পনাৰো অগোচৰ। বৰ্তমান সমগ্ৰ দিল্লীৰ ৫০ টা ভিন্ন স্থানৰপৰা ভাৰত চৰকাৰৰ ভিন্ন মন্ত্ৰালয়ৰ কাম-কাজ অব্যাহত আছে বুলি আঙুলিয়াই দি শ্ৰী মোদীয়ে কয় যে এই মন্ত্ৰালয়সমূহৰ বহুতেই ভাড়াতীয়া অট্টালিকাৰ বাহিৰত কাম কৰি আছে। তেখেতে উল্লেখ কৰে যে কেৱল ভাড়াৰ খৰচৰ বাবে বাৰ্ষিক ব্যয় আচৰিত পৰিমাণৰ ১,৫০০ কোটি টকা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইমান বৃহৎ পৰিমাণৰ ধন কেৱল সিঁচৰতি হৈ থকা চৰকাৰী কাৰ্য্যালয়ৰ ভাড়াৰ বাবে ব্যয় কৰা হৈছে। আন এটা প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব আৰোপেৰে তেখেতে কয় যে এনে বিকেন্দ্ৰীকৰণৰ বাবে কৰ্মীৰ লজিষ্টিক গতিবিধি মন কৰিবলগীয়া। তেখেতে উল্লেখ কৰে যে মন্ত্ৰালয়সমূহৰ মাজত দৈনিক প্ৰায় ৮,০০০-ৰ পৰা ১০ হাজাৰ কৰ্মচাৰীয়ে যাত্ৰা কৰে, ইয়াৰ পৰিপ্ৰেক্ষিতত শ-শ বাহনৰ চলাচল হয়, অধিক ব্যয় হয় আৰু যান-জঁট বৃদ্ধি পায়। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ ফলত সময়ৰ ক্ষতিৰ পৰিণতিত প্ৰশাসনিক দক্ষতাত প্ৰত্যক্ষ প্ৰভাৱ পৰে।

একবিংশ শতিকাৰ ভাৰতত একবিংশ শতিকাৰ আধুনিক অট্টালিকাৰ প্ৰয়োজন আছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে প্ৰযুক্তি, সুৰক্ষা আৰু সুবিধাৰ ক্ষেত্ৰত আদৰ্শগত গঠনৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে এনে অট্টালিকাসমূহে কৰ্মচাৰীসকলৰ বাবে এটি আৰামদায়ক পৰিবেশ প্ৰশস্ত কৰিব লাগে, দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ সুবিধা প্ৰদান কৰিব লাগে আৰু সেৱাসমূহৰ নিৰৱচ্ছিন্ন প্ৰদান নিশ্চিত কৰিব লাগে। কৰ্তব্য ভৱনৰ দৰে বৃহৎ পৰিসৰৰ অট্টালিকাসমূহ সামগ্ৰিক দৃষ্টিভংগীৰে কৰ্তব্য পথৰ আশে-পাশে নিৰ্মাণ কৰা হৈছে বুলি উল্লেখৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথম কৰ্তব্য ভৱন সম্পূৰ্ণ হোৱাৰ সমান্তৰালকৈ আন কেইবাটাও কৰ্তব্য ভৱনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। তেখেতে কয় যে এই কাৰ্য্যালয়সমূহ নতুন কমপ্লেক্সলৈ স্থানান্তৰিত হ’লে কৰ্মচাৰীসকলে প্ৰয়োজনীয় সুবিধাসমূহ লাভৰ লগতে উন্নত কৰ্ম পৰিবেশৰ সুবিধা লাভ কৰিব, যিয়ে পাছলৈ তেওঁলোকৰ সামগ্ৰিক কামৰ উৎপাদন বৃদ্ধি কৰিব। শ্ৰী মোদীয়ে কয় যে বৰ্তমান সিঁচৰতি হৈ থকা মন্ত্ৰালয়ৰ কাৰ্য্যালয়ৰ ভাড়াত ব্যয় কৰা ১,৫০০ কোটি টকাও চৰকাৰে ৰাহি কৰিব।

“বৃহৎ কৰ্তব্য ভৱন আৰু নতুন প্ৰতিৰক্ষা কমপ্লেক্সকে প্ৰমুখ্য কৰি আন-আন বৃহৎ আন্তঃগাঁথনি প্ৰকল্পসমূহ ভাৰতৰ গতিৰ প্ৰমাণেই নহয়, বৰঞ্চ ইয়াৰ বিশ্ব দৃষ্টিভংগীৰ প্ৰতিফলনো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি কয়। তেখেতে কয় যে ভাৰতে বিশ্বক যি দৃষ্টিভংগী আগবঢ়াইছে, সেয়া দেশৰ ভিতৰতো অভিযোজনা কৰা হৈছে আৰু ইয়াৰ আন্তঃগাঁথনি উন্নয়নত এই কথা স্পষ্ট হৈ পৰিছে। ভাৰতৰ বৈশ্বিক অৱদান যেনেঃ মিছন লাইফ আৰু ‘এক পৃথিৱী, এক সূৰ্য্য, এক গ্ৰীড’ পদক্ষেপত আলোকপাতেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই ধাৰণাসমূহে মানৱতাৰ ভৱিষ্যতৰ আশা কঢ়িয়াই লৈ ফুৰে। তেখেতে আঙুলিয়াই দিয়ে যে কৰ্তব্য ভৱনৰ দৰে আধুনিক আন্তঃগাঁথনিত জনপন্থী মনোভাৱ আৰু গ্ৰহ সমৰ্থক গঠন সন্নিৱিষ্ট কৰা হৈছে। কৰ্তব্য ভৱনত ছাদৰ ওপৰত সৌৰ পেনেল স্থাপন কৰা হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া সমগ্ৰ ভাৰতত সম্প্ৰসাৰিত হোৱা সেউজ অট্টালিকাসমূহৰ দৃষ্টিভংগীৰে উন্নত আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থাও অট্টালিকাসমূহত অভিযোজনা কৰা হৈছে।

 

চৰকাৰখন সামগ্ৰিক দৃষ্টিভংগীৰে ৰাষ্ট্ৰ-নিৰ্মাণৰ কামত নিয়োজিত হৈছে বুলি দৃঢ়তাৰে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ কোনো অংশই আজি উন্নয়নৰ ধাৰাত পিছ পৰি ৰোৱা নাই। তেখেতে উল্লেখ কৰে যে দিল্লীয়ে নতুন সংসদ ভৱন নিৰ্মাণ প্ৰত্যক্ষৰ সমান্তৰালকৈ সমগ্ৰ দেশতে ৩০ হাজাৰৰো অধিক পঞ্চায়ত ভৱন নিৰ্মাণ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে কৰ্তব্য ভৱনৰ দৰে গুৰুত্বপূৰ্ণ অট্টালিকাৰ সমান্তৰালভাৱে দৰিদ্ৰ লোকসকলৰ বাবে চাৰি কোটিৰো অধিক পকী ঘৰ নিৰ্মাণ কৰা হৈছে। তেখেতে লগতে কয় যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু আৰক্ষী স্মাৰক স্থাপন কৰা হৈছে, আনহাতে সমগ্ৰ দেশতে ৩০০-ৰো অধিক নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে দিল্লীত ভাৰত মণ্ডপম নিৰ্মাণৰ সমান্তৰালকৈ দেশজুৰি ১,৩০০-ৰো অধিক অমৃত ভাৰত ৰেল ষ্টেচনৰ বিকাশ সাধন কৰা হৈছে। তেখেতে লগতে কয় যে যশোভূমিৰ বিশালতাই ৰূপান্তৰৰ পৰিসৰক প্ৰতিফলিত কৰে, যি বিগত ১১ বছৰত প্ৰায় ৯০ টা নতুন বিমানবন্দৰ নিৰ্মাণ কাৰ্য্যত প্ৰত্যক্ষ হৈছে।

অধিকাৰ আৰু কৰ্তব্যসমূহ অন্তৰ্নিহিতভাৱে সম্পৰ্কীয় তথা কৰ্তব্য পালনে অধিকাৰৰ ভেটি সুদৃঢ় কৰে বুলি মহাত্মা গান্ধীৰ বিশ্বাসক স্মৰণেৰে শ্ৰী মোদীয়ে কয় যে নাগৰিকৰ পৰা কৰ্তব্য আশা কৰা হৈছে যদিও চৰকাৰেও নিজৰ দায়িত্ব অতি গুৰুত্বসহকাৰে পালন কৰিব লাগিব। তেখেতে কয় যে চৰকাৰে আন্তৰিকতাৰে নিজৰ কৰ্তব্য পালন কৰা মাত্ৰেকে ইয়াৰ শাসন ব্যৱস্থাত প্ৰতিফলন ঘটে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে যোৱা দশকটো দেশত সুশাসনৰ দশক হিচাপে পৰিগণিত হৈছে। তেখেতে সংস্কাৰক এক সামঞ্জস্যপূৰ্ণ আৰু সময়সীমাবদ্ধ প্ৰক্ৰিয়া বুলি অভিহিতকৰণেৰে সুশাসন আৰু উন্নয়নৰ ধাৰাটো সংস্কাৰৰ সাধনৰ বোঁৱতী নৈখনৰ পৰাই উদ্ভৱ হোৱা বুলি উল্লেখেৰে লগতে কয় যে ভাৰতে ধাৰাবাহিকভাৱে বৃহৎ সংস্কাৰ সাধন কৰি আহিছে। “ভাৰতৰ সংস্কাৰ সাধন কাৰ্য্য কেৱল সামঞ্জস্যপূৰ্ণ নহয়, বৰঞ্চ গতিশীল আৰু দূৰদৰ্শীও”, চৰকাৰ-নাগৰিকৰ সম্পৰ্ক শক্তিশালী হোৱা, জীৱন-যাপনৰ সহজতা বৃদ্ধি, অভাৱগ্ৰস্তসকলক অগ্ৰাধিকাৰ প্ৰদান, নাৰী সবলীকৰণ আৰু প্ৰশাসনিক দক্ষতাৰ অগ্ৰগতি সাধনৰ বাবে অব্যাহত প্ৰচেষ্টাৰাজিত আলোকপাতেৰে শ্ৰী মোদীয়ে এইদৰে কয়। তেখেতে কয় যে দেশে এই ক্ষেত্ৰসমূহত অবিৰতভাৱে উদ্ভাৱন কৰি আহিছে। “যোৱা ১১ বছৰত ভাৰতে স্বচ্ছ, সংবেদনশীল আৰু নাগৰিক-কেন্দ্ৰিক শাসন আৰ্হি প্ৰস্তুত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰা প্ৰতিখন দেশতে জেএএম ট্ৰিনিটি— জন ধন, আধাৰ আৰু ম’বাইল— বিশ্বজুৰি ব্যাপকভাৱে চৰ্চিত বিষয় আৰু ইয়াক প্ৰশংসা কৰা হৈছে বুলি উল্লেখেৰে তেখেতে কয় যে জেএএম-এ ভাৰতত চৰকাৰী আঁচনিসমূহৰ ডেলিভাৰী প্ৰক্ৰিয়াক স্বচ্ছ আৰু লিকেজমুক্ত কৰি তুলিছে। তেখেতে কয় যে জনসাধাৰণ সততে আচৰিত হয় যে ৰেচন কাৰ্ড, গেছৰ ৰাজসাহায্য আৰু বৃত্তিৰ দৰে আঁচনিৰ মাজেৰে প্ৰায় ১০ কোটি হিতাধিকাৰী আছিল, যি সকলৰ অস্তিত্ব পৰীক্ষা কৰিব পৰা নগৈছিল— যিসকলৰ বহুতৰে জন্মও হোৱা নাছিল। পূৰ্বৰ চৰকাৰসমূহে এনে ভুৱা হিতাধিকাৰীসকলৰ নামত ধন হস্তান্তৰ কৰিছিল, ইয়াৰ পৰিণতিত ধনৰাশি অবৈধ একাউন্টলৈ ডাইভাৰ্ট কৰা হৈছিল। এই কথা উল্লেখেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে বৰ্তমানৰ চৰকাৰৰ আমোলত সকলো ১০ কোটি প্ৰৱঞ্চনামূলক নাম হিতাধিকাৰীৰ তালিকাৰ পৰা আঁতৰ কৰা হৈছে। তেখেতে শেহতীয়া এক পৰিসংখ্যাৰ কথা উল্লেখেৰে কয় যে এই কাৰ্য্যই ৰাষ্ট্ৰখনক ৪.৩ লাখ কোটি টকাৰো অধিক ধন ভুল হাতত পৰাৰ পৰা ৰক্ষা কৰিছে আৰু উক্ত বিশাল পৰিমাণৰ ধনৰাশি এতিয়া উন্নয়নমূলক পদক্ষেপলৈ প্ৰেৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইয়াৰ ফলশ্ৰুতিত প্ৰকৃত হিতাধিকাৰী সন্তুষ্ট হৈছে আৰু ৰাষ্ট্ৰীয় সম্পদ সুৰক্ষিত হৈছে।

 

দুৰ্নীতি আৰু লিকেজৰ বাহিৰেও পুৰণি নিয়ম-নীতিসমূহ দীৰ্ঘদিন ধৰি নাগৰিকসকলৰ বাবে কষ্টৰ কাৰণ হৈ আহিছিল আৰু চৰকাৰী সিদ্ধান্ত গ্ৰহণৰ বেলিকা এইসমূহে বাধাৰ সৃষ্টি কৰি আহিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ইয়াৰ সমাধানৰ বাবে ঔপনিৱেশিক যুগৰ অৱশিষ্ট ১,৫০০-ৰো অধিক অচল আইন বাতিল কৰা হৈছে, কিয়নো এইসমূহে দশক-দশক ধৰি শাসন ব্যৱস্থাত বাধাৰ সৃষ্টি কৰি আহিছে। তেখেতে আৰু কয় যে অনুসৰণৰ বোজায়ো উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেখেতে আৰু কয় যে আনকি সাধাৰণ উদ্যোগ স্থাপনৰ বাবেও ব্যক্তিসকলে পূৰ্বে অসংখ্য নথি দাখিল কৰিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে যোৱা ১১ বছৰত ৪০ হাজাৰৰো অধিক অনুপালন বাতিল কৰা হৈছে আৰু এনে পৰৱৰ্তী প্ৰক্ৰিয়া অবিৰত গতিৰে অব্যাহত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ পূৰ্বে বিভাগ আৰু মন্ত্ৰালয়ৰ মাজত থকা প্ৰক্ৰিয়াৰ বাবে পলম আৰু বাধাৰ সৃষ্টি হৈছিল। এতিয়া কাৰ্য্যকলাপ সুশৃংখলিত কৰিবলৈ কেইবাটাও বিভাগক একত্ৰিত কৰা হৈছিল, ডুপ্লিকেচন নোহোৱা কৰা হৈছিল আৰু প্ৰয়োজন সাপেক্ষে মন্ত্ৰালয়সমূহ হয় একত্ৰিত কৰা হৈছে নহয় নতুনকৈ সৃষ্টি কৰা হৈছে। শ্ৰী মোদীয়ে মূল মন্ত্ৰালয় যেনেঃ জল সুৰক্ষা সুনিশ্চিতকৰণৰ বাবে জল শক্তি মন্ত্ৰালয়, সমবায় আন্দোলনক সবলীকৰণৰ বাবে সমবায় মন্ত্ৰালয়, খণ্ডটোক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ পোন-প্ৰথমবাৰৰ বাবে স্থাপন কৰা মীন মন্ত্ৰালয় আৰু যুৱ সবলীকৰণত গুৰুত্ব আৰোপ কৰিবলৈ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় স্থাপনৰ কথা উল্লেখ কৰে। তেখেতে দৃঢ়তাৰে কয় যে এনে সংস্কাৰ সাধন কাৰ্য্যই শাসন ব্যৱস্থাৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিছে আৰু ৰাজহুৱা সেৱা প্ৰদান প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিছে।

চৰকাৰৰ কৰ্ম সংস্কৃতিৰ অগ্ৰগতি সাধনৰ প্ৰচেষ্টা অব্যাহত আছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মিছন কৰ্মযোগী আৰু ‘আই-গট’-ৰ দৰে ডিজিটেল প্লেটফৰ্ম যুগুতৰ পদক্ষেপৰাজিত আলোকপাত কৰে, যিয়ে চৰকাৰী কৰ্মচাৰীসকলক কাৰিকৰী আৰু পেছাদাৰী প্ৰশিক্ষণেৰে সবলীকৰণ কৰিছে। তেখেতে কয় যে ই-অফিচ, ফাইল অনুসৰণ আৰু ডিজিটেল অনুমোদনৰ দৰে ব্যৱস্থাই প্ৰশাসনিক প্ৰক্ৰিয়াত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে— ইয়াৰ ফলশ্ৰুতিত প্ৰক্ৰিয়াটো কেৱল দ্ৰুত হোৱাই নহয়, বৰঞ্চ সম্পূৰ্ণৰূপে অনুসৰণযোগ্য আৰু জবাবদিহিও হৈ পৰিছে।

নতুন অট্টালিকালৈ স্থানান্তৰিত হোৱা কাৰ্য্যই এক নতুন উৎসাহ যোগায় আৰু নিজৰ শক্তিক যথেষ্ট উন্নীত কৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত উপস্থিত সকলোকে নতুন ভৱনটোত মনোবল আৰু নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। তেখেতে পদবী নিৰ্বিশেষে প্ৰতিগৰাকী ব্যক্তিকে নিজ-নিজ কাৰ্য্যকালক সঁচা অৰ্থত স্মৰণীয় কৰি তুলিবলৈ চেষ্টা কৰিবলৈ উৎসাহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এসময়ত ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিলে গৌৰৱবোধেৰে ক’ব পাৰিব লাগিব যে তেওঁলোকে ৰাষ্ট্ৰৰ সেৱা নিজকে সমৰ্পিত কৰিছিল।

 

ফাইল আৰু নথিপত্ৰৰ প্ৰতি দৃষ্টিভংগী সলনিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে ফাইল, অভিযোগ বা আবেদন ৰুটিন যেন লাগিব পাৰে, কিন্তু কোনো লোকৰ ক্ষেত্ৰত সেই নথিখনে তেওঁলোকৰ গভীৰ আশাক প্ৰতিনিধিত্ব কৰিব পাৰে। এটা ফাইলক অগণন ব্যক্তিৰ জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত কৰিব পৰা যায়। ইয়াৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এক লাখ নাগৰিকৰ সৈতে জড়িত ফাইল এটা যদি এদিনো পলম হয়, তেন্তে ইয়াৰ পৰিণতিত এক লাখ মানৱ দিনৰ ক্ষতি হয়। সুবিধা বা নিয়মীয়া চিন্তাৰ বাহিৰত সেৱা আগবঢ়োৱাৰ অপৰিসীম সুযোগক স্বীকাৰেৰে তেখেতে বিষয়াসকলক এই মানসিকতাৰে নিজৰ দায়িত্বৰ কাষ চাপিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে নতুন ধাৰণা এটাৰ সৃষ্টি কৰিলে এক ৰূপান্তৰশীল পৰিৱৰ্তনৰ ভেটি স্থাপন কৰিব পৰা যাব। ভাৰতৰ উন্নয়নৰ সপোন যে দায়িত্বৰ গৰ্ভত লালন-পালন কৰা হয়, সেই কথা উল্লেখেৰে তেখেতে সকলো জনসেৱকক কৰ্তব্যৰ মনোভাৱেৰে ৰাষ্ট্ৰ-নিৰ্মাণৰ প্ৰতি গভীৰভাৱে দায়বদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।  

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া সমালোচনাৰ মুহূৰ্ত নহ’বও পাৰে যদিও এয়া নিশ্চিতভাৱে আত্মনিৰীক্ষণৰ সময়। তেখেতে কয় যে ভাৰতৰ সৈতে প্ৰায় একে সময়তে স্বাধীনতা লাভ কৰা কেইবাখনো ৰাষ্ট্ৰ দ্ৰুতগতিত আগবাঢ়িছে, আনহাতে ভিন্ন ঐতিহাসিক প্ৰত্যাহ্বানৰ বাবে ভাৰতৰ অগ্ৰগতি তুলনামূলকভাৱে লেহেমীয়া হৈ আছিল। শ্ৰী মোদীয়ে কয় যে এই প্ৰত্যাহ্বানসমূহ যাতে ভৱিষ্যৎ প্ৰজন্মলৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰখাই হৈছে এতিয়া আমাৰ দায়িত্ব। বিগত প্ৰচেষ্টাৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পুৰণি অট্টালিকাৰ ভিতৰতেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নীতি গ্ৰহণ কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিত ২৫ কোটি নাগৰিক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্ত হৈছিল। তেখেতে দৃঢ়তাৰে কয় যে নতুন অট্টালিকাত বৰ্ধিত দক্ষতাৰে দৰিদ্ৰতাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰা আৰু এখনি উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাই হৈছে আমাৰ লক্ষ্য। শ্ৰী মোদীয়ে সকলো অংশীদাৰকে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়, সকলোকে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে পদক্ষেপৰ সফলতাৰ কাহিনী ৰচনা প্ৰক্ৰিয়াত অৰিহণা যোগাবলৈ উৎসাহিত কৰে। তেখেতে ৰাষ্ট্ৰীয় উৎপাদনশীলতা বৃদ্ধিৰ অংগীকাৰৰ আহ্বান জনায়, যাতে পৰ্যটনৰ বিষয়ে আলোচনা হ’লে ভাৰত বৈশ্বিক গন্তব্যস্থানত পৰিণত হয়, যেতিয়া ব্ৰেণ্ডৰ কথা কোৱা হয়, বিশ্বই ভাৰতীয় উদ্যোগৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰে আৰু যেতিয়া শিক্ষাৰ সন্ধান হয়, তেতিয়া সমগ্ৰ বিশ্বৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতক বাছি লয়। তেখেতে লগতে কয় যে ভাৰতৰ সামৰ্থ্যক সুদৃঢ়কৰণ কাৰ্য্য এক সহভাজিত সাধনা আৰু ব্যক্তিগত অভিযানত পৰিণত হ’ব লাগিব।

 

সফল ৰাষ্ট্ৰসমূহ আগবাঢ়ি যোৱাৰ বাটত নিজৰ ইতিবাচক উত্তৰাধিকাৰক পৰিত্যাগ নকৰি বৰঞ্চ সংৰক্ষণ কৰে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰত ‘বিকাশ আৰু ঐতিহ্য’-ৰ দৃষ্টিভংগীৰে আগবাঢ়িছে। নতুন কৰ্তব্য ভৱন উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ঐতিহাসিক উত্তৰ আৰু দক্ষিণ ব্লক এতিয়া ভাৰতৰ জীৱন্ত উত্তৰাধিকাৰৰ অংশলৈ ৰূপান্তৰিত হ’ব। এই বিশিষ্ট অট্টালিকাসমূহক “যুগে-যুগে ভাৰত সংগ্ৰহালয়” নামেৰে ৰাজহুৱা সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হ’ব, ইয়াৰ ফলশ্ৰুতিত প্ৰতিগৰাকী নাগৰিকে ভাৰতৰ চহকী সভ্যতামূলক যাত্ৰা প্ৰত্যক্ষ আৰু অভিজ্ঞতা লাভ কৰিব পাৰিব বুলিও তেখেতে কয়। নতুন কৰ্তব্য ভৱনত জনতাই প্ৰৱেশ কৰাৰ লগে-লগে ইয়াৰ মূৰ্ত প্ৰেৰণা আৰু ঐতিহ্যক নিজৰ লগত কঢ়িয়াই লৈ যাব বুলি আস্থা প্ৰকাশৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে। কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে তেখেতে ভাৰতৰ নাগৰিকসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী, সাংসদ আৰু ভাৰত চৰকাৰৰ বিষয়াসকলকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

পটভূমি

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন উদ্বোধন কৰে।

এই ভৱন আধুনিক, দক্ষ আৰু নাগৰিক-কেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ এক বৃহৎ মাইলৰ খুঁটি। উদ্বোধন কৰা কৰ্তব্য ভৱন - ০৩ হৈছে চেন্ট্ৰেল ভিষ্টাৰ বিস্তৃত ৰূপান্তৰৰ এক অংশ। প্ৰশাসনিক প্ৰক্ৰিয়াসমূহক সুশৃংখলিত কৰা আৰু ফলপ্ৰসূ শাসন ব্যৱস্থা প্ৰশস্তকৰণৰ লক্ষ্যৰে আগন্তুক কেইবাটাও সামূহিক কেন্দ্ৰীয় সচিবালয় ভৱনৰ ভিতৰত এয়া প্ৰথম।

প্ৰকল্পটোৱে চৰকাৰৰ বিস্তৃত প্ৰশাসনিক সংস্কাৰৰ কাৰ্য্যসূচীক সামৰি লৈছে। মন্ত্ৰালয়সমূহক একেলগে স্থাপনেৰে অত্যাধুনিক আন্তঃগাঁথনিৰ অভিযোজনাৰে সাধাৰণ কেন্দ্ৰীয় সচিবালয়ে আন্তঃমন্ত্ৰালয় সমন্বয় কাৰ্য্যৰ অগ্ৰগতি সাধন কৰিব, নীতি-নিষ্পাদন কাৰ্য্যক ত্বৰান্বিত কৰিব আৰু সঁহাৰিমূলক প্ৰশাসনিক পৰিবেশ প্ৰশস্ত কৰিব।

সম্প্ৰতি একাধিক মূল মন্ত্ৰালয়ে ১৯৫০-ৰ পৰা ১৯৭০-ৰ ভিতৰত নিৰ্মিত শাস্ত্ৰী ভৱন, কৃষি ভৱন, উদ্যোগ ভৱন আৰু নিৰ্মাণ ভৱনৰ দৰে পুৰণি অট্টালিকাৰ পৰা কাম কৰে, যিসমূহ এতিয়া গাঁথনিগতভাৱে পুৰণি আৰু অদক্ষ। নতুন সুবিধাসমূহে মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ ব্যয় হ্ৰাস কৰিব, উৎপাদনশীলতা বৃদ্ধি কৰিব, কৰ্মচাৰীসকলৰ কল্যাণ বৃদ্ধি কৰিব আৰু সামগ্ৰিক সেৱা প্ৰদান কাৰ্য্যৰ বৰ্ধন ঘটাব।

কৰ্তব্য ভৱন – ০৩ এ বৰ্তমান সমগ্ৰ দিল্লীত সিঁচৰতি হৈ থকা ভিন্ন মন্ত্ৰালয় আৰু বিভাগসমূহক একত্ৰিতকৰণেৰে দক্ষতা, উদ্ভাৱন আৰু সহযোগিতাক ত্বৰান্বিত কৰিব। ই হৈছে দুটা বেছমেন্ট আৰু সাতটা স্তৰৰে (গ্ৰাউণ্ড + ৬ মহলা) প্ৰায় ১.৫ লাখ বৰ্গমিটাৰ এলেকাত বিস্তৃত এক অত্যাধুনিক কাৰ্য্যালয় কমপ্লেক্স। ইয়াত গৃহ পৰিক্ৰমা, বৈদেশিক পৰিক্ৰমা, গ্ৰামোন্নয়ন, এমএছএমই, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ (DoPT), পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি মন্ত্ৰালয়/বিভাগ তথা প্ৰধান বৈজ্ঞানিক উপদেষ্টা (PSA)-ৰ কাৰ্য্যালয় স্থাপন কৰা হ'ব।

নতুন ভৱনটো আইটি-প্ৰস্তুত আৰু সুৰক্ষিত কৰ্মক্ষেত্ৰ, আইডি কাৰ্ড-ভিত্তিক প্ৰৱেশ নিয়ন্ত্ৰণ, সংহত ইলেক্ট্ৰনিক চোৱাচিতা আৰু কেন্দ্ৰীয় কমাণ্ড চিষ্টেমৰ বৈশিষ্ট্যযুক্ত আধুনিক শাসন আন্তঃগাঁথনিৰ উদাহৰণ হৈ পৰিছে। ইয়াৰ উপৰিও ই বহনক্ষমতাৰ ক্ষেত্ৰতো নেতৃত্ব প্ৰদান কৰিব, ডাবল-গ্লেজযুক্ত ফেকেড, ছাদৰ ওপৰৰ সৌৰ প্ৰণালী, সৌৰ ব্যৱস্থাৰে পানী গৰম কৰা, উন্নত এইচভিএচি (হিটিং, ভেন্টিলেচন আৰু এয়াৰ কণ্ডিচনাৰ) ব্যৱস্থা, আৰু বৰষুণৰ পানী সংৰক্ষণেৰে ‘গৃহ-৪’ ৰেটিং লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এনে সুবিধাসমূহে শূন্য নিৰ্গমন আৱৰ্জনা ব্যৱস্থাপনা, স্থানতে গোটা আৱৰ্জনা প্ৰক্ৰিয়াকৰণ, ই-বাহন চাৰ্জিং ষ্টেচন আৰু পুনঃব্যৱহৃত নিৰ্মাণ সামগ্ৰীৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে পৰিবেশ সচেতনতাক প্ৰসাৰিত কৰিব।

 

শূন্য-নিৰ্গমন কেম্পাছ হিচাপে কৰ্তব্য ভৱনত পানীৰ প্ৰয়োজনীয়তাৰ এক বিশাল অংশ পৰিপূৰণৰ বাবে বৰ্জিত পানী পৰিশোধন আৰু পুনৰ-ব্যৱহাৰ কৰা হ’ব। ইয়াত ঘৰুৱা গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালী আছে।

 

৩০% কম শক্তি ব্যৱহাৰৰ লক্ষ্যৰে অট্টালিকাটোৰ ডিজাইন কৰা হৈছে। ইয়াত বিশেষ কাঁচৰ খিৰিকী আছে যাতে অট্টালিকাটো ঠাণ্ডা হৈ থাকে আৰু বাহিৰৰ শব্দ কম হয়। শক্তি ৰাহি কৰা এলইডি লাইট, প্ৰয়োজন নহ’লে লাইট বন্ধ হোৱা চেন্সৰ, শক্তি ৰাহি কৰা স্মাৰ্ট লিফ্ট আৰু বিদ্যুতৰ ব্যৱহাৰ পৰিচালনাৰ বাবে এটা উন্নত ব্যৱস্থাই শক্তি ৰাহি কৰাত সহায় কৰিব। কৰ্তব্য ভৱন – ০৩ ৰ চাদত ছ’লাৰ পেনেলৰ দ্বাৰা প্ৰতি বছৰে ৫.৩৪ লাখ ইউনিটৰো অধিক বিদ্যুৎ উৎপাদন হ’ব। সৌৰ ব্যৱস্থাৰে পানী গৰম কৰা যন্ত্ৰই দৈনিক গৰম পানীৰ প্ৰয়োজনীয়তাৰ এক চতুৰ্থাংশৰো অধিক পূৰণ কৰিব। ইয়াত বৈদ্যুতিক বাহনৰ বাবে চাৰ্জিং ষ্টেচনৰো ব্যৱস্থা কৰা হৈছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-EU FTA weaves new hope into $100 billion textile export dream

Media Coverage

India-EU FTA weaves new hope into $100 billion textile export dream
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Arya Vaidya Sala has played a significant role in preserving, protecting and advancing Ayurveda: PM Modi
January 28, 2026
Ayurveda in India has transcended time and region, guiding humanity to understand life, achieve balance and live in harmony with nature: PM
We have consistently focused on preventive health, the National AYUSH Mission was launched with this vision: PM
We must adapt to the changing times and increase the use of modern technology and AI in Ayurveda: PM


Shri Rajendra Arlekar, Governor of Kerala, all the dignitaries associated with Arya Vaidya Sala, ladies and gentlemen,

It is a pleasure for me to join you all on this solemn occasion. Arya Vaidyasala has played a significant role in preserving, protecting, and advancing Ayurveda. In its 125-year journey, this institution has established Ayurveda as a powerful system of treatment. On this occasion, I remember the contributions of Arya Vaidyasala's founder, Vaidyaratnam P.S. Varier. His approach to Ayurveda and his dedication to public welfare continue to inspire us.

Friends,

Arya Vaidyasala in Kerala is a living symbol of India's healing tradition, which has served humanity for centuries. Ayurveda in India has not been confined to any one era or region. Throughout time, this ancient system of medicine has shown the way to understand life, achieve balance, and live in harmony with nature. Today, Arya Vaidyasala manufactures over 600 Ayurvedic medicines. The organization's hospitals in various parts of the country treat patients using Ayurvedic methods, including those from over 60 countries around the world. Arya Vaidyasala has built this trust through its work. When people are in pain, all of you become a great source of hope for them.

Friends,

For Arya Vaidya Sala, service is not just an idea, this spirit is also visible in their action, approach and institutions. The Charitable Hospital of the organization has been continuously serving the people for the last 100 years, 100 years is not a small time, for 100 years. Everyone associated with the hospital has contributed in this. I also congratulate the Vaidyas, doctors, nursing staff and all others of the hospital. You all deserve congratulations for completing the 100 years journey of the Charitable Hospital. The people of Kerala have kept the traditions of Ayurveda alive for centuries. You are preserving and promoting those traditions as well.

Friends,

For a long time, ancient medical systems in the country were viewed in silos. Over the last 10-11 years, this approach has undergone a significant shift. Healthcare is now being viewed holistically. We have brought Ayurveda, Unani, Homeopathy, Siddha, and Yoga under one umbrella, and a Ministry of AYUSH has been specifically created for this purpose. We have consistently focused on preventive health. With this vision, the National AYUSH Mission was launched, and more than 12,000 AYUSH Wellness Centers were opened, providing yoga, preventive care, and community health services. We have also connected other hospitals in the country with AYUSH services and focused on the regular supply of AYUSH medicines. The objective is clear: to ensure that people in every corner of the country benefit from the knowledge of India's traditional medicine.

Friends,

The government's policies have clearly shown an impact on the AYUSH sector. The AYUSH manufacturing sector has grown rapidly and expanded. To promote Indian traditional wellness to the world, the government has established the AYUSH Export Promotion Council. Our effort is to promote AYUSH products and services in global markets. We are seeing its very positive impact. In the year 2014, AYUSH and herbal products worth approximately Rs 3 thousand crores were exported from India. Now, AYUSH and herbal products worth Rs 6500 crores are being exported from India. The farmers of the country are also getting huge benefits from this.

Friends,

Today, India is also emerging as a trusted destination for AYUSH-based medical value travel. Therefore, we have taken steps like the AYUSH Visa. This is providing better access to AYUSH medical facilities to people coming from abroad.

Friends,

To promote ancient medical systems like Ayurveda, the government is proudly showcasing it on every major platform. Whether it's the BRICS summit or the G-20 meeting, wherever I got the opportunity, I presented Ayurveda as a medium for holistic health. The World Health Organization (WHO)'s Global Traditional Medicine Centre is also being established in Jamnagar, Gujarat. The Institute of Teaching and Research in Ayurveda has started functioning in Jamnagar itself. To meet the growing demand for Ayurvedic medicines, medicinal farming is also being promoted on the banks of the river Ganga.

Friends,

Today, I want to share with you another achievement of the country. You all know that a historic trade agreement has just been announced with the European Union. I am happy to inform you that this trade agreement will provide a major boost to Indian traditional medicine services and practitioners. In EU member states where regulations do not exist, our AYUSH practitioners will be able to provide their services based on their professional qualifications acquired in India. This will greatly benefit our youth associated with Ayurveda and Yoga. This agreement will also help in establishing AYUSH wellness centers in Europe. I congratulate all of you associated with Ayurveda and AYUSH on this agreement.

Friends,

Ayurveda has been used for treatment in India for centuries. However, it is unfortunate that we have to explain the importance of Ayurveda to people, both in the country and abroad. A major reason for this is the lack of evidence-based research and research papers. When the Ayurvedic system is tested on the principles of science, people's faith is strengthened. Therefore, I am happy that Arya Vaidya Shala has continuously tested Ayurveda on the touchstone of science and research. It is working in collaboration with institutions like CSIR and IIT. Drug research, clinical research, and cancer care have also been your focus. Establishing a Centre of Excellence for Cancer Research, in collaboration with the Ministry of AYUSH, is an important step in this direction.

Friends,

Now, we must increase the use of modern technology and AI in Ayurveda to adapt to the changing times. Much innovation can be done to diagnose disease and develop different treatments.

Friends,

Arya Vaidya Shala has demonstrated that tradition and modernity can coexist, and that healthcare can become a foundation of trust in people's lives. This institution has adapted to modern needs while preserving the ancient wisdom of Ayurveda. Treatment has been streamlined and services have been made accessible to patients. I once again congratulate Arya Vaidya Shala on this inspiring journey. I wish that this institution continues to improve people's lives with the same dedication and spirit of service in the years to come. Thank you very much.