"ভাৰত চৰকাৰ লাক্ষাদ্বীপৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপৰ অগট্টি বিমান নবন্দৰত উপস্থিত হোৱাৰ ক্ষন্তেক পাছতেই এক ৰাজহুৱা অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে নিশা লাক্ষাদ্বীপত কটাব।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে লাক্ষদ্বীপৰ অপৰিসীম সম্ভাৱনাসমূহৰ কথা উল্লেখ কৰে আৰু স্বাধীনতাৰ পিছত লাক্ষদ্বীপে সন্মুখীন হোৱা দীৰ্ঘদিনীয়া অৱহেলাৰ কথা উল্লেখ কৰে। জাহাজ এই অঞ্চলটোৰ জীৱনৰেখা হোৱা সত্বেও বন্দৰগাহৰ দুৰ্বল  আন্তঃগাঁথনিৰ কথা তেওঁ উল্লেখ কৰে। ই শিক্ষা, স্বাস্থ্য আৰু আনকি পেট্ৰ'ল আৰু ডিজেলৰ ক্ষেত্ৰতো প্ৰযোজ্য, তেওঁ কয়। তেওঁ কয় যে এতিয়া চৰকাৰে ইয়াৰ বিকাশৰ কাম সঠিক আন্তৰিকতাৰে গ্ৰহণ কৰিছে। "এই সকলোবোৰ প্ৰত্যাহ্বান আমাৰ চৰকাৰে মোকাবিলা কৰিছে", তেওঁ কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা ১০ বছৰত অগট্টিত বহুতো উন্নয়নমূলক প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু বিশেষকৈ মাছমৰীয়াসকলৰ বাবে আধুনিক সুবিধা সৃষ্টিৰ কথা উল্লেখ কৰে। তেওঁ এই কথাটোও উল্লেখ কৰে যে এতিয়া অগট্টিত এটা বিমান বন্দৰৰ লগতে এটা বৰফৰ প্ৰকল্প আছে। ইয়াৰ ফলত সামুদ্ৰিক খাদ্য ৰপ্তানি আৰু সামুদ্ৰিক খাদ্য প্ৰক্ৰিয়াকৰণ সম্পৰ্কীয় খণ্ডৰ বাবে নতুন সম্ভাৱনা মুকলি হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লাক্ষাদ্বীপৰ পৰা টুনা মাছ ৰপ্তানি আৰম্ভ কৰাৰ কথা উল্লেখ কৰে যিয়ে লক্ষদ্বীপৰ মাছমৰীয়াসকলৰ উপাৰ্জন বৃদ্ধিৰ পথো প্ৰশস্ত কৰিছে।

 

আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লাক্ষাদ্বীপৰ বিদ্যুৎ আৰু অন্যান্য শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সৌৰ প্ৰকল্প আৰু বিমান ইন্ধন ভাণ্ডাৰ উদ্বোধনৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে অগট্টি দ্বীপৰ সকলো ঘৰতে টেপৰ পানীৰ সংযোগৰ পৰিপূৰ্ণতাৰ বিষয়ে অৱগত কৰে আৰু দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ, শৌচালয়, বিদ্যুৎ আৰু ৰন্ধন গেছ সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ কথা দোহাৰে। "ভাৰত চৰকাৰে অগট্টিকে ধৰি সমগ্ৰ লাক্ষাদ্বীপৰ উন্নয়নৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰে কাম কৰি আছে", লাক্ষাদ্বীপৰ জনসাধাৰণৰ বাবে অধিক উন্নয়নমূলক প্ৰকল্পৰ বাবে কাৱাৰাট্টিত কাইলৈ অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে ভাষণৰ সামৰণি মাৰে।

 

পৃষ্ঠভূমি

লাক্ষাদ্বীপ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১১৫০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰিব, দেশবাসীক উৎসৰ্গা কৰিব আৰু আধাৰশিলা স্থাপন কৰিব।

 

এক পৰিৱৰ্তনশীল পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে কোচি-াক্ষাদ্বীপ দ্বীপপুঞ্জ চাবমেৰিন অপ্টিকেল ফাইবাৰ কানেকশন (কেএলআই-এছঅ'এফচি)প্ৰকল্প শুভাৰম্ভ কৰি লাক্ষাদ্বীপ দ্বীপত ধীৰ ইণ্টাৰনেট গতিৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সংকল্প লোৱাৰ লগতে ২০২০ চনৰ আগষ্টত লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণত সেই কথা ঘোষণা কৰিছিল। প্ৰকল্পটো এতিয়া সম্পূৰ্ণ হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। ইয়াৰ ফলত ইণ্টাৰনেটৰ গতি ১০০ গুণতকৈ অধিক বৃদ্ধি হ'ব (১.৭জিবিপিএছৰ পৰা ২০০ জিবিপিএছলৈ)স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে, লাক্ষাদ্বীপ চাবমেৰিন অপ্টিক ফাইবাৰ কেবলৰ জৰিয়তে সংযোগ কৰা হ'ব। সমৰ্পিত চাবমেৰিন অ'এফচিয়ে লাক্ষাদ্বীপ দ্বীপপুঞ্জত যোগাযোগ আন্তঃগাঁথনিৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তন সুনিশ্চিত কৰিব, যাৰ ফলত দ্ৰুত আৰু অধিক নিৰ্ভৰযোগ্য ইণ্টাৰনেট সেৱা, টেলিমেডিচিন, ই-গভৰ্ণেন্স, শৈক্ষিক পদক্ষেপ, ডিজিটেল বেংকিং, ডিজিটেল মুদ্ৰা ব্যৱহাৰ, ডিজিটেল সাক্ষৰতা আদি সক্ষম হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে কদমত নিম্ন তাপমান তাপ নিষ্কাশন (এলটিটিডিপ্ৰকল্প ৰাষ্ট্ৰক উৎসৰ্গা কৰিব। ই প্ৰতিদিনে ১.৫ লাখ লিটাৰ পৰিষ্কাৰ খোৱা পানী উৎপাদন কৰিব। প্ৰধানমন্ত্ৰীয়ে অগট্টি আৰু মিনিকায় দ্বীপপুঞ্জৰ সকলো পৰিয়ালৰ বাবে ফাংচনেল হাউচহোল্ড টেপ কানেকশন (এফএইচটিচিদেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব। লাক্ষাদ্বীপ দ্বীপসমূহত খোৱা পানীৰ উপলব্ধতা সদায়ে এক প্ৰত্যাহ্বান আছিল কিয়নো প্ৰবাল দ্বীপ হিচাপে, ইয়াত ভূগৰ্ভস্থ পানীৰ উপলব্ধতা অতি সীমিত। এই খোৱাপানী প্ৰকল্পসমূহে দ্বীপসমূহৰ পৰ্যটন ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব, যাৰ ফলত স্থানীয় নিযুক্তিৰ সুযোগ বৃদ্ধি পাব।

 

ৰাষ্ট্ৰলৈ সমৰ্পিত অন্যান্য প্ৰকল্পবোৰৰ ভিতৰত আছে কাৱাৰাট্টিত সৌৰ শক্তি প্ৰকল্প, যি হৈছে লাক্ষাদ্বীপৰ প্ৰথম বেটাৰী সমৰ্থিত সৌৰ শক্তি প্ৰকল্প। ই ডিজেল-আধাৰিত শক্তি উৎপাদন প্ৰকল্প, আৰু কাৱাৰাট্টিত ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবিএনকমপ্লেক্সৰ নতুন প্ৰশাসনিক খণ্ড আৰু ৮০পুৰুষ বেৰেকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কালপেনিত প্ৰাথমিক স্বাস্থ্য সেৱা সুবিধাৰ নৱীকৰণ আৰু এন্দ্ৰোথ, চেতলাট, কদমত, অগট্টি আৰু মিনিকয় পাঁচটা দ্বীপত পাঁচটা আৰ্হিৰ অংগনৱাড়ী কেন্দ্ৰ (নন্দ ঘৰনিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিব।

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi

Media Coverage

'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of diversity in innovation and entrepreneurship
June 15, 2026

The Prime Minister, Shri Narendra Modi said that in the fields of innovation and entrepreneurship, every individual has a distinct way of thinking and a unique creative vision, and it is this diversity that gives rise to new possibilities. He noted that just as every source of water has a different taste, every talent possesses its own unique identity and contribution. The Prime Minister added that innovation and progress become possible through the convergence of diverse ideas and capabilities.

The Prime Minister shared a Sanskrit Subhashitam-

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”

The Subhashitam conveys that in the field of innovation and enterprise, each person has a different way of thinking and a unique creative vision, and this diversity gives rise to new possibilities. Just as the taste of water differs from one source to another, every talent has its own distinct identity and contribution. It is through the combination of these different ideas and abilities that innovation and progress become possible.

The Prime Minister wrote on X;

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”