Steps are being taken to double farmers' income by 2022: PM
Our efforts are on modernizing the agriculture sector by incorporating latest technology: PM Modi
Govt is focussing on promoting agricultural technology-based startups: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত তৃতীয় বিশ্ব আলু সন্মিলনত ভাষণ আগবঢ়ায়৷ ১৯৯৯ আৰু ২০০৮ চনত পূৰ্বৰ দুখন বিশ্ব আলু সন্মিলন অনুষ্ঠিত হৈছিল৷ নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ছিমলাৰ আইচিএআৰ–কেন্দ্ৰীয় আলু গৱেষণা প্ৰতিষ্ঠান তথা পেৰুৰ লিমাস্থিত আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ(চিআইপি)ৰ সহযোগত ভাৰতীয় আলু সংস্থা(আইপিএ)ই এই সন্মিলনৰ আয়োজন কৰিছে৷

অহা দিনকেইটাত খাদ্য আৰু পুষ্টিৰ চাহিদা সম্পৰ্কীয় কাৰকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি হ’বলগীয়া আলোচনাৰ বাবে তৃতীয় বিশ্ব আলু সন্মিলনত বিশ্বৰ বিজ্ঞানী, আলু খেতিয়কৰ লগতে অন্যান্য অংশীদাৰসকলো সমবেত হৈছে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত আলু সন্মিলন, কৃষি মেলা আৰু আলু ক্ষেত্ৰ দিৱস এই তিনিওটাক একেসময়তে গুৰু্ত্ব প্ৰদান কৰা হৈছে৷ তেওঁ লগতে কয় যে ক্ষেত্ৰ দিৱস উপলক্ষে ৬হাজাৰ কৃষকে কৃষি ক্ষেত্ৰ পৰিদৰ্শনৰ প্ৰচেষ্টা প্ৰশংসনীয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ অগ্ৰণী আলু উৎপাদনকাৰী ৰাজ্যসমূহৰ ভিতৰত অগ্ৰণী গুজৰাটত তৃতীয় বিশ্ব আলু সন্মিলন আয়োজন কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ তেওঁ কয় যে যিসময়ত সমগ্ৰ ভাৰতৰ আলু খেতি কৰা এলেকাৰ পৰিমাণ ২০% বৃদ্ধি পাইছে, সেই সময়ত গুজৰাটত ১৭০% বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনে গ্ৰহণ কৰা কৃষিখণ্ডৰ অত্যাধূনিক সা–সঁজুলি যেনে–স্প্ৰিংকাৰ, কৃষি কাৰ্যৰ বাবে গভীৰ জলসিঞ্চনৰ উপৰি উত্তম শীতলীগৃহ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ দৰে কেতবোৰ প্ৰচেষ্টাই এই ক্ষেত্ৰত সহায় কৰিছে৷ তেওঁ কয় যে বৰ্তমান গুজৰাটত বৃহৎ আলু প্ৰক্ৰিয়াকৰণ কোম্পানী থকাৰ লগতে ৰাজ্যখনৰ পৰা সৰ্বাধিক আলু ৰপ্তানিও হয়৷ এইবোৰে ৰাজ্যখনক দেশৰ প্ৰধান আলু খেতিৰ কেন্দ্ৰস্থলত পৰিণত কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে কৃষকৰ আয় দুগুন কৰাৰ লক্ষ্যৰে কেতবোৰ দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ লগতে কয় যে এই পদক্ষেপসমূহৰ ফলস্বৰূপে তথা চৰকাৰী নীতিৰ জৰিয়তে ভাৰতে বিভিন্ন খাদ্যশস্য তথা অন্যান্য খাদ্য সামগ্ৰী উৎপাদনত বিশ্বৰ শীৰ্ষ তিনিখন দেশৰ শাৰীত উপনীত হৈছে৷ তেওঁ লগতে পিএম কিষাণ সম্পদা যোজনাৰ জৰিয়তে মুল্য সংযোজন আৰু মুল্য শৃংখল উন্নয়নত সহায় হোৱাকৈ খাদ্য প্ৰকিয়াকৰণ উদ্যোগৰ সকলো পৰ্যায়তে ১০০শতাংশ এফডিআইৰ ব্যৱস্থাৰ তালিকাও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে লগতে চলিত মাহৰ প্ৰথমভাগত ৬ কোটি কৃষক পৰিয়াললৈ ডিবিটিৰ জৰিয়তে ১২,০০০ কোটি টকা হস্তান্তৰ কৰি ৰচনা কৰা অভিলেখ সম্পৰ্কেও উল্লেখ কৰে৷ তেওঁ কয় যে তেওঁৰ চৰকাৰে কৃষক আৰু উপভোক্তাৰ অন্যান্য স্তৰতো মধ্যভোগীৰ প্ৰভাৱ হ্ৰাস কৰাত অগ্ৰাধিকাৰ দিয়ে৷ তেওঁ কয় যে এই চৰকাৰে কৃষিজাত প্ৰযুক্তিভিত্তিক ষ্টাৰ্ট আপৰ প্ৰচাৰতো গুৰুত্ব আৰোপ কৰে, যাতে স্মাৰ্ট আৰু নিৰ্ভুল কৃষিৰ বাবে কৃষকৰ ডাটাবেছ আৰু কৃষি সম্পৰ্কীয় তথ্য প্ৰয়োজন পুৰণ কৰিব পাৰে৷

প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানীসকলক অত্যাধুনিক জৈৱ প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, ব্লক চেইন, দ্ৰোণ প্ৰযুক্তিৰ দৰে বিভিন্ন সমস্যা সমাধানত সহায় কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে বিজ্ঞানীসমূদায় আৰু নীতি নিৰ্মাতাসকলৰ আটাইতকৈ ডাঙৰ দায়িত্ব হৈছে যে কোনো লোক যাতে ভোকাতুৰ অথবা অপুষ্টিত নোভোগে৷

পটভূমিঃ

তৃতীয় বিশ্ব আলু সন্মিলনে সংশ্লিষ্ট সকলোপক্ষকে একেটা মঞ্চত একগোট কৰাৰ ক্ষেত্রত সুযোগ প্ৰদান কৰে, যাতে আলু ক্ষেত্রৰ সৈতে জড়িত সকলো বিষয়ক লৈ বিশদ আলোচনা আৰু ভৱিষ্যৎ পৰিকল্পনাৰ সম্পর্কে মতামত আগবঢ়াব পাৰে৷ এই ব্যতিক্ৰমী কাৰ্যসূচীত দেশৰ বিভিন্ন অংশীদাৰে আলু গৱেষণাৰ ক্ষেত্ৰত জ্ঞান আৰু অভিনৱ পন্থা আয়ত্ত তথা প্ৰদৰ্শন কৰিব৷ এই সন্মিলনত তিনিটা গুৰুত্বপূর্ণ বিষয় আছে। সেইকেইটা হ’ল–আলু সন্মিলন, কৃষিজাত সামগ্ৰীৰ মেলা তথা আলু ক্ষেত্ৰ দিৱস৷

২৮–৩০ জানুৱাৰীলৈকে এই আলু সন্মিলন অনুষ্ঠিত হ’ব৷ এই আলোচনাত ১০টা বিষয় আছে আৰু ইয়াৰে আঠটা বিষয় প্ৰাথমিক আৰু প্ৰায়োগিক গৱেষণাৰ সৈতে জড়িত৷ বাকী দুটাত আলুৰ বাণিজ্য, মুল্য শৃংখল ব্যৱস্থাপনা আৰু নীতি নিৰ্ধাৰণক বিশেষ গুৰুত্ব দিয়া হৈছে৷

আলুকেন্দ্ৰিক উদ্যোগ তথা বাণিজ্য, প্ৰক্রিয়াকৰণ, আলু বীজ উৎপাদন, জৈৱ প্ৰযুক্তি, প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্রত চৰকাৰী–বেচৰকাৰী অংশীদাৰিত্বকে ধৰি কৃষি বিষয়ক সামগ্ৰীৰ স্থিতি প্ৰদৰ্শন কৰাৰ বাবে ২৮–৩০ জানুৱাৰীলৈ কৃষি মেলা অনুষ্ঠিত কৰা হ’ব৷

৩১ জানুৱাৰীত আলু ক্ষেত্ৰ দিৱস অনুষ্ঠিত কৰা হ’ব৷ ইয়াত আলু খেতিৰ যন্ত্ৰপাতি, বিভিন্ন প্ৰজাতিৰ আলু তথা অত্যাধূনিক প্ৰযুক্তিৰ অগ্ৰগতি সম্পৰ্কে দাঙি ধৰা হ’ব৷

উৎপাদন তথা প্ৰমাণিত বীজৰ ব্যৱহাৰ, বহু দূৰলৈ কৰা পৰিবহণ আৰু ৰপ্তানি বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই খেতি কৰোতে সন্মুখীন হোৱা প্ৰধান সমস্যা যেনে–ৰোপণ সঁজুলি, যোগান শৃংখল, শস্য চপোৱাৰ পাছত হোৱা লোকচান, উন্নত প্ৰক্ৰিয়াকৰণৰ প্ৰয়োজনীয়তা, ৰপ্তানি আৰু বিভিন্ন ধৰণে ব্যৱহাৰ আৰু প্ৰয়োজনীয় নীতিগত সমৰ্থন ইত্যাদি দিশত এই সন্মিলনত আলোচনা কৰা হ’ব৷

 

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi