প্ৰধানমন্ত্ৰীয়ে আজি "পৰিবেশ, চিঅ’পি-৩০ (COP-30) আৰু বিশ্ব স্বাস্থ্য" বিষয়ক অধিবেশন সম্বোধন কৰে। এই অধিবেশনত ব্ৰিকছৰ সদস্য, অংশীদাৰ দেশ আৰু আমন্ত্ৰিত ৰাষ্ট্ৰসমূহে অংশগ্ৰহণ কৰে। তেখেতে ব্ৰাজিলক বিশ্বৰ ভৱিষ্যতৰ বাবে এনে অধিক গুৰুত্বপূৰ্ণ বিষয়সমূহত অধিবেশন আয়োজনৰ বাবে ধন্যবাদ জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে জলবায়ু পৰিৱৰ্তন কেৱল শক্তি সমস্যাৰে মোকাবিলাকৰণেই নহয়, বৰঞ্চ ই জীৱন আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্যতা ৰক্ষাকো সূচিত কৰে। তেখেতে কয় যে ভাৰতে জলবায়ু ন্যায়ক নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিছে আৰু সেয়ে পালন কৰিব। পৰিবেশ কাৰ্য্যৰ প্ৰতি ভাৰতৰ গভীৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখেৰে তেখেতে জনসমৰ্থক আৰু গ্ৰহ সমৰ্থক বিকাশ আৰু উন্নয়নক প্ৰসাৰিতকৰণৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে বিশদভাৱে কয়, যেনেঃ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি মিত্ৰজোঁট, গ্ল’বেল বাঅ’ফুৱেলছ এলায়েন্স, আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স, মিছন লাইফ, এক পেড় মা কে নাম [মাতৃৰ বাবে এটি গছপুলি] আদি।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বিকাশৰ এক বহনক্ষম পথত অগ্ৰসৰ হৈছে। দেশখন দ্ৰুত-বৰ্ধমান বৃহৎ অৰ্থনীতি হোৱাৰ সমান্তৰালকৈ ই সময়ৰ আগতেই পেৰিছ অংগীকাৰ পৰিপূৰণ কৰিছে। তেখেতে জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ উন্নয়নশীল দেশসমূহৰ বাবে প্ৰযুক্তিৰ হস্তান্তৰ আৰু সুলভ বিত্তীয় সাহায্যৰ আহ্বান জনায়। এই সন্দৰ্ভত তেখেতে কয় যে গ্ৰুপটোৱে অভিযোজনা কৰা জলবায়ু বিত্ত কাঠামো ঘোষণা এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সেউজ উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা সম্পৰ্কে বিশদভাৱে উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড মহামাৰীৰ সময়ছোৱাকে ধৰি ভিন্ন সময়ত দেশসমূহক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতে "এক বিশ্ব, এক স্বাস্থ্য" মন্ত্ৰ গ্ৰহণ কৰিছে। তেখেতে কয় যে ভাৰতে ডিজিটেল স্বাস্থ্য আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰিছে আৰু গ্ল’বেল ছাউথৰ দেশসমূহৰ সৈতে এয়া আদান-প্ৰদান কৰিবলৈ সাজু হৈছে। এনে প্ৰেক্ষাপটত তেখেতে ব্ৰিকছ পাৰ্টনাৰশ্বিপ ফৰ এলিমিনেচন অৱ ছ’চিয়েল ডিটাৰ্মিনড ডিজিজ ঘোষণাৰ অভিযোজনাক আদৰণি জনায়।

অহা বছৰ ভাৰতে ব্ৰিকছৰ অধ্যক্ষতাৰ দায়িত্ব পালন কৰিব। এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে নিজৰ কাৰ্য্যসূচীত গ্ল’বেল ছাউথক অগ্ৰাধিকাৰ প্ৰদান কৰিব আৰু জনকেন্দ্ৰিক তথা "মানৱতা প্ৰথম" দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰিব। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰতৰ অধ্যক্ষতাৰ অধীনত ই ব্ৰিকছক নতুন ৰূপত উপস্থাপনৰ প্ৰয়াস কৰিব আৰু ইয়াৰ সংক্ষিপ্ত ৰূপটো হ’ব – বিল্ডিং (B) ৰেজিলিয়েন্স (R) এণ্ড ইন’ভেচন (I) ফৰ ক’অপাৰেচন (C) এণ্ড চাচটেইনিবিলিটি (S)। তেখেতে সন্মিলনখনি সফলতাৰে আয়োজনৰ বাবে ৰাষ্ট্ৰপতি লুলাক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Chai Pe Charcha' With Xi, Putin: Unseen Footage From BRICS Summit Show PM Modi's Moments With Leaders

Media Coverage

'Chai Pe Charcha' With Xi, Putin: Unseen Footage From BRICS Summit Show PM Modi's Moments With Leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Samvatsari
September 15, 2026

The Prime Minister, Shri Narendra Modi, has extended his greetings to the people on the sacred occasion of Samvatsari. Shri Modi said that Samvatsari reminds us that forgiveness and compassion strengthen every bond. He called upon everyone to embrace humility and let kindness and goodwill guide their actions.

The Prime Minister posted on X:

Samvatsari reminds us that forgiveness and compassion strengthen every bond.

On this sacred occasion, may humility guide us and may kindness and goodwill shape our every action.

Michhami Dukkadam!