"ভাৰতৰ বৈজ্ঞানিক সমাজে আমাৰ দেশৰ বাবে এক যোগ্য স্থান নিশ্চিত কৰিব"
"একবিংশ শতিকাৰ ভাৰতত তথ্য আৰু প্ৰযুক্তিৰ প্ৰচুৰ উপলব্ধতাই বিজ্ঞানক সহায় কৰিব"
"আমাৰ চিন্তা ধাৰা কেৱল বিজ্ঞানৰ জৰিয়তে মহিলাসকলক শক্তিশালী কৰাই নহয়, বৰঞ্চ মহিলাৰ অৱদানৰ দ্বাৰা বিজ্ঞানক শক্তিশালী কৰাও উচিত"
"মহিলাৰ অংশগ্ৰহণৰ বৃদ্ধিৰ জৰিয়তে মহিলা আৰু বিজ্ঞান দুয়োদেশত আগবাঢ়ি আছে সেয়া প্ৰমাণিত হৈছে"
"বিজ্ঞানৰ প্ৰচেষ্টা কেৱল তেতিয়াহে ডাঙৰ সাফল্যলৈ পৰিৱৰ্তিত হ'ব পাৰে যেতিয়া ফলাফল পৰীক্ষাগাৰৰ পৰা ওলাই আহি ভূমিষ্ঠ হয় আৰু সেইবোৰৰ প্ৰভাৱ বিশ্বব্যাপী ৰ পৰা তৃণমূল পৰ্যায়লৈ যায়, যেতিয়া ইয়াৰ পৰিসৰ আলোচনীৰ পৰা ভূমিলৈ পৰ্যবসিত হয় আৰু যেতিয়া গৱেষণাৰ পৰা বাস্তৱ জীৱনলৈ পৰিৱৰ্তন দৃশ্যমান হয়"
"যদি দেশখনে ভৱিষ্যতৰ ক্ষেত্ৰত উদ্যোগ লয় তেন্তে আমি উদ্যোগ ৪.০-ৰ নেতৃত্ব দিয়াৰ স্থিতিত থাকিম"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ১০৮ সংখ্যক ভাৰতীয় বিজ্ঞান কংগ্ৰেছত ভাষণ প্ৰদান কৰে। এই বছৰৰ আইএছচিৰ কেন্দ্ৰবিন্দু বিষয় হৈছে "মহিলা সশক্তিকৰণৰ সৈতে বহনক্ষম বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি" যিয়ে বহনক্ষম উন্নয়ন, মহিলা সৱলীকৰণ আৰু ইয়াক প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকাৰ ওপৰত আলোচনা কৰিব।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অহা ২৫ বছৰত ভাৰতৰ উন্নয়নৰ কাহিনীত ভাৰতৰ বৈজ্ঞানিক শক্তিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। "যেতিয়া আবেগৰ সৈতে বিজ্ঞানত ৰাষ্ট্ৰীয় সেৱাৰ মনোভাৱ সঞ্চাৰিত হয়, ফলাফল অভূতপূৰ্ব হয়। মই নিশ্চিত যে ভাৰতৰ বৈজ্ঞানিক সম্প্ৰদায়ে আমাৰ দেশৰ বাবে এক স্থান নিশ্চিত কৰিব", তেওঁ কয়।

পৰ্যৱেক্ষণ বিজ্ঞানৰ মূল বুলি উল্লেখ কৰি আৰু এনে পৰ্যৱেক্ষণৰ দ্বাৰা বিজ্ঞানীসকলে আৰ্হি অনুসৰণ কৰে তথা প্ৰয়োজনীয় ফলাফলত উপনীত হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তথ্য সংগ্ৰহ আৰু ফলাফল বিশ্লেষণৰ গুৰুত্বৰ দিশত আলোকপাত কৰে। তেওঁ একবিংশ শতিকাৰ ভাৰতত তথ্য আৰু প্ৰযুক্তিৰ প্ৰচুৰ উপলব্ধতাৰ ওপৰত আলোকপাত কৰে আৰু কয় যে ভাৰতীয় বিজ্ঞানক নতুন উচ্চতালৈ লৈ যোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে জনায় যে তথ্য বিশ্লেষণৰ ক্ষেত্ৰখন উল্কাপিণ্ডৰ গতিত আগবাঢ়ি আছে যি তথ্যক অন্তৰ্দৃষ্টি আৰু বিশ্লেষণক কাৰ্যকৰী জ্ঞানলৈ ৰূপান্তৰ কৰাত যথেষ্ট সহায় কৰে। "পৰম্পৰাগত জ্ঞান হওক বা আধুনিক প্ৰযুক্তিয়েই হওক, বৈজ্ঞানিক আৱিষ্কাৰত প্ৰত্যেকেই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ গৱেষণাৰ নেতৃত্বত বিকাশৰ বিভিন্ন কৌশল প্ৰয়োগ কৰি বৈজ্ঞানিক প্ৰক্ৰিয়াবোৰ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাৰতৰ প্ৰচেষ্টাৰ ফলাফল সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৫ চনৰ ৮১ তম স্থানৰ পৰা ২০২২ চনত ভাৰত বিশ্বউদ্ভাৱন সূচকত ৪০ তম স্থানলৈ উন্নীত হোৱাৰ বাবে ভাৰতক বিশ্বৰ শীৰ্ষ দেশসমূহৰ ভিতৰত গণ্য কৰা হৈছে। পিএইচডি আৰু ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত আছে।

মহিলা সশক্তিকৰণৰ সৈতে বহনক্ষম উন্নয়নৰ সংমিশ্ৰণ কৰা বিজ্ঞান কংগ্ৰেছৰ বিষয়বস্তুক লৈ আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োটা ক্ষেত্ৰৰ মাজত পৰিপূৰকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অৱশ্যে, তেওঁ জোৰ দি কয়, "আমাৰ চিন্তা ধাৰা কেৱল বিজ্ঞানৰ জৰিয়তে মহিলাসকলক শক্তিশালী কৰাই নহয়, লগতে মহিলাৰ অৱদানৰ দ্বাৰা বিজ্ঞানকো শক্তিশালী কৰা উচিত।"

ভাৰতক জি-২০ ৰ অধ্যক্ষতা কৰাৰ সুযোগ প্ৰদান কৰা হৈছে বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মহিলাৰ নেতৃত্বত উন্নয়ন হৈছে দেশখনে গ্ৰহণ কৰা এক উচ্চ অগ্ৰাধিকাৰৰ বিষয়। তেওঁ জানিবলৈ দিয়ে যে বিগত ৮ বছৰত ভাৰতে শাসনৰ পৰা সমাজৰ পৰা অৰ্থনীতিলৈকে অসাধাৰণ কাম হাতত লৈছে যিবোৰ আজি সমগ্ৰ বিশ্বতে আলোচনাৰ বিষয় হৈ পৰিছে। ক্ষুদ্ৰ উদ্যোগ আৰু ব্যৱসায়ৰ অংশীদাৰীত্বত হওক বা ষ্টাৰ্ট-আপ বিশ্বত নেতৃত্বই হওক, বিশ্বৰ সন্মুখত শক্তি প্ৰদৰ্শন কৰা মহিলাসকলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা যোজনাৰ উদাহৰণ দাঙি ধৰে যি ভাৰতৰ মহিলাসকলক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ অতিৰিক্ত গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ দুগুণ কৰাৰ কথাও উল্লেখ কৰে। "মহিলাসকলৰ বৰ্ধিত অংশগ্ৰহণে প্ৰমাণ কৰে যে মহিলা আৰু বিজ্ঞান দুয়ো সমানে দেশত আগবাঢ়ি আছে", শ্ৰী মোদীয়ে কয়।

বিজ্ঞানীসকলে জ্ঞানক কাৰ্যকৰী আৰু সহায়ক সামগ্ৰীলৈ পৰিৱৰ্তন কৰাৰ প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বিজ্ঞানৰ প্ৰচেষ্টা কেৱল তেতিয়াহে মহান সাফল্যলৈ পৰিণত হ'ব পাৰে যেতিয়া সেই ফলাফলবোৰ পৰীক্ষাগাৰৰ পৰা ওলাই আহি ভূমিষ্ঠ হয়, আৰু সেইবোৰৰ প্ৰভাৱ বিশ্বৰ পৰা তৃণমূল পৰ্যায়লৈ বিয়পি পৰে, যেতিয়া ইয়াৰ পৰিসৰ জাৰ্নেলৰ পৰা ভূমিষ্ঠ (ভূমি, দৈনন্দিন জীৱন) হয় আৰু যেতিয়া গৱেষণাৰ পৰা বাস্তৱ জীৱনলৈ পৰিৱৰ্তন দেখা যায়।" তেওঁ কয় যে যেতিয়া বিজ্ঞানৰ সাফল্যই পৰীক্ষা-নিৰীক্ষাৰ মাজৰ দূৰত্ব তথা মানুহৰ অভিজ্ঞতাৰ দূৰত্ব সম্পূৰ্ণ কৰে, ই এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰে আৰু বিজ্ঞানৰ ভূমিকাৰ বিষয়ে নিশ্চিত হোৱা যুৱ প্ৰজন্মক প্ৰভাৱিত কৰে। এনে যুৱক-যুৱতীসকলক সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এক প্ৰতিষ্ঠানগত পৰিকাঠামোৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সমবেত লোকসকলক এনে এক সক্ষম প্ৰতিষ্ঠানগত পৰিকাঠামো বিকশিত কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ টেলেণ্ট হান্ট আৰু হেকাথনৰ উদাহৰণ দিয়ে যাৰ জৰিয়তে বৈজ্ঞানিক মেজাজ থকা শিশু আৱিষ্কাৰ কৰিব পাৰি। 

দেশত বিজ্ঞানৰ বিকাশৰ পথ প্ৰশস্ত কৰিব পৰা বিষয়সমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো সমগ্ৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ বাবে সকলো অনুপ্ৰেৰণাৰ মূল হ'ব লাগে। "ভাৰতত বিজ্ঞানে দেশখনক আত্মনিৰ্ভৰ কৰি তোলা উচিত", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে ১৭-১৮ শতাংশ মানৱ জনসংখ্যা ভাৰতত বাস কৰে আৰু এনে বৈজ্ঞানিক বিকাশে সমগ্ৰ জনসাধাৰণক লাভান্বিত কৰিব লাগে। তেওঁ সমগ্ৰ মানৱতাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেশৰ বৰ্ধিত শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছনৰ ওপৰত কাম কৰি আছে আৰু ইয়াক সফল কৰাৰ বাবে ভাৰতত বৈদ্যুতিক বিশ্লেষকৰ দৰে গুৰুত্বপূৰ্ণ সঁজুলি নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে নতুন ৰোগৰ সৈতে মোকাবিলা কৰাৰ উপায় বিকশিত কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক সম্প্ৰদায়ৰ ভূমিকা আৰু নতুন ভেকছিন বিকশিত কৰাৰ ক্ষেত্ৰত গৱেষণাত উদগনি দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ সময়মতে ৰোগ চিনাক্তকৰণৰ বাবে একত্ৰিত ৰোগ নিৰীক্ষণৰ কথা উল্লেখ কৰে।  ইয়াৰ বাবে তেওঁ সকলো মন্ত্ৰালয়ৰ সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে, লাইফ (LiFE) অৰ্থাৎ পৰিৱেশ আন্দোলনৰ বাবে জীৱনশৈলীক বিজ্ঞানীসকলে যথেষ্ট সহায় কৰিব পাৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰতিজন নাগৰিকৰ বাবে এয়া গৌৰৱৰ বিষয় যে ভাৰতৰ আহ্বানত ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষক আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষ হিচাপে ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ বাজৰা আৰু ইয়াৰ ব্যৱহাৰ উন্নত কৰাৰ বাবে কাম কৰিব পাৰি আনহাতে জৈৱ প্ৰযুক্তিৰ সহায়ত শস্য চপোৱাৰ পিছত হোৱা লোকচান হ্ৰাস কৰাৰ বাবে বৈজ্ঞানিক সম্প্ৰদায়ৰ দ্বাৰা কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে পৌৰ নিগমৰ কঠিন আৱৰ্জনা, ইলেক্ট্ৰনিক আৱৰ্জনা, জৈৱ-চিকিৎসা আৱৰ্জনা আৰু কৃষিজাত আৱৰ্জনা সম্প্ৰসাৰিত হোৱাৰ লগতে চৰকাৰে এক বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰচাৰ কৰি থকাৰ বাবে আৱৰ্জনা ব্যৱস্থাপনাত বিজ্ঞানৰ ভূমিকাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বৰ্ধিত মহাকাশখণ্ডত কম খৰচী উপগ্ৰহ উৎক্ষেপণ বাহনৰ ভূমিকাৰ কথা স্বীকাৰ কৰি কয় যে বিশ্বই আমাৰ সেৱা গ্ৰহণৰ বাবে আগবাঢ়ি আহিব। প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু গৱেষণা গাঁও আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত হৈ ব্যক্তিগত কোম্পানী আৰু ষ্টাৰ্টআপৰ সুযোগৰ কথা উল্লেখ কৰে। তেওঁ কোৱাণ্টাম কম্পিউটিং আৰু ভাৰতে কেনেকৈ বিশ্বত এক কোৱাণ্টাম সীমান্ত হিচাপে নিজৰ ছাপ ৰাখিছে সেয়াও আঙুলিয়াই দিয়ে। "ভাৰতে কোৱাণ্টাম কম্পিউটাৰ, ৰসায়ন বিজ্ঞান, যোগাযোগ, চেন্সৰ, ক্ৰিপ্টোগ্ৰাফী আৰু নতুন সামগ্ৰীৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে", প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ যুৱ গৱেষক আৰু বিজ্ঞানীসকলক কোৱাণ্টাম ক্ষেত্ৰত দক্ষতা অৰ্জন কৰি নেতৃত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে ভৱিষ্যতৰ ধাৰণা আৰু যিবোৰ ক্ষেত্ৰত কোনো কাম হোৱা নাই তাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এআই, এআৰ আৰু ভিআৰ-ক প্ৰাথমিকতা হিচাপে ৰাখিবলৈ কৈছিল। তেওঁ বৈজ্ঞানিক সম্প্ৰদায়ক অৰ্ধপৰিবাহী চিপত উদ্ভাৱন ৰখাৰ বাবে আহ্বান জনায় আৰু তেওঁলোকক এতিয়াৰ পৰা অৰ্ধপৰিবাহী ঠেলা ভৱিষ্যত সাজু ৰখাৰ বিষয়ে চিন্তা কৰিবলৈ কয়।  "যদি দেশখনে এই ক্ষেত্ৰসমূহত উদ্যোগ লয় তেন্তে আমি উদ্যোগ ৪.০-ৰ নেতৃত্ব দিয়াৰ স্থিতিত থাকিম", তেওঁ কয়।

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ এই অধিৱেশনত বিভিন্ন গঠনমূলক বিষয়ত ভৱিষ্যতৰ বাবে এক স্পষ্ট ৰোডমেপ প্ৰস্তুত কৰা হ'ব বুলি বিশ্বাস ব্যক্ত কৰে। "অমৃত কালত আমি ভাৰতক আধুনিক বিজ্ঞানৰ আটাইতকৈ উন্নত পৰীক্ষাগাৰ হিচাপে গঢ়ি তুলিব লাগিব", শ্ৰী মোদীয়ে ভাষণৰ সামৰণি মাৰি এইদৰে কয়।

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI schemes attract ₹2.4 lakh crore investments, create over 14 lakh jobs till March 2026

Media Coverage

PLI schemes attract ₹2.4 lakh crore investments, create over 14 lakh jobs till March 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the qualities of an ideal and truly excellent individual
July 22, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the qualities of an ideal and truly excellent individual in fulfilling personal, social, and national duties.

The Prime Minister wrote on X;


"परकार्येषु युक्तात्मा स्वकार्ये क्षिप्रसाधनम्।

सुहृत्कार्येषु निर्वृत्ती राजकार्येषु विक्रमः ।। "

The person who devotes themselves wholeheartedly to the tasks of others, completes their own personal duties with speed and efficiency, carries out tasks for friends selflessly, and demonstrates their full valor and courage in fulfilling national duties, only such a person is truly excellent.