“I was impatient and eager to visit and salute you for your diligence, dedication, courage, devotion and passion”
“India is on the moon! We have our national pride placed on the moon”
“This New India will provide solutions to the big problems of the world in the 21st century”
“The moment of touchdown is one of the most inspiring moments of this century”
“Today, the entire world is witnessing and accepting the strength of India's scientific spirit, our technology and our scientific temperament”
“Our 'Moon Lander' has firmly set its foot on the Moon like 'Angad'”
“The point where the moon lander of Chandrayaan-3 landed will now be known as ‘Shiv Shakti’”
“The point where Chandrayaan 2 left its footprints will now be called ‘Tiranga’”
“In the success of Chandrayaan-3 lunar mission, our women scientists, the country's Nari Shakti have played a big role”
“In the journey from 'third row' to 'first row', institutions like our 'ISRO' have played a huge role”
“From Southern part of India to the South of the Moon, this was not an easy journey”
“Now onwards, every year, 23rd August will be celebrated as the National Space Day”
“New generation should come forward to scientifically prove the astronomical formulas in the scriptures of India and to study them anew”
“In this period of the 21st century, the country which takes the lead in science and technology, will move ahead”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীচৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুস্থিত ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক) পৰিদৰ্শন কৰি চন্দ্ৰযান-৩ৰ সফলতাৰ সন্দৰ্ভত টিম ইছৰোক উদ্দেশ্যি ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে য’ত তেওঁক চন্দ্ৰযান-৩ অভিযানৰ তথ্য আৰু অগ্ৰগতিৰ বিষয়েও অৱগত কৰা হয়।

 

বিজ্ঞানীসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক)ত উপস্থিত হৈ অতি আনন্দ প্ৰকাশ কৰি কয় যে এনে এক অনুষ্ঠান অত্যন্ত বিৰল যেতিয়া শৰীৰ আৰু মন ইমান সুখেৰে ভৰি পৰে। সকলোৰে জীৱনত অধীৰতাই আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰা কেইটামান বিশেষ মুহূৰ্তৰ কথা সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ সময়ত হুবহু একে আৱেগ অনুভৱ কৰা বুলি উল্লেখ কৰি কয় যে তেওঁৰ মন সকলো সময়তে চন্দ্ৰযান-৩ মিছনৰ ওপৰত কেন্দ্ৰীভূত হৈ আছিল। আকস্মিকভাৱে আইষ্ট্ৰেক ভ্ৰমণৰ পৰিকল্পনাৰ বাবে ইছৰোত বিজ্ঞানীসকলৰ যি অসুবিধাৰ সৃষ্টি হৈছে তাক লক্ষ্য কৰি আৱেগিক হৈ পৰা প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বিজ্ঞানীসকলৰ অধ্যৱসায়, নিষ্ঠা, সাহস, ভক্তি আৰু আবেগক ইয়ালৈ অহাৰ লগতে তেওঁলোকক প্ৰণাম কৰিবলৈ আগ্ৰহী।

প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া সাধাৰণ সফলতা নহয়। তেওঁ কয় যে এই কৃতিত্বই অসীম মহাকাশত ভাৰতৰ বৈজ্ঞানিক শক্তিৰ আগজাননী দিয়ে। উল্লাসিত প্ৰধানমন্ত্ৰীয়ে উচ্চাৰণ কৰিলে, “ভাৰত চন্দ্ৰত, আমি আমাৰ ৰাষ্ট্ৰীয় গৌৰৱ চন্দ্ৰৰ ওপৰত প্ৰতিষ্ঠা কৰিলোঁ”। এই অভূতপূৰ্ব সাফল্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “এয়া আজিৰ ভাৰত, যি নিৰ্ভীক আৰু অদম্য। এয়া এনে এক ভাৰত, যি নতুন আৰু নতুন ধৰণে চিন্তা কৰে, যিখন ভাৰতে অন্ধকাৰ মণ্ডললৈ গৈ পৃথিৱীত পোহৰ বিয়পাই দিয়ে। এই ভাৰতে একবিংশ শতিকাত বিশ্বৰ ডাঙৰ ডাঙৰ সমস্যাৰ সমাধান আগবঢ়াব।”

প্ৰধানমন্ত্ৰীয়ে কয় যে চন্দ্ৰত অৱৰণৰ মুহূৰ্তটো ৰাষ্ট্ৰৰ চেতনাত অমৰ হৈ পৰিছে। “চন্দ্ৰপৃষ্ঠত অতৰণৰ মুহূৰ্তটো এই শতিকাৰ অন্যতম প্ৰেৰণাদায়ক মুহূৰ্ত। প্ৰতিজন ভাৰতীয়ই ইয়াক নিজৰ জয় হিচাপে লৈছে,” তেওঁ কয়। এই মহান সফলতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানীসকলক কৃতিত্ব প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে মুন লেণ্ডাৰৰ শক্তিশালী খোজৰ ফটোৰ বৰ্ণনা কৰি কয়, “আমাৰ ‘মুন লেণ্ডাৰে’ চন্দ্ৰত ‘অংগদৰ দৰে দৃঢ়ভাৱে খোজ দিছে... এফালে বিক্ৰমৰ শৌৰ্য্য, আনফালে প্ৰজ্ঞানৰ সাহস”। তেওঁ কয় যে এইবোৰ চন্দ্ৰৰ কেতিয়াও দেখা নোপোৱা অংশৰ ছবি আৰু এই কাম ভাৰতে কৰিছে। শ্ৰী মোদীয়ে কয়, ‘ভাৰতৰ বৈজ্ঞানিক মনোভাৱ, প্ৰযুক্তি আৰু স্বভাৱক সমগ্ৰ বিশ্বই স্বীকৃতি দিছে।

 

“চন্দ্ৰযান-৩ৰ সফলতা কেৱল ভাৰতৰ নহয়, বৰঞ্চ ই সমগ্ৰ মানৱতাৰ” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিযানৰ অন্বেষণে প্ৰতিখন দেশৰ চন্দ্ৰ অভিযানৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব। তেওঁ কয় যে এই অভিযানে চন্দ্ৰৰ গোপনীয়তা উন্মোচন কৰাই নহয়, পৃথিৱীৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত অৰিহণা যোগাব। প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ চন্দ্ৰযান-৩ মিছনৰ সৈতে জড়িত প্ৰতিজন বিজ্ঞানী, কাৰিকৰী, অভিযন্তা আৰু সকলো সদস্যক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে, “চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণ কৰা বিন্দুটো এতিয়া ‘শিৱ শক্তি’ নামেৰে জনাজাত হ’ব”। ‘শিৱত মানৱতাৰ কল্যাণৰ বাবে সংকল্প আছে আৰু সেই সংকল্পসমূহ পূৰণ কৰিবলৈ শক্তিয়ে আমাক শক্তি প্ৰদান কৰে। চন্দ্ৰৰ এই শিৱ শক্তি বিন্দুয়েও হিমালয়ৰ পৰা কন্যাকুমাৰীলৈ সংযোগৰ অনুভূতি দিয়ে”, তেওঁ লগতে কয়।

বিজ্ঞানৰ সাধনাৰ কল্যাণমূলক মূলৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পূণ্য সংকল্পসমূহৰ বাবে শক্তিৰ আশীৰ্বাদৰ প্ৰয়োজন আৰু শক্তি হৈছে আমাৰ নাৰী শক্তি। চন্দ্ৰযান-৩ চন্দ্ৰ অভিযানৰ সফলতাত আমাৰ মহিলা বিজ্ঞানী, দেশৰ নাৰী শক্তিয়ে ডাঙৰ ভূমিকা পালন কৰিছে বুলি তেওঁ সজোৰে কয়। শ্ৰী মোদীয়ে কয়, “চন্দ্ৰৰ শিৱ শক্তি বিন্দু ভাৰতৰ এই বৈজ্ঞানিক আৰু দাৰ্শনিক চিন্তাধাৰাৰ সাক্ষী হ’ব”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চন্দ্ৰযান-২এ য’ত খোজ পেলাইছিল, সেই বিন্দুটোক এতিয়া ‘ত্ৰিৰংগা’ বুলি কোৱা হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিন্দুয়ে ভাৰতে কৰা প্ৰতিটো প্ৰচেষ্টাৰ বাবে প্ৰেৰণা হিচাপে কাম কৰিব আৰু আমাক সোঁৱৰাই দিব যে বিফলতাই শেষ নহয়। “য’ত শক্তিশালী ইচ্ছাশক্তি থাকে, তাত সফলতা নিশ্চিত”, তেওঁ কয়।

চন্দ্ৰৰ পৃষ্ঠত সফল অৱতৰণ কৰা ভাৰত চতুৰ্থখন দেশ বুলি সজোৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ নম্ৰ আৰম্ভণিৰ কথা বিবেচনা কৰিলে এই কৃতিত্ব অধিক অপৰিসীম হৈ পৰে। ভাৰতবৰ্ষক তৃতীয় বিশ্বৰ দেশ হিচাপে গণ্য কৰা হৈছিল আৰু প্ৰয়োজনীয় প্ৰযুক্তি আৰু সহায়-সহযোগিতা নাছিল বুলি সেই সময়ৰ কথাও তেওঁ স্মৰণ কৰে। আজি প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে আৰু এতিয়া ই গছেই হওক বা প্ৰযুক্তিয়েই হওক প্ৰথম বিশ্বৰ দেশসমূহৰ ভিতৰত আছে। ‘‘তৃতীয় শাৰীৰ পৰা ‘প্ৰথম শাৰী’লৈ যোৱা যাত্ৰাত আমাৰ ‘ইছৰো’ৰ দৰে প্ৰতিষ্ঠানে বৃহৎ ভূমিকা পালন কৰিছে”, প্ৰধানমন্ত্ৰীয়ে ইয়াৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে তেওঁলোকে আজি মেক ইন ইণ্ডিয়াক চন্দ্ৰলৈ লৈ গৈছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ইছৰোৰ কঠোৰ পৰিশ্ৰমৰ কথা দেশবাসীৰ মাজলৈ প্ৰেৰণ কৰে। ‘দক্ষিণ ভাৰতৰ পৰা চন্দ্ৰৰ দক্ষিণলৈ এই যাত্ৰা সহজ নাছিল। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱন আৰু বিজ্ঞানৰ প্ৰতি থকা উদ্যমক এনে মহাকাশ অভিযানৰ সফলতাৰ বাবে কৃতিত্ব দিয়ে। ‘মংগলযান আৰু চন্দ্ৰযানৰ সফলতা আৰু গগণযানৰ প্ৰস্তুতিয়ে দেশৰ নৱপ্ৰজন্মক এক নতুন মনোভাৱ প্ৰদান কৰিছে। আপোনাৰ ডাঙৰ কৃতিত্ব হৈছে ভাৰতীয়ৰ এটা প্ৰজন্মক জাগ্ৰত কৰা আৰু সেইটোক শক্তিশালী কৰা”, শ্ৰী মোদীয়ে কয়। আজি ভাৰতৰ শিশুসকলৰ মাজত চন্দ্ৰযানৰ নামটোৱে প্ৰতিধ্বনিত হৈছে। প্ৰতিটো শিশুৱে বিজ্ঞানীসকলৰ মাজত নিজৰ ভৱিষ্যত দেখিছে বুলিও তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ২৩ আগষ্ট অৰ্থাৎ চন্দ্ৰত চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ দিনটোক ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে উদযাপন কৰা হ’ব। তেওঁ কয় যে ৰাষ্ট্ৰীয় মহাকাশ দিৱসে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ মনোভাৱক উদযাপন কৰিব আৰু আমাক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মহাকাশ খণ্ডৰ সামৰ্থ্য কেৱল উপগ্ৰহ উৎক্ষেপণ আৰু মহাকাশ অন্বেষণত সীমাবদ্ধ নহয় আৰু ইয়াৰ শক্তি সহজ সহজ জীৱন আৰু শাসন ব্যৱস্থাতো দেখা যায়। তেওঁ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰম্ভিক বছৰবোৰত ইছৰোৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পৰ্যায়ৰ বিষয়াসকলৰ বাবে আয়োজন কৰা কৰ্মশালাৰ কথা স্মৰণ কৰে। তেওঁ মহাকাশৰ এপ্লিকেশ্যনসমূহক শাসনৰ সৈতে সংযোগ স্থাপনৰ বাবে কৰা ব্যাপক অগ্ৰগতিৰ কথা উল্লেখ কৰে। স্বচ্ছ ভাৰত অভিযান, দূৰৱৰ্তী শিক্ষা, যোগাযোগ আৰু স্বাস্থ্য সেৱা; টেলি-মেডিচিন আৰু টেলি-এডুকেচন আদিত মহাকাশ প্ৰযুক্তিৰ ভূমিকাৰ কথা উল্লেখ কৰে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নেভিগেশ্যন ব্যৱস্থাৰ ভূমিকা আৰু সমৰ্থনৰ বিষয়েও তেওঁ কয়। ‘মহাকাশ প্ৰযুক্তিও আমাৰ পি এম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ আধাৰ। ইয়াৰ ফলত প্ৰকল্পৰ পৰিকল্পনা, নিষ্পাদন আৰু নিৰীক্ষণত বহুখিনি সহায় হৈছে। সময়ৰ লগে লগে বৃদ্ধি পোৱা মহাকাশ প্ৰয়োগৰ এই পৰিসৰ আমাৰ যুৱক-যুৱতীসকলৰ বাবেও সুযোগ বৃদ্ধি কৰিছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সহযোগত ‘প্ৰশাসনত মহাকাশ প্ৰযুক্তি’ বিষয়ক ৰাষ্ট্ৰীয় হেকাথন আয়োজন কৰিবলৈ ইছৰোক অনুৰোধ জনায়। তেওঁ কয়, ‘মই নিশ্চিত যে এই ৰাষ্ট্ৰীয় হেকাথনে আমাৰ শাসন ব্যৱস্থাক অধিক ফলপ্ৰসূ কৰি তুলিব আৰু দেশবাসীক আধুনিক সমাধান প্ৰদান কৰিব।’

প্ৰধানমন্ত্ৰীয়ে দেশৰ নৱপ্ৰজন্মকো এটা কাম দিলে। তেওঁ কয় “মই বিচাৰো যে নতুন প্ৰজন্মই ভাৰতৰ শাস্ত্ৰত থকা জ্যোতিৰ্বিজ্ঞানৰ সূত্ৰসমূহ বিজ্ঞানসন্মতভাৱে প্ৰমাণ কৰিবলৈ আগবাঢ়ি আহক, সেইবোৰ নতুনকৈ অধ্যয়ন কৰক। আমাৰ ঐতিহ্যৰ সমান্তৰালভাৱে বিজ্ঞানৰ বাবেও গুৰুত্বপূৰ্ণ। এক প্ৰকাৰে আজিৰ বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া দুগুণ দায়িত্ব। ভাৰতে যি বৈজ্ঞানিক জ্ঞানৰ ভঁৰাল ৰাখিছে, দাসত্বৰ দীৰ্ঘকালীন সময়ছোৱাত পুতি থোৱা হৈছে, লুকুৱাই ৰখা হৈছে। এই আজাদী কা অমৃত কালত আমিও এই ভঁৰাল অন্বেষণ কৰিব লাগিব, ইয়াৰ ওপৰত গৱেষণা কৰিব লাগিব আৰু লগতে বিশ্ববাসীক ইয়াৰ বিষয়ে ক’ব লাগিব।”

 

প্ৰধানমন্ত্ৰীয়ে বিশেষজ্ঞসকলৰ অনুমানৰ কথা উল্লেখ কৰে যে অহা কেইবছৰমানৰ ভিতৰত ভাৰতৰ মহাকাশ উদ্যোগে ৮ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ১৬ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হ’ব। মহাকাশ খণ্ডৰ সংস্কাৰৰ বাবে চৰকাৰে অদম্যভাৱে কাম কৰি থকাৰ সময়তে দেশৰ যুৱক-যুৱতীসকলেও প্ৰচেষ্টা চলাইছে কাৰণ, যোৱা ৪ বছৰৰ ভিতৰত মহাকাশ সম্পৰ্কীয় ষ্টাৰ্টআপৰ সংখ্যা ৪ৰ পৰা প্ৰায় ১৫০টালৈ বৃদ্ধি পাইছে।প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক দেশজুৰি ১ ছেপ্টেম্বৰৰ পৰা মাইগভৰ দ্বাৰা আয়োজিত চন্দ্ৰযান মিছনৰ ওপৰত বিশাল কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

একবিংশ শতিকাৰ এই সময়ছোৱাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বিশ্বৰ আটাইতকৈ কম বয়সীয়া প্ৰতিভাৰ কাৰখানা হিচাপে পৰিগণিত হৈছে। “সমুদ্ৰৰ গভীৰতাৰ পৰা আকাশৰ উচ্চতালৈকে, মহাকাশৰ গভীৰতালৈকে, যুৱ প্ৰজন্মৰ বাবে বহুত কাম আছে”, প্ৰধানমন্ত্ৰীয়ে ‘গভীৰ পৃথিৱী’ৰ পৰা আৰম্ভ কৰি ‘গভীৰ সাগৰ’লৈকে আৰু পৰৱৰ্তী প্ৰজন্মৰ কম্পিউটাৰৰ পৰা জেনেটিক ইঞ্জিনিয়াৰিংলৈকে বিভিন্ন সুযোগৰ ওপৰত আলোকপাত কৰে। “ভাৰতত আপোনালোকৰ বাবে নতুন নতুন সুযোগ অহৰহ মুকলি হৈ আছে”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ভৱিষ্যত প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শন কৰাটো এক প্ৰয়োজনীয়তা আৰু তেওঁলোকেই আজিৰ গুৰুত্বপূৰ্ণ অভিযানসমূহ আগুৱাই নিব। তেওঁ কয় যে বিজ্ঞানীসকল তেওঁলোকৰ আদৰ্শ আৰু তেওঁলোকৰ গৱেষণা আৰু বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমে প্ৰমাণ কৰিছে যে যিকোনো কামেই সম্পন্ন হ’ব পাৰে যদিহে আপুনি মনটো তাৰ প্ৰতি লক্ষ্য ৰাখে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ জনসাধাৰণৰ বিজ্ঞানীসকলৰ ওপৰত বিশ্বাস আছে আৰু যেতিয়া ৰাইজৰ আশীৰ্বাদ প্ৰদান কৰা হ’ব, তেতিয়া দেশৰ প্ৰতি দেখুওৱা নিষ্ঠাৰে ভাৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হ’ব। “আমাৰ একেই উদ্ভাৱনী মনোভাৱে ২০৪৭ চনত এখন উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰিব”, শ্ৰী মোদীয়ে কয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026

Media Coverage

‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to brave participants of the Quit India Movement
August 09, 2026

Prime Minister Shri Narendra Modi has remembered all those who participated in the historic Quit India Movement and paid tribute to their courage and determination in India’s freedom struggle. Shri Modi said that inspired by the leadership of Mahatma Gandhi, the clarion call of the Quit India Movement infused new energy into the freedom struggle and reflected the unwavering resolve of the people of India to break free from colonial rule.

The Prime Minister posted on X:

Remembering all those who participated in the historic Quit India Movement. Their courage will always remain an inspiration for every Indian. Inspired by the leadership of Mahatma Gandhi Ji, the clarion call of Quit India infused new energy into our freedom struggle and reflected the unwavering determination of our people to break free from colonial rule.