PM underlines importance of being motivated, determined and vigilant in the battle against COVID-19
Ministers should remain in touch with State and District Administration, provide solutions to emergent problems; formulate district level micro plans: PM
PM urges relevant Ministries to continuously monitor and ensure that benefits of Garib Kalyan Yojana keep reaching intended beneficiaries in a seamless manner
PM asks Ministers to popularize Aarogya Setu app in the rural areas and grass root institutions
Explore use of innovative solutions like ‘truck aggregators’ on the lines of app based cab services to connect farmers with Mandis: PM
Lockdown measures and social distancing norms need to go hand in hand; identify ten key decisions and ten priority areas of focus for each Ministry once Lockdown ends: PM
Ministries should prepares a Business Continuity Plan and be ready to fight the economic impact of COVID-19 on war footing: PM
The crisis is also an opportunity to boost Make in India and reduce dependence of other countries: PM
Ministers provide feedback to PM on steps taken to meet the challenges in tackling the impact of the pandemic

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ নেতৃত্ববাহী ভূমিকাক প্ৰশংসা কৰি তেওঁলোকৰ পৰা নিৰৱচ্ছিন্নভাৱে লাভ কৰা প্ৰতিক্ৰিয়াসমূহৰ দ্বাৰা ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সহায়ক হৈছে বুলি মন্তব্য কৰে৷ তেওঁ কয় এয়া অতিশয় আৱশ্যক যে মন্ত্ৰীসকলে ৰাজ্য আৰু জিলা প্ৰশাসন বিশেষকৈ মহামাৰীৰ হটস্পট হিচাপে বিবেচিত স্থানসমূহৰ প্ৰশাসনৰ সৈতে সমন্বয় স্থাপন কৰি তেওঁলোকক সমস্যাসমূহৰ সমাধান আগবঢ়াব লাগে৷ তাৰোপৰি পিডিএছ কেন্দ্ৰসমূহত যাতে অধিক জনসমাগম নহয়, ক’লা বজাৰ আৰু সামগ্ৰীসমূহৰ অনাৱশ্যকীয় মূল্যবৃদ্ধি আদিৰ বাবেও তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক বুলি তেওঁ উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ কল্যাণ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা৷ শস্য চপোৱাৰ এই সময়ছোৱাত কৃষকসকলক সাম্ভাৱ্য পৰিমাণে সহায় আগবঢ়াবলৈ তেওঁ মন্ত্ৰীসকলক আহ্বান জনায়৷ এই ক্ষেত্ৰত ‘ট্ৰাক এগ্ৰিগেটৰ’ৰ দৰে উদ্ভাৱনী সমাধানসমূহো ব্যৱহাৰ কৰিবৱৈ তেওঁ আহ্বান জনায়৷ তাৰোপৰি তেওঁ জনজাতীয় এলেকাৰ সামগ্ৰীসমূহ ক্ৰয়ৰ বাবে বিশেষ ৰণনীতি প্ৰস্তুতিৰ আৱশ্যকৰ কথা দোহাৰে যাতে স্থানীয় জনজাতীয় লোকসকলে সমস্যাত পৰিবলগীয়া নহয়৷

পিএম গৰীব কল্যাণ যোজনাৰ অধীনত হিতাধিকাৰীসকলে যাতে নিৰৱচ্ছিন্নভাৱে সুবিধা লাভ কৰিব পাৰে তাৰে নিশ্চিতিৰ বাবে নিৰীক্ষণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলক আহ্বান জনায়৷ তাৰোপৰি অত্যাৱশ্যতীয় চিকিৎসা আৰু সুৰক্ষাত্মক সঁজুলিৰ সময়মতে উৎপাদনৰো নিৰৱচ্ছিন্ন নিৰীক্ষণৰ আৱশ্যক বুলি তেওঁ দোহাৰে৷ এই ক্ষেত্ৰত সামগ্ৰীসমূহৰ যোগান অব্যাহত ৰাখিবলৈ ক্ষুদ্ৰ পৰ্যায়ৰ পৰিকল্পনাসমূহ অতিশয় আৱশ্যক বুলি তেওঁ মন্তব্য কৰে৷

লকডাউন পৰিমাপ আৰু সামাজিক ব্যৱধানৰ নীতি প্ৰণয়নৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে লকডাউন সমাপ্ত হোৱাৰ পিছৰ পৰিস্থিতি চম্ভালিবলৈ ৰণনীতি প্ৰস্তুত কৰাটো আৱশ্যক৷ তেওঁ মন্ত্ৰীসকলক দহটা প্ৰধান সিদ্ধান্ত আৰু দহটা অগ্ৰাধিকাৰযোগ্য ক্ষেত্ৰৰ তালিকা প্ৰস্তুত কৰিবলৈ দি বৰ্তমানে বাকী ৰৈ যোৱা সংশোধনীমূলক সিদ্ধান্তসমূহ প্ৰণয়ন কৰিবলৈ আহ্বান জনায়৷ এই ক্ষেত্ৰত তেওঁ সকলো বিভাগত মেক ইন ইণ্ডিয়া প্ৰণয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো উল্লেখ কৰে যাতে অন্য দেশৰ ওপৰত সামগ্ৰীৰ বাবে নিৰ্ভৰ কৰিবলগীয়া নহয়৷

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেশত সৃষ্টি হোৱা অৰ্থনৈতিক প্ৰভাৱসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই যুদ্ধকালীন গতিত ইয়াৰ সমাধানৰ দিশত অগ্ৰসৰ হ’ব লাগিব৷ তেওঁ মন্ত্ৰালয়সমূহৰ ব্যৱসায় নিৰৱচ্ছিন্নতা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে গ্ৰামাঞ্চল আৰু তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহত আৰোগ্য সেতু এপ জনপ্ৰিয় কৰি তুলিবলৈ আৱশ্যকীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীৰ #৯পিএম৯মিনিট কাৰ্যসূচীক প্ৰশংসা কৰি মন্ত্ৰীসকলে দেশৰ সকলো প্ৰান্তৰ লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে মহামাৰীবিধৰ মোকাবিলা কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক মন্ত্ৰীসকলে প্ৰশংসা কৰে৷

আজিৰ বৈঠকখনত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীসকল, মুখ্য সচিব, কেবিনেট সচিব আৰু ভাৰত চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.