প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নিউজিলেণ্ডৰ মহামহিম প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে আজি লাও পিডিআৰৰ ভিয়েনটিয়ানত অনুষ্ঠিত আছিয়ান-ভাৰত শীৰ্ষ সন্মিলনৰ আহৰি পৰত এক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাৰ মাজত এইখন প্ৰথম বৈঠক আছিল।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, নৱীকৰণযোগ্য শক্তি, শিক্ষা, দুগ্ধজাত সামগ্ৰী, কৃষি-প্ৰযুক্তি, ক্ৰীড়া, পৰ্যটন, মহাকাশ আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে উল্লেখ কৰে যে সঘনাই উচ্চ পৰ্যায়ৰ সম্পৰ্কই দ্বিপাক্ষিক সম্পৰ্কক এক শক্তিশালী গতি প্ৰদান কৰিছে। এই সন্দৰ্ভত তেওঁলোকে শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিউজিলেণ্ড ভ্ৰমণৰ কথা স্মৰণ কৰে, যিটো এক বৃহৎ সফলতা আছিল।

​‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা’ত যোগদানৰ বাবে নিউজিলেণ্ডে গ্ৰহণ কৰা সিদ্ধান্তক প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে বহুপাক্ষিক ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে ভাৰত-নিউজিলেণ্ডৰ সম্পৰ্কক অধিক উচ্চতালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে।

প্ৰধানমন্ত্ৰী লাক্সনক পাৰস্পৰিক সুবিধাজনক তাৰিখত ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় প্ৰধানমন্ত্ৰীয়ে, তেওঁ এই নিমন্ত্ৰণ গ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check

Media Coverage

'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 মে’ 2026
May 18, 2026

Norway to Netherlands: PM Modi's Leadership Turns Heritage, Honors & High-Tech Deals into India's Global Momen