মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কানাডাৰ প্ৰধানমন্ত্ৰী  মহামহিম মাৰ্ক কাৰ্নি ডাঙৰীয়াক

জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সময়তে সাক্ষাৎ কৰে আৰু ভাৰত–কানাডাৰ অংশীদাৰিত্বৰ অগ্ৰগতি বিষয়ে পৰ্যালোচনা কৰে।

নেতাদ্বয়ে  অষ্ট্ৰেলিয়া-কানাডা-ভাৰত প্ৰযুক্তি আৰু উদ্ভাৱন (এচিআইটিআই) অংশীদাৰিত্বক আদৰণি জনায়, যিয়ে জটিল প্ৰযুক্তি, পাৰমাণৱিক শক্তি, যোগান শৃংখলৰ বৈচিত্ৰ্য আৰু এআইৰ ক্ষেত্ৰত ত্ৰিপাক্ষিক সহযোগিতাত সহায় কৰিব। দুয়োগৰাকী নেতাই জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত ২০২৫ চনৰ জুন মাহত কানানাস্কিছত অনুষ্ঠিত হোৱা বৈঠকৰ পিছত আৰু ২০২৫ চনৰ অক্টোবৰ মাহত বৈদেশিক মন্ত্ৰীসকলে দ্বিপাক্ষিক সংযোগৰ বাবে নতুন ৰোডমেপ মুকলি কৰাৰ পিছত সম্পৰ্কৰ নৱীকৃত গতিৰ শলাগ লয়।দুয়োগৰাকী  প্ৰধানমন্ত্ৰীয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, শিক্ষা, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, আৰু শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী কাৰ্নিয়ে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে আয়োজন কৰিবলগীয়া এ আই সন্মিলনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।নেতাদ্বয়ে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ৫০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে উচ্চ উচ্চাকাংক্ষী বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপিএ)ৰ বিষয়ত  আলোচনা আৰম্ভ কৰিবলৈ সন্মত হয়।দুয়ো পক্ষই তেওঁলোকৰ দীৰ্ঘদিনীয়া অসামৰিক পাৰমাণৱিক সহযোগিতাক পুনৰ দৃঢ় কৰে আৰু দীৰ্ঘম্যাদী ইউৰেনিয়াম যোগানৰ ব্যৱস্থাকে ধৰি সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ত  চলি থকা আলোচনাৰ কথা উল্লেখ কৰে।

 

নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ প্ৰয়োজনীয়তাৰ   বিষয়ত গুৰুত্ব আৰোপ কৰে নেতাদ্বয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কাৰ্নিক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches $1.5 billion maritime insurance pool, issues first covers

Media Coverage

India launches $1.5 billion maritime insurance pool, issues first covers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure