প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে মেঘালয়ৰ জনসাধাৰণে দেশৰ উন্নয়নত যথেষ্ট অৱদান আগবঢ়াইছে। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ সাংস্কৃতিক সজীৱতা আৰু মনোমোহা সৌন্দৰ্য্য সমগ্ৰ দেশতে ব্যাপকভাৱে প্ৰশংসা লাভ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে মেঘালয়ে ভৱিষ্যতে উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত পোষ্ট কয়;
মেঘালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক মই আন্তৰিক শুভেচ্ছা জনাইছো। মেঘালয়ৰ জনসাধাৰণে আমাৰ দেশৰ বিকাশত যথেষ্ট অৱদান আগবঢ়াইছে। ৰাজ্যখনৰ সাংস্কৃতিক সজীৱতা আৰু মনোমোহা সৌন্দৰ্য্যক সকলোৱে প্ৰশংসা কৰে। মেঘালয়ে ভৱিষ্যতে উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰক।
I convey my heartfelt greetings to the people of Meghalaya on their Statehood Day. The people of Meghalaya have made strong contributions to the development of our nation. The state’s cultural vibrancy and scenic beauty are widely admired. May Meghalaya keep scaling new heights…
— Narendra Modi (@narendramodi) January 21, 2026


