প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ প্ৰাক্তন বিত্ত মন্ত্ৰী শ্ৰী অৰুণ জেটলীৰ দেহপ্ৰয়াণত শোক প্ৰকাশ কৰিছে৷

‘‘অৰুণ জেটলী আছিল ৰাজনীতিৰ এজন মহান ব্যক্তি, বুদ্ধিদ্বীপ্ততাৰ প্ৰতীক আৰু তেজস্বী বিদ্বান পুৰুষ৷ তেওঁ আছিল এজন স্পষ্টভাষী যিয়ে ভাৰতলৈ অনবদ্য অৱদান আগবঢ়াইছিল৷ তেওঁৰ অভাৱ অতিশয় দুখজনক৷ তেওঁৰ পত্নী সংগীতাজী, পুত্ৰ ৰোহণৰ সৈতে মোৰ কথা হৈছে আৰু মই তেওঁলোকলৈ সমবেদনা জনাইছো৷ ওম শান্তি৷

প্ৰাণৱন্ত জীৱন, আশীৰ্বাদপুষ্ট আৰু ক্ষীপ্ৰ বুদ্ধিদ্বীপ্ত অৰুণ জেটলীক সমাজৰ সকলো অংশৰ জনতাই আদৰ্শ হিচাপে বিবেচনা কৰিছিল৷ তেওঁ আছিল বহু প্ৰতিভাশালী আৰু ভাৰত সংবিধান, ইতিহাস, জননীতি, শাসন আৰু প্ৰশাসনৰ বিষয়ে তেওঁৰ প্ৰচুৰ জ্ঞান আছিল৷

তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক কেৰিয়াৰত অৰুণ জেটলীয়ে মন্ত্ৰালয়ৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰিছিল৷ ইয়াৰ জৰিয়তে তেওঁ ভাৰতৰ অৰ্থনৈতিক উত্তৰণ, আমাৰ প্ৰতিৰক্ষা সামৰ্থৰ সৱলীকৰণ, জন অনুকূল নীতি প্ৰণয়ন আৰু অন্য ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় বৃদ্ধি আদিৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল৷

বিজেপি আৰু অৰুণ জেটলীৰ এৰাব নোৱাৰা বান্ধোন আছিল৷  নিৰ্ভীক ছাত্ৰ নেতা হিচাপে তেওঁ জৰুৰীকালীন অৱস্থাত সদায়েই সমুখৰ পৰা আমাৰ গণতন্ত্ৰক সুৰক্ষা প্ৰদান কৰিছিল৷ তেওঁ আমাৰ দলৰ জনপ্ৰিয় চেহেৰা হিচাপে পৰিচিত হৈ উঠিছিল যিয়ে সমাজত দলৰ কাৰ্যসূচী আৰু আদৰ্শ ব্যাপক ৰূপত প্ৰতিষ্ঠিত কৰিছিল৷

অৰুণ জেটলীৰ দেহৱসানত মই মোৰ মূল্যবান মিত্ৰ এজন হেৰুৱালো যাৰ জ্ঞানক মই দশকজুৰি সন্মান জনাইছিলো৷ কোনো সমস্যাৰ ক্ষেত্ৰত তেওঁৰ অন্তৰ্দৃষ্টি আৰু সুক্ষ্ম বিচাৰবোধৰ উচিত সমান্তৰলতা আছিল৷ তেওঁৰ জীৱন আছিল সুন্দৰ, তেওঁ আমাক সকলোকে তেওঁৰ সুন্দৰ স্মৃতি এৰি থৈ গৈছে৷ আমি সদায়েই তেওঁৰ অভাৱ অনুভূত কৰিম!’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent

Media Coverage

1 in 4 iPhones are now made in India as Apple ramps up production by 53 per cent
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মাৰ্চ 2026
March 11, 2026

From Silent Medical Revolution to Global Manufacturing Hub: Salute to PM Modi's Relentless Push for a Stronger, Self-Reliant India