BRICS platform has witnessed several achievements in the last one and a half decades: PM Modi
Today we are an influential voice for the emerging economies of the world: PM Modi at BRICS Summit
BRICS has created strong institutions like the New Development Bank, the Contingency Reserve Arrangement and the Energy Research Cooperation Platform: PM
We have adopted the BRICS Counter Terrorism Action Plan: PM Modi at BRICS virtual Summit

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠিত ‘ত্ৰয়োদশ ব্ৰিক্ছ শীৰ্ষ সন্মিলন’ত সভাপতিত্ব কৰিলে।

ভাৰতে আগবঢ়োৱা শীৰ্ষ সন্মিলনখনৰ প্ৰাতিপাদ্য বিষয়বস্তু আছিল, ‘ব্ৰিক্ছ @১৫- নিৰন্তৰতা, একত্ৰীকৰণ আৰু সহমতিৰ বাবে আন্তঃ ব্ৰিকছ সহযোগিতা’।

শীৰ্ষ সন্মিলনখনত ব্ৰিক্ছ-ৰ অন্য সকলো সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতি দেখিবলৈ পোৱা যায়। নেতাসকল আছিল- ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলছোনাৰো, ৰাছীয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি চি জিনপিন আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চীৰিল ৰামাপোছা।

ভাৰতৰ অধ্যক্ষতাত চলিত বৰ্ষত বহুসংখ্যক নতুন পদক্ষেপ গ্ৰহণ কৰাত সকলো সদস্য ৰাষ্ট্ৰই আগবঢ়োৱা সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোৰে শলাগ লয়। এইসমূহ পদক্ষেপৰ ভিতৰত আছে, ডিজিটেল মাধ্যমেৰে অনুষ্ঠিত ব্ৰিক্ছৰ প্ৰথমখন স্বাস্থ্য শীৰ্ষ সন্মিলন, বহু পক্ষীয় সংস্কাৰ সন্দৰ্ভত ব্ৰিক্ছ দেশৰ মন্ত্ৰীমণ্ডলীয়ে প্ৰকাশ কৰা প্ৰথমটো যুটীয়া বিবৃতি, ব্ৰিক্ছৰ সন্ত্ৰাসবাদ-বিৰোধী এক কৰ্ম-পৰিকল্পনা ঘোষণা, দূৰ-নিয়ন্ত্ৰিত কৃত্ৰিম উপগ্ৰহসমূহৰ ক্ষেত্ৰত সহযোগিতা চুক্তি, ব্ৰিক্ছৰ এক ভাৰ্চুৱেল প্ৰতিষেধক গৱেষণা তথা বিকাশ কেন্দ্ৰ স্থাপন, সেউজ পৰ্যটন সন্দৰ্ভত ব্ৰিক্ছ-ৰ উমৈহতীয়া মঞ্চ গঠন আদি।

ক’ভিড-উত্তৰ প্ৰেক্ষাপটত ব্ৰিক্ছ-য়ে বহণ কৰিব পৰা নেতৃত্বসুলভ ভূমিকাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ‘পূৰ্বাৱস্থা অভিমুখী প্ৰবণতাৰে, উদ্ভাৱনশীলতাৰে, বিশ্বাসযোগ্য ভাবে আৰু দীৰ্ঘসুৰিতাৰে পুনৰ্নিৰ্মাণ’-ৰ মন্ত্ৰ আওৰাই ব্ৰিক্ছ-য়ে সহযোগিতাৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ আহ্বান জনায়।

এই সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধকৰ সুলভতাৰ বেগ বৃদ্ধি কৰি ‘পুনৰ্নিৰ্মাণ’ৰ গতি ত্বৰান্বিত কৰা, ঔষধৰ বিবিধকৰণ আৰু প্ৰতিষেধকৰ উত্পাদন সামৰ্থ্য উন্নত ৰাষ্ট্ৰসমূহতকৈয়ো অধিক হাৰত কৰি ‘পূৰ্বাৱস্থা অভিমুখী প্ৰৱণতা’ সৃষ্টি কৰা, জন-কল্যাণৰ বাবে ডিজিটেল পদ্ধতিৰ কুশলতা সাৰোগত কৰি ‘উদ্ভাৱনশীলতা’ক আগবঢ়াই নিয়া, বহুপক্ষীয় সংস্থাসমূহৰ ‘বিশ্বাসযোগ্যতা’ বৃদ্ধি কৰাৰ বাবে সংস্কাৰসাধন কৰা, আৰু পৰিৱেশ তথা জলবায়ু সমক্ৰান্তীয় প্ৰসংগসমূহৰ ক্ষেত্ৰত ব্ৰিক্ছ-ৰ এক উমৈহতীয়া মতাদৰ্শ প্ৰতিস্থাৰে ‘বহণক্ষম উন্নয়ণ’ৰ উত্তৰণত গুৰুত্ব আৰোপ কৰে।

নেতাসকলে শেহতীয়াভাবে আফগানিস্তানত উদ্ভৱ হোৱা পৰিস্থিতিকে ধৰি আন গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় প্ৰসংগসমূহৰ সন্দৰ্ভতো আলোচনা কৰে। সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ উথ্থানে সৃষ্টি কৰা ভাবুকী সন্দৰ্ভত সকলোৱে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে সন্ত্ৰাসবাদক প্ৰতিহত কৰাৰ ক্ষেত্ৰত ব্ৰিক্ছ-য়ে যুগুতোৱা কৰ্ম-পৰিকল্পনা ৰূপায়ণ কৰাৰ বাবে সহমত ব্যক্ত কৰে।

শীৰ্ষ সন্মিলনখনৰ সামৰণিৰ পূৰ্বে নেতাসকলে ‘নতুন দিল্লী ঘোষণাপত্ৰ’খন আনুষ্ঠানিক ভাবে গৃহীত কৰে।

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi