৭-৮ ডিচেম্বৰত পুনেত অনুষ্ঠিত আৰক্ষীৰ সঞ্চালকপ্ৰধান/মহাপৰিদৰ্শকসকলৰ ৫৪সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্রীয়ে৷ সন্মিলনত দুদিন ধৰি বিভিন্ন আলোচনাত নেতৃত্ব প্ৰদান, মূল্যবান পৰামর্শ দিয়াৰ উপৰি আজি সন্ধিয়া সামৰণী অধিৱেশনত ভাষণো আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে৷ চোৰাংচোৱা বিভাগৰ যিসকল বিষয়াই উল্লেখযোগ্য অৱদান আগবঢ়াইছে, তেওঁলোকৰ কামৰ স্বীকৃতিস্বৰূপে প্ৰধানমন্ত্রীয়ে ৰাষ্ট্ৰপতি আৰক্ষী পদকসমূহো প্ৰদান কৰে৷

পুৰ্বতে এদিনীয়াকৈ অনুষ্ঠিত সন্মিলনখন প্ৰধানমন্ত্রীৰ নেতৃত্বত ফলপ্ৰসূ মত-বিনিময়ৰ লক্ষ্যৰে ২০১৫চনৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে৷ তদুপৰি, এই সন্মিলনখনি এতিয়া দিল্লীৰ বাহিৰত দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে৷ প্ৰধানমন্ত্রী আৰু কেন্দ্রীয় গৃহ মন্ত্রীৰ উপস্থিতিত সন্মিলনৰ বিন্যাসৰ আমুল পৰিৱর্তন সাধন কৰা হৈছে। সন্মিলনৰ আৰম্ভনিতে আৰক্ষীৰ সঞ্চালকপ্ৰধানসকলৰ কমিটীসমূহো সমসাময়িক নিৰাপত্তা সংক্রান্তীয় বিষয়সমূহৰ ওপৰত ভিত্তি কৰি আলোচনাৰ ৰূপৰেখা নির্ধাৰণ কৰে৷ এই সন্মিলনৰ সময়ত বিভিন্ন অধিৱেশনত বিভিন্ন নীতিৰ পর্যালোচনা কৰা হয়। এই বাৰৰ সন্মিলনত, সন্ত্রাসবাদ, নক্সাল সমস্যা, উপকূলীয় অঞ্চলৰ নিৰাপত্তা, চাইবাৰ অপৰাধ, মৌলবাদ আৰু মাদকদ্ৰব্যৰ বিৰুদ্ধে যুঁজৰ দৰে কেতবোৰ আভ্যন্তৰীণ আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাক লৈ বিস্তৃতভাৱে আলোচনা কৰাৰ বাবে ১১টা মুল গোট গঠন কৰা হয়৷

প্ৰধানমন্ত্রীয়ে কয় যে এই সন্মিলনত নীতি প্ৰণয়ন আৰু সেইবোৰ বাস্তবায়িত কৰা বাবে উপযুক্ত উপাদান লাভ কৰা যায়। ইয়াত চূড়ান্ত পৰিকল্পনা প্ৰস্তুত কৰা ক্ষেত্রত সেই উপাদানসমূহৰ পাৰ লাভ কৰা সিদ্ধান্ত বিবেচনাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷

দেশজুৰি স্বাভাবিক অৱস্থা, শান্তি আৰু সুস্থিৰতা বজাই ৰখাৰ বাবে আৰক্ষী বাহিনীক সদাই সজাগতামুলক প্ৰয়াসৰ প্ৰশংসা কৰে প্ৰধানমন্ত্রীয়ে৷ তেওঁ কয় যে বাহিনীৰ সদস্যসকলৰ পৰিয়ালৰ অৱদানৰ কথা আমি যেন নাপাহৰো, কাৰণ এই পৰিয়ালসমূহে সকলো সময়তে বাহিনীৰ সদস্যসকলৰ কাষত থাকে৷ আৰক্ষীৰ ভাৱমূর্তি উজ্জ্বল কৰাৰ বাবে তেওঁলোকে সকলো সময়তে প্ৰচেষ্টা চলাই যাব লাগিব, যাতে মহিলা আৰু শিশুসহ সমাজৰ সকলোৰে আস্থা অর্জন কৰিব পৰা যায়। মহিলাসকলে যেন নিজৰ সুৰক্ষিত আৰু নিৰাপদ অনুভৱ কৰে, সেই লক্ষ্যৰে প্ৰধানমন্ত্রীয়ে সক্রিয় আৰক্ষী ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

প্ৰধানমন্ত্রীয়ে সন্মিলনৰ সিদ্ধান্ত ৰাজ্যৰ পৰা জিলাহৈ থানাৰ লগতে তৃণমূল স্তৰলৈকে প্ৰেৰণ কৰিবলৈ আৰক্ষীৰ মুৰব্বীসকলৰ প্ৰতি আহ্বান জনায়৷ বিভিন্ন ৰাজ্যৰ আৰক্ষী বাহিনীৰ বক্তব্য শুনাৰ পাছত প্ৰধানমন্ত্রীয়ে কয় যে ভাল সিদ্ধান্তৰ এক তালিকা প্ৰস্তুত কৰিব লাগে আৰু সেইবোৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা উচিত৷

তেওঁ লগতে কয় যে সক্রিয় আৰক্ষী ব্যৱস্থাৰ এক গুৰুত্বপূর্ণ উপাদান হ’ল প্ৰযুক্তি। ইয়াৰ জৰিয়তে সাধাৰণ জনতাৰ মতামত গ্ৰহণ কৰিব পৰ যায়।

উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নত প্ৰধানমন্ত্রীয়ে বিশেষ উৎসাহ ব্যক্ত কৰে৷ চৰকাৰৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে এইটো অতি গুৰুত্বপূর্ণ। সেই ৰাজ্যসমূহৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানসকলক তেওঁ উন্নয়নমূলক কাৰ্যসূচী ৰূপায়নৰ উপযোগী পৰিৱেশ গঢ়ি তোলাৰ প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনায়৷

প্ৰধানমন্ত্রীয়ে ভাষণৰ শেষভাগত আৰক্ষী বিষয়াসকলে প্ৰতিদিনে তেওঁলোকৰ কর্তব্য পালনৰ সময় যি পৰিস্থিতিৰ সন্মুখীন হয়, সেই প্ৰসংগতো কয়৷ তেওঁ কয় যে যি আদর্শ আৰু মনোভাৱ লৈ তেওঁলোকে অসামৰিক সেৱাৰ পৰীক্ষাত বহিছিল, তাক স্মৰণ কৰি তেওঁলোকৰ মনত যি দ্বিধাবোধে নাথাকক কিয়, তেওঁলোকে মনত ৰাখিব লাগিব যে সমাজৰ অতি পিছপৰা তথা দৰিদ্ৰ লোকৰ কল্যাণত দেশৰ স্বার্থত তেওঁলোকে কাম কৰিছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26

Media Coverage

India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
April 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, April 26th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.