প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ নৱেম্বৰত ১১:৩০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত উত্তৰ প্ৰদেশৰ বিন্ধ্যাচল ক্ষেত্ৰৰ মিৰ্জাপুৰ আৰু সোণভদ্ৰ জিলাত গ্ৰামীণ খোৱাপানী যোগান পৰিকল্পনাৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে গাঁৱৰ জল তথা স্বচ্ছতা সমিতি/পানী সমিতিৰ সদস্যৰ সৈতেও কথা পাতিব। এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকিব।

 

এই পৰিকল্পনাৰ জৰিয়তে ২,৯৯৫খন গাঁৱৰ সকলো পৰিয়ালক নলীৰ পানীৰ সংযোগ দিয়া হ'ব। ইয়াৰ ফলত এই জিলা দুখনৰ ৪২ লাখ জনসাধাৰণ লাভবান হ'ব। এই সকলো গাঁৱত গ্ৰাম জল তথা স্বচ্ছতা সমিতি আৰু পানী সমিতি বনোৱা হৈছে যাৰ ওপৰত সঞ্চালন আৰু চোৱাচিতাৰ দায়িত্ব আছে। পৰিকল্পনাৰ মুঠ আনুমানিক ব্যয় ৫,৫৫৫.৩৮কোটি টকা। পৰিকল্পনা ২৪ মাহত সম্পূৰ্ণ কৰা হ'ব।

 

জল জীৱন মিছনৰ বিষয়ে

প্ৰধানমন্ত্ৰীয়ে ১৫ আগষ্ট, ২০১৯ত লালকিল্লাৰ প্ৰাচীৰৰ পৰা জল জীৱন মিছনৰ ঘোষণা কৰিছিল। ইয়াৰ উদ্দেশ্য, ২০২৪ পৰ্যন্ত দেশৰ সকলো গ্ৰামীণ গৃহত নলীৰে পানীৰ সংযোগ দিয়া। আগষ্ট, ২০১৯ত মিছনৰ ঘোষণাৰ সময়ত ১৮.৯৩ কোটি গ্ৰামীণ পৰিয়ালৰ মাজৰ মাথোঁ ৩.২৩ কোটি পৰিয়ালত (১৭%) নলীৰ পানীৰ সংযোগ আছিল। পৰৱৰ্তী চাৰি বছৰত নলীৰ পানীৰ সংযোগ দিবলৈ ১৫.৭০ কোটি প্ৰদান কৰা হ'ব। যোৱা ১৫ মাহত কোভিড-১৯ মহামাৰী সত্ত্বেও ২.৬৩ কোটি পৰিয়ালত নলীৰ পানীৰ সংযোগ দিয়া হৈছে আৰু বৰ্তমান ৫.৮৬ কোটি (৩০.৬৭%) পৰিয়ালত নলীৰ পানীৰ সংযোগ দিয়া হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As Naxalism ends in Chhattisgarh, village gets tap water for first time

Media Coverage

As Naxalism ends in Chhattisgarh, village gets tap water for first time
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 এপ্ৰিল 2026
April 13, 2026

Nari Shakti, 7% Growth & Global Respect: PM Modi Leadership Formula India is Celebrating