Important to think and plan how do we improve lives  with the upcoming technology revolution: PM
As the government, we are also working to unlock the full potential of the IT and Telecom sector: PM
The digital potential of our nation is unparalleled, perhaps even in the history of mankind: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰ্চুৱেল ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (IMC) ২০২০ ত উদ্বোধনী ভাষণ আগবঢ়ায়। আইএমচি ২০২০ ৰ বিষয়বস্তু হৈছেঃ "সৰ্বব্যাপী উদ্ভাৱন – স্মাৰ্ট, সুৰক্ষিত, বহনক্ষম”। ‘আত্মনিৰ্ভৰ ভাৰত’, ‘ডিজিটেল সৰ্বব্যাপিতা’ আৰু ‘বহনক্ষম উন্নয়ন, উদ্যোগশীলতা ও উদ্ভাৱন’ৰ প্ৰোৎসাহনৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিৰ সৈতে ৰজিতা খুৱাই এই বিষয়বস্তু যুগুত কৰা হৈছে। তদুপৰি ইয়াৰ লক্ষ্য হৈছে টেলিকম আৰু বৰ্ধমান প্ৰযুক্তি খণ্ডসমূহত বৈদেশিক আৰু স্থানীয় বিনিয়োগক চালিত কৰা, গৱেষণা ও উন্নয়নক উৎসাহ যোগোৱা।

এই কাৰ্যসূচী সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে টেলিকম সা-সৰঞ্জাম, ডিজাইন, উন্নয়ন আৰু প্ৰস্তুতৰ অৰ্থে ভাৰতক বৈশ্বিক কেন্দ্ৰ কৰি তুলিবলৈ একেলগে কাম কৰাৰ আহ্বান জনায়। তেখেতে সতৰ্ক কৰি কয়, প্ৰযুক্তিগত উন্নয়নৰ পৰিপ্ৰেক্ষিতত, আমাৰ মাজত সঘনাই হেণ্ডছেট আৰু গেডজেট সলনি কৰাৰ সংস্কৃতি গঢ় লৈ উঠিছে। তেখেতে প্ৰতিনিধিসকলক উদ্যোগটোৱে ইলেকট্ৰনিক আৱৰ্জনাৰ উত্তম পৰিচালনা আৰু এটা চাৰ্কুলাৰ অৰ্থনীতি গঠনৰ বাবে টাস্ক-ফ’ৰ্চ গঠন কৰিব পাৰে নেকি, তাৰ চিন্তা কৰিবলৈ আহ্বান জনায়। ভৱিষ্যত লাভালাভ আৰু কেইবা নিযুত ভাৰতীয়ক সৱলীকৰণৰ অৰ্থে ৫জিৰ সময়োচিত প্ৰৱৰ্তন নিশ্চিত কৰিবলৈ একেলগে কাম কৰাৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আহিবলগীয়া প্ৰযুক্তি বিপ্লৱৰ সৈতে জীৱন ধাৰণৰ মানদণ্ড কিদৰে উন্নত কৰিব পৰা যায় তাৰ চিন্তা আৰু পৰিকল্পনা কৰাটো আৱশ্যকীয়। তেখেতে লগতে কয়, আমাৰ কৃষকসকলৰ বাবে উত্তম হেল্থকেয়াৰ, উত্তম শিক্ষা, উত্তম তথ্য আৰু সুযোগ, ক্ষুদ্ৰ ব্যৱসায়সমূহৰ অৰ্থে উত্তম বজাৰ সুগমতা হৈছে কেতবোৰ লক্ষ্য যি ক্ষেত্ৰত কাম কৰিব পাৰি।

টেলিকম খণ্ডৰ প্ৰতিনিধিসকলৰ শলাগ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ উদ্ভাৱন আৰু প্ৰচেষ্টাৰ পৰিপ্ৰেক্ষিততেই মহামাৰীটো সত্বেও বিশ্বখনি চালিত হৈ থাকিব পাৰিছিল। তেখেতে লগতে কয় যে তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেই ভিন্ন চহৰত থকা সত্বেও পুত্ৰই মাতৃৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছে, শ্ৰেণীকোঠা অবিহনেই এজন ছাত্ৰই তেওঁৰ শিক্ষাগুৰুৰপৰা পাঠ শিকিব পাৰিছে, ৰোগীয়ে তেওঁৰ গৃহৰপৰাই চিকিৎসকৰ সৈতে আলোচনা কৰিব পাৰিছে আৰু ভিন্ন ভৌগলিক স্থানৰপৰাই এজন ব্যৱসায়ীয়ে উপভোক্তাৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, বহু যুৱ প্ৰযুক্তিবিদৰ ক’ডৰ বাবে এটা প্ৰডাক্ট বিশেষ হৈ পৰে, উদ্যোগীৰ ধাৰণাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে, বিনিয়োগৰাকীসকলে এই পৰামৰ্শ আগবঢ়াই যে এটা প্ৰডাক্টৰ বৰ্ধনৰ অৰ্থে কেপিটেল অধিক গুৰুত্বপূৰ্ণ। তেখেতে গুৰুত্ব প্ৰদান কৰি কয় যে প্ৰায়েই যুৱসমাজৰ তেওঁলোকৰ প্ৰডাক্টৰ প্ৰতি দৃঢ় বিশ্বাস কিমান তাৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰশীল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব প্ৰদান কৰি কয় যে মহামাৰীটোৰ সময়ত ম’বাইল প্ৰযুক্তিৰ বাবেই আমি কেইবা নিযুত ভাৰতীয়লৈ কেইবা বিলিয়ন ডলাৰ লাভ আগবঢ়াবলৈ সক্ষম হৈছো, দুখীয়া আৰু অসহায়সকলক ক্ষীপ্ৰতাৰে সহায় কৰিবলৈ সক্ষম হৈছো আৰু আমি কেইবা বিলিয়ন কেছলেছ লেন-দেন প্ৰত্যক্ষ কৰিছো যিয়ে আনুষ্ঠানিককৰণ আৰু স্বচ্ছতাৰ বৰ্ধন ঘটাইছে।

ভাৰতত ম’বাইল প্ৰস্তুতত লাভ কৰা সফলতাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। তেখেতে কয়, ম’বাইল প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰত অন্যতম অতিশয় পচ্ছন্দৰ কেন্দ্ৰ হৈ পৰিছে। তেখেতে লগতে কয়, ভাৰতত টেলিকম সা-সৰঞ্জাম প্ৰস্তুতৰ প্ৰোৎসাহনৰ অৰ্থে প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনি প্ৰৱৰ্তন কৰা যায়। তেওঁ কয় যে অহা তিনি বছৰৰ ভিতৰত প্ৰতিখন গাঁৱতে অতি দ্ৰুত ফাইবাৰ-অপ্টিক সংযোগ প্ৰৱৰ্তনৰ লক্ষ্য চৰকাৰখনে নিৰ্ধাৰণ কৰিছে। তেখেতে কয় যে ইয়াৰ অৰ্থে, এনে সংযোগ নোহোৱা- আকাংক্ষিত জিলা, মাওবাদী অধ্যুষিত জিলা, উত্তৰ পূবৰ ৰাজ্য, লক্ষদ্বীপ ইত্যাদিত বিশেষ দৃষ্টি নিক্ষেপ কৰা হৈছে। তেখেতে লগতে কয় যে ফিক্সড লাইন ব্ৰডবেণ্ড যোগাযোগ আৰু ৰাজহুৱা ৱাই-ফাই হটস্পটৰ বিস্তৃত সম্প্ৰসাৰণ নিশ্চিত কৰি তোলা যাব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation

Media Coverage

Built for tomorrow's wars: How India's new turbojet engine changes the missile and drone equation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026