BRICS platform has witnessed several achievements in the last one and a half decades: PM Modi
Today we are an influential voice for the emerging economies of the world: PM Modi at BRICS Summit
BRICS has created strong institutions like the New Development Bank, the Contingency Reserve Arrangement and the Energy Research Cooperation Platform: PM
We have adopted the BRICS Counter Terrorism Action Plan: PM Modi at BRICS virtual Summit

মহামহিম ৰাষ্ট্ৰপতি পুটিনৰাষ্ট্ৰপতি জিৰাষ্ট্ৰপতি ৰামাফোছা, ৰাষ্ট্ৰপতি বোলসোনাৰো,
নমস্কাৰ,

মই আপোনাসৱক এই ব্ৰিকছ সন্মিলনলৈ স্বাগতম জনাইছো। ব্ৰিকছৰ ১৫ সংখ্যক বাৰ্ষিকী উপলক্ষে এই সন্মিলনত পৌৰহিত্য কৰিবলৈ পোৱাটো মোৰ আৰু ভাৰতৰ বাবে পৰম সন্তোষৰ কথা। আপোনালোকৰ সৈতে আজিৰ সন্মিলনৰ বৈঠকৰ কাৰণে বিস্তৃত কাৰ্য্যসূচী আছে। যদি আপোনালোক আটায়ে সন্মতি জনাই, তেন্তে আমি এই কাৰ্য্যসূচী গ্ৰহণ কৰিব পাৰো। ধন্যবাদ, এই কাৰ্য্যসূচী এতিয়া গ্ৰহণ কৰা হৈছে।

মহামহিম!

এই কাৰ্য্যসূচী গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত, আমি আটায়ে আমাৰ উদ্বোধনী বক্তব্য চমুকৈ আগবঢ়াব পাৰো। মই মোৰ উদ্বোধনী বক্তব্য প্ৰথমেই প্ৰদান কৰাৰ সুযোগ গ্ৰহণ কৰিম। তাৰ পাছত মই আপোনালোকৰ প্ৰত্যেককে আপোনালোকৰ উদ্বোধনী বক্তব্যৰ বাবে আহ্বান জনাম।



এই অধ্যক্ষতাৰ সময়ছোৱাত ভাৰতে আটাই ব্ৰিকছ অংশীদাৰ আৰু প্ৰত্যেকজনৰপৰা পূৰ্ণ সহযোগিতা লাভ কৰিছে আৰু ইয়াৰ বাবে আপোনালোক আটাইৰে ওচৰত পৰম কৃতজ্ঞ। যোৱা ডেৰটা দশকত ব্ৰিকছ প্লেটফৰ্মে বহু সফলতা অৰ্জন কৰিলে। আজি আমি বিশ্বখনৰ বৰ্ধমান অৰ্থনীতিসমূহৰ বাবে এটি প্ৰভাৱশালী কণ্ঠ। এই প্লেটফৰ্ম একদৰে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অগ্ৰাধিকাৰসমূহত মনোনিৱেশৰ অৰ্থে উপযোগী হৈ আহিছে।

ব্ৰিকছে নিউ ডেভলপমেন্ট বেংক, কন্টিনজেন্সী ৰিজাৰ্ভ এৰেঞ্জমেন্ট আৰু এনাৰ্জি ৰিচাৰ্ছ ক’অপাৰেশ্যন প্লেটফৰ্মৰ দৰে শক্তিশালী প্ৰতিষ্ঠানসমূহ গঢ় দিছে। এই আটাইবোৰ অতিশয় শক্তিশালী প্ৰতিষ্ঠান। নিঃসন্দেহে আমি গৌৰৱ কৰিবলৈ এয়াই যথেষ্ট। তথাপি, এইটোও গুৰুত্বপূৰ্ণ যে আমি অধিক আত্ম-সন্তুষ্টি লাভ কৰিলে নহ’ব আৰু অনাগত ১৫ বছৰত ব্ৰিকছক অধিক ফলাফল ভিত্তিক হৈ উঠাটো অৱশ্যেই নিশ্চিত কৰিব লাগিব।

ভাৰতে ইয়াৰ অধ্যক্ষতাৰ কালৰ বাবে বাছনি কৰি লোৱা বিষয়- ‘ব্ৰিকছ@১৫: ধাৰাবাহিকতা (Continuity), সংহতি (Consolidation) আৰু ঐক্যমত (Consensus)ৰ অৰ্থে অন্তৰ ব্ৰিকছ সহযোগিতা (Cooperation)’ য়ে এই অগ্ৰাধিকাৰক সঠিকভাৱে উপস্থাপন কৰিছে। এই চাৰিটা ‘C’ হৈছে আমাৰ ব্ৰিকছ অংশীদাৰিত্বৰ প্ৰাথমিক নীতি।

এই বৰ্ষত, ক’ভিড সৃষ্ট প্ৰত্যাহ্বানৰাজি সত্বেও, ১৫০ ৰোধিক ব্ৰিকছ বৈঠক আৰু কাৰ্য্যক্ৰম অনুষ্ঠিত কৰা হৈছে, ইয়াৰ ভিতৰত ২০ ৰোধিক আছিল মন্ত্ৰী পৰ্য্যায়ৰ। পৰম্পৰাগত ক্ষেত্ৰসমূহত বৰ্ধিত সহযোগিতাৰে, আমি তদুপৰি ব্ৰিকছ কাৰ্য্যপন্থাৰ পৰৱৰ্তী সম্প্ৰসাৰণৰ অৰ্থে প্ৰচেষ্টা অৱলম্বন কৰিছো। এই প্ৰসংগত, ব্ৰিকছে বহু ‘প্ৰথম’ সফলতা অৰ্জন কৰিছে। ইয়াৰ অৰ্থ হৈছে প্ৰথমবাৰৰ বাবে বহু কাম সম্পাদন কৰা হৈছে। অতি শেহতীয়াভাৱে প্ৰথমবাৰৰ বাবে ব্ৰিকছ ডিজিটেল সন্মিলন অনুষ্ঠিত হৈ গৈছে। এয়া হৈছে প্ৰযুক্তিৰ সহায়ত স্বাস্থ্য সুগমতা বৃদ্ধি কৰি তুলিবলৈ এটি উদ্ভাৱনীমূলক পদক্ষেপ। নৱেম্বৰত, আমাৰ জল সম্পদ মন্ত্ৰীসকলে ব্ৰিকছৰ অধীনত প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হ’ব। ‘বহুপাক্ষিক ব্যৱস্থাৰ সুদৃঢ়কৰণ আৰু সংস্কাৰ সাধন’ সন্দৰ্ভতো প্ৰথমবাৰৰ বাবে ব্ৰিকছে এটি সন্মিলিত স্থিতি গ্ৰহণ কৰিছে।

আমি তদুপৰি ব্ৰিকছ সন্ত্ৰাস দমন কৰ্ম পৰিকল্পনাৰ অভিযোজনা কৰিছো। আমাৰ মহাকাশ সংস্থাসমূহৰ মাজত ৰিম’ট চেন্সিং ছেটেলাইট কনষ্টিলেশ্যন সন্দৰ্ভত চুক্তিৰে সহযোগিতাৰ এটি নতুন অধ্যায়ৰ সূচনা হৈছে। আমাৰ শুল্ক বিভাগসমূহৰ মাজত সহযোগিতাৰে, অন্তৰ- ব্ৰিকছ বাণিজ্য সহজতৰ হৈ উঠিব। এটি ভাৰ্চুৱেল ব্ৰিকছ টিকাকৰণ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰৰ সূচনাৰ্থেও ঐক্যমত পোষণ কৰি অহা হৈছে। সেউজ পৰ্যটন সন্দৰ্ভত ব্ৰিকছ মিত্ৰতাও হৈছে আন এটি নতুন পদক্ষেপ।

মহামহিম!

এই আটাইবোৰ নতুন পদক্ষেপে কেৱল আমাৰ নাগৰিকক লাভান্বিত কৰাই নহয় বৰঞ্চ ব্ৰিকছক অনাগত বছৰসমূহত এটি প্ৰাসংগিক অনুষ্ঠান হৈ থকাত সক্ষম কৰি তুলিব। মই বিশ্বাসী যে আজিৰ বৈঠকে ব্ৰিকছক অধিক উপযোগীকৈ গঢ় দিবলৈ আমাক সঠিক পথ নিৰ্দেশনা আগবঢ়াব।

আমি তদুপৰি গুৰুত্বপূৰ্ণ বৈশ্বিক আৰু আঞ্চলিক প্ৰসংগসমূহ আলোচনা কৰিম। মই এতিয়া আপোনালোক আটাইকে আপোনালোকৰ উদ্বোধনী বক্তব্য আগবঢ়াবলৈ আহ্বান জনাইছো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government