মোৰ বন্ধু সন্মানীয় ৰাষ্ট্ৰপতি পুটিন,

দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

ডোবৰি ডেন!

আজি ২৩সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক আদৰণি জনাই মই আনন্দিত হৈছো। তেওঁৰ এই ভ্ৰমণ এনে এটা সময়ত হৈছে যেতিয়া আমাৰ দ্বিপাক্ষিক সম্পৰ্কই কেইবাটাও ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ঠিক ২৫ বছৰৰ আগতে ৰাষ্ট্ৰপতি পুটিনে আমাৰ কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল। পোন্ধৰ বছৰৰ আগতে ২০১০ চনত আমাৰ অংশীদাৰিত্বক "বিশেষ আৰু সুবিধাজনক কৌশলগত অংশীদাৰিত্ব"ৰ মৰ্যাদালৈ উন্নীত কৰা হৈছিল।

বিগত ডেৰ-দুই দশক ধৰি তেওঁ নিজৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰে এই সম্পৰ্কবোৰ যত্ন লৈ আহিছে। তেওঁৰ নেতৃত্বই আমাৰ সম্পৰ্কক সকলো পৰিস্থিতিত নতুন উচ্চতালৈ লৈ গৈছে। ভাৰতৰ প্ৰতি এই গভীৰ বন্ধুত্ব আৰু দৃঢ় দায়বদ্ধতাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বন্ধুসকল,

বিগত আঠটা দশকত বিশ্বই বহু উত্থান-পতনৰ সাক্ষী হৈ আহিছে। মানৱতাই অসংখ্য প্ৰত্যাহ্বান আৰু সংকটৰ সন্মুখীন হৈছে। আৰু এই সকলোবোৰৰ মাজেৰে ভাৰত-ৰাছিয়াৰ বন্ধুত্ব ধ্ৰবতৰাৰ দৰে হৈয়েই আছে। পাৰস্পৰিক সন্মান আৰু গভীৰ বিশ্বাসৰ ওপৰত গঢ় লৈ উঠা এই সম্পৰ্কই সদায় সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। আজি আমি এই ভেটিটোক আৰু অধিক শক্তিশালী কৰাৰ বাবে সহযোগিতাৰ সকলো দিশৰ ওপৰত আলোচনা কৰিলোঁ। অৰ্থনৈতিক সহযোগিতাক নতুন উচ্চতালৈ লৈ যোৱাটো আমাৰ যৌথ অগ্ৰাধিকাৰ। ইয়াৰ বাবে আজি আমি ২০৩০ চনলৈকে অৰ্থনৈতিক সহযোগিতা কাৰ্যসূচীৰ ওপৰত সহমতত উপনীত হৈছো।ইয়াৰ ফলত আমাৰ বাণিজ্য আৰু বিনিয়োগ বৈচিত্ৰ্যপূৰ্ণ, সুষম আৰু বহনক্ষম হ’ব আৰু আমাৰ সহযোগিতাৰ ক্ষেত্ৰসমূহত নতুন মাত্ৰা প্ৰদান কৰিব।

আজি ৰাষ্ট্ৰপতি পুটিন আৰু মই ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰাৰ সুযোগ পাম। মোৰ বিশ্বাস যে এই মঞ্চই আমাৰ ব্যৱসায়িক সম্পৰ্কক নতুন গতি প্ৰদান কৰিব। তদুপৰি ৰপ্তানি, সহ-উৎপাদন আৰু সহযোগী উদ্ভাৱনৰ বাবে নতুন দুৱাৰ মুকলি কৰিব।

ইউৰেছিয়ান অৰ্থনৈতিক সংঘৰ সৈতে এফটিএ আগতীয়াকৈ সমাপ্ত কৰাৰ বাবে দুয়োপক্ষই চেষ্টা চলাইছে। কৃষি আৰু সাৰ ক্ষেত্ৰত আমাৰ ঘনিষ্ঠ সহযোগিতা খাদ্য সুৰক্ষা আৰু কৃষকৰ কল্যাণৰ বাবে অতি গুৰুত্বপূৰ্ণ। মই আনন্দিত যে  এই কথাটো আগুৱাই নিবলৈ দুয়োপক্ষই এতিয়া ইউৰিয়া উৎপাদনৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে।

বন্ধুসকল,

আমাৰ দুয়োখন দেশৰ মাজত সংযোগ বৃদ্ধি কৰাটো এটা মূল অগ্ৰাধিকাৰ। আমি আইএনএছটিচি, উত্তৰ সাগৰীয় পথ আৰু চেন্নাই-ভ্লাডিভষ্টক কৰিডৰত নৱীকৃত শক্তিৰে আগবাঢ়িম।

জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ গভীৰ সহযোগিতাই মেক ইন ইণ্ডিয়াক শক্তিশালী কৰাৰ সম্ভাৱনা আছে। আমাৰ ফলপ্ৰসূ সহযোগিতাৰ এয়া আন এক উৎকৃষ্ট উদাহৰণ, যিয়ে চাকৰি, দক্ষতা আৰু আঞ্চলিক সংযোগ শক্তিশালী কৰিব।

শক্তি সুৰক্ষা ভাৰত-ৰাছিয়াৰ অংশীদাৰিত্বৰ এক শক্তিশালী আৰু গুৰুত্বপূৰ্ণ স্তম্ভ। আমাৰ স্বচ্ছ শক্তি অংশীদাৰিত্বৰ অগ্ৰাধিকাৰ কাৰ্যকৰী কৰাৰ বাবে অসামৰিক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত দশক দশক ধৰি চলি অহা সহযোগিতা অতি গুৰুত্বপূৰ্ণ। আমি এই ফলপ্ৰসূ সহযোগিতা অব্যাহত ৰাখিম।

মূল খনিজ সম্পদৰ ক্ষেত্ৰত আমাৰ সহযোগিতা বিশ্বজুৰি সুৰক্ষিত আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান শৃংখল নিশ্চিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা স্বচ্ছ শক্তি, উচ্চ প্ৰযুক্তিৰ উৎপাদন আৰু নতুন যুগৰ উদ্যোগৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বক শক্তিশালী সহায় আগবঢ়োৱা হ’ব।

 

বন্ধুসকল,

আমাৰ সাংস্কৃতিক সহযোগিতা আৰু জনসাধাৰণৰ সংস্পৰ্শই ভাৰত-ৰাছিয়াৰ সম্পৰ্কত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। দশক দশক ধৰি আমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ মাজত গভীৰ প্ৰেম, সন্মান আৰু আধ্যাত্মিকতাৰ ভাৱ বিৰাজ কৰিছে। এই সম্পৰ্কসমূহ আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছো।

শেহতীয়াকৈ ৰাছিয়াত দুটা নতুন ভাৰতীয় বাণিজ্য দূতাবাস মুকলি কৰা হৈছে। ইয়াৰ ফলত দুয়োখন দেশৰ নাগৰিকৰ মাজত যোগাযোগৰ সুবিধা হ’ব আৰু পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব। চলিত বৰ্ষৰ অক্টোবৰ মাহত কাল্মিকিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মঞ্চত লাখ লাখ ভক্তই ভগৱান বুদ্ধৰ পবিত্ৰ ধ্বংসাৱশেষৰ আশীৰ্বাদ গ্ৰহণ কৰিছিল।

মই সুখী যে আমি অতি সোনকালে ৰাছিয়াৰ নাগৰিকৰ বাবে ৩০ দিনৰ বিনামূলীয়া ই-টুৰিষ্ট ভিছা আৰু ৩০ দিনৰ গ্ৰুপ টুৰিষ্ট ভিছা প্ৰৱৰ্তন কৰিম।

জনশক্তিৰ গতিশীলতাই আমাৰ জনসাধাৰণক সংযোগ কৰি দুয়োখন দেশৰ বাবে নতুন শক্তি আৰু সুযোগৰ সৃষ্টি কৰিব। ইয়াক উৎসাহিত কৰিবলৈ আজি দুখন চুক্তি স্বাক্ষৰিত হোৱাত মই সুখী। বৃত্তিমূলক শিক্ষা, দক্ষতা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো আমি একেলগে কাম কৰিম। লগতে আমি দুয়োখন দেশৰ ছাত্ৰ-ছাত্ৰী, বিশেষজ্ঞ আৰু ক্ৰীড়াবিদৰ মাজত বিনিময় বৃদ্ধি কৰিম।

বন্ধুসকল,

আজি আমি আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়তো আলোচনা কৰিলোঁ। ভাৰতে সদায় ইউক্ৰেইনত শান্তিৰ পোষকতা কৰি আহিছে। এই সমস্যাৰ শান্তিপূৰ্ণ আৰু স্থায়ী সমাধানৰ বাবে কৰা সকলো প্ৰচেষ্টাক আমি আদৰণি জনাইছো।

ভাৰত আৰু ৰাছিয়াই দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কান্ধ মিলাই কাম কৰি আহিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওক বা ক্ৰকাছ চিটি হলত কাপুৰুষালিমূলক আক্ৰমণেই হওক - এই সকলোবোৰ ঘটনাৰ মূল একেই। ভাৰতে দৃঢ়ভাৱে বিশ্বাস কৰে যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ মূল্যবোধৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰু ইয়াৰ বিৰুদ্ধে বিশ্ব ঐক্যই আমাৰ সৰ্বোচ্চ শক্তি।

ৰাষ্ট্ৰসংঘ, জি-২০, ব্ৰিকছ, এছচিঅ’ আদি মঞ্চত ভাৰত আৰু ৰাছিয়াৰ ঘনিষ্ঠ সহযোগিতা আছে। ঘনিষ্ঠ সমন্বয়ৰে আগবাঢ়ি গৈ আমি এই সকলোবোৰ মঞ্চতে আমাৰ আলোচনা আৰু সহযোগিতা অব্যাহত ৰাখিম।

মহামহিম,

মই নিশ্চিত যে আমাৰ বন্ধুত্বই আমাক আগন্তুক সময়ত বিশ্বজনীন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ শক্তি প্ৰদান কৰিব আৰু এই আত্মবিশ্বাসে আমাৰ পাৰস্পৰিক ভৱিষ্যত আৰু অধিক সমৃদ্ধ কৰিব।

আকৌ এবাৰ আপোনাক আৰু আপোনাৰ সমগ্ৰ প্ৰতিনিধি দলটোক ভাৰত ভ্ৰমণৰ বাবে ধন্যবাদ জনাইছো।

স্পছিবা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Big boost for Atmanirbhar Bharat! After Skyroot's success, another private firm announces breakthrough in indigenous fighter jet engine technology

Media Coverage

Big boost for Atmanirbhar Bharat! After Skyroot's success, another private firm announces breakthrough in indigenous fighter jet engine technology
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"