প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ

বন্ধুসকল,

নমস্কাৰ!

প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।

এই চুক্তি কেৱল অৰ্থনৈতিক অংশীদাৰিত্ব নহয়, বৰঞ্চ ভাগ-বতৰা সমৃদ্ধিৰ পৰিকল্পনা। এফালে ভাৰতীয় বস্ত্ৰ, জোতা, ৰত্ন আৰু গহনা, সাগৰীয় খাদ্য আৰু অভিযান্ত্ৰিক সামগ্ৰীয়ে ব্ৰিটেইনত বজাৰত উন্নত প্ৰৱেশ লাভ কৰিব। ভাৰতৰ কৃষি উৎপাদিত সামগ্ৰী আৰু সংসাধিত খাদ্য উদ্যোগৰ বাবে ব্ৰিটেইনৰ বজাৰত নতুন সুযোগৰ সৃষ্টি হ’ব। এই চুক্তিখন ভাৰতৰ যুৱক-যুৱতী, কৃষক, মাছমৰীয়া আৰু এমএছএমই খণ্ডৰ বাবে বিশেষভাৱে উপকাৰী বুলি প্ৰমাণিত হ’ব।

আনহাতে, ব্ৰিটেইনত নিৰ্মিত সামগ্ৰী-যেনে চিকিৎসা সঁজুলি আৰু মহাকাশৰ সঁজুলি-ভাৰতৰ জনসাধাৰণ আৰু উদ্যোগৰ বাবে সুলভ আৰু সুলভ মূল্যত উপলব্ধ হ’ব।

এই চুক্তিৰ লগতে ডাবল কনট্ৰিবিউচন কনভেনচনৰ ওপৰতো সহমতত উপনীত হৈছে। ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সেৱা খণ্ড বিশেষকৈ প্ৰযুক্তি আৰু বিত্তক নতুন শক্তি প্ৰদান কৰা হ’ব। ব্যৱসায়ৰ সহজতাই উদগনি লাভ কৰিব। ব্যৱসায়ৰ ব্যয় হ্ৰাস পাব আৰু ব্যৱসায় কৰাৰ বিশ্বাস বৃদ্ধি পাব। ইয়াৰ লগতে ব্ৰিটেইনৰ অৰ্থনীতিয়ে ভাৰতীয় দক্ষ প্ৰতিভা লাভ কৰিব।

এই চুক্তিসমূহে দুয়োখন দেশতে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। কেৱল এয়াই নহয়, দুখন গণতান্ত্ৰিক দেশ আৰু বিশ্বৰ দুখন বৃহৎ অৰ্থনীতিৰ মাজত হোৱা এই চুক্তিসমূহেও বিশ্বৰ সুস্থিৰতা আৰু সমৃদ্ধি শক্তিশালী কৰিব।

বন্ধুসকল,

অহা দশকত আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক নতুন গতি আৰু শক্তি প্ৰদান কৰিবলৈ ভিজন ২০৩৫ মুকলি কৰা হৈছে। ই প্ৰযুক্তি, প্ৰতিৰক্ষা, জলবায়ু, শিক্ষা আৰু মানুহৰ মাজত সংযোগৰ ক্ষেত্ৰত এক শক্তিশালী, নিৰ্ভৰযোগ্য আৰু অভিলাষী অংশীদাৰিত্বৰ ৰোডমেপ হৈ পৰিব।

প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ বাবে প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপ প্ৰস্তুত কৰা হৈছে। আমাৰ প্ৰযুক্তি সুৰক্ষা পদক্ষেপক আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম কৰা হ’ব।

আমাৰ প্ৰতিশ্ৰুতি যে, এআইৰ পৰা গুৰুত্বপূৰ্ণ মিনাৰেল, ছেমিকণ্ডাক্টৰৰ পৰা চাইবাৰ ছিকিউৰিটিলৈকে আমি একেলগে ভৱিষ্যত সৃষ্টি কৰিম।

 

বন্ধুসকল,

শিক্ষাৰ ক্ষেত্ৰতো দুয়োখন দেশে একেলগে এটা নতুন অধ্যায় লিখিছে। ভাৰতত ব্ৰিটেইনৰ ৬খন বিশ্ববিদ্যালয়ে কেম্পাছ মুকলি কৰিছে। যোৱা সপ্তাহত ভাৰতৰ গুৰুগ্ৰাম চহৰত ছাউথমপটন বিশ্ববিদ্যালয়ৰ চৌহদ উদ্বোধন কৰা হয়।

বন্ধুসকল,

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ বাবে আমি প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ আৰু তেওঁৰ চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দুমুখীয়া চৰিত্ৰৰ কোনো স্থান নাই বুলি আমি সহমত প্ৰকাশ কৰিছোঁ। আমি এই কথাতো একমত যে উগ্ৰবাদী মতাদৰ্শ থকা শক্তিক গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰ কৰিবলৈ দিব নোৱাৰি।

যিসকলে গণতান্ত্ৰিক স্বাধীনতাক অপব্যৱহাৰ কৰি গণতন্ত্ৰক নিজেই ভেঙুচালি কৰে, তেওঁলোকক জবাবদিহি কৰিব লাগিব।

আমাৰ সংস্থাসমূহেও অৰ্থনৈতিক অপৰাধীৰ প্ৰত্যাৰ্পণৰ বিষয়টোত সহযোগিতা আৰু সমন্বয়ৰ কাম অব্যাহত ৰাখিব।

বন্ধুসকল,

ভাৰত-প্ৰশান্ত মহাসাগৰীয় শান্তি আৰু সুস্থিৰতা, ইউক্ৰেইনত চলি থকা সংঘাত আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত আমি মতামত শ্বেয়াৰ কৰি আহিছো। আমি অতি সোনকালে শান্তি আৰু সুস্থিৰতা পুনৰুদ্ধাৰৰ বাবে সমৰ্থন জনাইছো। সকলো দেশৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰাটো অতি প্ৰয়োজনীয়। আজিৰ যুগৰ দাবী উন্নয়ন, সম্প্ৰসাৰণবাদ নহয়।

বন্ধুসকল,

যোৱা মাহত আহমেদাবাদত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ ভিতৰত ব্ৰিটেইনৰ বহু নাগৰিকৰ নাম আছিল। আমি তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।

ব্ৰিটেইনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলে আমাৰ সম্পৰ্কত এক জীৱন্ত সেতু হিচাপে কাম কৰে। তেওঁলোকে কেৱল ভাৰতৰ পৰাই নহয়, সৃষ্টিশীলতা, প্ৰতিশ্ৰুতি আৰু চৰিত্ৰও আনিছিল। তেওঁলোকৰ অৱদান কেৱল ব্ৰিটেইনৰ সমৃদ্ধিশালী অৰ্থনীতিতে সীমাবদ্ধ নহয়, ব্ৰিটেইনৰ সংস্কৃতি, ক্ৰীড়া, জনসেৱাতো দেখা যায়।

 

বন্ধুসকল,

যেতিয়া ভাৰত আৰু ব্ৰিটেইনৰ মুখামুখি হয় আৰু সেয়া যদি টেষ্ট ছিৰিজৰ সময়ত হয়, তেতিয়া ক্ৰিকেটৰ কথা উল্লেখ কৰিবই লাগিব!

 

আমাৰ দুয়োৰে বাবে ক্ৰিকেট কেৱল খেল নহয়, বৰঞ্চ এক আবেগ। আৰু লগতে, আমাৰ অংশীদাৰিত্বৰ বাবে এক ডাঙৰ উপমা। কেতিয়াবা ছুইং আৰু মিছ হ’ব পাৰে, কিন্তু আমি সদায় ষ্ট্ৰেইট বেট খেলো! আমি উচ্চমানৰ সুদঢ় অংশীদাৰিত্ব গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

আজি সম্পাদিত চুক্তিসমূহ আৰু ভিজন ২০৩৫, এই মনোভাৱক আগুৱাই নিয়াৰ মাইলৰ খুঁটি।

প্ৰধানমন্ত্ৰী মহোদয়,

আপোনালোকৰ আতিথ্যৰ বাবে পুনৰ বাৰ ধন্যবাদ জনাইছো।

আপোনালোকক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছো আৰু আশা কৰিছো যে অতি সোনকালে আপোনালোকক ভাৰতত আদৰণি জনোৱাৰ সুযোগ পাম।

আপোনাক বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch