India-France strategic partnership may be just 20 years old but spiritual partnership between both countries exists since ages: PM
India and France have strong ties in defence, security, space and technology sectors: PM Modi
India welcomes French investments in the defence sector under the #MakeInIndia initiative: PM Modi

মোৰ বন্ধু, ফ্রান্সৰ ৰাষ্ট্রপতি মেক্ৰঁ,

সন্মানীয় প্রতিনিধিবৰ্গ আৰু সংবাদমাধ্যমৰ সদস্যবৃন্দ,

নমস্কাৰ,

মই ৰাষ্ট্ৰপতি মেক্রঁ আৰু তেওঁৰ সৈতে অহা প্রতিনিধিবৰ্গক উষ্ণ আদৰণী জনাইছো। মাননীয় ৰাষ্ট্রপতি, কেইটামান মাহৰ আগতে আপুনি বিগত বছৰ পেৰিছত মোক স্বাগতম জনাইছিল। আজি ভাৰতৰ মাটিত মই আপোনাকে আদৰণী জনোৱাৰ সুযোগ পাই মই অত্যন্ত আনন্দিত হৈছো।

মাননীয় ৰাষ্ট্রপতি,

আমি উভয়েই এই মঞ্চত উপস্থিত হৈছো। আমি যে কেৱল দুই শক্তিশালী স্বাধীন আৰু বৈচিত্র্যময় গণতান্ত্রিক দেশৰ নেতা সিমানেই সেয়া নহয়, দুই সমৃদ্ধ আৰু সক্ষম ঐতিহ্যৰ উত্তৰসূৰী। যদিও আমাৰ কৌশলগত অংশীদাৰিত্ব ২০ বছৰৰ পুৰণি, কিন্তু আমাৰ সভ্যতাৰ আধ্যত্মিক সহযোগিতা শ-শ বছৰৰ পুৰণি।

উনবিংশ শতিকাৰ সময়ৰ পৰা ফৰাছী চিন্তাবিদসকলে পঞ্চতন্ত্রৰ কাহিনীৰ জৰিয়তে ৰাম-কৃষ্ণ আৰু শ্রী অৰবিন্দৰ দৰে মহান ব্যক্তিসকলৰ কাহিনীক লৈ বেদ, ঊপনিষদ আৰু মহাকাব্যৰ জৰিয়তে ভাৰতৰ আত্মাৰ অভ্যন্তৰত প্রৱেশ কৰি আহিছে। ভলটেয়াৰ, ভিক্টৰ হিউগো, ৰোমা ৰোলাঁ, ৰেনে দাওমল আৰু আন্দ্রে মেলৰক্সৰ দৰে মহানব্যক্তিসকলৰ একাধিক চিন্তাধাৰাই ভাৰতীয়সকলক অনুপ্রাণিত কৰি আহিছে।

মাননীয় ৰাষ্ট্রপতি,

আমাৰ আজিৰ বৈঠকত কেবল দুয়ো দেশৰ দুই নেতাৰ বৈঠক নহয়, বৰঞ্চ এয়া অভিন্ন ধাৰণা আৰু ইয়াৰ সমষ্টিগত ঐতিহ্য সম্বলিত দুই সভ্যতাৰ মিলন। সেয়েহে, আচৰিত হ’বলগীয়া একো নাই যে সাম্য, মৈত্রী আৰু স্বাধীনতাৰ প্ৰতিধ্বনি কেৱল ফ্রান্সতে নহয়, ভাৰতৰ সংবিধানতো প্রতিফলিত হৈছে। দুয়ো দেশৰ সমাজ এই মূল্যবোধৰ ভিত্তিত গঢ় লৈছে। আমাৰ বীৰ সৈনিকসকলে এই মূল্যবোধৰ বাবেই দুখনকৈ বিশ্বযুদ্ধত তেওঁলোকৰ প্রাণ আহুতি দিছে।

বন্ধুসকল,

একেখন মঞ্চত ফ্রান্স আৰু ভাৰতৰ উপস্থিতিয়ে এক মুক্ত, সমৃদ্ধ, শান্তিপূর্ণ বিশ্বৰ সুবর্ণ সংকেত বহন কৰিছে। দুয়োখন দেশৰ স্বাধীন আৰু স্বশাসিত বৈদেশিক নীতিয়ে কেৱল যে ইয়াৰ দেশবাসীৰ স্বার্থত ৰচিত হৈছে তেনে নহয়, এইবোৰে সার্বজনীন মানবীয় মূল্যবোধকো প্ৰদৰ্শিত কৰিছে। আজি ভাৰত আৰু ফ্রান্সে এখন দেশে আনখনৰ সৈতে হাতত হাত মিলাই যিকোনো ধৰণৰ বৈশ্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সক্ষম। মাননীয় ৰাষ্ট্রপতি, আপোনাৰ নেতৃত্বই এই কাম অধিক সহজ কৰি তুলিছে। ২০১৫ চনত ফ্রান্সৰ ৰাষ্ট্রপতিৰ সৈতে যৌথভাবে পেৰিছত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ শুভাৰম্ভ হৈছিল। আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ কাইলৈ অনুষ্ঠিত হ’ব লগীয়া প্রথম সন্মিলন হৈছে আমাৰ অভিন্ন দায়বদ্ধতা লগতে সচেতনতাৰ এক স্পষ্ট উদাহৰণ। মই অতিশয় আনন্দিত যে এই শুভ কামত ফ্রান্সৰ মাননীয় ৰাষ্ট্রপতিৰ সৈতে যৌথভাবে সম্পন্ন হ’ব।

বন্ধুসকল,

প্রতিৰক্ষা, নিৰাপত্তা,  মহাকাশ আৰু উচ্চ প্রযুক্তিৰ ক্ষেত্রত ভাৰত আৰু ফ্রান্সৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ ইতিহাস অতি প্ৰাচীন। দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সম্পর্কৰ সন্দৰ্ভত এখন চুক্তিও স্বাক্ষৰিত হৈছে। দুয়ো দেশৰ ক্ষমতাত যি চৰকাৰেই নাহক কিয়, আমাৰ সম্পর্কৰ গতিৰেখা সদায়েই ঊর্ধ্বমুখী হৈ আছে। আজিৰ সম্পন্ন হোৱা চুক্তিৰ জৰিয়তে বিভিন্ন ধৰণৰ সিদ্ধান্ত আৰু আলাপ-আলোচনাৰ বিষয়ে আপোনালোকে বিস্তাৰিত ভাৱে জানিব পাৰিছে। সেয়েহে মই এই আলোচনাত তিনিটা বিশেষ বিষয়ে মোৰ ধাৰণা ব্যক্তি কৰিম। প্রথমতে, প্রতিৰক্ষা খণ্ডত আমাৰ সম্পর্ক অতি গভীৰ আৰু আমি ফ্রান্সক আটাইতকৈ বিশ্বাসযোগ্য প্রতিৰক্ষা অংশীদাৰৰ অন্যতম হিচাবে বিবেচনা কৰো। আমাৰ সেনাবাহিনীৰ মাজত নিয়মীয়া আলাপ-আলোচনা আৰু যৌথ সামৰিক অনুশীলন হৈ থাকে। প্রতিৰক্ষা সঁজুলি আৰু উৎপাদনৰ ক্ষেত্রতো আমাৰ সম্পর্ক অতি শক্তিশালী। মই প্রতিৰক্ষা খণ্ডত ‘মেক ইন ইণ্ডিয়া’ আঁচনিত ফ্রান্সৰ সহযোগিতামুলক কাম-কাজৰ প্রতিশ্রুতিক আদৰণী জনাইছো।

আজি মই আমাৰ প্রতিৰক্ষা সহযোগিতাৰ ইতিহাসত দুয়ো দেশৰ সেনাবাহিনীৰ মাজত পাৰস্পৰিক পৰিবহণ সাহায্যমুলক চুক্তিখনক এক অতি তাৎপর্যপূর্ণ পদক্ষেপ বুলি ভাবো। দ্বিতীয়তে, আমি উভয়ে বিশ্বাস কৰো যে বিশ্বৰ সুখ, সমৃদ্ধি আৰু অগ্রগতিৰ ক্ষেত্রত ভাৰত মহাসাগৰীয় অঞ্চলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ দিশে অগ্ৰসৰ হৈছে। আমি পৰিৱেশ, সামুদ্রিক পৰিবহণৰ নিৰাপত্তা, সামুদ্রিক সম্পদ, জাহাজ চলাচলৰ স্বাধীনতা আৰু উড়ানৰ ক্ষেত্রতো আমাৰ সহযোগিতাক আৰু অধিক শক্তিশালী কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি লৈছো। সেয়েহে, আজি আমি ভাৰত মহাসাগৰীয় অঞ্চলত আমাৰ সহযোগিতাৰ বিষয়ে এটি যৌথ কৌশলগত দৃষ্টিভংগী প্রকাশ কৰিছো।

তৃতীয়তে, আমাৰ দুয়োখন দেশৰ উজ্জ্বল দ্বিপাক্ষিক সম্পর্কত আমাৰ দুয়োদেশৰ লোকসকলে, বিশেষকৈ যুৱক-যুৱতীসকলে আটাইতকৈ গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। আমি বিচাৰো যে দুয়ো দেশৰ যুৱক-যুৱতীসকলে এজনে আনজনৰ দেশক জানক আৰু বুজি পাওত, ইজনে সিজনৰ দেশত থাকক, কাম কৰক আৰু তেতিয়াই হাজাৰ হাজাৰ দূত হিচাপে কাম কৰি সম্পর্কৰ পৰিধিক আৰু আগবঢ়াওক। সেয়েহে, আজি আমি দুখন গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰ কৰিছো। ইয়াৰ ভিতৰত এখন হ’ল এখন দেশে সিখনৰ শিক্ষাগত যোগ্যতাক স্বীকৃতি প্রদান কৰা আৰু আনখন হ’ল প্ৰব্ৰজন আৰু চলাচল সংক্রান্তীয় সহযোগিতা বিষয়ক। এই দুখন চুক্তিয়ে আমাৰ দুয়ো দেশৰ মানুহ আৰু যুৱসম্প্রদায়ৰ মাজত সুসংবদ্ধ সম্পর্কৰ ভেঁটি স্থাপন কৰিব।

বন্ধুসকল,

আমাৰ সম্পর্কৰ আৰু বিভিন্ন মাত্রা বাকী আছে। মই সেই সকলোবোৰ যদি ক’বলৈ আৰম্ভ কৰো, তেতিয়াহ’লে শেষ হওঁতে হওঁতে সন্ধিয়া হৈ যাব। আমাৰ সহযোগিতা ৰে’লৰ পৰা, নগৰ উন্নয়ন, পৰিৱেশ, নিৰাপত্তা, মহাকাশলৈ অর্থাৎ পৃথিবীৰ পৰা মহাকাশ পর্যন্ত বিস্তৃত। কোনো ক্ষেত্রই বাদ পৰি যোৱা নাই। আন্তঃৰাষ্ট্ৰীয় মঞ্চতো আমি নিজৰ মাজত সমন্বয় সাধন কৰি আহিছো। আফ্রিকাৰ দেশসমূহৰ ভিতৰত ভাৰত আৰু ফ্রান্সে শক্তিশালী সম্পর্ক বজাই ৰাখিছে। এই সম্পর্ক আমাৰ সহযোগিতাৰ ক্ষেত্রত এক নতুন মাত্রা প্ৰদান কৰিছে। কাইলৈ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্রথম সন্মিলনত ৰাষ্ট্রপতি মেক্রঁ আৰু মই যুটীয়াভাৱে পৌৰহিত্য কৰিম। আমাৰ সৈতে আৰু কেইবাখনো দেশ তথা চৰকাৰৰ ৰাষ্ট্ৰপতি আৰু মন্ত্রীও উপস্থিত থাকিব। এই পৃথিৱী গ্রহৰ ভৱিষ্যতৰ স্বার্থত আমি আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সফলতাৰ প্রতি প্ৰতিশ্ৰুতিবদ্ধ।

মাননীয় ৰাষ্ট্রপতি, মই আশা কৰো, পৰহিলৈ বাৰানসীত আপুনি প্রাচীন আৰু চিৰসেউজ এক ভাৰতৰ আত্মাৰ সন্ধান পাব। এয়া ভাৰতীয় সভ্যতাৰ মূল সুৰ আৰু যিটোৱে ফ্রান্সৰ বহুচিন্তাবিদ, লেখক আৰু শিল্পীক অনুপ্রেৰণা যোগাইছে। পৰৱৰ্তী দুদিনত ৰাষ্ট্রপতি মেক্রঁ আৰু মই বিভিন্ন ক্ষেত্রত মত বিনিময় কৰিম। মই পুনৰবাৰ মাননীয় ৰাষ্ট্রপতি আৰু তেওঁৰ প্রতিনিধিবৰ্গক ভাৰতত উষ্ণ আদৰণী জনাইছো।

বহুত বহুত ধন্যবাদ। 

य वू रेमर्सि 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Budget Driving AI, Semiconductors and IT Growth

Media Coverage

India’s Budget Driving AI, Semiconductors and IT Growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the King of Jordan
March 02, 2026

Prime Minister Narendra Modi spoke with His Majesty King Abdullah II, the King of Jordan.

The Prime Minister conveyed deep concern at the evolving situation in the region. He reaffirmed support for the peace, security, and well-being of the people of Jordan.

The Prime Minister also thanked His Majesty for taking care of the Indian community in Jordan in this difficult hour.

The Prime Minister shared on X;

"Spoke with His Majesty King Abdullah II, the King of Jordan. Conveyed our deep concern at the evolving situation in the region. We reaffirm our support for peace, security and the well-being of the people of Jordan. I thanked him for taking care of the Indian community in Jordan in this difficult hour."