প্ৰধানমন্ত্ৰীয়ে ইউৰোপীয় ইউনিয়নে গ্ৰহণ কৰা নতুন কৌশলগত ইউৰোপীয় ইউনিয়ন-ভাৰত কাৰ্যসূচী গ্ৰহণৰ বাবে প্ৰশংসা প্ৰকাশ কৰে
ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফ টি এ আগতীয়াকৈ সমাপ্ত হোৱাৰ লগতে ভাৰত-ইউৰোপীয় ইউনিয়নৰ পৰৱৰ্তী সন্মিলন আগতীয়াকৈ আয়োজন কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে নেতাদ্বয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপীয় আয়োগৰ সভানেত্ৰী মহামহিম  উৰ্চুলা ভন ডেৰ লেয়েনৰ এটা ফোনকল গ্ৰহণ কৰে।

ইউৰোপীয় আয়োগৰ সভানেত্ৰীগৰাকীয়ে  প্ৰধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিনত উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে জন্মদিনৰ শুভেচ্ছা জ্ঞাপনৰ বাবে তেওঁৰ  প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

এই বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে  ইউৰোপীয় ইউনিয়নে নতুন কৌশলগত ইউৰোপীয় ইউনিয়ন-ভাৰত কাৰ্যসূচী গ্ৰহণ কৰা কাৰ্যক প্ৰশংসা প্ৰকাশ কৰে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক শক্তি হিচাপে নেতাদ্বয়ে  পাৰস্পৰিক সমৃদ্ধিৰ বাবে ভাৰত-ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ লগতে বিশ্বজনীন সমস্যাসমূহ যৌথভাৱে সমাধান কৰা, স্থিতিশীলতা লাভ কৰা আৰু নিয়মভিত্তিক ব্যৱস্থাক প্ৰসাৰিত কৰাৰ বিষয়ত গ্ৰহণ কৰা  প্ৰচেষ্টাক আদৰণি জনায়।

নেতাদ্বয়ে  ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফ টি এ আলোচনা বছৰৰ শেষৰ পূৰ্বে সমাপ্ত কৰাৰ বাবেও নিজৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰ দৃঢ় কৰে।

নেতাসকলে পাৰস্পৰিক স্বাৰ্থ নিহিত  আঞ্চলিক তথা বিশ্বব্যাপী বিষয়সমূহ সন্দৰ্ভতো মত বিনিময় কৰে। ইউক্ৰেইন সংঘাতৰ শীঘ্ৰে  শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰত দায়বদ্ধ হৈ আছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

অহা বছৰ ভাৰতত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী ভাৰত-ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে  নেত্ৰীগৰাকীক পুনৰ আমন্ত্ৰণ জনায় ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride